Class 8 Science Chapter 3 Answer

১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ কিছুমান আঁহ উদ্ভিদ বা প্ৰাণীৰ পৰা সংগ্ৰহ কৰা হয়, আৰু আন কিছুমান মানুহে তৈয়াৰ কৰে। উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা আঁহবোৰ, যেনে কপাহ, ঊণ, আৰু পাট আদি প্ৰাকৃতিক আঁহৰ শ্ৰেণীত পৰে। সেইবাবে, এইবোৰক “প্ৰাকৃতিক আঁহ” বুলি কোৱা হয়। আনহাতে, মানুহে কৃত্ৰিম উপায়েৰে কিছুমান আঁহ প্রস্তুত কৰে, যাক “সাংশ্লেষিত আঁহ” বুলি জনা যায়। এই আঁহবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা সংশ্লেষণ কৰি তৈয়াৰ কৰা হয়। উদাহৰণস্বৰূপে নাইলন এক প্ৰকাৰৰ সাংশ্লেষিত আঁহ।

২) শুদ্ধ উত্তৰত ‘√’ চিন দিয়া।

সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো-

ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।

খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায়।

গ) প্ৰাকৃতিক আঁহ বোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

উত্তৰঃ খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায়।

৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।

 ক) সাংশ্লেষিক আঁহ বোৰক  __ বা __ বুলিও কোৱা হয়।

 খ)সাংশ্লেষিক আঁহবোৰক ___ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়।

 গ) সাংশ্লেষিক আঁহ বোৰৰ দৰে প্লাষ্টিকো এবিধ ___ ।

উত্তৰঃ

ক) য়েন বা নাইলন।

খ) পেট্ৰকেমিকেল।

গ) বহুযোগী।

৪) নাইলন ৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।

উত্তৰঃ  নাইলনৰ আঁহ বোৰ মজবুত,নমনীয় আৰু পাতল। সেইবাবে  নাইলন ব্যৱহাৰ কৰি শিলাৰোহন বাবে পেৰাচুত আৰু ৰছী প্ৰস্তুত কৰা হয়। এই নাইলনৰ সূতা এডাল তীখাৰ তাৰত কৈ বেছি শক্তিশালী। দ্বিতীয় বিশ্বযুদ্ধ সময়ত পেৰাচুট বনাবলৈ নাইলন ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা নাইলনৰ আঁহ বোৰ যে শক্তিশালী সেইটো প্ৰমাণ হয়।

৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কিয়?

উত্তৰঃ খাদ্য জমা কৰি ৰাখিবলৈ প্লাষ্টিকৰ পাত্ৰসমূহক প্ৰায়েই বাছি লোৱা হয়। ইয়াৰ মূল কাৰণ হ’ল এই পাত্ৰবোৰৰ ওজন কম, মজবুত, আৰু ব্যৱহাৰ কৰিবলৈ সহজ। প্লাষ্টিকৰ পাত্ৰত সহজে মামৰে নধৰে, আৰু ইয়াত বায়ু বা পানীৰ লগত বিক্ৰিয়া নহয়। এই সকলো কাৰণেই খাদ্য বস্তু জমা কৰিবলৈ প্লাষ্টিকৰ পাত্ৰ সহজ আৰু সুবিধাজনক। তদুপৰি, প্লাষ্টিক তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী, যাৰ ফলত ই সুৰক্ষিতভাৱে ব্যৱহাৰ কৰা যায়।

৬) তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য বাখ্য়া কৰা।

উত্তৰঃ

ক) তাপ নমনীয় প্লাষ্টিক বোৰ তাপ দি সহজে বিকৃত আৰু ভাজ কৰিব পাৰি।                  

                     আনহাতে, 

 তাপ দৃঢ় প্লাষ্টিক বোৰ তাপ দিলেও কোমলাব নোৱাৰি আৰু  ভাঁজ কৰিব নোৱাৰি।

খ)  তাপ নমনীয় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব পাৰি। 

                     আনহাতে,

 তাপ দৃঢ় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব নোৱাৰি বা বেলেগ আকাৰলৈ নিব নোৱাৰি।

৭) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। বাখ্য়া কৰা।

ক) ছছপেনৰ নাল

খ)  বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড

উত্তৰঃ

 ক) ছছপেনৰ নালত তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় কাৰণ তাপদৃঢ় প্লাষ্টিকবোৰ তাপ পালে গলি নাযায়। যেতিয়া আমি জুইৰ ওপৰত ছছপেন দিওঁ তেতিয়া তাপ পালেও ইয়াৰ নালডাল গলি নাযায় আৰু তেতিয়া আমি সহজে ধৰিব পাৰো।

খ) বেকেলাইট নামৰ তাপদৃঢ় প্লাষ্টিকৰ দ্বাৰা বিদ্যুতৰ প্লাগ/চুইচ/প্লাগবৰ্ড আদি নিৰ্মাণ কৰা হয়।বেকেলাইট তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী সেয়েহে তাপ পালেও চুইচ, প্লাগবৰ্ড আদি গলি লাগি নধৰে।

৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক “পুনৰাৱৰ্তন কৰিব পৰা”আৰু “পুনৰাৱৰ্তন কৰিব নোৱাৰা” হিচাপে শ্ৰেণীভুক্ত কৰা- টেলিফোন সৰঞ্জাম, প্লাষ্টিকৰ খেলনা,কুকাৰৰ নাল, কেৰি-বেগ, বল-পইণ্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, বৈদ্যুতিক চুইচ, প্লাষ্টিক চকী।

উত্তৰঃ 

পুনৰাৱৰ্তন কৰিব পৰা :- প্লাষ্টিকৰ খেলনা, কেৰি-বেগ, প্লাষ্টিকৰ বাটি, বল-পইণ্ট পেন, প্লাষ্টিকৰ চকী।

পুনৰাৱৰ্তন কৰিব নোৱাৰা:- কুকাৰৰ নাল, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, বৈদ্যুতিক চুইচ, টেলিফোন সা-সৰঞ্জাম।

৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে  ছাৰ্ট   কিনিব খুজিছে। তেওঁ কপাহী  ছাৰ্ট নে সাংশ্লেষিক      আঁহেৰে তৈয়াৰি ছাৰ্ট কিনাতো উচিত হব? কাৰণ দৰ্শাই ৰানা ক উপদেশ দিয়া।

উত্তৰঃ গ্ৰীষ্ম কালৰ বাবে কপাহী ছাৰ্ট সাংশ্লেষিক আঁহেৰে তৈয়াৰ কৰা ছাৰ্টতকৈ বেছি উপযোগী। কাৰণ কপাহী ছাৰ্টে গাৰ ঘাম বেছি সময় ধৰি ৰাখিব পাৰে আৰু গৰমৰ পৰা সকাহ দিয়ে।

১০) প্ৰাকৃতিক গত ভাৱে প্লাষ্টিক সমূহ যে অ-ক্ষয়কাৰি তাক দেখুৱাবলৈ উদাহৰণ দিয়া।

উত্তৰঃ আমি দৈনন্দিন ব্যৱহাৰ কৰা বহুতো বস্তু প্লাষ্টিকেৰে মেৰিয়াই থোৱা হয় বা প্লাষ্টিকৰ মোনাত লৈ অনা হয়। এই প্লাষ্টিক আৱৰ্জনা সমূহক সাধাৰণতে পেলাই দিয়া হয়, কিন্তু এইবোৰৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পচন নঘটে। ফলত, এই আৱৰ্জনা বছৰবছৰ ধৰি একেদৰে ৰৈ থাকে। কেতিয়াবা গৰুৱে এই প্লাষ্টিকৰ আৱৰ্জনা খাদ্য হিচাপে গ্ৰহণ কৰে, যাৰ ফলত প্লাষ্টিক হজম নহৈ জীৱ-জন্তুবোৰ মৃত্যু মুখত পৰে। ইয়াৰ উপৰিও, খেতি পথাৰত পচন নঘটা প্লাষ্টিকৰ উপস্থিতিত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়, যিয়ে কৃষিৰ উৎপাদনক্ষমতাক ক্ষতি কৰে।

১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? বাখ্য়া কৰা।

উত্তৰঃ টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয়। কাৰণ নোমবোৰ সদায়  নালতকৈ কোমল হব লাগে কাৰণ আমি টান হলে দাঁতত কষ্ট পাম।  সেইবাবে নালৰো নোমবোৰ একে পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা নহয়।

১২) “পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা” এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।

উত্তৰঃ  আমি জানো যে প্লাষ্টিকবোৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পচন নঘটে, যাৰ বাবে ই পৰিৱেশ-হিতৈষী নহয়। প্লাষ্টিক পৰিৱেশ প্ৰদূষণ কৰে, আৰু ইয়াক দহন কৰিলে বিষাক্ত গেছ নিৰ্গত হয়, যিয়ে বায়ুমণ্ডল দূষিত কৰে। সেইবাবে, আমাক পৰাপক্ষত প্লাষ্টিক ব্যৱহাৰ নকৰা উচিত, যেনে আমাৰ পৰিৱেশ আৰু স্বাস্থ্যৰ ৰক্ষা কৰিব পৰা যায়।

১৩) “A” স্তম্ভত  দিয়া শব্দ  বোৰক “B” স্তম্ভত দিয়া খণ্ড বাক্য বোৰৰ লগত শুদ্ধকৈ মিলোৱা-

A                             B

(i) পলিয়েষ্টাৰ (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।

(ii) টেফলন          (b) পেৰাচুট আৰু মোজা বনাবলৈ  ব্যৱহাৰ

                                      কৰা হয়।

(iii) ৰেয়ন          (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-                                                                                          সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা  হয়।

(iv) নাইলন           (d) সহজতে শোতোৰা নপৰা কাপোৰ।

উত্তৰঃ  

A                        B

(i) পলিয়েষ্টাৰ       (d) সহজতে শোতোৰা নপৰা কাপোৰ।

(ii) টেফলন        (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম                                                                              বনাবলৈ ব্যৱহাৰ কৰা হয়।

(iii) ৰেয়ন       (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।

(iv) নাইলন       (b) পেৰাচুট আৰু মোজা বনাবলৈ  ব্যৱহাৰ কৰা                                                                                 হয়।

১৪) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।

উত্তৰঃ এডাল বৈদ্যুতিক তাৰত এটা বাল্ব লগাই লোৱা হল, আৰু তাৰ ডাল বেটাৰীৰ লগত সংযোগ কৰা হল। এই ক্ষেত্ৰত, আমি দেখি যে বাল্বটো জ্বলিছে। কিন্তু, যদি আমি তাৰ ডালত প্লাষ্টিক লগাই বেটাৰীত সংযোগ কৰো, তেতিয়া বাল্বটো জ্বলা নাযায়। এই উদাহৰণৰ পৰা প্ৰমাণিত হয় যে তাপ নমনীয় প্লাষ্টিকবোৰ বিদ্যুতৰ কু-পৰিবাহী।

Leave a Reply

Your email address will not be published. Required fields are marked *