Class 8 Science Chapter 5 Answer

১) চি.এন .জি আৰু এল . পি . জি.ক ইন্ধন হিচাপে ব্য়ৱহাৰ কৰা সুবিধাসমূহ  কি কি ?

উত্তৰ ঃ চি. এন. জি আৰু এল.পি. জি ক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ’ল –

ক) CNG আৰু LPG দহন কৰিলে ধোৱা নিৰ্গত নহয় । কম বায়ু প্ৰদূষণ হোৱা বাবে ইন্ধন হিচাপে ব্যৱহাৰ সুবিধাজনক।

খ) LPG আৰু CNG ৰ দহনৰ দ্বাৰা এক বৃহৎপৰিমাণৰ শক্তি আহৰণ কৰিব পাৰি ।

গ)  LPG আৰু  CNG ক পোনপটীয়াকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

 ঘ) LPG আৰু  CNG  নলীৰ মাজেৰে অতি সহজে পৰিৱহণ কৰিব পাৰে।

২) ৰাস্তা বনাওতে ওপৰত ব্য়বহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম কি?

উত্তৰ ঃ বিটুমেন ।

৩) মৃত গছ -গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি ?

উত্তৰ ঃ প্ৰায় 3000 নিযুত বছৰৰ আগতে পূথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। কালক্ৰমত জমা হৈ থকা মাটিৰ হেঁচাত এইবোৰ সংকুচিত হৈছিল আৰু অধিক গভীৰতালৈ সোমাই পৰিছিল। ইয়াৰ ফলস্বৰূপে, এইবোৰৰ উষ্ণতা বঢ়ি গৈছিল। উচ্চ চাপ আৰু উষ্ণতাৰ ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়ালালৈ ৰূপান্তৰিত হৈছিল।

এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলা হয়।

৪) খালী ঠাই পূৰ কৰা।

উত্তৰঃ

(ক) কয়লা, পেট্ৰ’লিয়াম  আৰু  প্ৰাকৃতিক গেছ  হৈছে জীৱাশ্মইন্ধন।

(খ) পেট্ৰলিয়াম উৎপাদন পৃথকীৰণ প্ৰক্ৰিয়াটোক   শোধন বোলা হয়।

(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহন  ইন্ধন হ’ল CNG ( সংকুচিত প্ৰাকৃতিক গেছ)

৫)তলত দিয়া  উক্তিসমূহৰ শুদ্ধ (শু) অশুদ্ধ (অ) চিহ্নিত কৰা ।

(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তত কৰিব পাৰি । 

উত্তৰঃ অশুদ্ধ    

(খ) পেট্ৰলিয়াম  চি . এন .জি. বেছি প্ৰদূষক ইন্ধন । 

উত্তৰঃ অশুদ্ধ।    

(গ) ক’ক হৈছে কাৰ্বণৰ প্ৰায় বিশুদ্ধ ৰূপ ।   

উত্তৰঃ শুদ্ধ            ‘

(ঘ) আলকতৰা হৈছে বিভিন্ন উংপাদনৰ  এটা মিশ্ৰণ ।   

উত্তৰঃ শুদ্ধ  

(ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।    

উত্তৰঃ অশুদ্ধ                                           

  ৬) জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ বাখ্য়া কৰা ।

উত্তৰ ঃ জীৱাশ্ম ইন্ধনসমূহ মৃত গছ-গছনি আৰু জীৱজন্তুৰ দেহ বহু নিযুত বছৰ ধৰি উচ্চ চাপ আৰু উষ্ণতা প্ৰৱল পৰিৱেশত থকাৰ ফলত সৃষ্টি হৈছে। কোনো পৰীক্ষাগাৰ বা গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা সম্ভৱ নহয়। যিহেতু ইয়াক পুনৰাই প্ৰস্তুত কৰিব নোৱাৰি, সেয়েহে ইয়াৰ পৰিমাণ সীমিত। সেয়ে, জীৱাশ্ম ইন্ধনসমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।

৭) ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা ।

উত্তৰ ঃ ক’ক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন, সছিদ্ৰ আৰু ক’লাবৰণীয়া পদাৰ্থ । ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ব্যৱহাৰ ঃ তীখাৰ উৎপাদক আৰু বহুত  ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ক’ক ব্যৱহাৰ কৰা হয় ।

৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ’লিয়াম সৃষ্টি হৈছিল বাখ্য়া কৰা ।  

উত্তৰ ঃসমূদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাৰ ফলত সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই পোত গৈছিল। কালক্ৰমত, বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ, আৰু অত্যাধিক চাপৰ প্ৰভাৱত মৃত জীৱসমূহ প্ৰেট্ৰলিয়াম আৰু গেছলৈ ৰূপান্তৰিত হয়।

৯) তলৰ তালিকাত ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। লেখ চিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ Y-অক্ষত আৰু বছৰ X-অক্ষত লোৱা।

উত্তৰঃ তোমালোকে নিজে কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *