Chapter 3 –
এন্ ফ্রাঙ্কৰ ডায়েৰি
১। পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা।
(ক) জন্মসূত্ৰে এন্ ফ্ৰাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?
উত্তৰঃ জন্মসূত্ৰে এন্ ফ্ৰাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।
(খ) এন্ ফ্ৰাঙ্কৰ দেউতাকৰ নাম কি আছিল?
উত্তৰঃ এন্ ফ্ৰাঙ্কৰ দেউতাকৰ নাম আছিল অট’ ফ্ৰাঙ্ক।
(গ) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল?
উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত লুকাই আছিল।
(ঘ) এন্ ফ্ৰাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?
উত্তৰঃ এন্ ফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল।
(ঙ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। তেওঁৰ নেতৃত্বত নাজীবাহিনীয়ে লাখ লাখ ইহুদীৰ ওপৰত নৃশংস অত্যাচাৰ চলাইছিল আৰু বহু ইহুদীক হত্যা কৰিছিল।
(চ) এন্ ফ্ৰাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?
উত্তৰঃ এন্ ফ্ৰাঙ্কৰ বহু বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজন আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। কাৰো লগত তাই হিয়া উজাৰি মনৰ কথা ক’ব নোৱাৰিছিল। সেয়েহে ডায়েৰীখনকে বন্ধু বুলি ভাবি নিজৰ অন্তৰৰ কথা লিখিবলৈ ইচ্ছা কৰিছিল।
(ছ) দিনলেখাসমূহ এন্ ফ্ৰাঙ্কে কিয় সম্পাদনা কৰিছিল?
উত্তৰঃ ভৱিষ্যতে কোনোবাই এজনী তেৰ বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিব পাৰে আৰু সেই সময়ৰ ঘটনাবোৰৰ কথাও জানিব পাৰে বুলি ভাবি এন্ ফ্ৰাঙ্কে দিনলেখাসমূহ সম্পাদনা কৰিছিল।
(জ) অট’ ফ্ৰাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল। সেই অত্যাচাৰৰ পৰা নিজকে আৰু পৰিয়ালটোক ৰক্ষা কৰিবলৈ অট’ ফ্ৰাঙ্কে পৰিয়ালসহ পণ্যাগাৰত আত্মগোপন কৰি আছিল।
(ঝ) ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’ বুলি এন্ ফ্ৰাঙ্কে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা।
উত্তৰঃ এন্ ফ্ৰাঙ্কে অনুভৱ কৰিছিল যে মানুহৰ আগত সকলো কথা মন খুলিকৈ ক’ব নোৱাৰি, কিন্তু কাগজে বিনা আপত্তিতে সকলো কথা ধৈৰ্যৰে গ্ৰহণ কৰে। তাইৰ এজন প্ৰকৃত বন্ধু নথকাৰ বাবে নিজৰ সুখ-দুখ, আশা-হতাশা আৰু অন্তৰৰ কথাবোৰ ডায়েৰীত লিখি ৰাখিছিল। সেইবাবেই তাই উপলব্ধি কৰিছিল যে “মানুহতকৈ কাগজৰ ধৈৰ্য বেছি।”
(ঞ) এন্ ফ্ৰাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল?
উত্তৰঃ এন্ ফ্ৰাঙ্কৰ বহু লগ-লগৰীয়া আছিল যদিও হিয়া উজাৰি মনৰ কথা ক’ব পৰাকৈ এজনো প্ৰকৃত বন্ধু নাছিল। সেইবাবেই তাই নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল।
২। তলৰ শব্দসমূহৰ অৰ্থ শব্দ-সম্ভাৰত চাই নিজৰ বহীত লিখা।
উত্তৰঃ
| শব্দ | অৰ্থ |
|---|---|
| গণ্য | লেখত ল’বলগীয়া |
| গতানুগতিক | নতুনত্ববিহীন |
| অস্ত্ৰোপচাৰ | অপাৰেচন, চিকিৎসাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ |
| বৰ্বৰ | নীচ, অসভ্য |
| পৰিত্যক্ত | এৰা, ত্যাগ কৰা |
| প্ৰবাদ | মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা |
| অধিগৃহীত | আইনৰ সহায়েৰে দখল কৰা |
| থিৰাং | নিশ্চিত |
| উৎসৰ্গা | দান কৰা |
| আড়ম্বৰ | জাক-জমকতা |
| প্ৰত্যাশিত | আশা কৰা |
| ভাবমূৰ্তি | কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা |
| পুঞ্জীভূত | থূপ খাই থকা |
| শামকতা | উপশম হোৱা |
| সন্নিৱিষ্ট | অন্তৰ্ভুক্ত |
৩। ‘কিটি’ কোন? এন্ ফ্ৰাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।
উত্তৰঃ ‘কিটি’ হৈছে এন্ ফ্ৰাঙ্কে নিজৰ ডায়েৰীক দিয়া নাম।
এন্ ফ্ৰাঙ্কৰ বহু লগ-লগৰীয়া আছিল যদিও হিয়া উজাৰি মনৰ কথা ক’ব পৰাকৈ এজনো প্ৰকৃত বন্ধু নাছিল। সেয়েহে তাই নিজৰ সুখ-দুখ, আশা-হতাশা আৰু অন্তৰৰ সকলো কথা ডায়েৰীখনত লিখিছিল। ডায়েৰীখনক তাই এগৰাকী কাল্পনিক বন্ধু হিচাপে ভাবি ‘কিটি’ নাম দিছিল। এই ‘কিটি’ক সম্বোধন কৰিয়েই এন্ ফ্ৰাঙ্কে নিজৰ মনৰ কথা মুক্তভাৱে প্ৰকাশ কৰিছিল।
৪। এন্ ফ্ৰাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?
উত্তৰঃ এন্ ফ্ৰাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ কৰাত তেওঁৰ দেউতাক অট’ ফ্ৰাঙ্কে আগভাগ লৈছিল।
এন্ ফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লিখিবলৈ আৰম্ভ কৰিছিল। প্ৰথমতে তেওঁ ডায়েৰিখন কেৱল নিজৰ বাবেহে লিখিছিল। ১৯৪৪ চনত এজন চৰকাৰী বিষয়াই অনাতাঁৰযোগে ঘোষণা কৰিছিল যে যুদ্ধ শেষ হোৱাৰ পাছত জাৰ্মান-অধিগৃহীত অঞ্চলত বাস কৰা হলেণ্ডৰ লোকসকলে যুদ্ধৰ সময়ত ভোগ কৰা দুখ-যন্ত্ৰণাৰ সাক্ষ্য সংগ্ৰহ কৰা হ’ব। বিশেষকৈ চিঠি-পত্ৰ আৰু ডায়েৰিৰ কথাও উল্লেখ কৰা হৈছিল।
এই ঘোষণাত অনুপ্ৰাণিত হৈ এন্ ফ্ৰাঙ্কে নিজৰ দিনলেখাবোৰ সম্পাদনা কৰি ভৱিষ্যতে পুথি আকাৰে প্ৰকাশ কৰাৰ কথা ভাবিছিল। কিন্তু ১৯৪৪ চনৰ ৪ আগষ্টত এন্ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল নাজীবাহিনীৰ হাতত ধৰা পৰে। যুদ্ধৰ পাছত একমাত্ৰ জীৱিত থকা তেওঁৰ দেউতাক অট’ ফ্ৰাঙ্কে জীয়েকৰ দিনলেখাখন উদ্ধাৰ কৰি সম্পাদনা কৰে আৰু এন্ ফ্ৰাঙ্কৰ ইচ্ছা পূৰণ কৰিবলৈ পুথি আকাৰে প্ৰকাশ কৰে।
৫। এন্ ফ্ৰাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল?
উত্তৰঃ এন্ ফ্ৰাঙ্ক আৰু তেওঁৰ আইতাকৰ সম্বন্ধ অতি মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল আৰু আইতাকৰ মৃত্যুৰ পাছতো তেওঁক গভীৰভাৱে স্মৰণ কৰিছিল।
আইতাকৰ স্মৃতি ৰক্ষা কৰিবলৈ এন্ ফ্ৰাঙ্কে নিজৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ স্মৃতিতো এডাল মমবাতি জ্বলাইছিল।
৬। পাঠটো পঢ়ি এন্ ফ্ৰাঙ্কৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।
উত্তৰঃ পাঠটো পঢ়ি এন্ ফ্ৰাঙ্কৰ মনত থকা নিঃসংগতা, দুখ-কষ্ট, ভয়, আশা আৰু মৰমৰ অনুভূতিবোৰ বুজিব পাৰি। সৰু বয়সতে তেওঁ যুদ্ধৰ ভয়াবহতা, আত্মগোপন জীৱন আৰু পৰিয়ালৰ নানা দুখ-কষ্টৰ মাজেৰে পাৰ হ’ব লগা হৈছিল।
তেওঁৰ বহু লগ-লগৰীয়া থাকিলেও হিয়া উজাৰি মনৰ কথা ক’ব পৰাকৈ এজন প্ৰকৃত বন্ধু নাছিল। সেয়েহে ডায়েৰীখনকে ‘কিটি’ নাম দি নিজৰ বন্ধু হিচাপে লৈ অন্তৰৰ সকলো কথা লিখিছিল। ইয়াৰ পৰা তেওঁৰ সংবেদনশীল মন, নিঃসংগতা আৰু আশাবাদী স্বভাৱৰ পৰিচয় পোৱা যায়।
ব্যৱহাৰিক ব্যাকৰণ
৭। পাঠটোত অধি, অনু, প্ৰতি — এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা।
উত্তৰঃ
অধি + গৃহীত = অধিগৃহীত
অনু + প্ৰাণিত = অনুপ্ৰাণিত
প্ৰতি + দিন = প্ৰতিদিন
৮। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।
উত্তৰঃ
প্ৰকাশ — গোপন / অপ্ৰকাশ
ভোগ — ত্যাগ
সমাপ্ত — আৰম্ভ / অসমাপ্ত
আড়ম্বৰ — অনাড়ম্বৰ
ভাগ্য — দুৰ্ভাগ্য
ধৈৰ্য — অধৈৰ্য
৯। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।
উত্তৰঃ
যন্ত্ৰণা — যাতনা
কৰুণ — কাতৰ
কিশোৰী — বালিকা
মৃত্যু — মৰণ
১০। তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণীবিভাজন কৰা।
(ক) মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ’ল।
উত্তৰঃ যৌগিক বাক্য।
(খ) ভাল ল’ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে।
উত্তৰঃ জটিল বাক্য।
(গ) বৰষুণ পৰিছে।
উত্তৰঃ সৰল বাক্য।
(ঘ) মই সদায় ভাত খাই স্কুললৈ যাওঁ।
উত্তৰঃ সৰল বাক্য।
(ঙ) একমাত্ৰ দেউতাকেই নাজীবাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল।
উত্তৰঃ সৰল বাক্য।
(চ) এন্ ফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কামটো আৰম্ভ কৰিছিল।
উত্তৰঃ সৰল বাক্য।
(ছ) এইবাৰ পিছে তেওঁ ‘মৰমৰ কিটি’ বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত ‘তোমাৰ, এন্’ বুলি সমাপ্ত কৰিছিল।
উত্তৰঃ যৌগিক বাক্য।
(জ) জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ’ল।
উত্তৰঃ সৰল বাক্য।
১১। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা (দুটা আৰু বহুতৰ মাজত)।
(ক) সোণ উজ্জ্বল।
উত্তৰঃ
দুটাৰ মাজত — সোণ ৰূপতকৈ উজ্জ্বল।
বহুতৰ মাজত — আন সকলো ধাতুতকৈ সোণ উজ্জ্বল।
(খ) মীনা মেধাৱী।
উত্তৰঃ
দুটাৰ মাজত — ৰীণাতকৈ মীনা মেধাৱী।
বহুতৰ মাজত — শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মীনা আটাইতকৈ মেধাৱী।
(গ) অৰুণ ওখ।
উত্তৰঃ
দুটাৰ মাজত — বলেনতকৈ অৰুণ ওখ।
বহুতৰ মাজত — শ্ৰেণীৰ আটাইকেইটা ল’ৰাৰ ভিতৰত অৰুণ আটাইতকৈ ওখ।
(ঘ) জোনবাই ঘূৰণীয়া।
উত্তৰঃ
দুটাৰ মাজত — পৃথিৱীতকৈ জোনবাই অধিক ঘূৰণীয়া।
বহুতৰ মাজত — আকাশত দেখা জ্যোতিষ্কবোৰৰ ভিতৰত জোনবাই আটাইতকৈ ঘূৰণীয়া যেন লাগে।
(ঙ) এই কিতাপখন ভাল।
উত্তৰঃ
দুটাৰ মাজত — সেইখন কিতাপতকৈ এইখন কিতাপ ভাল।
বহুতৰ মাজত — লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল।
১২। বাক্য ৰচনা কৰা।
অনতিপলমে — অনতিপলমে ঘটনাটোৰ তদন্ত হোৱা উচিত।
হাঁহি-ধেমালি — কণ কণ ল’ৰা-ছোৱালীবোৰৰ হাঁহি-ধেমালিৰে গোটেই ঠাইখিনি মুখৰিত হৈ উঠিছে।
ৰূপান্তৰিত — তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়।
আত্মগোপন — ৰুবুলে হৰিহঁতৰ ঘৰতে আত্মগোপন কৰি আছিল।
চিঠি-পত্ৰ — আজিকালি চিঠি-পত্ৰৰ আদান-প্ৰদান প্ৰায় নাইকিয়া হৈ গৈছে।
দুখ-যন্ত্ৰণা — ডেকা ল’ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ-যন্ত্ৰণাৰ সীমা নোহোৱা হ’ল।
পৰিত্যক্ত — তেওঁলোকৰ খুড়াকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে।
বিশ্ববিখ্যাত — পাবলো পিকাছো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী।
আদান-প্ৰদান — মৰম-চেনেহৰ আদান-প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ সুদৃঢ় হৈ থাকে।
চিন্তা-ভাৱনা — বেছিকৈ চিন্তা-ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল।
১৩। এন্ ফ্ৰাঙ্কৰ ডায়েৰিখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এন্ ফ্ৰাঙ্কৰ দৰে তোমাৰ দৈনন্দিন কাম-কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰিতেই লিপিবদ্ধ কৰি ৰাখিবা।
উত্তৰঃ নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতা, কাম-কাজ, মনৰ ভাব আৰু পাছদিনা কৰিবলগীয়া কামবোৰ ডায়েৰীত লিখি ৰখাৰ অভ্যাস কৰিব লাগে।
১৪। দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা।
(ক) কোনো কামত বা পঢ়া-শুনাৰ ক্ষেত্ৰত বন্ধু-বান্ধৱীক সহায় কৰি।
উত্তৰঃ এই বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিব।
(খ) পেলনীয়া বস্তুৰে কামত অহাকৈ কোনো বস্তু সাজি আৰু তাক ব্যৱহাৰ কৰি।
উত্তৰঃ এই বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিব।
(গ) বাতৰি কাকতৰ শিশু-শিতানৰ ভাল লগা গল্প-সাধু পঢ়ি।
উত্তৰঃ এই বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিব।
(ঘ) সাহিত্য-চ’ৰাবোৰে অনুষ্ঠিত কৰা শিশু-প্ৰতিযোগিতাৰ বিভিন্ন শিতানত অংশগ্ৰহণ কৰি।
উত্তৰঃ এই বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিব।
(ঙ) ঘৰত অনুষ্ঠিত কোনো উৎসৱ-পাৰ্বণত অংশগ্ৰহণ কৰি।
উত্তৰঃ এই বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিব।
১৫। ‘এন্ ফ্ৰাঙ্কৰ ডায়েৰি’ পাঠটোত ‘মন’, ‘আটক’ শব্দ যুক্ত হৈ থকা তলৰ খণ্ডবাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।
মন পা — (মন বুজা)
বাক্যঃ সতকাই মানুহৰ মন পোৱাটো বৰ কঠিন।
মন বান্ধ — (মন দমা)
বাক্যঃ আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব।
মনপুতি লাগ — (মনোযোগ দি লাগ)
বাক্যঃ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনপুতি লাগিব লাগে।
মন মাৰ — (নিৰানন্দ হোৱা)
বাক্যঃ লোকৰ কথা শুনি মন মাৰি একো লাভ নাই।
মন কৰ — (ইচ্ছা কৰা)
বাক্যঃ কামত মন কৰিলেহে কৃতকাৰ্যতা লাভ কৰিব পাৰি।
আটক কৰ — (আৱদ্ধ কৰা)
বাক্যঃ চুৰটোক ৰাইজে মিলি আটক কৰি থৈছিল।
আটক-ধুনীয়া — (অসাধাৰণৰূপে ধুনীয়া)
বাক্যঃ নিৰ্মলাই ঘৰটো আটক-ধুনীয়াকৈ সজাই থৈছে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post