Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Social Science Chapter 24 Answer 2026 | মৌলিক অধিকাৰ| Chapter 24 | Class 8 Social Science Answer SCERT | Assam government School | Class 8 Social Science Question And Ans Assam Government Bidyalay | Class 8 Suggestion Assam Government School | Class 8 Notes Assam Government School | Download Book PDF অসম গৰমেণ্ট বিদ্যালয় অধ্যায় ২৪ | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মৌলিক অধিকাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

মৌলিক অধিকাৰ

১। চমু উত্তৰ দিয়া—

(ক) মৌলিক অধিকাৰ বুলিলে কি বুজা?

উত্তৰঃ নাগৰিকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ, স্বাধীনতা আৰু মৰ্যাদা ৰক্ষাৰ বাবে সংবিধানে যিবোৰ বিশেষ অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে।

(খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ‘Bill of Rights’-ৰ জৰিয়তে মৌলিক অধিকাৰৰ ধাৰণাই বিশেষ সাংবিধানিক স্বীকৃতি লাভ কৰিছিল।

(গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ উল্লেখ আছে।

(ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত মৌলিক অধিকাৰৰ তালিকাৰ পৰা আঁতৰোৱা হয়?

উত্তৰঃ ১৯৭৮ চনত ৪৪তম সংবিধান সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা আঁতৰোৱা হয়। বৰ্তমান ই অনুচ্ছেদ ৩০০A-ৰ অধীনত এক সাংবিধানিক অধিকাৰ।

(ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়?

উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন (Right to Education Act) প্ৰণয়ন কৰা হয়।


২। খালী ঠাই পূৰ কৰা—

(ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি।

(খ) ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।

(গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ।

(ঘ) মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।


৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—

(ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে।

উত্তৰঃ নোৱাৰে।

(খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে / নোৱাৰে।

উত্তৰঃ পাৰে।

(গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলো সমান হয় / নহয়।

উত্তৰঃ হয়।

(ঘ) চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে।

উত্তৰঃ পাৰে।

(ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰে / নোৱাৰে।

উত্তৰঃ পাৰে।


৪। সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি? লিখা।

উত্তৰঃ সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰধান কাৰণসমূহ হ’ল—

১। মৌলিক অধিকাৰ অবিহনে নাগৰিকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সম্ভৱ নহয়।

২। এই অধিকাৰসমূহে নাগৰিকৰ স্বাধীনতা আৰু মৰ্যাদা ৰক্ষা কৰে।

৩। মৌলিক অধিকাৰে চৰকাৰৰ ক্ষমতাৰ ওপৰত সাংবিধানিক সীমা আৰোপ কৰে আৰু স্বেচ্ছাচাৰী শাসনৰ পৰা নাগৰিকক সুৰক্ষা দিয়ে।

৪। জাতি, ধৰ্ম, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত অন্যায় বৈষম্য ৰোধ কৰাত মৌলিক অধিকাৰে সহায় কৰে।

৫। মৌলিক অধিকাৰ লংঘন হ’লে নাগৰিকে ন্যায়ালয়ৰ আশ্ৰয় ল’ব পাৰে। এইদৰে মৌলিক অধিকাৰে নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে এক শক্তিশালী সুৰক্ষা ব্যৱস্থা প্ৰদান কৰে।


৫। শিক্ষকৰ সহায়ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এই বিষয়টোৰ ওপৰত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা— “মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষাকৱচ”।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।


৬। ‘শিশু শ্ৰমিক নিষিদ্ধকৰণ, মহিলাক সম অধিকাৰ প্ৰদান কৰা আৰু সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা’— এনেধৰণৰ সমস্যাসমূহৰ ওপৰত একোখন চুটি বাটৰ নাট লিখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects