Class 8 Social Science Chapter 2 Answer

শুদ্ধ উত্তৰটো লিখাঃ

ক) কোনটো  অঞ্চলত  জনসংখ্যা  আটাইতকৈ বেছি ? 

১) নিৰক্ষীয় অঞ্চল,  ২) উত্তৰ মেৰু,  ৩) পূব এছিয়া , ৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি

উত্তৰঃ ৩) পূব এছিয়া। 

খ) কোনখন  মহাদেশৰ  জনসংখ্যা  সৰ্বাধিক ? 

১) ইউৰোপ,  ‌২) আফ্ৰিকা, ৩) এছিয়া,  ৪) অষ্ট্ৰেলিয়া

উত্তৰঃ ৩) এছিয়া। 

গ) ২০১১ চনত  অসমৰ  জনসংখ্যা  কিমান  আছিল ?

১) ২.২৪ কোটি,  ২) ৩.১২ কোটি , ৩) ২.৩৫ কোটি,  ৪) ২.৪৬ কোটি

উত্তৰঃ ৩.১২ কোটি। 

ঘ) তলত  উল্লেখ  কৰা  কোনখন  মহাদেশত  মানুহৰ  স্থায়ী  বসতি  নাই?

১) এছিয়া,  ২) দক্ষিণ আমেৰিকা,  ৩) কুমেৰু বা এন্টাৰ্কটিকা,   ৪) ইউৰোপ

উত্তৰঃ ৩) কুমেৰু বা এন্টাৰ্কটিকা।

ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ’ল-

(১) ভাৰত,  (২)  পাকিস্তান ,  (৩)  ৰাছিয়া,  (৪) চীন

উত্তৰঃ চীন

২) খালী ঠাই পূৰ কৰাঃ

ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।

খ) পৃথিৱীৰ বেছিভাগ মানুহে  উত্তৰ গোলাৰ্ধত বসতি কৰে।

গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব 

ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান  বোলে।

৩। চমুটোকা লিখাঃ

ক) মানৱ সম্পদৰ উন্নয়নঃ 

উত্তৰঃ সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিকেই মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। আনহাতে যিখিনি মানুহৰ তেনে দক্ষতাৰ অভাৱ তেনে মানুহক প্ৰকৃত অৰ্থত মানৱ সম্পদ বুলি ক’ব  নোৱাৰি। সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতেই হ’ল মানুহৰ বুদ্ধি–বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এনেবোৰ গুণৰ বাবেই মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়।

  আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ফ্ৰান্স, জাপান, চীন, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, আৰু কানাডা আদি হৈছে পৃথিৱীৰ তুলনামূলকভাৱে আগবঢ়া দেশ। এই দেশসমূহত উচ্চ মানৰ শিক্ষাৰে শিক্ষিত আৰু কাৰিকৰী বিদ্যাত পাৰদৰ্শী লোকৰ সংখ্যা আন দেশৰ তুলনাত বহুত বেছি। এই উচ্চ দক্ষতা সম্পন্ন লোকসকলেই তেওঁলোকৰ দেশৰ মূল্যবান মানৱ সম্পদ।

এনে দক্ষ জনসংখ্যাই দেশৰ উন্নয়ন, অৰ্থনীতি, আৰু উদ্যোগত এক বিশাল অৱদান আগবঢ়ায়। আনহাতে, প্ৰাকৃতিক সম্পদত চহকী হ’লেও যিসকল দেশ মানৱ সম্পদত দুৰ্বল, সেই দেশসমূহৰ অৰ্থনৈতিক বা ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়ি যোৱা কঠিন। সেয়েহে, মানৱ সম্পদৰ বিকাশ যিকোনো দেশৰ উন্নয়নৰ মুখ্য চাবিকাঠি।

আমাৰ ভাৰতবৰ্ষ হৈছে এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ বাবে চৰকাৰে খাদ্য, বাসগৃহৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

কাৰণ, মানৱ সম্পদৰ বিকাশৰ ওপৰত একোখন দেশৰ সামগ্ৰিক উন্নতি নিৰ্ভৰ কৰে। সেইবাবে, চৰকাৰে মানৱ সম্পদৰ উন্নতিৰ বাবে বিভিন্ন সুৰক্ষাৰ উপায় অবলম্বন কৰি আছে, যাৰ দ্বাৰা শিক্ষা, স্বাস্থ্য আৰু জীৱন মান উন্নত কৰা হয়। এইসকল পদক্ষেপে দেশৰ ভবিষ্যৎ উন্নয়নক অধিক সুৰক্ষিত আৰু সমৃদ্ধশালী কৰিবলৈ সহায় কৰে।

খ) জনসংখ্যাৰ থুপীকৰণঃ

উত্তৰঃ জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া, আৰু পাতল হৈ পৰিলেহে দেখা যায়। অতীতত, পৃথিৱীৰ বহুতো অঞ্চলত নদী আৰু উপত্যকাকেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল, যাৰ ফলত এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে, নদী, উপত্যকা, আৰু উপকূলীয় সমভূমি অঞ্চলসমূহৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী।

এই অঞ্চলবোৰত উদ্যোগ আৰু পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। লগতে, মাছ ধৰা আৰু কম খৰছী যাতায়তৰ সুবিধা থাকিবলৈ আজিও এনে অঞ্চলসমূহত জনবসতি ঘন আৰু নগৰৰ সংখ্যা অধিক। সাধাৰণতে, যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন, তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণ ঘটাৰ পৰিস্থিতি সৃষ্টি হয়।

জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণৰ ভিত্তিত পৃথিৱীত চাৰিটা বিশেষ অঞ্চল চিনাক্ত কৰা হৈছে: পূব এছিয়া, দক্ষিণ-পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল।

      সাধাৰণতে পানীৰ সুবিধা, সাৰুৱা ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰাচুৰ্য আদি ঘন বসতিৰ প্ৰধান কাৰক। তদুপৰি ঔদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়ত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা–সুবিধা আদিয়েও জনসংখ্যা কেন্দ্ৰীভূত হোৱাত অৰিহণা যোগায়। 

      জনসংখ্যাৰ থূপীকৰণে একোটা অঞ্চলত মানুহৰ কাম–কাজত আহুকালৰ সৃষ্টি কৰে। এনে আহুকালৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয়। 

গ) জনসংখ্যাৰ বিস্ফোৰণঃ 

উত্তৰঃ বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। কিন্তু পৰবৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ–আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা  জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হবলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে । 

বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হিচাপে জনসংখ্যাৰ বিস্ফোৰণ পৰিগণিত হৈছে। এই জনসংখ্যাৰ বৃদ্ধি বুলিৰ ফলস্বৰূপে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটে, আৰু খাদ্যসংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যাবোৰৰ উদ্ভৱ ঘটে।

অৰ্থাৎ, জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰতো সমস্যা সৃষ্টি কৰে। এই সমস্যাসমূহ সমাধান কৰাৰ বাবে কার্যকৰী আৰু সুদূৰপ্রসাৰী পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ বাবে, উন্নয়নমূলক নীতি আৰু জনসংখ্যা নিয়ন্ত্রণৰ প্ৰয়োজনীয়তা বুজি উঠে।

৪) জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ?

উত্তৰঃ কৰ্মসূত্ৰে বা আন কোনো কাৰণত এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ স্থায়ীভাৱে অথবা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে। 

     জনপ্ৰব্ৰজনৰ কাৰণসমূহ বিভিন্ন। সাধাৰণতে যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্যসংকট, আৰু ৰাজনৈতিক সংকটৰ বাবে মানুহে এখন ঠাই ত্যাগ কৰি আন ঠাইলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষাগ্ৰহণ, কৰ্মসংস্থাপন, আৰু নিৰাপদ জীৱন-যাপন আদিৰ বাবে মানুষৰ মাজত প্ৰব্ৰজন বৃদ্ধি পোৱা দেখা যায়।

বিশেষকৈ, উদ্যোগ আৰু কাৰখানা নিৰ্মাণৰ বাবে সংস্থাপন বিচাৰি গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। উদাহৰণস্বৰূপে, মুম্বাই, গুজৰাট, দিল্লী, আৰু অন্ধ্ৰপ্ৰদেশৰ ঔদ্যোগিক ক্ষেত্ৰসমূহলৈ বিভিন্ন ৰাজ্যৰ পৰা কৰ্মসংস্থানৰ আশাত মানুহে প্ৰব্ৰজন কৰিছে। এইদৰে, কৰ্মক্ষম সম্পদ হিচাপে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটে।

       জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল– জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে‌ লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা–সংস্কৃতিৰ সংকটে দেখা দিব পাৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *