Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Assamese Chapter 1 Answer 2026 | Class 8 Assamese Chapter 1 Questions and Answer Solution By SEBA Teachers নিয়ৰ

Chapter 1 –

নিয়ৰ 

মুকুতা মণিটি পাহিত জিলিকে

ফটিক পানীত ধোৱা,

নিশাৰ তৰা এটি সৰিয়েহে আছে

সৰগত টোপনি যোৱা।

নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোন দেখিছে

কোনে হাঁহিছিল নাচি।

ফুলনিত কোনে নিশা নাচিছিল

ছিগি ৰৈ গ’ল মণি,

ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ

ৰ’ল চিন এইকণি,

পুৱাৰ হেঙুলি বেলিটিলৈ চাই

এটুপি চকুৰ পানী।

নিয়ৰ কলিৰে শোভে ফুল জুপি

চাইছো ভাবতে ভাহি,

হায় কি বিষম পেলালে বায়ুৱে

জোকাৰি ফুলৰ পাহি।

কবি- চন্দ্ৰকুমাৰ আগৰৱালা

২। উত্তৰ দিয়া।

(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?

উত্তৰঃ– মুকুতা মণিটি বুলিকবিয়ে নিয়ৰ টোপালক বুজাইছে।

(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ– নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰঃ– নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে।

(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?

উত্তৰঃ– ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ’ল।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰঃ– কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।

৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ এটা সুন্দৰ ৰোমাণ্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান ‘নিয়ৰ’ক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহণ সানি সুন্দৰভাৱে উপস্থাপন কৰিছে।

প্ৰকৃতিৰ ৰূপ-বৈচিত্ৰ্যই মানুহৰ মনলৈ আনন্দ আৰু আশাৰ বতৰা কঢ়িয়াই আনে। প্ৰতিটো পুৱাই ঘাঁহ-বন আৰু ফুলৰ পাহিত মুকুতা সদৃশ নিয়ৰ কণাবোৰ জিলিকি থকা দৃশ্যই মানুহৰ মনত নানা ভাৱৰ সৃষ্টি কৰে। কবিৰ কল্পনাত নিয়ৰ কেতিয়াবা নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, কেতিয়াবা নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা মণি, আৰু কেতিয়াবা পুৱাৰ পোহৰত সেমেকি উঠা চকুপানীৰ টোপালৰ দৰে প্ৰতিভাত হৈছে। এইদৰে কবিয়ে নিয়ৰৰ সৌন্দৰ্যৰ মাজেৰে প্ৰকৃতিৰ মনোমোহা ৰূপ প্ৰকাশ কৰিছে।

৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰঃ

শব্দঅৰ্থ
ফটিকস্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ
শোভেশুৱনি কৰি তোলে
হেঙুলিহেঙুল বৰণীয়া
নিজমনীৰৱ
নিচুককান্দোন সামৰি স্থিৰ হোৱা

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

“নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপে কল্পনা কৰিছে। নিয়ৰৰ টোপালবোৰ যেন নিজম আকাশৰ নিচুক কথাবোৰ নিজৰ হিয়াত সাঁচি ৰাখিছে। কবিৰ কল্পনাত সেইবোৰে যেন কোনো কাহিনিৰ সপোন দেখি আছে আৰু হাঁহি হাঁহি নাচোঁতে মণিৰ দৰে ছিগি আহি ফুলৰ পাহিত পৰি ৰৈছে। এইদৰে কবিয়ে নিয়ৰৰ মনোমোহা ৰূপ কল্পনাৰ সহায়ত সুন্দৰভাৱে প্ৰকাশ কৰিছে।

৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা।

উদাহৰণ — ধোৱা — যোৱা।

উত্তৰঃ
সাঁচি — নাচি
মণি — কণি
ভাহি — পাহি

ব্যৱহাৰিক ব্যাকৰণ

৭। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।

উত্তৰঃ
টোপনি — নিদ্ৰা, ঘুমতি
বেলি — সূৰ্য, ৰবি
পানী — জল, নীৰ
ফুল — পুষ্প, কুসুম
নিশা — ৰাতি, ৰজনী
সপোন — স্বপ্ন
আকাশ — গগণ, অম্বৰ
চকু — নয়ন, নেত্ৰ

৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

উত্তৰঃ
ছিগা — জোৰা
পুৱা — গধূলি
নিজম — কোলাহল
সৰগ — নৰক
দিন — ৰাতি
হাঁহি — কান্দোন

৯। বাক্য ৰচনা কৰা।

উত্তৰঃ

মুকুতা — ৰ’দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে।
পাহি — গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে।
শোভে — গোলাপ ফুলে গোটেই বাগিচাখন শোভে।
নিচুক — নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থৈছিল।
ফুলজুপি — ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল।
ফটিক — নৈখনৰ ফটিক পানীত পদুমফুলবোৰ ধুনীয়াকৈ ফুলি আছে।

১০। ‘নিয়ৰ’ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

তৎসমতদ্ভৱ
মুক্তামুকুতা
স্ফটিকফটিক
তাৰাতৰা
স্বৰ্গসৰগ
মণিমনি

১১। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা।

উত্তৰঃ

শিক্ষা সম্বন্ধীয় — স্কেল।
খেল সম্বন্ধীয় — ক্রিকেট।
যান-বাহন — স্কুটাৰ।
পোছাক-পাতি — ফ্ৰক।
আচবাব — টেবুল।
বাচন-বৰ্তন — কাপ।

১২। এটা শব্দত প্ৰকাশ কৰা।

(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে।
উত্তৰঃ চকুচৰহা।

(খ) একে মাকৰ সন্তান।
উত্তৰঃ সহোদৰ।

(গ) যাৰ ঘৰ-বাৰী নাই।
উত্তৰঃ অঘৰী।

(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে।
উত্তৰঃ অবিবেচক।

(ঙ) যি আগেয়ে হোৱা নাই।
উত্তৰঃ অভূতপূৰ্ব।

১৩। ‘নিয়ৰ’ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা।

তৰা-নৰা ছিঙি — বৰকৈ বেগাই।
বাক্যঃ খুড়াকৰ মৃত্যুৰ খবৰটো পাই পল্লৱ তৰা-নৰা ছিঙি ঘৰলৈ আহিল।

আকাশত চাং পতা — অস্বাভাৱিক কল্পনা কৰা।
বাক্যঃ আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে।

পানীৰ তলৰ কাঁইট — নেদেখা বিপদ বা অজ্ঞাত শত্ৰু।
বাক্যঃ ৰমেনে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।

কথা চহকী — বেছিকৈ কথা কোৱা লোক।
বাক্যঃ অভিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী।

হিয়াৰ আমঠু — অতি আদৰৰ।
বাক্যঃ প্ৰত্যেক সন্তানেই নিজৰ মাক-দেউতাকৰ হিয়াৰ আমঠু।

অলীক সপোন — অমূলক কল্পনা।
বাক্যঃ অলীক সপোন দেখি সময় নষ্ট কৰিব নালাগে।

চকু চৰহা — লোকৰ ভাল দেখিব নোৱৰা।
বাক্যঃ চকু চৰহা লোক সকলোৰে অপ্ৰিয় হয়।

১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।

উত্তৰঃ

(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।
(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণি হোৱা বাবে ৰছীডাল ছিগি থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।

১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা।

(ক) পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পোৱা অনুভূতি।

উত্তৰঃ পুৱা খালী ভৰিৰে নিয়ৰসিক্ত কোমল দূবৰি গচকিলে ভৰিত শীতল আৰু কোমল অনুভূতি হয়। সেই অনুভূতিয়ে মনটো সতেজ আৰু আনন্দিত কৰি তোলে।

(খ) পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ।

উত্তৰঃ পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰ দেখিলে মুকুতাৰ মণিৰ দৰে লাগে। এই মনোমোহা দৃশ্যই মনত আনন্দ জগাই তোলে।

(গ) গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ।

উত্তৰঃ গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰি পৰিলে যেন এটাৰ পিছত এটাকৈ মুকুতাৰ মণি সৰি পৰিছে বুলি কল্পনা হয়। এই দৃশ্য বৰ ধুনীয়া আৰু মনোমোহা লাগে।

১৬। সাঁথৰ ভাঙা।

(ক)
মৌ-মাখি নহয় কিন্তু
কৰে গুণ্ গুণ্,
বামুণ নহয় কিন্তু
কান্ধত লগুণ।

উত্তৰঃ যঁতৰ।

(খ)
ৰজাৰ ঘৰৰ হাতী
ধান খায় পাচি পাচি।

উত্তৰঃ ঢেকী।

(গ)
ৰজাৰ কাপোৰ তিয়াব পাৰি,
শুকুৱাব নোৱাৰি।

উত্তৰঃ জিভা।

জানাে আহাঃ

মুকুতা মণিটি পাহিত জিলিকে

          ফটিক পানীত ধােৱা,

নিশাৰ তৰাএটি সৰিয়েহে আছে 

       সৰগত টোপনি যােৱা।

            ওপৰৰ পদ্যফাকিত থকা মুকুতা, মণি, ফটিক, পানী, নিশা, সৰগ আদি শব্দকেইটি মূলত সংস্কৃত ভাষাৰ পৰা অহা। তাৰে ভিতৰত মণি আৰু নিশা শব্দ দুটিৰ ৰূপ অলপাে সালসলনি নােহােৱাকে সংস্কৃতৰ দৰে হুবহু একে আছে; কিন্তু মুকুতা, ফটিক, তৰা, সৰগ আদি শব্দ সংস্কৃতৰ মূল ৰূপ মুক্তা, স্ফটিক, তাৰা, স্বর্গ আদি শব্দবােৰ অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে। সংস্কৃতমূলীয়া শব্দবােৰক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হয়। সেই ভাগ তিনিটা হ’ল一 

(১) তৎসম  (২) অর্ধতৎসম আৰু  (৩) তদ্ভৱ। 

(১) তৎসমঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে, সেইবােৰক তৎসম শব্দ বােলা হয়। তৎসম শব্দৰ ৰূপ (বানান) এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবােৰৰ উচ্চাৰণ কিছু সলনি হৈছে।

তৎসম শব্দৰ উদাহৰণ — 

(২) অর্ধতৎসমঃ যিবােৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সােমাই শব্দবােৰ ভাঙি উচ্চাৰণ সৰল কৰা হয় আৰু লিখোঁতেও অসমীয়া উচ্চাৰণতে লিখা হয়, সেইবােৰেই অর্ধতৎসম শব্দ।

অর্ধতৎসম শব্দৰ উদাহৰণ —


(৩) তদ্ভৱঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈপালি, প্রাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সােমাইছে, সেইবােৰক তদ্ভৱ শব্দ বুলি কোৱা হয়।

তদ্ভৱ শব্দৰ উদাহৰণ —

সংস্কৃত ৰূপ অসমীয়া তদ্ভৱ ৰূপ 
কর্মকাম
হস্তহাত
সর্প সাপ 
কর্ণকাণ 
অদ্যআজি
দন্তদাঁত

        সংস্কৃতৰ ইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে। তাৰে কিছুমান তৎসম শব্দৰ দৰে পােনে পােনে অর্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে  সৰল হৈ সােমাইছে। সেইবােৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে। যেনে一

ইংৰাজী শব্দঅসমীয়া ৰূপ
স্কুলস্কুল
ইঞ্জিনইঞ্জিন
ডক্তৰডাক্তৰ
গ্লাচগিলাচ
জেইলজেল
গোডাউনগুদাম
বক্সবাকচ

            কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যােগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্রত্যয় যােগ কৰিও নতুন শব্দ গঠন কৰা হয়। এনেবােৰ শব্দক মিশ্র শব্দ বােলা হয়। 

উদাহৰণ — 

ইংৰাজী শব্দ   +   অসমীয়া শব্দ  ⇒  অসমীয়া ৰূপ 

    হেড              +        পণ্ডিত          ⇒  হেডপণ্ডিত 

    মটৰ              +        গাড়ী             ⇒  মটৰগাড়ী  

   ডাক্তৰ            +         খানা             ⇒  ডাক্তৰখানা

    ভােট             +      অধিকাৰ          ⇒  ভােটাধিকাৰ

ইংৰাজী শব্দ   +   অসমীয়া প্রত্যয়  ⇒  অসমীয়া ৰূপ 

      স্কুল             +         ঈয়া                  ⇒  স্কুলীয়া 

   কলেজ          +         ঈয়া                  ⇒  কলেজীয়া 

     মাষ্টৰ           +         অনী                  ⇒  মাষ্টৰনী 

    ডাক্তৰ          +         অনী                  ⇒  ডাক্তৰনী

জানাে আহাঃ

         ফুলনিত কোনে নিশা নাচিছিল

                                 ছিগি ৰৈ গ’ল মণি,

ছিগিঃ আপােনা-আপুনি ছিগি যােৱা। আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যােৱা নহয়।

ছিঙিঃ দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা। যেনে- কেচুঁৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰী ছিঙি পেলালে। ঠিক তেনেদৰে一

            ভাগিৰ অৰ্থ আপােনা-আপুনি ভাগি যােৱা আৰু

            ভাঙি মানে অইন কাৰক বা আনে ডােখৰ ডােখৰ কৰা।

            যেনে一  (ক) ভাগি গ’ল বীণ খনি ছিগি গ’ল তাঁৰ,

                                   ৰই গ’ল অৱশেষ অমিয়া জোঁকাৰ।

                           (খ) “ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্

                                                 লােহাৰ শিকলি ভাঙ্।

                                    ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্

                                                 দাসৰ বান্ধোন ছিঙ্।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects