নাগৰিকৰ মৌলিক কৰ্তব্য
১। চমু উত্তৰ লিখা—
(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা?
উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকসকলক যিবোৰ অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰ, সমাজ আৰু দেশৰ প্ৰতি যিবোৰ দায়িত্ব পালন কৰিব লাগে, সেই দায়িত্বসমূহক নাগৰিকৰ কৰ্তব্য বোলে।
(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি?
উত্তৰঃ ২০০২ চনৰ ৮৬তম সংবিধান সংশোধনী আইনৰ জৰিয়তে পিতৃ-মাতৃ বা অভিভাৱকৰ বাবে এটা নতুন মৌলিক কৰ্তব্য সংযোজন কৰা হয়। এই কৰ্তব্য অনুসৰি ৬ৰ পৰা ১৪ বছৰ বয়সৰ নিজৰ সন্তান বা প্ৰতিপাল্য শিশুক শিক্ষাৰ সুযোগ প্ৰদান কৰিব লাগে।
(গ) জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে?
উত্তৰঃ জাতীয় পতাকা দেশৰ স্বাধীনতা, ঐক্য, মৰ্যাদা আৰু জাতীয় সন্মানৰ প্ৰতীক। সেয়েহে আমি জাতীয় পতাকাক সন্মান জনাব লাগে।
(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি?
উত্তৰঃ বিদ্যালয়ত শৃংখলা বজাই ৰাখিবলৈ বিদ্যালয়ৰ নিয়ম-কানুন মানি চলিব লাগে। বিদ্যালয়ৰ সম্পত্তি নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে আৰু শিক্ষক-শিক্ষয়িত্ৰী তথা সহপাঠীসকলৰ প্ৰতি সন্মান, মৰম, সহযোগিতা আৰু ভাতৃত্ববোধ প্ৰদৰ্শন কৰিব লাগে।
২। সংবিধানত উল্লেখিত যিকোনো পাঁচটা মৌলিক কৰ্তব্যৰ বিষয়ে লিখা।
উত্তৰঃ সংবিধানত উল্লেখিত যিকোনো পাঁচটা মৌলিক কৰ্তব্য হ’ল—
১। সংবিধান মানি চলা আৰু ইয়াৰ আদৰ্শ, জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান কৰা।
২। স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা।
৩। ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা।
৪। দেশক ৰক্ষা কৰা আৰু প্ৰয়োজন হ’লে ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা।
৫। ধৰ্ম, ভাষা, অঞ্চল বা গোষ্ঠীগত ভিন্নতা অতিক্ৰম কৰি সকলো ভাৰতীয়ৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলা আৰু মহিলাৰ মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা।
৩। এন চি চি আৰু স্কাউট-গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ’ব পাৰে? লিখা।
উত্তৰঃ এন চি চি আৰু স্কাউট-গাইডৰ জৰিয়তে তলত দিয়া গুণসমূহ বিকশিত হ’ব পাৰে—
(ক) শৃংখলাবদ্ধ জীৱন-যাপন কৰাৰ অভ্যাস গঢ়ি উঠে।
(খ) সমাজসেৱা আৰু দেশসেৱাৰ মনোভাৱ বিকশিত হয়।
(গ) নেতৃত্ব, সহযোগিতা আৰু দলগতভাৱে কাম কৰাৰ গুণ বৃদ্ধি পায়।
(ঘ) সাহস, দায়িত্ববোধ আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি পায়।
৪। প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?
উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি—
১। গছপুলি ৰোপণ আৰু বনাঞ্চল সংৰক্ষণ কৰা উচিত।
২। জীৱ-জন্তু আৰু বন্যপ্ৰাণীৰ প্ৰতি সহানুভূতিশীল হৈ সিহঁতৰ সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত।
৩। পানী, মাটি, বন আদি প্ৰাকৃতিক সম্পদৰ অপচয় নকৰি সংৰক্ষণ কৰা উচিত।
৪। বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা উচিত।
৫। প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আৰু জাঁবৰ-জোথৰ সঠিকভাৱে নিষ্কাশন কৰা উচিত।
৬। গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে সচেতন হোৱা উচিত।
৫। খালী ঠাই পূৰ কৰা—
(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত সম্পূৰ্ণৰূপে গাবলৈ প্ৰায় ৫২ ছেকেণ্ড সময় লাগে।
(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে।
(গ) ৬–১৪ বছৰ বয়সৰ সকলো শিশুক শিক্ষাৰ সুযোগ প্ৰদান কৰিব লাগে।
(ঘ) ভাৰতীয় সংবিধানত মুঠ ১১টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে।
৬। শুদ্ধটো বাছি উলিওৱা—
(ক) ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে / লাগে।
উত্তৰঃ লাগে।
(খ) নলা-নৰ্দমাত প্লাষ্টিকৰ বেগ আৰু জাঁবৰ-জোথৰ পেলাব লাগে / নালাগে।
উত্তৰঃ নালাগে।
(গ) বানপানী আৰু ভূমিক্ষয়ৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গছপুলি ৰুব লাগে / নালাগে।
উত্তৰঃ লাগে।
(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে / নালাগে।
উত্তৰঃ লাগে।
(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে / নালাগে।
উত্তৰঃ লাগে।
৭। জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্য হ’ল—
(ক) শিক্ষাৰ প্ৰসাৰঃ
শিক্ষাৰ জৰিয়তে মানুহৰ মাজত যুক্তিবাদী চিন্তা, অনুসন্ধিৎসা আৰু সত্য জানিবলৈ আগ্ৰহ বৃদ্ধি পায়। শিক্ষাই অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ভুল ধাৰণা দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী গঢ়ি তোলে।
(খ) বিজ্ঞানভিত্তিক সচেতনতা বৃদ্ধিঃ
বিজ্ঞান মেলা, আলোচনা সভা, পৰীক্ষা-নিৰীক্ষা, স্বাস্থ্য আৰু পৰিৱেশ সচেতনতা অভিযান আদিৰ জৰিয়তে মানুহক বিজ্ঞানভিত্তিক চিন্তা কৰিবলৈ উৎসাহিত কৰিব পাৰি। ইয়াৰ ফলত মানুহে যিকোনো বিষয় যুক্তি, প্ৰমাণ আৰু পৰ্যবেক্ষণৰ ভিত্তিত বিবেচনা কৰিবলৈ শিকে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post