Might Learn Logo Might Learn

SCERT Class 8 Assamese Chapter 5 Answer 2026 | Class 8 Assamese Chapter 5 Question and Answer Solution By SEBA Teachers ভক্ত প্ৰহ্লাদ |

Chapter 5 –

ভক্ত প্ৰহ্লাদ

১। উত্তৰ দিয়া।

(ক) ‘ভক্ত প‌্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।

উত্তৰঃ ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ’ল 一

* হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা)

* হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী)

* প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত)

* ষণ্ডামৰ্ক (দৈত্য-গুৰু)

* মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী)

(খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?

উত্তৰঃ নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত।

(গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?

উত্তৰঃ প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।

(ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল?

উত্তৰঃ হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণাক্ষ্য।

(ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?

উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল।

(চ) প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ দৈত্য গুৰু শুক্ৰাচাৰ্যৰ দুই পুত্ৰ ষণ্ড আৰু মৰ্কক নিয়োগ কৰিছিল।

(ছ) ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?

উত্তৰঃ ত্ৰিজগতৰ প্ৰতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল।

(জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?

উত্তৰঃ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম নৰসিংহ।

(ঝ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি?

উত্তৰঃ অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ।

২। লিখা।

(ক) কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোঁহি, তুমি গমেই পোৱা নাইনে?

        一 এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ

আছিল?

উত্তৰঃ– এই কথাষাৰ প্ৰহ্লাদৰ জেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেইসময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ ভাৱত তন্ময় হৈ আছিল।

(খ) স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল?

উত্তৰঃ– স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ ধৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে।

            তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল।

৩। চমুকৈ লিখা।

(ক) প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা।

উত্তৰঃ প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰানকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে, “ৰাখে হৰি মাৰে কোনে” অৰ্থাৎ, হৰিয়ে‌ ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হʼল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নাই। 

(খ) বামানয় শাস্ত্ৰজ্ঞান লʼবলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?

উত্তৰঃ বামানয় শাস্ত্ৰজ্ঞান লʼবলৈ প্ৰহ্লাদে আপত্তি কৰিছিল। কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ।আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।

(গ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্য়ৰাজ হিৰণ্যকশিপুই কিয় কৈছিল?

উত্তৰঃ হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি হিৰণ্যকশিপুৱে কৈছিল। কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভাতৃ হিৰণাক্ষ্য়ক দাঁতেৰে খুচি হত্যা কৰিছিল।

(ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল?

উত্তৰঃ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকূতি কৰিছিল যে─

        “হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। পিতৃৰ দোষ মাৰ্জনা কৰক।”

(চ) ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল?

উত্তৰঃ ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে, “ৰাজকুমাৰ প্ৰহ্লাদৰ কন্ঠত হৰিনামে শোভা নাপায়। প্ৰহ্লাদ হʼল দৈত্য বংশৰ পুত্ৰ। হৰি নাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই”। সেয়েহে ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়িবলৈ বুজনি দিছিল।

(ছ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?

উত্তৰঃ প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল। কাৰণ বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰীচৰণত শৰণ লৈছিল।

৪। ব্য়াখ্যা কৰা।

“ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্য়ত প্ৰহ্লাদৰ কাহিনী হʼল এক গৌৰৱময় সংযোজন।”

উত্তৰঃ– ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকান কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্ৰৱণ-কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হʼল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্য়ত প্ৰহ্লাদৰ কাহিনী হʼল এক গৌৰৱময় সংযোজন।

৫। “মোৰ বিনাশ, হাঃ হাঃ হাঃ। বোধ কৰোঁ কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে, মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত, সহজে নহয় মোৰ বিনাশ।”

        一 এই সংলাপটো কোনে কাক কৈছে? লিখা।

উত্তৰঃ– এই সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছে।

৬। ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা। 

            ত্ৰিভুৱন, হতাহতি, পৰ্বতগম্ভীৰ, ত্ৰিজগত, সিংহাসন

উত্তৰঃ

৭। এটা শব্দত প্ৰকাশ কৰি লিখা।

উত্তৰঃ– (ক) যাৰ সাহস আছে 一 সাহসী।

(খ) যি ঈশ্বৰক বিশ্বাস কৰে ― আস্তিক।

(গ) যি বিষ্ণুক উপাসনা কৰে 一 বৈষ্ণৱ।

(ঘ) একে মাকৰ সন্তান ― সহোদৰ।

(ঙ) যি সঁচা কথা কয় 一 সত্যবাদী।

(চ) যাক দেখা নাযায় 一 অদৃশ্য মান।

৮। বাক্য ৰচনা কৰা।

উত্তৰঃ– চিৰবৈৰী 一 হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল।

হিংসা-দ্বেষ 一 দেৱতা আৰু অসুৰ বিলাকৰ মাজৰ হিংসাদ্বেষ সদায় দেখা যায়।

আকাশ-পাতাল 一 আবিৰ্ভূত নৰসিংহৰ তৰ্জন-গৰ্জনত আকাশ-পাতাল কম্পমান হৈ উঠিছিল।

গৰিমা 一 বিষ্ণু ভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল।

চালে চকুৰোৱা 一 পদুমফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰোৱা হৈ পৰিছে।

শয়নে-সপোনে 一 প্ৰহ্লাদে শয়নে-সপোনে হৰিকে স্মৰণ কৰিছিল।

৯। চমু উত্তৰ দিয়া।

(ক) ষণ্ডামৰ্কৰ পিতৃৰ নাম কি?

উত্তৰঃ– ষণ্ডামৰ্কৰ পিতৃৰ নাম দৈত্য গুৰু শুক্ৰাচাৰ্য।

(খ) বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?

উত্তৰঃ বিষ্ণুৱে প্ৰধানকৈ ১০টা অৱতাৰ ধাৰণ কৰিছিল।

(গ) বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি?

উত্তৰঃ– বিষ্ণুৰ চতুৰ্থ অৱতাৰটো নৰসিংহ।

(ঘ) বামানয় শাস্ত্ৰ কি?

উত্তৰঃ বামানয় শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ। দৈত্য সকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বোলা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects