Class 8 Assamese Chapter 3 Answer


১। পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা।

(ক) • জন্মসূত্ৰে এন্ ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?
উত্তৰঃ জন্মসূত্ৰে এন্ ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।        

2|  এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?
উত্তৰঃ
 এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম আছিল অট’ ফ্রাঙ্ক।        

3|  নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল?
উত্তৰঃ
 নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্য়াগাৰত লুকাই আছিল।

4|  এন্ ফ্রাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?

উত্তৰঃএন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল।
  

5| দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ।এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল।

(খ)   • এন্ ফ্ৰাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?

উত্তৰঃ এন্ ফ্ৰাঙ্কে ডায়েৰী লিখিবলৈ আগ্ৰহী হৈছিল কাৰণ যদিও তেওঁৰ বহু বন্ধু-বৰ্গ আৰু আত্মীয়-স্বজন আছিল, তেওঁ এজন সত্যিকাৰ বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। দৈনন্দিন কথোপকথনে তেওঁক সান্ত্বনা দিবলৈ যথেষ্ট নহয় বুলি তেওঁ অনুভৱ কৰিছিল। এনেজনক, যাৰ সৈতে তেওঁ অন্তৰৰ সকলো কথা মুক্তভাবে ভাগ কৰিব পাৰিব, তেনেকুৱা কোনো ব্যক্তি তেওঁৰ জীৱনত নাছিল। সেইজন্যেই, এন্ ফ্ৰাঙ্কে নিজৰ ডায়েৰীকেই বন্ধু হিচাপে মানি লৈ, নিজৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল।

দিনলেখাসমূহ এন্ ফ্রাঙ্কে কিয় সম্পাদনা কৰিছিল?

উত্তৰঃএন্ ফ্ৰাঙ্কে নিজৰ দিনলেখাসমূহ সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ভবিষ্যতে কোনোবা এজনী তেৰ বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিব পাৰে। তাই ইচ্ছা কৰিছিল যাতে নতুন প্ৰজন্মই নিজৰ সময়ত সংঘটিত ঘটনাবোৰ আৰু সেই সময়ত হোৱা মনৰ ভাৱবোৰ তাইৰ দিনলেখাৰ মাজেৰে অনুভৱ কৰিব পাৰে। সেই উদ্দেশ্যেই, এন্ ফ্ৰাঙ্কে তেওঁৰ দিনলেখাসমূহ সম্পাদনা কৰিছিল।
        

6| অট’ ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল?

উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এড্লফ হিটলাৰৰ নেতৃত্বত নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন্ ফ্রাঙ্কৰ দেউতাক অট’ ফ্রাঙ্কে পৰিয়ালসহ ইংলেণ্ডত বাস কৰিছিল। তেখেতে নাজীবাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ দুবছৰকাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল।

(গ) ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’ বুলি এন্ ফ্রাঙ্কে উপলব্ধি কৰিছিল। কিয়? বুজাই

লিখা।

উত্তৰ:- ‘এন্ ফ্ৰাঙ্কে “মানুহতকৈ কাগজৰ ধৈৰ্য বেছি” বুলি বিশেষভাৱে উপলব্ধি কৰিছিল সেইদিনা, যিদিনা তেওঁ গভীৰ হতাশাত ভুগি আছিল কাৰণ তেওঁৰ বাবে তেনেতে কৰিবলগীয়া কোনো কাম নাছিল। সেই মুহূর্তত, তাই লক্ষ্য কৰিছিল যে তাইৰ সন্মুখৰ টেবুলত এডম কাগজ পৰি আছিল। কাগজখিনি বছৰ ধৰি তাত থুপ খাই আছিল, কিন্তু তথাপিও সিহঁতে কোনো আপত্তি প্ৰকাশ কৰা নাছিল। সেই দৃশ্যই তাইক বুজাইছিল যে কাগজৰ ধৈৰ্য্য মানৱীয় ধৈৰ্য্যৰ পৰাই অধিক।

(ঘ) এন্ ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল?

