Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Social Science Chapter 14 Answer 2026 | মধ্যযুগৰ অসম Class 8 Social Science Answer | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | Assam Government School | অসম গৰমেণ্ট বিদ্যালয় | Class VIII Social Science Question And Answer Assam Government School | অসম গৰমেণ্ট স্কুল অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মধ্যযুগৰ অসম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

মধ্য়যুগৰ অসম

১। উত্তৰ লিখা—

(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।

(খ) চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল?

উত্তৰঃ চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোঁহাই আৰু বৰগোঁহাই।

(গ) মূলাগাভৰু কোন আছিল?

উত্তৰঃ মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ তেওঁ তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল।

(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?

উত্তৰঃ ১৬৮১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে।

(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?

উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল।

(চ) চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?

উত্তৰঃ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ।


২। ক্ৰমানুসাৰে সজোৱা—

উত্তৰঃ

১) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন — ১২২৮ খ্ৰীষ্টাব্দ।
২) ইখতিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ — ১২৫৭ খ্ৰীষ্টাব্দ।
৩) হুছেইন শ্বাহৰ কামৰূপ-কমতা আক্ৰমণ — ১৪৯৮ খ্ৰীষ্টাব্দ।
৪) মিৰজুমলাৰ অসম আক্ৰমণ — ১৬৬২ খ্ৰীষ্টাব্দ।
৫) শৰাইঘাটৰ যুদ্ধ — ১৬৭১ খ্ৰীষ্টাব্দ।
৬) ইয়াণ্ডাবু সন্ধি — ১৮২৬ খ্ৰীষ্টাব্দ।


৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা—

(ক) আহোমসকল অসমলৈ অহাৰপৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ।

উত্তৰঃ শুদ্ধ।

(খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰপৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে।

উত্তৰঃ অশুদ্ধ।

(গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়।

উত্তৰঃ শুদ্ধ।

(ঙ) চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল।

উত্তৰঃ অশুদ্ধ।

(চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী-আফগানসকলক ভূঞাসকলে সহায় কৰিছিল।

উত্তৰঃ অশুদ্ধ।


৪। খালী ঠাই পূৰ কৰা—

(ক) আহোমসকল অসমলৈ অহাৰ পাছৰেপৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়।

(খ) আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা-সেৱা কৰিছিল।

(গ) স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ হিন্দু নাম।

(ঘ) সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰপৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে।

(ঙ) ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।

(চ) ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।


৫। ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা—

(ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?

উত্তৰঃ ত্ৰয়োদশ শতিকাত চুকাফাৰ নেতৃত্বত আহোমসকল অসমলৈ আহে। চুকাফাই মাওলুঙৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি ১২২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰে। তেওঁ মৰাণ আৰু বৰাহী আদি স্থানীয় জনগোষ্ঠীক কৌশলেৰে নিজৰ অধীনলৈ আনি চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ ভেটি গঢ়ে।

(খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ ফলাফল কি হ’ল?

উত্তৰঃ ১৬৭১ খ্ৰীষ্টাব্দত বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনা আৰু ৰামসিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল। এই যুদ্ধত আহোম সেনাই মোগলসকলক পৰাস্ত কৰে। ফলত অসমৰ ওপৰত মোগলৰ আধিপত্য বিস্তাৰৰ চেষ্টা ব্যৰ্থ হয় আৰু আহোমসকলৰ মান-মৰ্যাদা পুনৰ প্ৰতিষ্ঠিত হয়।

(গ) চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল?

উত্তৰঃ বীৰ চিলাৰায়ৰ আন এটা নাম আছিল শুক্লধ্বজ। তেওঁ কোচ ৰজা নৰনাৰায়ণৰ ভায়েক আৰু সেনাপতি আছিল। চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰাৰ বাবে তেওঁ ‘চিলাৰায়’ নামেৰে জনাজাত হয়। তেওঁ আহোম ৰাজ্য, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল।

(ঘ) বাৰভূঞাসকল কোন?

উত্তৰঃ কামৰূপৰ দুৰ্বল শাসনৰ সময়ত শক্তিশালী সামন্তসকলৰ মাজৰ কিছুমানে স্বাধীন ক্ষমতা লাভ কৰি ভূঞা হিচাপে পৰিচিত হৈছিল। ‘ভূঞা’ শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলতঃ কায়স্থ, দৈবজ্ঞ আৰু ব্ৰাহ্মণ শ্ৰেণীৰ আছিল। এই ভূঞাসকলক সামূহিকভাৱে বাৰভূঞা বুলি জনা যায়।

(ঙ) কছাৰীসকল কোন?

উত্তৰঃ কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলৰ মতে তেওঁলোক প্ৰাচীন অসমৰ বিস্তৃত অঞ্চলত বসবাস আৰু শাসন কৰিছিল। সময়ৰ লগে লগে বিভিন্ন অঞ্চলত বসতি স্থাপন কৰাৰ ফলত তেওঁলোকৰ মাজত বিভিন্ন স্বতন্ত্ৰ জনগোষ্ঠীৰ বিকাশ ঘটে। বড়ো, কছাৰী, মেছ, ডিমাচা, সোণোৱাল আদি নাম ইয়াৰ সৈতে জড়িত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects