Class 8 Social Science Chapter 3 Answer

১ । খালী ঠাই পূৰ কৰাঃ

উত্তৰঃ

(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। 

(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।

(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে। 

(ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা হ’ল  ২৬,৩৯৫ খন।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা— 

(ক) গ্রাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/ উদ্যোগ/ কৃষি। 

উত্তৰঃ কৃষি।

(খ) গ্রাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যা ঘনত্ব কম/ অধিক/ সমান। 

উত্তৰঃ অধিক।

(গ) ভাৰতৰ প্রায় ৭০ /৮০/ ৬০ শতাংশ লোকে গাঁৱত বাস কৰে।

উত্তৰঃ ৭০ শতাংশ ।

(ঘ) কোনো ঠাইত থুপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/কেন্দ্রীভূত/ পাতল বসতি।

উত্তৰঃ কেন্দ্ৰীভূত।

 ৩ । উত্তৰ লিখা-(৪টা বা ৫টা বাক্যৰ ভিতৰত) 

(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা? 

উত্তৰঃ মানুহে কৃষিকাৰ্য আৰম্ভ কৰাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ, কৃষিকাৰ্যৰ আৰম্ভণিৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ, মাটি চহোৱা আৰু শস্য চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰে।

আনহাতে, খেতি কৰি লাভ কৰা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰে। সেয়েহে, কৃষি কাৰ্যক মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়।

(খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। 

উত্তৰঃ গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হল- কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়।  এলেকাটোত যাতায়তৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতিৰ  এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম।

(গ) কেন্দ্রীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা। 

উত্তৰঃ কোনো কোনো ঠাইতে যদি মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা–সুবিধাবোৰ একেঠাইতে বা ওচৰে-পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি ঘনীভূত হৈ থাকে। এনে বসতিকে কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়।

কেতিয়াবা কোনো বৃহৎ উদ্যোগ গঢ়ি উঠাৰ ফলত অঞ্চলৰ আশেপাশে পোৱা বিভিন্ন সুবিধাৰ বাবে কেন্দ্ৰীভূত বসতি সৃষ্টি হয়। এইদৰে, লোকসকলৰ প্ৰয়োজনীয়তাসমূহৰ সুবিধাৰ উপলব্ধতাৰ ভিত্তিত জনসংখ্যা কেন্দ্ৰিত হয়।

(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।

উত্তৰঃ পৌৰ এলেকাত মানুহে  বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড-বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয়ত  বহুতো লোকে সংস্থাপন পাই থাকে । যাতায়ত আৰু যোগাযোগ ব্যৱস্থা লগতে চৰকাৰী চাকৰীত জড়িত হৈ বহুতে সংস্থাপন বিচাৰি পাইছে । 

 (ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পর্ক আলোচনা কৰা

উত্তৰঃ গাওঁ আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য় আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰপৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰত প্ৰযোজ্য় নহ’বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোটপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে।

     সাধাৰণতে, বেপাৰ-বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বজাই ৰাখে। তদুপৰি, সেৱামূলক কাৰ্যসমূহেও এই সম্পৰ্ক গঢ়ি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে, আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱাসমূহ গাঁৱলৈ প্ৰদান কৰে।

বেংক, ডাক, বীমা, শিক্ষা-দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়।

আজিকালিৰ আধুনিক যুগত ম’বাইল ফোন, ইন্টাৰনেট, আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে।

৪। চমুটোকা লিখাঃ

 (ক) ৰৈখিক বসতিঃ

উত্তৰঃ বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি। কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে।

(খ) বর্গক্ষেত্রাকাৰ বসতিঃ

উত্তৰঃ গ্ৰাম্যাঞ্চলত কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয় ǀ অৰ্থাৎ কৃষিক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে। এই বসতি সাধাৰণতে  বর্গক্ষেত্রাকাৰ হয় আৰু দুই বা তাতোধিক পথৰ সংযোগস্থলৰ আশে পাশে দেখা যায়। এইবোৰক বর্গক্ষেত্রাকাৰ বসতি বোলে।

 (গ) উচ্চভূমিৰ বসতিঃ

উত্তৰঃ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চলসমূহ পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতিৰ ঘনত্ব কম। তাৰোপৰি, অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা, আৰু প্ৰতিকূল জলবায়ুৰ ফলেও উচ্চভূমিৰ পাতল বসতি দেখা যায়।

উদাহৰণ স্বৰূপ, অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, আৰু ডিমা হাচাও জিলাবোৰ উচ্চভূমি গঠিত হোৱাৰ বাবে সিঁহতৰ বসতি পাতল।

অন্যদিকে, নিম্নভূমি বা সমতল অঞ্চলসমূহত যাতায়ত-পৰিবহণ, খেতি-বাণিজ্য, আৰু অন্যান্য সুবিধাসমূহৰ উপলব্ধতাৰ বাবে বসতিৰ ঘনত্ব অধিক দেখা যায়।

৫। পার্থক্য লিখা–

 (ক) গ্রাম্য বসতি আৰু পৌৰ বসতি।

উত্তৰঃ 

গ্ৰাম্য বসতিপৌৰ বসতি
গ্ৰাম্য় বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ’ল- কৃষিপৌৰ বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ’ল- ব্য়ৱসায় বণিজ্য, উদ্য়োগ বা কাৰ্যালয়ৰ চাকৰি
গ্ৰাম্য় বসতি পালত আৰু বিস্তৃতপৌৰ বসতি ঘন আৰু স্তুপীকৃত
গ্ৰাম্য় বসতিত ঘৰ বাৰীৰ আ্হি থলুৱা আৰু পৰম্পৰাগতপৌৰ বসতিত ঘৰ বাৰীৰ আৰ্হি আধুনিক, ওখ অট্টালিকা প্ৰধান
গ্ৰাম্য় বসতিত যাতায়তৰ ব্যৱস্থা সুচল নহয়পৌৰ বসতিত যাতায়তৰ ব্যৱস্থা সুচল
গ্ৰাম্য় বসতিত অঞ্চলটোত যান-বাহনৰ সংখ্য়া কমপৌৰ বসতিত অঞ্চলটোত যান-বাহনৰ সংখ্যা বেছি
গ্ৰাম্য় বসতিত ব্য়ৱসায় বাণিজ্য়ৰ সুবিধা কমপৌৰ বসতিত ব্যৱসায় বাণিজ্য়ৰ সুবিধা বেছি
গ্ৰাম্য় বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কমপৌৰ বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি

(খ) ৰৈখিক বসতি আৰু কেন্দ্রীভূত বসতি। 

 উত্তৰঃ  

ৰৈখিক বসতিকেন্দ্ৰীভূত বসতি
বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি।কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি  থূপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে।

(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।

উত্তৰঃ 

উচ্চভূমিৰ বসতিনিম্নভূমিৰ বসতি
উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা, স্থলভাগ থিয়, শিলাময় আৰু ওখোৰা মোখোৰা হোৱাৰ বাবে বসতি পাতল হয় ।তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়।নিম্নভূমিত সমভূমি এলেকা বেছি। এই  অঞ্চলবোৰত যাতায়ত, খেতিবাতি, বাণিজ্য আদিৰ বাবে প্ৰৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে  জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমি এলেকাত কেন্দ্ৰীভূত, ৰৈখিক, বৰ্গক্ষেত্ৰাকাৰ ৰূপত বসতি দেখা যায়।
উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে।নিম্নভূমিতক ঝুম খেতি কৰা নহয়।
উচ্চভূমিত মানুহে চাংঘৰ সজা জীৱ জন্তু পোহিবলৈ।নিম্নভূমিত মানুহে চাংঘৰ সাজে পোহনীয়া জীৱ-জন্তু, সা-সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে।            

Leave a Reply

Your email address will not be published. Required fields are marked *