উত্তৰঃ এন্ ফ্রাঙ্কে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি-ধেমালি কৰে, সেয়া মাত্ৰ গতানুগতিক হে আছিল।কিন্তু অন্তৰ উজাৰি সকলো কথা আদান-প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল।

২। তলৰ শব্দসমূহৰ অৰ্থ শব্দ-সম্ভাৰত চাই নিজৰ বহীত লিখা।
উত্তৰঃ

 শব্দ                            অৰ্থ

গণ্য                   –   লেখত ল’বলগীয়া
গতানুগতিক      –  নতুনত্ববিহীন
অস্ত্ৰোপচাৰ       –  অপাৰেচন, ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ
বৰ্বৰ                  –  নীচ, অসভ্য
পৰিত্যক্ত          –  এৰা, ত্যাগ কৰা
প্ৰবাদ                –  প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা
অধিগৃহীত        –  আইনৰ সহায়েৰে দখল কৰা
থিৰাং                –  নিশ্চিত
উৎসৰ্গা             –  দান কৰা
আড়ম্বৰ            –  জাক- জমকতা
প্ৰত্যাশিত         – আশা কৰা
ভাবমূৰ্তি           –  কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা
পুঞ্জীভূত           –  থূপ খাই থকা
শামকটা            – উপশম হোৱা
সন্নিৱিষ্ট             – অন্তৰ্ভুক্ত৩। ‘কিটি’ কোন? এন্ ফ্রাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।

উত্তৰঃ‘এন্ ফ্ৰাঙ্কে তেওঁৰ ডায়েৰীক “কিটি” বুলি নামাকৰণ কৰিছিল। তেওঁ জীৱনত বহুতো লগ-লগৰীয়া থাকিলেও, এজন প্ৰকৃত বন্ধুৰ অভাৱ বৰ অনুভৱ কৰিছিল। মনৰ গভীৰ অনুভূতিসমূহ ভাগ দিবলৈ এজন বিশেষ বন্ধু নাছিল। এই অভাৱ পূৰণ কৰিবলৈ, তেওঁ নিজৰ চিন্তা-ভাবনাসমূহ ডায়েৰীত লিপিবদ্ধ কৰি ডায়েৰীকেই বন্ধু হিচাপে গণ্য কৰিছিল। তেওঁ “কিটি” নামেৰে ডায়েৰীখনক সম্বোধন কৰি, তাৰ পৃষ্ঠাত নিজৰ মনৰ কথাবোৰ অন্তৰ উজাৰি লিখি থৈ গৈছিল, যেন এটি কাল্পনিক বন্ধুৰ সৈতে আন্তৰিক আলাপ চলাইছিল।

৪। এন্ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?

উত্তৰঃ এন্ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অট’ ফ্রাঙ্কে আগভাগ লৈছিল। 

        এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লিখা কামটো আৰম্ভ কৰিছিল।আৰম্ভণিতে তেওঁ এই ডায়েৰি সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। ১৯৪৪ চনৰে কোনোবা এদিন ইংলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অঁনাতাৰযোগে ঘোষণা কৰিলে যে, যুদ্ধ শাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যি সকল ইংলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ-যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি-পত্ৰ আৰু ডায়েৰিৰ কথা উল্লেখ কৰিলে।

         এন্ ফ্ৰাঙ্কে এটি বিশেষ বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ সিদ্ধান্ত লৈছিল যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁৰ ডায়েৰীৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। এই ভাবনাৰে, অনতিপলমে তেওঁ ডায়েৰীত লিখা কিছুমান কথাবোৰ সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে, এন্ ফ্ৰাঙ্কে ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰী লিখিছিল। কিন্তু ৪ আগষ্ট, নাজী বাহিনীৰ লোকে তেওঁলোকক লুকাই থকা স্থানৰ পৰা আটক কৰি নিয়ে। নাজীৰ হাতে ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অমানৱীয় পৰিৱেশ, অনাহাৰ আৰু অসুখৰ ফলত এন্ ফ্ৰাঙ্কৰ মাক, বায়েক আৰু তেওঁ নিজেও মৃত্যুবৰণ কৰে। তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত সদস্য আছিল দেউতাক, যিজনে যুদ্ধৰ পাছত জীয়েকৰ পৰিত্যক্ত দিনলেখা উদ্ধাৰ কৰি, সম্পাদনা কৰি, পুথি ৰূপে প্ৰকাশ কৰে।

৫। এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল?
উত্তৰঃ এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল।

        আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল।
৬। পাঠটো পঢ়ি এন্ ফ্রাঙ্কৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।

উত্তৰঃ পাঠটো পঢ়ি সেই সময়ত এজনী তেৰ বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায়।তাই সৰু কালতে ইমানবোৰ দুখ-কষ্টৰ মাজেৰে পাৰ হব লগা হৈছিল।
খ 一 ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৭। পাঠটোত অধি, অনু, প্ৰতি一এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা।
উত্তৰঃ

অধি + গৃহীত = অধিগৃহীতঅনু  +  প্ৰাণিত = অনুপ্ৰাণিত
প্ৰতি + দিন = প্ৰতিদিন৮। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।

উত্তৰঃ

প্ৰকাশ  – গোপন, অপ্ৰকাশভোগ    – ত্যাগ, দুৰ্ভোগ
সমাপ্ত   – আৰম্ভনি, অসমাপ্ত
আড়ম্বৰ – অনুষ্টুপীয়া, অনাড়ম্বৰ
ভাগ্য     – দুৰ্ভাগ্য
ধৈৰ্য       – অধৈৰ্য।
৯। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।
উত্তৰঃ
যন্ত্ৰণা     – যাতনা
কৰুণ     – কাতৰ
কিশোৰী – বালিকা
মৃত্যু       – মৰণ

১০। তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণীবিভাজন কৰা।
🌕 

মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ’ল। 一 যৌগিক বাক্য।🌕 ভাল ল’ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে। 一 জটিল বাক্য।
🌕 বৰষুণ পৰিছে। 一 সৰল বাক্য।

🌕 মই সদায় ভাত খাই স্কুললৈ যাওঁ। – সৰল বাক্য।🌕 একমাত্ৰ দেউতাকেই নাজীবাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। 一 সৰল 

বাক্য।

🌕 এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কামটো আৰম্ভ কৰিছিল। 一 সৰল বাক্য।

🌕 এইবাৰ পিছে তেওঁ “মৰমৰ কিটি” বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত “তোমাৰ, এন্” বুলি সমাপ্ত কৰিছিল। 一 যৌগিক বাক্য।
🌕 জন্ম-দিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ’ল। 一 জটিল 

বাক্য।
১১। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা (দুটা আৰু বহুতৰ মাজত) 🌕 সোণ উজ্জ্বল।
উত্তৰঃ– সোণ ৰূপতকৈ উজ্জ্বল।

আন সকলো ধাতুতকৈ সোণ উজ্জ্বল।
🌕 মীনা মেধাৱী।
উত্তৰঃ– ৰীণাতকৈ মীনা মেধাৱী।
শ্ৰেণীৰ আটাইতকৈ মেধাৱী ছাত্ৰী মীনা।
🌕 অৰুণ ওখ।
উত্তৰঃ– অৰুণ বলেনতকৈ ওখ।
নৱম শ্ৰেণীৰ আটাইকেইটা ল’ৰাৰ ভিতৰতে অৰুণ ওখ। 🌕 জোনবাই ঘূৰণীয়া।
উত্তৰঃ– জোনবাই পৃথিৱীতকৈ সৰু।
সূৰ্য, পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু। 🌕 এই কিতাপখন ভাল।
উত্তৰঃ– সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল।
লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল।১২। বাক্য ৰচনা কৰা।
উত্তৰঃ– 

অনতিপলমেঃ অনতিপলমে ঘটনাটোৰ তদন্ত হোৱা উচিত।

হাঁহিধেমালিঃ কণ্ কণ্ ল’ৰা-ছোৱালীবোৰৰ হাঁহি-ধেমালিৰে গোটেই ঠাইখিনি সুখৰিত হৈ উঠিছে।
ৰূপান্তৰিতঃ তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়।
আত্মগোপনঃ ৰুবুলে হৰিহতঁৰ ঘৰতে আত্মগোপন কৰি আছিল।
চিঠিপত্ৰঃ আজিকালি চিঠি-পত্ৰৰ আদান-প্ৰদান নাইকিয়ায়ে হৈ গ’ল।
দুখযন্ত্ৰণাঃ ডেকা ল’ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ-যন্ত্ৰণাৰ সীমা নোহোৱা হ’ল।
পৰিত্যক্তঃ তেওঁলোকৰ খুড়াকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে।
বিশ্ববিখ্যাতঃ পাৱলো-পিকাচো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী।
আদানপ্ৰদানঃ মৰম-চেনেহৰ আদান-প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি।
চিন্তাভাৱনাঃ বেছিকৈ চিন্তা-ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল।

১৩। এন্ ফ্ৰাঙ্কৰ ডায়েৰিখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এন্ ফ্ৰাঙ্কৰ দৰে তোমাৰ দৈনন্দিন কাম-কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰিতেই লিপিবদ্ধ কৰি ৰাখিবা।

উত্তৰঃ– নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাখিনি নিজৰ ডায়েৰিত টুকি ৰাখা।

১৪। দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা।(ক) কোনো কামত বা পঢ়া-শুনাৰ ক্ষেত্ৰত বন্ধু-বান্ধৱীক সহায় কৰি
উত্তৰঃ এই বিষয়ে তোমালোকে নিজে চেষ্টা কৰা।

(খ) পেলনীয়া বস্তুৰে কামত অহাকৈ কোনো বস্তু সাজি আৰু তাক ব্যৱহাৰ কৰি

উত্তৰঃ– এই বিষয়ে তোমালোকে নিজে চেষ্টা কৰা।

(গ) বাতৰি কাকতৰ শিশু-শিতানৰ ভাল লগা গল্প-সাধু পঢ়ি

উত্তৰঃ– এই বিষয়ে তোমালোকে নিজে চেষ্টা কৰা।

(ঘ) সাহিত্য-চ’ৰাবোৰে অনুষ্ঠিত কৰা শিশু-প্ৰতিযোগিতাৰ বিভিন্ন শিতানত অংশগ্ৰহণ কৰি 

উত্তৰঃ– এই বিষয়ে তোমালোকে নিজে চেষ্টা কৰা।(ঙ) ঘৰত অনুষ্ঠিত কোনো উৎসৱ-পাৰ্বণত অংশগ্ৰহণ কৰি

উত্তৰঃ তোমাৰ বন্ধু-বান্ধৱীৰ লগত বহি উক্ত কাৰ্য্যবোৰ উপভোগ কৰা।

১৫। “এন্ ফ্রাঙ্কৰ ডায়েৰি” পাঠটোত মনআটক শব্দ যুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।

উত্তৰঃ– মন পা 一 (মন বুজ)ঃ- সতকাই মানুহৰ মন-পোৱাটো বৰ কঠিন।
মন বান্ধ 一 (মন দমা)ঃ- আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব।

মনপুতি লাগ 一 (মনোযোগ দি লাগ)ঃ- ছাত্ৰ-ছাত্ৰী সকলে পঢ়া-শুনাত মনপুতি লাগিব লাগে।
মন মাৰ 一 (নিৰানন্দ হ)ঃ- লোকৰ কথা শুনি মন মাৰি একো লাভ নাই।
মন কৰ 一 (ইচ্ছা কৰ)ঃ- কামতমন কৰিলেহে কামত কৃতকাৰ্যতা লাভ কৰিব পাৰি।
আটক কৰ 一 (আৱদ্ধ কৰ)ঃ- চুৰটোক ৰাইজে মিলি আটক কৰি থৈছিল।
আটক-ধুনীয়া 一 (অসাধাৰণৰূপে ধুনীয়া)ঃ– নিৰ্মলাই ঘৰটো আটক-ধুনীয়াকৈ সজাই থৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *