SCERT class 8 Social scienece Chaprter 13 |2026 | প্ৰাচীন কামৰূপ ৰাজ্য় | অধ্য়ায় ১৩ | Chapter 13 | Class 8 Social Science 2022 Question and Answer | Class 8 Social science 2022 Solution Assamese Medium |

১। চমু উত্তৰ দিয়া- (ক) ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল ?

উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম ভানুমতী আছিল। (খ) কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ শাসনকালত।

(গ) কামৰূপৰ ৰাজকুমাৰী অমৃতপ্রভাক কোনজন ৰজাই বিবাহ কৰাইছিল?

উত্তৰঃ কাশ্মীৰৰ ৰজা মেঘবহনে কৰাইছিল। (ঘ) শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰঃ শ্ৰীহৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।

(ঙ) কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল?

উত্তৰঃ পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা –

(ক) বর্মন বংশ পুষ্য বৰ্মনে/ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল।

উত্তৰঃ বৰ্মন বংশ পুষ্য় বৰ্মনে স্থাপন কৰিছিল। (খ) ‘চি-ইউ-কি’ কৌটিল্য/ হিউৱেন চাঙৰ গ্ৰন্থ আছিল।

উত্তৰঃ ‘চি-ইউ-কি’ হিউৱেন চাঙৰ গ্ৰন্থ আছিল। (গ) কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সূচনা হোৱা যুগটো হ’ল শকাব্দ/ভাস্কৰাব্দ ।

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সৃচনা হোৱা যুগটো হ’ল ভাস্কৰাব্দ। (ঘ) প্রাচীন কামৰূপত ৰাজতান্ত্রিক/গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।

উত্তৰঃ প্ৰাচীন কামৰূপত ৰাজতান্তিক শাসন ব্য়ৱস্থাৰ প্ৰচলন আছিল।

৩। খালী ঠাই পূৰ কৰা – (ক) প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল —————- ।

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্য়ৰ প্ৰধান জীৱিকা আছিল কৃষি (খ) বর্মন বংশ —————- প্রতিষ্ঠা কৰিছিল।

উত্তৰঃ বৰ্মন বংশ ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। (গ) পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল —————- ।

উত্তৰঃ পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল (ঘ) কামৰূপ ৰাজ্যৰ ৰজাই ————— উপাধি গ্রহণ কৰিছিল।

উত্তৰঃ কামৰূপ ৰাজ্য়ৰ ৰজাই পৰমভট্টাৰক, মহাৰজাধিৰাজ, পৰমপৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। (ঙ) –————– কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল।

উত্তৰঃ শক্তি পূজাকামৰূপ ৰাজ্য়ৰ আয়ৰ প্ৰধান উৎস আছিল।

৪। চমু টোকা লিখা ভাস্কৰ বৰ্মন, প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা, ভগদত্ত, প্রাচীন কামৰূপৰ ধৰ্ম, দেবদাসী প্রথা।

ভাস্কৰ বৰ্মনঃ ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। উল্লেখযোগ্য় যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি জনা গৈছিল। তেওঁৰ ৰাজত্ব কাল কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্য়ায়। ৫৯৪ খ্ৰীঃত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰপৰা এক নতুন যুগৰ সূচনা হৈছিল। এই যুগটোকে ভাস্কৰাব্দ বা কীমৰূপী চন বুলি কোৱা হৈছিল।

প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থাঃ প্ৰাচীন কামৰূপত শিক্ষা প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোল আৰু গ্ৰাম্য পাঠশালাসমূহত দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজা স্থিতা বৰ্মন আৰু ভাস্কৰ বৰ্মন আদি বিদ্বান ব্যক্তি আছিল। এই শিক্ষা কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস আৰু পূৰাণৰ দৰে বিষয়ৰ জ্ঞান দিয়া হৈছিল। এই প্ৰচলনই সমাজত শিক্ষা আৰু সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল।

ভগদত্তঃ সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মূত্য়ুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। হৈ যোৱা মহাভাৰতৰ কেইবাটাও অধ্য়ায়ত ভগদত্তৰ বীৰত্তৰ কাহীনীৰ বৰ্ণনা পোৱা যায়। প্ৰবাাদমতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল। ভগদত্তই গুৱীহাটীৰ দীঘলী পুখুৰী তেওঁৰ জীয়ৰী ভানুমতীৰ সয়ম্বৰৰ সময়ত খন্দাইছিল।

প্রাচীন কামৰূপৰ ধৰ্মঃ প্ৰাচীন কালৰ পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পূৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ পনেরটা কেন্দ্ৰৰ নাম উল্লেখ আছে। কামৰূপ শক্তি পূজাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে পৰিচিত আছিল আৰু পৰম্পৰাগতভাৱে ইয়াক শক্তি পূজাৰ মূখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ লগতে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনাও কৰা হৈছিল। ইয়াৰ উপৰিও, বৌদ্ধ ধৰ্মেও প্ৰাচীন কামৰূপত প্ৰসাৰ লাভ কৰিছিল।

৫। প্রাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পর্কে ব্যাখ্যা কৰা।

উত্তৰঃ শাসনৰ সুবিধা বাবে যিদৰে আমাৰ দেশক ৰাজ্য়, জিলা, মহকুমা, পঞ্চায়ত, গাঁও ইত্য়াদি ভাগত ভাগ কৰা হৈছে, এনেদৰেই কামৰূপ ৰাজ্য়খনকো ভুক্তি, মণ্ডল, বিষয়, পুৰ গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। আনহাতে কিছুসংখ্য়ক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ-কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ-কুলদেশ হিচাপে নামকৰণ কৰাও পোৱা যায়।

প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল, য’ত শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। ৰজাসকলে নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত প্ৰতিস্থাপন কৰিবলৈ পৰমভট্টাৰক, মহাৰাজধিৰাজ, পৰমপৰমেশ্বৰ আদি উপাধিসমূহ গ্ৰহণ কৰিছিল। ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা অনুসৰি অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত কৰতলীয়া ৰজা, পুৰোহিত, সম্ভ্ৰান্ত ব্যক্তিত্ব আৰু আন ৰাজ্যৰ নৃপতিসকলকো নিমন্ত্ৰণ কৰা হৈছিল।

        কামৰূপৰ প্ৰশাসনিক ব্য়ৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলক অমাত্য়, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্য়ক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল।

        কামৰূপৰ সেনাবাহিনী যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। মিনহাজ ছিৰাজে কামৰূপৰ চিপাহীসকলক বিচক্ষণ যুঁজাৰু হিচাপে অভিহিত কৰিছে। প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰা হৈছিল, আৰু কামৰূপৰ সৈন্যবাহিনীত অশ্বাৰোহী, নৌবাহিনী, হস্তীবাহিনী আৰু পদাতিক সৈন্যৰ সৈতে সুসজ্জিত আছিল। হিউৱেন চাঙৰ বিৱৰণীত উল্লেখ আছে যে, ভাস্কৰ বৰ্মনৰ ৰাজত্বত ত্ৰিশ হাজাৰ জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল আৰু বিশ হাজাৰ হস্তীবাহিনী এক শক্তিশালী সেনাবাহিনী গঢ়ি তুলিছিল। এই কালছোৱাৰ লগতে ভাস্কৰ বৰ্মনৰ ৰাজত্বত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল। সেই সময়ত কামৰূপ ৰাজ্য শিক্ষাৰ অন্যতম কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল।

৬। প্রাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা।

উত্তৰঃ FOR STUDENTS ৭। বৰ্তমান অসমৰ এখন মানচিত্র অংকন কৰি বৰ্মন, শালস্তম্ভ আৰু পাল বংশৰ ৰাজধানী ক’ত ক’ত আছিল চিহ্নিত কৰা। (শিক্ষকৰ সহায় ল’বা)

উত্তৰঃ শিক্ষকৰ সহায় লয় মানচিত্ৰ খন নিজে অংকন কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top