SCERT Class 8 Social Science Chapter 24 Answer 2026 | মৌলিক অধিকাৰ| Chapter 24 | Class 8 Social Science Answer SCERT | Assam government School | Class 8 Social Science Question And Ans Assam Government Bidyalay | Class 8 Suggestion Assam Government School | Class 8 Notes Assam Government School | Download Book PDF অসম গৰমেণ্ট বিদ্যালয় অধ্যায় ২৪ | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মৌলিক অধিকাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |


১) চমু উত্তৰ দিয়া-

ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?

উত্তৰঃ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ  সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে ।

খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ (বিল অৱ ৰাইটছ্) ৰ যোগেদি প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল ।

গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?

উত্তৰঃ সংবিধানৰ ১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ উল্লেখ আছে ।

ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?

উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয়।

ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?

উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ।

২) খালী ঠাই পূৰ কৰা-

ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি 

খ) ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।

গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ ।

ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব  বিকাশত সহায় কৰে ।

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে ।

উত্তৰঃ নোৱাৰে।

খ) মৌলিক অধিকাৰৰপৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে / নোৱাৰে ।

উত্তৰঃ পাৰে।

গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰপৰা  বনুৱালৈকে সকলো সমান হয়/ নহয় ।

উত্তৰঃ হয়।

ঘ) চৰকাৰী সাহাৰ্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত  সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে ।

উত্তৰঃ পাৰে।

ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰ / নোৱাৰে ।

উত্তৰঃ পাৰে।

৪) সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণ কি লিখা।

উত্তৰঃ সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণবোৰ হৈছে- 

→এইবোৰ অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয়,

 →এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায়,

→মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নথকা

বাবে সকলো শ্ৰেণীৰ লোকে জাতি –ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top