১) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি ?
](ক) জিংক (খ) ফছফৰাছ (গ) গন্ধক (ঘ) অক্সিজেন
উত্তৰ ঃ (ক) জিংক
২) তলত দিয়া কোনটো উক্তি শুদ্ধ?
(ক) সকলো ধাতু নমনীয়।
(খ) সকলো অধাতু নমণীয়।
(গ) সাধৰণতে ধাতুসমূহ নমনীয়।
(ঘ) কিছুমান অধাতু নমনীয়।
উত্তৰ ঃ (গ) সাধাৰণতে ধাতুসমূহ নমনীয়।
৩) খালী ঠাই পূৰ কৰা-
উত্তৰঃ
(ক) ফৰফৰাছ এবিধ অতি সক্ৰিয় ধাতু।
(খ) ধাতুসমূহ তাপ আৰু বিদ্য়ুতৰ সু-পৰিবাহী।
(গ) তামতকৈ লো অধিক সক্ৰিয়।
(ঘ) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
৪) উক্তিবোৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰাঃ
(ক) সাধাৰণতে , অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে ।
উত্তৰঃ অশুদ্ধ।
(খ) ছ’ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ।
উত্তৰঃ শুদ্ধ।
(গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।
উত্তৰঃ অশুদ্ধ।
(ঘ) কয়লা টানি তাৰৰ ৰূপ দিব পাৰি।
উত্তৰঃ অশুদ্ধ।
৫) তলৰ ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য় লিখা।
উঃ
ধৰ্ম | ধাতু | অধাতু |
১। বাহ্যিক ৰূপ | চিকমিকিয়া | অনুজ্বল |
২। কঠিনতা | কঠিন | কোমল |
৩। ঘাতসহনীয়তা | ধাতুক কোবাই পাতৰ আকাৰত গঢ় দিব পাৰি | অধাতুক কোবালে গুড়ি হৈ যায়। |
৪। নমনীয়তা | ধাতুক টানি তাঁৰৰ আকাৰ দিব পাৰি | অধাতুক টানি তাঁৰৰ আকাৰ দিব নোৱাৰি |
৫। তাপ পৰিবাহিতা | সুপৰিবাহী | কু-পৰিবাহী |
৬। বিদ্যুত পৰিবাহিতা | সুপৰিবাহী | কু-পৰিবাহী |
৬) কাৰণ দৰ্শোৱা ঃ
ধাতুৰ ঘাতসহনীয়তা গুণৰ বাবেই আমি এলুমিনিয়ামৰ ধাতুৰ পাত তৈয়াৰ কৰিব পাৰিছো।
(খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্য়ৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত।
উত্তৰ ঃ ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। সেয়েহে, জুলীয়া পদাৰ্থ তাপিতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ সাধাৰণতে ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। এই ধাতুৰ সুপৰিবাহিতাৰ কাৰণে, দণ্ডবোৰ তাপ বণ্টন কৰিবলৈ যথাযথ।
(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।
উত্তৰ ঃ তাম হৈছে জিংকতকৈ কম সক্ৰিয় ধাতু । জিংকক ইয়াৰ লৱন দ্ৰৱৰ পৰা অপসাৰিত কৰিবলৈ তাতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন হ’ব । সেয়েহে , তামে জিংকক তাৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।
(ঘ) ছ’ডিয়াম আৰু পটেছিয়াম কেৰাচিন ডুবাই ৰখা হয়।
উত্তৰ ঃ ছ’ডিয়াম আৰু পটেছিয়াম হৈছে বৰ সক্ৰিয় ধাতু। এই ধাতুবোৰ অক্সিজেন আৰু পানীৰ সৈতে প্ৰৱলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমানে তাপ উৎপন্ন কৰে। সেইকাৰণে, এই ধাতুবোৰক কেৰাচিনত ডুবাই ৰখা হয় যাতে সিহঁতে নিৰাপদভাৱে সংৰক্ষণ কৰিব পৰা যায়।
৭) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবা? বাখ্য়া কৰা।
উত্তৰ ঃ নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰিব নোৱাৰি। কাৰণ, নেমু টেঙাত থকা এছিডে এলুমিনিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে, যাৰ ফলত আচাৰখিনি নষ্ট হ’ব। সেয়ে, নেমু টেঙাৰ আচাৰ সংৰক্ষণৰ বাবে অন্য প্ৰকাৰৰ পাত্ৰ ব্যৱহাৰ কৰা উচিত।
৮) স্তম্ভ A ত থকা পদাৰ্থসমূহক স্তম্ভ B ত থকা সিহঁতৰ ব্য়ৱহাৰৰ লগত মিলোৱা –
উত্তৰ ঃ
A B
(i) সোন ↔️ ঘ) আ-অলংকাৰ
(ii) লো ↔️ ঙ) যন্ত্ৰ-পাতি
(iii) এলুমিনিয়াম ↔️ গ) খাদ্য মেৰোৱা
(iv) কাৰ্বন ↔️ চ) ইন্ধন
(v) তাম ↔️ খ) বৈদ্যুতিক তাঁৰ
(vi) পাৰা ↔️ ক) থাৰ্মমিটাৰ
৯) কি ঘটিব যেতিয়া – ( শব্দ সমীকৰণ লিখা )
ক) তামৰ প্লেটৰ এপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।
উত্তৰ ঃ যেতিয়া তাম (কপাৰ ) ৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়, তেতিয়া তায়ে লঘু ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ছালফেট উৎপন্ন কৰে আৰু হাইড্ৰ’জেন গেছ মুক্ত হয়।
খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়।
উত্তৰঃ কপাৰ ছালফেট (CuSO4) দ্ৰৱত যেতিয়া লোৰ গজাল (Fe) ৰখা হয়, তেতিয়া লোৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে।
১০) শলনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে।
ক) তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব?
উত্তৰঃ পৰীক্ষানলীত সংগ্ৰহ কৰা গেছখিনিত অলপ পানী যোগ কৰিলে দেখা যাব যে পানীখিনিত গেছ দ্ৰৱীভূত হৈছে। এতিয়া, দ্ৰৱটো নীলা লিটমাছ কাগজেৰে পৰীক্ষা কৰিলে দেখা যাব যে নীলা লিটমাছ কাগজ খনৰ বৰণ ৰঙা হৈছে। ই গেছটোৰ আম্লিক প্ৰকৃতি সূচায়।
খ) এইক্ষেত্ৰত জ্বলন্ত এঙাৰ টুকুৰা পৰা ওলোৱা গেছখিনি হৈছে কাৰ্বন-ডাই-অক্সাইড গেছ (Co2)।
১১। এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোনাৰীজনক এডাল পুৰণি সোনৰ গহনা পালিচ কৰিব দিলে। পাছদিনা, তেওঁলোকে যেতিয়া গহনাদাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰসাৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাৰ পাৰিবানে?
উত্তৰঃ যেতিয়া গহনা পালিচ কৰিবলৈ দিয়া হয়, তেতিয়া সোণাৰীসকলে গ্ৰহণাবিধ “একুৱাৰেজিয়া” নামৰ এবিধ দ্ৰৱত ডুবাই ৰাখে। এই প্ৰক্ৰিয়াৰ ফলত সোনৰ গহনাবিধৰ বহিঃতৰপটো একুৱাৰেজিয়াত দ্ৰৱীভূত হয়, যাৰ বাবে গহনাবিধৰ ওজন সামান্য হ্ৰাস পায়।
*একুৱাৰেজিয়াঃ নাইট্ৰিক এছিড (HNO3) আৰু হাইড্ৰ’ক্ল’ৰিক এছিড (HCl) ক ১ঃ৩ অনুপাতত মিহলাই তৈয়াৰ কৰা দ্ৰৱবিধক একুৱাৰেজিয়া বোলা হয়।