SCERT Class 8 Social Science Chapter 14 Answer 2026 | মধ্যযুগৰ অসম Class 8 Social Science Answer | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | Assam Government School | অসম গৰমেণ্ট বিদ্যালয় | Class VIII Social Science Question And Answer Assam Government School | অসম গৰমেণ্ট স্কুল অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মধ্যযুগৰ অসম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

১।    উত্তৰ লিখা-

(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।

(খ) চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল?

উত্তৰঃ চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোঁহাই আৰু বৰগোঁহাই। 

(গ) মূলাগাভৰু কোন আছিল?

উত্তৰঃ মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। স্বামীৰ হত্য়াৰ প্ৰতিশোধ ল’বলৈ তুবৰ্কৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল।

(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। 

(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য়  আক্ৰমণ কৰিছিল?

উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম আক্ৰমণ কৰিছিল। 

(চ) চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?

উত্তৰঃ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ। 

২) ক্ৰমানুসাৰে সজোৱা-

ক) ইয়াণ্ডাবু সন্ধি 

খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ 

গ)শৰাইঘাটৰ যুদ্ধ 

ঘ) মিৰ্জুমলাৰ অসম আক্ৰমণ 

ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন ǀ 

চ) ইখ্তিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ ǀ 

উত্তৰঃ (ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন। (১২২৮ খ্ৰীষ্টাব্দত)

(চ) ইখ্তিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ। (১২৫৭খ্ৰীষ্টাব্দত)

(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ (১৪৯৮ খ্ৰীষ্টাব্দত)

(ঘ) মিৰজুমলাৰ অসম আক্ৰমণ (১৬৬২ খ্ৰীষ্টাব্দত)

(গ) শৰাইঘাটৰ যুদ্ধ

(ক) ইয়াণ্ডাবু সন্ধি (১৮২৬ খ্ৰীষ্টাব্দত)

৩) শুদ্ধ অশুদ্ধ বিচাৰ কৰা-

ক) আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ǀ

উত্তৰ- শুদ্ধ

খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে ।

উত্তৰ- অশুদ্ধ ।

গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল ।

উত্তৰ-শুদ্ধ ।

ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় ।

উত্তৰ-শুদ্ধ ।

ঙ) চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল ।

উত্তৰ- অশুদ্ধ ।

চ)  কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল ।

উত্তৰ- অশুদ্ধ ।

৪) খালী ঠাই পূৰোৱা-

ক) আহোমসকল অসমলৈ অহাৰ পাছৰেপৰা কামৰূপ ৰাজ্যখন  অসম নামেৰে পৰিচিত হয়।

খ) আহোমসকলে চোমদেউ নামৰ দেৱতাক  পূজা সেৱা কৰিছিল।

গ) স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।

ঘ) সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰপৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে।

ঙ) ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ  চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।

চ) ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।

৫) ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা –

ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ?

উত্তৰ- ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে। অসমত তেওঁলোক উনৈশ শতিকাৰ আগভাগলৈ প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল। 

আজিৰ পৰা প্ৰায় ৭৮৪ বছৰ আগেয়ে মাওলুঙ ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেওঁ কৌশলেৰে এই লোকসকলক বশ কৰি নিজৰ অধীনস্থ কৰিছিল। এই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী জনজাতিৰ অধীনত আছিল। চুকাফাই মৰাণ আৰু বৰাহীসকলক নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পাণি গ্ৰহণ কৰিছিল। চুকাফাই চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত তেখেত স্বৰ্গগামী হয়।

খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? ইয়াৰ ফলাফল কি হ’ল ? 

উত্তৰ- ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবে আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয় । মোগল সম্ৰাট ঔৰংগজেৱে  ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াই। ইয়াৰ পৰিণতিতে বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনা আৰু ৰামসিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল।

এই যুদ্ধত মোগল সেনা পৰাজিত হৈছিল আৰু আহোমৰ হেৰুৱা মান, যশ উদ্ধাৰ হৈছিল।

গ)  চিলাৰায় কোন আছিল ? তেওঁ কি কি ৰাজ্য জয় কৰিছিল ?

উত্তৰ- বীৰ চিলাৰায় ৰ অন্য এটা নাম হ’ল- শুক্লধ্বজ । কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত তেঁওৰেই ভায়েক শুক্লধ্বজক সেনাপতি পাতিছিল। শুক্লধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁ বুৰঞ্জীত ‘চিলাৰায়’ নামেৰে জনাজাত।

বীৰ চিলাৰায়ে  জয় কৰা ৰাজ্যবোৰ হৈছে- আহোম ৰাজ্য, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ।

ঘ) বাৰভূঞাসকল কোন ?

উত্তৰ- অসমত বাৰভূঞাসকলৰ উত্থান সম্পৰ্কে বহুতো কাহিনী আছে। কিছুমানৰ মতে, কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠা ঘটে। পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ কাৰণে ভূঞাসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসন কালত স্বাধীন ৰজাৰূপে মূৰ দাঙি উঠিছিল। ‘ভূঞা’ শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলতঃ কায়স্থ, দৈবজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা হিচাপে পৰিচিত। অসমৰ ভূঞাসকলক বাৰভূঞা নামে জনা যায়।

ঙ) কছাৰীসকল কোন ?

উত্তৰ- কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলৰ মতে, প্ৰাচীন কালত কছাৰী জাতিয়ে কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আৰু সাগৰৰ পাৰলৈ বিস্তৃত আছিল। চুতীয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, আৰু ডিমাচা জনগোষ্ঠীসমূহ আদিত কছাৰী জাতিৰ অন্তৰ্ভুক্ত হৈছিল। কিন্তু সময়ৰ স’তে, এই জনগোষ্ঠীৰ লোকসকলে বিভিন্ন স্থানত নিগামী হৈ পৰাৰ ফলত, চৌপাশৰ পাৰিপাশ্বিক পৰিৱেশৰ প্ৰভাৱত তেওঁলোকৰ নিজস্ব কৃষ্টি সংস্কৃতিৰ বিকাশ ঘটিছিল। এই সংস্কৃতি, পূৰ্বৰ সংস্কৃতিতকৈ কিছু পৃথক। সেয়ে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, যেনে: বড়ো, কছাৰী, মেছ, ডিমাচা, গাৰে, হাজং, শৰণীয়া, সোণোৱাল আদি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top