প্ৰাচীন কামৰূপ ৰাজ্য়
১। চমু উত্তৰ দিয়া—
(ক) ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল?
উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম ভানুমতী আছিল।
(খ) কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?
উত্তৰঃ ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল।
(গ) কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল?
উত্তৰঃ কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰাইছিল।
(ঘ) শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰঃ শ্ৰীহৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।
(ঙ) কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল?
উত্তৰঃ পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল।
২। শুদ্ধ উত্তৰ বাছি উলিওৱা—
(ক) বৰ্মন বংশ পুষ্য বৰ্মনে/ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল।
উত্তৰঃ বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল।
(খ) ‘চি-ইউ-কি’ কৌটিল্য/হিউৱেন চাঙৰ গ্ৰন্থ আছিল।
উত্তৰঃ ‘চি-ইউ-কি’ হিউৱেন চাঙৰ গ্ৰন্থ আছিল।
(গ) কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰপৰাই সূচনা হোৱা যুগটো হ’ল শকাব্দ/ভাস্কৰাব্দ।
উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰপৰাই সূচনা হোৱা যুগটো হ’ল ভাস্কৰাব্দ।
(ঘ) প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক/গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।
উত্তৰঃ প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।
৩। খালী ঠাই পূৰ কৰা—
(ক) প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি।
(খ) বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল।
(গ) পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল।
(ঘ) কামৰূপ ৰাজ্যৰ ৰজাই পৰমভট্টাৰক, মহাৰাজাধিৰাজ, পৰমপৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল।
(ঙ) শক্তি পূজা কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল।
৪। চমু টোকা লিখা—
(ক) ভাস্কৰ বৰ্মন
উত্তৰঃ ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। তেওঁ অবিবাহিত আছিল আৰু সেইবাবে তেওঁক ‘কুমাৰ ৰজা’ বুলি জনা গৈছিল। তেওঁৰ ৰাজত্বকাল কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়। ৫৯৪ খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰপৰা এক নতুন যুগৰ সূচনা হৈছিল। এই যুগটোক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল।
(খ) প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা
উত্তৰঃ প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোল আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজা স্থিতবৰ্মন আৰু ভাস্কৰ বৰ্মন আদি বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস আৰু পুৰাণ আদি বিষয়ৰ শিক্ষা দিয়া হৈছিল।
(গ) ভগদত্ত
উত্তৰঃ সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা কৰা হৈছে। প্ৰবাদমতে, দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল। ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰী তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি জনা যায়।
(ঘ) প্ৰাচীন কামৰূপৰ ধৰ্ম
উত্তৰঃ প্ৰাচীন কালৰপৰাই কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ পোন্ধৰটা কেন্দ্ৰৰ নাম উল্লেখ আছে। কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল আৰু কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত বিশেষ উল্লেখযোগ্য। শিৱ আৰু শক্তিৰ লগতে বিষ্ণুৰ উপাসনাও প্ৰচলিত আছিল। বৌদ্ধ ধৰ্ময়ো প্ৰাচীন কামৰূপত প্ৰসাৰ লাভ কৰিছিল।
(ঙ) দেৱদাসী প্ৰথা
উত্তৰঃ দেৱদাসী প্ৰথা প্ৰাচীন ভাৰতীয় সমাজত প্ৰচলিত এক সামাজিক-ধৰ্মীয় প্ৰথা আছিল। এই প্ৰথাত কিছুমান কন্যাক মন্দিৰৰ সেৱাৰ বাবে উৎসৰ্গা কৰা হৈছিল। পৰৱৰ্তী সময়ত এই প্ৰথাই নাৰীৰ স্বাধীনতা আৰু মৰ্যাদাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল। সেয়েহে দেৱদাসী প্ৰথাক সমাজৰ এক অনিষ্টকৰ প্ৰথা হিচাপে গণ্য কৰা হয়।
৫। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসনৰ সুবিধাৰ বাবে কামৰূপ ৰাজ্যখনক ভুক্তি, মণ্ডল, বিষয়, পুৰ আৰু গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। কিছুমান শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ-কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ-কুলদেশ বুলি উল্লেখ কৰা হৈছে।
কামৰূপৰ ৰজাসকলে নিজৰ ক্ষমতা আৰু মৰ্যাদা প্ৰকাশ কৰিবলৈ পৰমভট্টাৰক, মহাৰাজাধিৰাজ, পৰমপৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা অনুসৰি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল।
কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকলক অমাত্য, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে জনা গৈছিল।
কামৰূপৰ সেনাবাহিনী যথেষ্ট শক্তিশালী আছিল। প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰা হৈছিল। অশ্বাৰোহী বাহিনী, নৌবাহিনী, হস্তীবাহিনী আৰু পদাতিক সৈন্যেৰে সেনাবাহিনী গঠিত আছিল। মিনহাজ ছিৰাজে কামৰূপৰ সৈন্যসকলক বিচক্ষণ যুঁজাৰু বুলি উল্লেখ কৰিছে।
ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপৰ সামৰিক শক্তি আৰু প্ৰশাসনিক ব্যৱস্থা বিশেষভাৱে বিকশিত হৈছিল। সেই সময়ত মন্দিৰ নিৰ্মাণ আৰু শিক্ষা-সংস্কৃতিৰো উন্নতি হৈছিল আৰু কামৰূপ শিক্ষা-চৰ্চাৰ অন্যতম কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।
৬। প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা।
উত্তৰঃ এই প্ৰশ্নৰ উত্তৰ ছাত্ৰ-ছাত্ৰীয়ে নিজে প্ৰস্তুত কৰিব।
৭। বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন, শালস্তম্ভ আৰু পাল বংশৰ ৰাজধানী ক’ত ক’ত আছিল চিহ্নিত কৰা।
উত্তৰঃ শিক্ষকৰ সহায় লৈ মানচিত্ৰখন নিজে অংকন কৰি সংশ্লিষ্ট ৰাজধানীসমূহ চিহ্নিত কৰিব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post