মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা
১। চমু উত্তৰ লিখা—
(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ প্ৰধান বাধাসমূহ হ’ল—
১) অধিক জনসংখ্যা
২) মূলধন বা পুঁজিৰ অভাৱ
৩) দৰিদ্ৰতা
৪) নিৰক্ষৰতা
৫) অন্ধবিশ্বাস আৰু কুসংস্কাৰ
৬) বিষমতা।
(খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা।
উত্তৰঃ যিকোনো তিনিপ্ৰকাৰৰ বিষমতা হ’ল—
১) ভাষাভিত্তিক বিষমতা
২) লিংগ বিষমতা
৩) ধৰ্মীয় বিষমতা।
(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে?
উত্তৰঃ বৰ্তমান অসমত ৬খন চিকিৎসা মহাবিদ্যালয় আছে।
(ঘ) অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক’ত অৱস্থিত?
উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত।
(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন?
উত্তৰঃ সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন।
২। আলোচনা কৰা—
(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ।
উত্তৰঃ আজিৰ দিনত চৰকাৰে বিভিন্ন সা-সুবিধা প্ৰদান কৰাৰ পিছতো বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাযায়। ইয়াৰ অন্যতম কাৰণ হ’ল অভিভাৱকসকলৰ মাজত সজাগতা আৰু সচেতনতাৰ অভাৱ। সেয়েহে অভিভাৱকসকলৰ মাজত শিক্ষাৰ গুৰুত্ব সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।
দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ যাতে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে, তাৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত প্ৰশাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন।
আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতিৰ বিষয়ে মানুহক সচেতন কৰিব লাগে। জণ্ডিছ, যক্ষ্মা বা সাপে খুটা আদি ক্ষেত্ৰত কুসংস্কাৰৰ ওপৰত নিৰ্ভৰ নকৰি চিকিৎসালয়ত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে। ৰেডিঅ’, টেলিভিছন, বাতৰি কাকত আদি মাধ্যমৰ জৰিয়তে জনসচেতনতা বৃদ্ধি কৰিব লাগে। মানুহে অন্ধবিশ্বাস আৰু কুসংস্কাৰ ত্যাগ কৰিলেহে চৰকাৰে আগবঢ়োৱা শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সুবিধাৰ প্ৰকৃত সুফল লাভ কৰিব পাৰিব।
(খ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাবে উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা-সুবিধাসমূহ দূৰ-দূৰণিৰ আৰু দুৰ্গম অঞ্চললৈও বিস্তাৰ কৰা হৈছে।
বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰা আৰু নিৰক্ষৰতা দূৰ কৰাৰ চেষ্টা চলোৱা হৈছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰে, তাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত লিংগ বৈষম্য দূৰ কৰাৰ লগতে বৃত্তিমূলক শিক্ষাকো আগতকৈ অধিক গুৰুত্ব দিয়া হৈছে।
স্বাস্থ্য খণ্ডত চৰকাৰে চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি জনসাধাৰণক উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ চেষ্টা কৰা হৈছে। ভ্ৰাম্যমান চিকিৎসালয়ৰ দ্বাৰাও দূৰৱৰ্তী অঞ্চললৈ চিকিৎসা সেৱা আগবঢ়োৱা হয়।
ইয়াৰ উপৰি কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ বাবে ঋণ প্ৰদান আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি চৰকাৰে মানুহক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে। এইদৰে মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।
(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক।
উত্তৰঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰধান বাধা। দৰিদ্ৰতাৰ বাবে বহু লোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সবল হৈ উঠিব নোৱাৰে। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য, উপযুক্ত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজন হয়। কিন্তু দৰিদ্ৰ লোকসকলে বহু সময়ত এই সুবিধাসমূহৰ পৰা বঞ্চিত হয়।
ফলস্বৰূপে তেওঁলোকৰ শিক্ষা, দক্ষতা আৰু উৎপাদনক্ষমতা বৃদ্ধি নাপায়। কেতিয়াবা দৰিদ্ৰতাৰ বাবে মানুহে আত্মবিশ্বাস আৰু আত্মমৰ্যাদাও হেৰুৱাই পেলায়। সেয়েহে দৰিদ্ৰতা দূৰ নকৰাকৈ মানৱ সম্পদৰ যথাযথ উন্নয়ন সম্ভৱ নহয়।
(ঘ) নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে?
উত্তৰঃ নিৰক্ষৰতা মানৱ সম্পদ উন্নয়নৰ এক ডাঙৰ বাধা। নিৰক্ষৰতাই মানুহৰ জ্ঞান, দক্ষতা, কাৰিকৰী কুশলতা আৰু সচেতনতা বৃদ্ধিত বাধা দিয়ে। ফলত এজন নিৰক্ষৰ ব্যক্তিয়ে নিজৰ সামৰ্থ্য সম্পূৰ্ণৰূপে বিকশিত কৰিব নোৱাৰে।
নিৰক্ষৰ লোকসকল বহু সময়ত বিভিন্ন ধৰণৰ শোষণ আৰু বঞ্চনাৰ বলি হয়। ইয়াৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্য বৃদ্ধি পায়। সেয়েহে শিক্ষা বিস্তাৰ আৰু নিৰক্ষৰতা দূৰীকৰণ মানৱ সম্পদ উন্নয়নৰ বাবে অতি প্ৰয়োজনীয়।
(ঙ) অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহৰ যুক্তিবাদী চিন্তা আৰু বিজ্ঞানসন্মত মনোভাৱৰ বিকাশত বাধা দিয়ে। বহু সময়ত মানুহে ৰোগ-বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰতো আধুনিক চিকিৎসা গ্ৰহণ কৰাৰ সলনি কুসংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। ফলত ৰোগ জটিল হোৱাৰ লগতে জীৱনৰো ক্ষতি হ’ব পাৰে।
অন্ধবিশ্বাসে মানুহক বাস্তৱ সমস্যা সমাধানৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত ল’বলৈ বাধ্য কৰে। ইয়াৰ ফলত শিক্ষা, স্বাস্থ্য, দক্ষতা আৰু উৎপাদনক্ষমতাৰ উন্নতি বাধাগ্ৰস্ত হয়। সেয়েহে মানৱ সম্পদৰ বিকাশৰ বাবে বিজ্ঞানসন্মত চিন্তাধাৰা, শিক্ষা আৰু জনসচেতনতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।
৩। খালী ঠাই পূৰ কৰা—
(ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধা।
(খ) নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।
(গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ।
(ঘ) ২০০৯ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।
(ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰকটীয়া কৰে।
(চ) উপযুক্ত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।
৪। তোমাৰ ওচৰত বসবাস কৰা চাৰি/পাঁচজন মানুহৰ জীৱনত ঘটা অন্ধবিশ্বাসৰ কোনো চাক্ষুস ঘটনাৰ অভিজ্ঞতা সংগ্ৰহ কৰা। অন্ধবিশ্বাস আঁতৰ কৰিবলৈ তুমি কি কি ব্যৱস্থা হাতত ল’বা বৰ্ণনা কৰা।
উত্তৰঃ এই প্ৰশ্নৰ উত্তৰ ছাত্ৰ-ছাত্ৰীয়ে নিজে অভিজ্ঞতা সংগ্ৰহ কৰি লিখিব।
অন্ধবিশ্বাস আঁতৰ কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি—
১) মানুহৰ মাজত বিজ্ঞানসন্মত চিন্তাধাৰা গঢ়ি তুলিব লাগে।
২) অন্ধবিশ্বাসৰ কুফল সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰিব লাগে।
৩) ৰোগ-বেমাৰত বেজ-কবিৰাজৰ ওপৰত নিৰ্ভৰ নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
৪) বিদ্যালয়, গাঁও সভা আৰু সামাজিক অনুষ্ঠানত সচেতনতামূলক আলোচনা অনুষ্ঠিত কৰিব লাগে।
৫) ৰেডিঅ’, টেলিভিছন, বাতৰি কাকত আৰু সামাজিক মাধ্যমৰ জৰিয়তে সজাগতা বৃদ্ধি কৰিব লাগে।
৬) কুসংস্কাৰমূলক ঘটনাৰ ক্ষেত্ৰত যুক্তি আৰু বৈজ্ঞানিক ব্যাখ্যাৰ ওপৰত গুৰুত্ব দিব লাগে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post