Class 7 Social Science Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

পাঠ ৯

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

১। শুদ্ধ / অশুদ্ধ বিচাৰি উলিওৱাঃ

(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়।

উত্তৰঃ শুদ্ধ।

(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰধান।

উত্তৰঃ অশুদ্ধ।

(গ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।

উত্তৰঃ শুদ্ধ।

(ঘ) দক্ষিণ ভাৰতৰ ক’লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী।

উত্তৰঃ অশুদ্ধ।

(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।

উত্তৰঃ অশুদ্ধ।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখাঃ

(ক) দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ/আৰৱ সাগৰ /লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।

উত্তৰঃ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।

(খ) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮০ /৩৮২ /৩২৪ জন।

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন।

(গ) ফলমূল উৎপাদনত পঞ্জাব/ জম্মু-কাশ্মীৰ /হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।

উত্তৰঃ ফলমূল উৎপাদনত জম্মু-কাশ্মীৰ ভাৰতৰ ভিতৰত প্ৰথম।

(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া /কাঁইটীয়া /তৃণজাতীয় উদ্ভিদ পোৱা যায়।

উত্তৰঃ মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়।

(ঙ) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল অৰুণাচল প্ৰদেশ /মহাৰাষ্ট্ৰ /উত্তৰ প্ৰদেশ।

উত্তৰঃ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ।

৪) বছৰি ১০০ চেন্টিমিটাৰৰ পৰা ২০০ চেন্টিমিটাৰ বৰষুণ হয়।

৪। চমু উত্তৰ লিখা (৪০ টা মান শব্দৰ ভিতৰত)

(ক) জনসংখ্যা হ্ৰাস বৃদ্ধি কি কি কাৰণত হ’ব পাৰে?

উত্তৰঃ কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে; ই সদায় হ্ৰাস বা বৃদ্ধি হয়। জনসংখ্যাৰ এনে হ্ৰাস বা বৃদ্ধি হোৱাক জনসংখ্যাৰ পৰিৱৰ্তন বুলি জনা যায়। সাধাৰণতে, কোনো এখন ঠাইৰ জনসংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক থাকে।

যাহওক, প্ৰাকৃতিক কাৰণ, যেনে প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ৰোগ-ব্যাধি, যুদ্ধ-বিগ্ৰহ, মহামাৰী, আৰু স্থায়ীভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে জনসংখ্যা সাময়িকভাৱে কমিব পাৰে।

আনহাতে, জনসংখ্যা বৃদ্ধি মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ, আৰু প্ৰব্ৰজনৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে, মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি হলে জনসংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

(খ) ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি?

উত্তৰঃ ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ’ল- দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে।

(গ) ভাৰতবৰ্ষৰ ক’ত ক’ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?

উত্তৰঃ সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ ২০০ চেন্টিমিটাৰৰ অধিক আৰু উষ্ণতা ২৫°-২৭° চেন্টিগ্ৰেডৰ ভিতৰত থাকে, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এই শ্ৰেণীৰ উদ্ভিদসমূহ পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায়।

(ঘ) ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি?

উত্তৰঃ মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়।

৫। উত্তৰ লিখাঃ (৮০ টা মান শব্দৰ ভিতৰত)

(ক) ভাৰতবৰ্ষৰ জলবায়ু ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।

উত্তৰঃ গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি সোজাকৈ পৰে, ফলত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি হয়। এই নিম্নচাপৰ ফলত ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপযুক্ত ঠাণ্ডা বায়ু আহে। এই বায়ুৰ এটি সোঁতে অন্ধপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগত প্ৰৱেশ কৰে, আৰু আন এটি সোঁত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত আহি পৌঁছে। কৰমণ্ডল উপকূল, অসম, মেঘালয় আৰু অৰুণাচলৰ দৰে অঞ্চলসমূহত ইয়াৰ প্ৰভাৱত প্রচুর বৰষুণ হয়।

অন্যফালে, আৰৱ সাগৰৰ ওপৰৰ উত্তৰগামী বতাহৰ এটি সোঁতে পশ্চিমঘাট পৰ্বতৰ ওপৰত খুন্দা মাৰে। ইয়াৰ ফলত দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল, কংকন উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়।

(খ) ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন一 বাখ্যা কৰা।

উত্তৰঃ জলবায়ু আৰু মাটিৰ গুণাগুণৰ ভিত্তিত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলত গ্ৰীষ্মকালত বায়ুৰ তাপমাত্রা ২৫° চেলচিয়াছৰ অধিক হয় আৰু বৰষুণ ১০০ ছেন্টিমিটাৰৰ অধিক পৰে। এই অঞ্চলত পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসম অন্তৰ্ভুক্ত, য’ত ধান হৈছে প্রধান কৃষিজাত সামগ্ৰী।

পঞ্জাব আৰু হাৰিয়ানাত জলসিঞ্চনৰ দ্বাৰা কম বৃষ্টিপাতৰ মাজতো প্রচুৰ ধান উৎপাদন হয়। উৰিষ্যাৰ মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণা, কাৱেৰী নদীৰ মোহনা অঞ্চল আৰু কেৰালাতো ধানৰ উৎপাদন হয়।

পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহুক মূল কৃষি হিচাপে চিহ্নিত কৰা হৈছে। মধ্য প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগতো ঘেঁহু খেতি কৰা হয়।

মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত কলা মাটি অঞ্চলত প্রচুৰ কপাহ খেতি হয়। ৰাজস্থান, মধ্য প্ৰদেশ, পূব মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধপ্ৰদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়।

দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলত কফি আৰু চাহ খেতি হয়, আৰু অসমৰ উত্তৰ আৰু উত্তৰ পূব অঞ্চলৰ উঁচু মাটিত, দাৰ্জিলিং আদিত চাহ খেতি হয়। বিহাৰ, উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ কিছু অংশত কুঁহিয়াৰ খেতি হয়।

পশ্চিম বংগ, উৰিষ্যা আৰু অসমত ধানৰ উপৰিও মৰাপাট খেতি কৰা হয়। মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যত বিভিন্ন প্ৰকাৰৰ মাহ আৰু মচলা জাতীয় শস্যৰ খেতি হয়। জম্মু-কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা, আপেল, আঙুৰ আদি ফলমূলৰ খেতি হয়, আৰু সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকলৰ খেতি ব্যাপকভাৱে কৰা হয়।

(গ) মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ ক’ত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা।

উত্তৰঃ বছৰি ১০০ ছেন্টিমিটাৰৰ পৰা ২০০ ছেন্টিমিটাৰ বৰষুণ হোৱা আৰু প্ৰায় ২৭° চেলচিয়াছ গড় উষ্ণতা থকা অঞ্চলত মৌচুমীয় উদ্ভিদ দেখা যায়। বৰ্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ ফলত এই সময়ছোৱাত মৌচুমীয় উদ্ভিদৰ বৃদ্ধি ঘটে। আনহাতে, শীতকালত মৌচুমীয় অঞ্চলত বৰষুণ আৰু উষ্ণতা কম হ’লে মাটি শুকান হৈ যায় আৰু গছৰ পাতবোৰ সৰি পৰে।

মৌচুমীয় উদ্ভিদৰ উদাহৰণ স্বৰূপে শাল, চেগুন, শিমলু, শিশু, অৰ্জুন আদি উল্লেখ কৰিব পাৰি।

এই উদ্ভিদসমূহ অসম, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ছট্টিশগড়, মধ্য প্ৰদেশ, তামিলনাডু, পূৰ্বঘাট আৰু পশ্চিমঘাটৰ দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জতো কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ দেখা যায়।

উত্তৰঃ ধান খেতিৰ বাবে গ্ৰীষ্ম কালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াছৰ অধিক হ’ব লাগিব। আনহাতে বৰষুণো ১০০ ছেন্টিমিটাৰৰ অধিক হ’ব লাগিব। ভাৰতবৰ্ষত ধান খেতি হোৱা প্ৰধান ৰাজ্যবোৰ হ’ল- পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাব, হাৰিয়ানা, উৰিষ্যাৰ মহানদী উপত্যাকা, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চল, কেৰেলা।

(ঙ) জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষৰ কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা।

উত্তৰঃ অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *