Class 8 Social Science Chapter 1 Answer

১। চমু উত্তৰ লিখা

(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ  ক) জনসংখ্যা বৃদ্ধি (বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ)

             খ) অৰ্থনৈতিক প্ৰতিযোগিতা (ব্যৱসায় বাণিজ্য,উদ্যোগ আদি নিৰ্মাণ )

(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা)

উত্তৰঃ ক) খেতিপথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলদ্ধ হ’লে তাৰ আশে পাশে জন                     বসতি ঘন হয়।

     খ)কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলদ্ধ হলে তাৰ আশে পাশে জন              বসতি ঘন হয়।

(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।

উত্তৰঃ (ক) অপৰিকল্পিত কৃষিকাৰ্যত অত্য়াধিক পৰিমাণে ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য় আদিৰ ব্য়ৱহাৰ কৰাৰ ফলত ভূমি অৱক্ষয় হয় ।

            (খ) খেতি পথাৰৰ মাটি ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে।

(ঘ) বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।

উত্তৰঃ (ক) বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে।

            (খ) ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে ।

২। শুদ্ধ উত্তৰত চিন দিয়া—

(ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে?

(১) অবাবতে পানীৰ টেপ খুলি থলে, 

(২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে, 

(৩) বৰষুণৰ পানী জমা কৰি থলে।

উত্তৰঃ (৩)বৰষুণৰ পানী জমা কৰি থলে।

(খ) নির্মল পানী পাবলৈ হ’লে—

(1) আবৰ্জনাবোৰ নৈত পেলাব লাগে, 

(২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, 

(৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

উত্তৰঃ পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—

(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে,

(২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে,

(৩) শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’লে।

উত্তৰঃ জীৱাশ্ম ইন্ধনৰ ব্য়ৱহাৰ অধিক হ’লে।

৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০টা মান শব্দৰ ভিতৰত)

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ মাত্ৰ ২৯ শতাংশ মাটিৰে আচ্ছাদিত। এই মাটি বা ভূমি জীৱ জগতৰ আধাৰ স্বৰূপ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূল উৎস এই ভূমি। উদ্ভিদ আৰু প্ৰাণীৰ অস্তিত্ব আৰু বিকাশো পূৰ্ণৰূপে এই মূল্যৱান ভূমি সম্পদৰ ওপৰত নিৰ্ভৰশীল। কৃষি, শিল্প, উদ্যোগ, আৰু যাতায়ত-যোগাযোগ ব্যৱস্থাৰ বিকাশো ভূমিৰ ভিত্তিতেই সংঘটিত হৈছে। মানৱ সভ্যতা, সংস্কৃতি, আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো মাটিৰ ভূমিকা অতুলনীয়। যিহেতু মাটি বা ভূমি অসীম নহয়, এই মূল্যৱান সম্পদক সাৱধানে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।

    গ্ৰামাঞ্চলৰ মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।

      নগৰ অঞ্চলত জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই বঢ়োৱা জনসংখ্যাৰ প্ৰয়োজন পূৰণৰ বাবে অধিক ভূমিৰ প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত বাসস্থান, উদ্যোগ, আৰু যাতায়ত ব্যৱস্থাৰ বিস্তাৰ ঘটে। ইয়াৰ ফলস্বৰূপে নগৰসমূহ কাষৰীয়া কৃষিভূমি, জলাভূমি, আৰু বন্যভূমি আদি দিশলৈ দ্ৰুত সম্প্ৰসাৰিত হয়। এই প্ৰসাৰণৰ বাবে প্ৰাকৃতিক সম্পদ হ্ৰাস পায়, আৰু প্ৰদূষণ, ভূমি অপচয়, আৰু পৰিবেশগত সমস্যা বৃদ্ধি পায়। সেয়েহে এই বিস্তাৰণ প্ৰক্ৰিয়াক সতৰ্কভাৱে পৰিচালনা কৰা অতি প্ৰয়োজন।

৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰপৰা সেই সম্পর্কে জানি লৈ এটি টোকা যুগুত কৰা।

উত্তৰঃ 

 অতীতবৰ্তমান
মুকলি ঠাই, উদ্যান  
খেতি পথাৰৰ মাটিৰ উপলদ্ধতা  
শিক্ষানুষ্ঠান  
মানুহৰ ঘৰ-দুৱাৰ  
কল কাৰখানা, উদ্য়োগ  
ক্লাৱ, ধৰ্মীয় বা আন সামাজিক অনুষ্ঠান  
পৰিকল্পিত নলা নৰ্দমা  
অন্যান্য  

*ওপৰত দেখুওৱা দৰে তোমালোকে নিজে তালিকা প্ৰস্তুত কৰি তাৰ আলমত নিজৰ বাখ্যা আগবঢ়াব পাৰিবা

৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত?

উত্তৰঃ বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি, লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই চিৰিকতি ইত্যাদিবোৰক ধৰিব পাৰি। হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্রায় ৮৮ বিধমান চৰাইৰ প্রজাতি নাইকীয়া হৈ গৈছে। অৰণ্য ধ্বংস, গৰাখহনীয়া, বনজুই, চুনামী, ভূমিস্খলন, বানপানী আদি দুর্যোগে বনজ সম্পদসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিছে।

 পৃথিৱীৰ উপৰিভাগৰ প্ৰায় দুই-তৃতীয়াংশ অংশ পানীৰে আৱৰা যদিও, দৈনন্দিন জীৱনত ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ অত্যন্ত সীমিত। ব্যৱহাৰযোগ্য পানীৰ প্ৰায় ৭০ শতাংশ সহজে লাভ কৰিবলৈ কঠিন, যাৰ ফলত জলসম্পদৰ মূল্য অধিক। এই মূল্যবান জলসম্পদ মূলতঃ জলসিঞ্চন, পৰিবহন, উদ্যোগ আৰু ঘৰুৱা কাম-কাজত ব্যৱহৃত হয়। বিদ্যুত শক্তি উৎপাদনৰ ক্ষেত্ৰতো জলসম্পদৰ গুৰুত্ব আছে।

জনসংখ্যাৰ বাঢ়নিৰ সৈতে পানীৰ চাহিদাও বাঢ়িছে, কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বৃদ্ধি পোৱা নাই। লগতে, পানীৰ উৎসসমূহ প্ৰদূষিত হোৱাৰ ফলত জলসম্পদৰ সংকট আরো গভীৰ হৈছে।

এই সমস্যাৰ সমাধানৰ বাবে জলসংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব। যিবোৰ কাৰ্য্যৰ ফলত পানী প্ৰদূষিত হয়, সেইবোৰ এৰাই চলিব লাগিব। প্ৰয়োজনতকৈ অধিক পানী ব্যৱহাৰ কৰাৰ বদলে, পানী পুনৰ ব্যৱহাৰ আৰু বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অত্যন্ত জৰুৰী।

৬। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে ?

উত্তৰঃ শিল্প-উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, আৰু প্ৰতিৰক্ষা আদি সকলো ক্ষেত্ৰতে শক্তি সম্পদৰ প্ৰয়োজনীয়তা অতুলনীয়। শক্তি সম্পদক মূলতঃ দুটা ভাগত বিভক্ত কৰিব পাৰি: পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি। পৰম্পৰাগত শক্তি উৎসসমূহত কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, খৰি আদিৰ অন্তৰ্ভুক্ত, যিবোৰ একোৱেই পুনৰ্নবীকৰণীয় নহয় আৰু একেবাৰেই শেষ হৈ যায়।

অন্যহাতে, অপৰম্পৰাগত শক্তি উৎসসমূহত বায়ুশক্তি, সৌৰশক্তি আদি আছে, যিবোৰ পুনৰ্নবীকৰণযোগ্য আৰু পৰিৱেশবান্ধৱ। পৰম্পৰাগত শক্তি সম্পদৰ সীমাবদ্ধতাক মনত ৰাখি, মিতব্যয়ী হোৱাৰ প্ৰয়োজন। এইবোৰৰ সাৱধানী আৰু দায়িত্বশীল ব্যৱহাৰৰ মাধ্যমেই ভৱিষ্যতৰ বাবে শক্তি সম্পদ সংৰক্ষণ কৰা সম্ভৱ।

আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰি লবলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰো। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদিবোৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহ’লে যিকোনো সম্পদৰ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈও সম্পদৰ অপচয় ৰোধ কৰিব লাগিব।

৭। চমু টোকা লিখা—

(ক) বন্যপ্রাণী, (খ) জীৱাশ্ম ইন্ধন, (গ) মৰুকৰণ, (ঘ) সৌৰশক্তি, (ঙ) ভূমিস্খলন

উত্তৰঃ 

(ক) বন্য়প্ৰাণী:-  হাবিত বাস কৰা সৰু-বৰ জীৱ-জন্তু, চৰাই-চিৰিকতি, উদ্ভিদ, সৰীসৃপ, উভচৰ প্ৰাণী, কীট-পতংগ আদিক বন্যপ্ৰাণী বুলি অভিহিত কৰা হয়। এই সকলো বন্যপ্ৰাণী প্ৰকৃতিত মূল্যবান প্ৰাকৃতিক সম্পদৰূপে গণ্য হয়। বন্যপ্ৰাণীৰ উপস্থিতিৰে প্ৰাকৃতিক পৰিসৰত ভাৰসাম্যতা ৰক্ষা পায়।

কিন্তু জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে মানৱ গতিবিধিৰো বৃদ্ধি হৈছে, যাৰ ফলত অৰণ্য আৰু বন্যপ্ৰাণীসকলৰ জীৱন সংকটত পৰিছে। বহু ঠাইত চৰকাৰে বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। পৃথিৱীৰ মুঠ মাটি-কালিৰ এক-তৃতীয়াংশৰো কম অংশ বনাঞ্চলৰ অধীনত আছে। এই বনাঞ্চল সুৰক্ষিত ৰাখাটো বন্যপ্ৰাণী আৰু পৰিবেশৰ বাবে অত্যন্ত প্ৰয়োজনীয়।

(খ) জীৱাশ্ম ইন্ধন:- জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহৰ ব্য়াপক ব্য়ৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে। সেয়েহে আমি জীৱাশ্ম ইন্ধনবোৰ অলপ কমকৈ ব্য়ৱহাৰ কৰিব লাগে। সেয়েহে এই ইন্ধনবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য়।

(গ) মৰুকৰণ:- প্ৰাকৃতিক বা মানৱজনিত কাৰণত মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাত মাটিৰ শুকানভাৱ বৃদ্ধি হৈ যেতিয়া মৰুভূমিৰ দৰে পৰিস্থিতি সৃষ্টি হয়, তাক মৰুকৰণ বুলি কোৱা হয়। বিশেষকৈ অধিক উৎপাদনৰ উদ্দেশ্যে একেটা মাটিত বাৰে বাৰে খেতি কৰাৰ সময়ত অধিক সাৰ, ৰাসায়নিক দ্ৰব্য আৰু জলসিঞ্চন ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতা কমি যায়। ইয়াৰ ফলত মাটি পানী ধৰি ৰাখিব পৰা ক্ষমতা হ্ৰাস পায় আৰু ভূগৰ্ভস্থ জলস্তৰো হ্ৰাস পায়। ইয়াৰ পৰিণতিত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰে।

ইয়াৰ উপৰিও, মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত বননি ধ্বংস কৰা, অধিক পশুচাৰণ কৰা আদি কাৰণেও মৰুকৰণৰ প্ৰক্ৰিয়া তীব্ৰ হয়। এইসকল কাৰ্যকলাপৰ ফলত মাটিৰ গুণাগুণ হ্ৰাস পাই, পৰিৱেশগত সমস্যা বৃদ্ধি পায় আৰু মাটিত জীৱন ধাৰণ কৰা কঠিন হয়।

(ঘ) সৌৰশক্তি:- সূৰ্য অফুৰন্ত শক্তিৰ এক বিশাল ভঁৰাল। প্ৰতিদিনেই আমি সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকো, যাৰ শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তিত পৰিণত কৰা হয়। এই সৌৰ বিদ্যুৎ শক্তি বহু উপায়ে ব্যৱহৃত হয়, যেনেঃ সৌৰ চৌকা (solar cooker), সৌৰ হিটাৰ (solar heater) আদি চলোৱাৰ বাবে।

সৌৰ কোষৰ সহায়ত উৎপাদিত বিদ্যুৎৰ দ্বাৰা ঘড়ী, বেটাৰী, আৰু বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলাব পাৰি। ইয়াৰ উপৰিও, এই শক্তি মহাকাশ যান আৰু উপগ্ৰহ চালনাতো ব্যৱহৃত হয়। সৌৰ শক্তি পৰিৱেশ-বন্ধুত্বপূর্ণ আৰু পুনৰ্নবীকৰণযোগ্য শক্তি উৎসৰূপে আমাৰ ভৱিষ্যত শক্তি সমস্যাৰ অন্যতম সমাধান হিচাপে বিবেচিত হৈছে।

(ঙ) ভূমিস্খলন:- ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ’ব পাৰে।

৮। পার্থক্য দেখুওৱা –

(ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ

উত্তৰঃ 

গ্ৰামাঞ্চল:- গ্ৰামাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।

নগৰীয়া অঞ্চল:- নগৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যন্ত অধিক, যাৰ ফলত সেই অঞ্চলৰ মাটিৰ মূল্যো উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বৃদ্ধি পোৱা জনসংখ্যাৰ চাহিদা পূৰণৰ বাবে অধিক ভূমিৰ প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বাসস্থান, উদ্যোগ, আৰু যাতায়ত ব্যৱস্থাৰো বিস্তাৰ ঘটে। এই বিস্তাৰৰ ফলত নগৰসমূহ কাষৰীয়া কৃষিভূমি, জলাভূমি আৰু ওচৰৰ বন্যভূমি অঞ্চললৈ দ্ৰুতগতিত সম্প্ৰসাৰিত হয়। ইয়াৰ ফলস্বৰূপে প্ৰাকৃতিক সম্পদৰ ক্ষয় সাধন হয় আৰু পৰিবেশগত সংকটও সৃষ্টি হয়।

(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি।

উত্তৰঃ পৰম্পৰাগত শক্তি:- অতীজৰে পৰা জুই জলাবলৈ ব্য়ৱহাৰ কৰি অহা খৰি আৰু অন্য়ান্য় জীৱাশ্ম ইন্ধনবোৰেই হ’ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম, আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন।

অপৰম্পৰাগত শক্তি = সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি আদি হৈছে অপৰম্পৰাগত সম্পদ। অৰ্থাৎ এই শক্তি ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। এই শক্তিৰ ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ মাত্ৰা কম।

৯।তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবপৰা উপায়সমূহ উল্লেখ কৰা। 

উত্তৰঃ বনজ সম্পদৰ অন্তৰ্ভুক্ত হৈছে বিভিন্ন গছ-গছনি, লতা, বাঁহ, বেত, ফুল, লগতে বিভিন্ন জীৱ-জন্তু আৰু চৰাই-চিৰিকতি আদি। বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ পৰা ১৬০ বিধমান জন্তু আৰু প্ৰায় ৮৮ বিধমান চৰাইৰ প্রজাতি সম্পূৰ্ণৰূপে বিলুপ্ত হৈ গৈছে।

আজিকালি দেখা যায় যে বর্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য কাটকুটি কৰি খেতি পথাৰ গঢ়ি তুলিছে, যাৰ ফলত বেপৰুৱা গছ কটা কাৰ্যই পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছে। পৰিৱেশৰ এই ক্ষতি ৰোধ কৰিবলৈ ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত বৃক্ষৰোপণৰ প্ৰচাৰ-প্ৰসাৰ অতি প্ৰয়োজনীয়। লগতে, প্ৰদূষণৰ উৎসসমূহ আৰম্ভণিতে নিয়ন্ত্ৰণ কৰিলে বনজ সম্পদৰ বিকাশ আৰু সংৰক্ষণৰ বাবে অধিক সুবিধা লাভ কৰিব পাৰি।

১০। অপৰম্পৰাগত শক্তিসম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি আদি অপম্পৰাগত সম্পদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *