Chapter 2 –
জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
১। শুদ্ধ উত্তৰটো লিখা—
(ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি?
(১) নিৰক্ষীয় অঞ্চল
(২) উত্তৰ মেৰু
(৩) পূব এছিয়া
(৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি
উত্তৰঃ (৩) পূব এছিয়া।
(খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক?
(১) ইউৰোপ
(২) আফ্ৰিকা
(৩) এছিয়া
(৪) অষ্ট্ৰেলিয়া
উত্তৰঃ (৩) এছিয়া।
(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—
(১) ২.২৪ কোটি
(২) ৩.১২ কোটি
(৩) ২.৩৫ কোটি
(৪) ২.৪৬ কোটি
উত্তৰঃ (২) ৩.১২ কোটি।
(ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই?
(১) এছিয়া
(২) দক্ষিণ আমেৰিকা
(৩) কুমেৰু বা এণ্টাৰ্কটিকা
(৪) ইউৰোপ
উত্তৰঃ (৩) কুমেৰু বা এণ্টাৰ্কটিকা।
(ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ’ল—
(১) ভাৰত
(২) পাকিস্তান
(৩) ৰাছিয়া
(৪) চীন
উত্তৰঃ (৪) চীন।
২। খালী ঠাই পূৰ কৰা—
(ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।
(খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।
(গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমানসংখ্যক লোকে বসতি কৰে, সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব।
(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।
৩। চমু টোকা লিখা—
(ক) মানৱ সম্পদৰ উন্নয়ন
উত্তৰঃ দেশ এখনৰ সকলো মানুহ শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, জ্ঞান-বুদ্ধি আদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান-বুদ্ধি আদি মানৱ সম্পদৰ গুৰুত্বপূৰ্ণ গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নয়নৰ ভেটিস্বৰূপ। মানুহৰ শিক্ষা, স্বাস্থ্য, কৰ্মদক্ষতা আৰু কাৰিকৰী জ্ঞানৰ উন্নতি সাধন কৰি তেওঁলোকক অধিক উৎপাদনক্ষম আৰু দক্ষ কৰি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বোলে।
মানৱ সম্পদৰ উন্নয়নৰ বাবে সকলো শ্ৰেণীৰ লোকৰ বাবে গুণগত শিক্ষা, সুস্বাস্থ্য, প্ৰশিক্ষণ আৰু উপযুক্ত কৰ্মসংস্থাপনৰ সুবিধা নিশ্চিত কৰা প্ৰয়োজন। জনসংখ্যাৰ গুণগত মান বৃদ্ধি পালেই মানৱ সম্পদৰ প্ৰকৃত বিকাশ হোৱা বুলি ক’ব পাৰি।
(খ) জনসংখ্যাৰ থূপীকৰণ
উত্তৰঃ পৃথিৱীৰ সকলো অঞ্চলত জনসংখ্যা সমানে বিতৰণ হোৱা নাই। কিছুমান অঞ্চলত জনবসতি অতি ঘন, কিছুমানত মজলীয়া আৰু আন কিছুমানত অতি পাতল। যিবোৰ অঞ্চলত অনুকূল প্ৰাকৃতিক আৰু মানৱসৃষ্ট সুবিধাৰ বাবে অধিকসংখ্যক মানুহ একেলগে বসবাস কৰে, সেই অৱস্থাক জনসংখ্যাৰ থূপীকৰণ বোলে।
নদী উপত্যকা আৰু উপকূলীয় সমভূমিৰ সাৰুৱা মাটি, পানীৰ সুবিধা, কৃষিকাৰ্য, পশুপালন, মাছ ধৰা আৰু যাতায়তৰ সুবিধাৰ বাবে এনে অঞ্চলত জনবসতি অধিক ঘন হয়। তদুপৰি ঔদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, চিকিৎসা, যাতায়ত আৰু কৰ্মসংস্থাপনৰ সুবিধায়ো জনসংখ্যাৰ থূপীকৰণত সহায় কৰে।
পূব এছিয়া, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ তথা উত্তৰ আমেৰিকাৰ কিছুমান অঞ্চলত জনসংখ্যাৰ অধিক থূপীকৰণ দেখা যায়।
(গ) জনসংখ্যাৰ বিস্ফোৰণ
উত্তৰঃ কম সময়ৰ ভিতৰত জনসংখ্যা অস্বাভাৱিক আৰু অতি দ্ৰুত গতিত বৃদ্ধি পোৱা অৱস্থাক জনসংখ্যাৰ বিস্ফোৰণ বোলে। অতীতত মহামাৰী, দুৰ্যোগ, যুদ্ধ-বিগ্ৰহ আদিৰ বাবে মৃত্যুৰ হাৰ অধিক আছিল। পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰী আৰু বিভিন্ন ৰোগ নিয়ন্ত্ৰণলৈ আহে আৰু মৃত্যুৰ হাৰ হ্ৰাস পায়।
ফলত জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি পাবলৈ ধৰে। অত্যধিক জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্য, বাসস্থান, শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপন আদিৰ সমস্যা সৃষ্টি হোৱাৰ লগতে প্ৰাকৃতিক সম্পদৰ ওপৰতো অধিক চাপ পৰে। এই অতি দ্ৰুত জনসংখ্যা বৃদ্ধিকেই জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয়।
৪। বহলাই লিখা (৮০টা মান শব্দৰ ভিতৰত)
জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ?
উত্তৰঃ কৰ্মসূত্ৰে বা আন কোনো কাৰণত মানুহে এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে।
যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, বানপানী, গৰাখহনীয়া, মহামাৰী, খাদ্যসংকট আৰু ৰাজনৈতিক সংকট আদি জনপ্ৰব্ৰজনৰ প্ৰধান কাৰণ। তদুপৰি উন্নত শিক্ষা, কৰ্মসংস্থাপন, উন্নত চিকিৎসা আৰু নিৰাপদ জীৱন-যাপনৰ সুবিধাৰ বাবেও মানুহে প্ৰব্ৰজন কৰে।
অধিক জনপ্ৰব্ৰজনৰ ফলত লক্ষ্যস্থানত জনসংখ্যা বৃদ্ধি পায় আৰু ভূমি, বাসস্থান, পানী আদি সম্পদৰ ওপৰত চাপ বৃদ্ধি হয়। কেতিয়াবা ভাষা, সংস্কৃতি, কৰ্মসংস্থাপন আৰু সামাজিক-ৰাজনৈতিক সমস্যাও সৃষ্টি হ’ব পাৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post