বসতি
১। খালী ঠাই পূৰ কৰা—
(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।
(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে।
(ঘ) বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ২৬,৩৯৫ খন।
২। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) গ্ৰাম্য বসতিৰ মূল বৃত্তি হ’ল— বেপাৰ-বাণিজ্য/ উদ্যোগ/ কৃষি।
উত্তৰঃ কৃষি।
(খ) গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/ অধিক/ সমান।
উত্তৰঃ অধিক।
(গ) ভাৰতৰ প্ৰায় ৭০/ ৮০/ ৬০ শতাংশ লোকে গাঁৱত বাস কৰে।
উত্তৰঃ ৭০ শতাংশ।
(ঘ) কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/ কেন্দ্ৰীভূত/ পাতল বসতি।
উত্তৰঃ কেন্দ্ৰীভূত বসতি।
৩। উত্তৰ লিখা— (৪টা বা ৫টা বাক্যৰ ভিতৰত)
(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা?
উত্তৰঃ মানুহে কৃষিকাৰ্য আৰম্ভ কৰাৰ পাছত স্থায়ী বসতিৰ সূচনা হয়। কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰে। মাটি চহোৱা, শস্য ৰোপণ কৰা আৰু শস্য চোৱা-চিতা কৰাৰ বাবে একে ঠাইত থাকিবলগীয়া হয়। তদুপৰি খেতিৰ পৰা পোৱা শস্য ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও স্থায়ী বসতিৰ প্ৰয়োজন হয়। সেয়েহে কৃষিকাৰ্যক মানুহৰ স্থায়ী বসতিৰ অন্যতম প্ৰধান কাৰণ বুলি কোৱা হয়।
(খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ গাঁৱলীয়া বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি সাধাৰণতে কৃষি। এনে বসতি তুলনামূলকভাৱে পাতল আৰু বিস্তৃত হয়। ঘৰ-বাৰীৰ আৰ্হি সাধাৰণতে থলুৱা আৰু পৰম্পৰাগত। যাতায়ত, যান-বাহন আৰু ব্যৱসায়-বাণিজ্যৰ সুবিধা নগৰৰ তুলনাত কম। শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংখ্যাও সাধাৰণতে কম হয়।
(গ) কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা।
উত্তৰঃ কোনো ঠাইত মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ একেঠাইতে বা ওচৰে-পাজৰে উপলব্ধ হ’লে মানুহে সেই ঠাইত থূপ খাই বসতি স্থাপন কৰে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। পানী, যাতায়ত, বজাৰ, শিক্ষা, চিকিৎসা আদি সুবিধাই এনে বসতি গঢ়ি উঠাত সহায় কৰে। কেতিয়াবা বৃহৎ উদ্যোগ বা কাৰখানা স্থাপন হ’লেও তাৰ আশে-পাশে কেন্দ্ৰীভূত বসতি সৃষ্টি হয়।
(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।
উত্তৰঃ পৌৰ বসতিৰ মানুহে বিভিন্ন শিল্প-উদ্যোগ, ব্যৱসায়-বাণিজ্য আৰু চাকৰিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰে। বহু লোক বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয় আদি সেৱা খণ্ডত নিয়োজিত থাকে। কিছুমান লোকে যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ সৈতে জড়িত কাম কৰে। তদুপৰি চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়তো বহু লোক কৰ্মসংস্থাপন লাভ কৰে।
(ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ গাঁও আৰু নগৰৰ মাজত বহু পাৰ্থক্য থাকিলেও দুয়োটাৰ মাজত নিবিড় সম্পৰ্ক আছে। গাঁওবাসীয়ে উৎপাদিত ধান, শাক-পাচলি, ফল-মূল, মাছ, গাখীৰ আদি কৃষিজাত সামগ্ৰী নগৰলৈ যোগান ধৰে। আনহাতে নগৰৰ পৰা গাঁৱলৈ ঔদ্যোগিক সামগ্ৰী, ঔষধ, শিক্ষা, বেংক, বীমা, যোগাযোগ আদি বিভিন্ন সেৱা প্ৰদান কৰা হয়।
বেপাৰ-বাণিজ্য আৰু সেৱামূলক কাৰ্যই গাঁও আৰু নগৰৰ সম্পৰ্ক অধিক দৃঢ় কৰে। গাঁৱৰ বহু মানুহে শিক্ষা, চিকিৎসা, চাকৰি, ব্যৱসায় বা অন্যান্য কামৰ বাবে নিয়মীয়াকৈ নগৰলৈ যায়। বৰ্তমান ম’বাইল ফোন, ইণ্টাৰনেট আৰু আধুনিক যোগাযোগ ব্যৱস্থাই গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ কৰি তুলিছে।
৪। চমু টোকা লিখা—
(ক) ৰৈখিক বসতি
উত্তৰঃ আলিবাট, ৰে’লপথ, নদী, খাল আদিৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। এই বসতিত ঘৰবোৰ সাধাৰণতে এটা নিৰ্দিষ্ট ৰেখা বা পথ অনুসৰি গঢ়ি উঠে। যেনে— আলিবাট বা ৰে’লপথৰ কাষে কাষে গঢ়ি উঠা বসতি আৰু নদীৰ পাৰৰ বসতি।
(খ) বৰ্গক্ষেত্ৰাকাৰ বসতি
উত্তৰঃ গ্ৰাম্যাঞ্চলত কৃষিক্ষেত্ৰ বা পথৰ সংযোগস্থলক কেন্দ্ৰ কৰি গঢ়ি উঠা কিছুমান বসতি বৰ্গক্ষেত্ৰৰ দৰে বিস্তৃত হয়। মানুহে সাধাৰণতে কৃষিক্ষেত্ৰৰ ওচৰে-পাজৰে নিজৰ ঘৰ-বাৰী নিৰ্মাণ কৰে। দুই বা তাতোধিক পথৰ সংযোগস্থলৰ আশে-পাশেও এনে বসতি গঢ়ি উঠা দেখা যায়। এনে বসতিক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে।
(গ) উচ্চভূমিৰ বসতি
উত্তৰঃ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা, শিলাময় আৰু ওখোৰা-মোখোৰা হোৱা বাবে বসতি স্থাপনৰ সুবিধা কম। অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিত জনবসতি পাতল হয়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও আদি উচ্চভূমি অঞ্চলত তুলনামূলকভাৱে পাতল বসতি দেখা যায়।
৫। পাৰ্থক্য লিখা—
(ক) গ্ৰাম্য বসতি আৰু পৌৰ বসতি
উত্তৰঃ গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ মাজৰ পাৰ্থক্য হ’ল—
| গ্ৰাম্য বসতি | পৌৰ বসতি |
|---|---|
| ১) বাসিন্দাসকলৰ মূল বৃত্তি সাধাৰণতে কৃষি। | ১) বাসিন্দাসকলৰ মূল বৃত্তি ব্যৱসায়-বাণিজ্য, উদ্যোগ, চাকৰি আদি। |
| ২) বসতি তুলনামূলকভাৱে পাতল আৰু বিস্তৃত। | ২) বসতি ঘন আৰু কেন্দ্ৰীভূত। |
| ৩) ঘৰ-বাৰীৰ আৰ্হি সাধাৰণতে থলুৱা আৰু পৰম্পৰাগত। | ৩) ঘৰ-বাৰীৰ আৰ্হি আধুনিক আৰু ওখ অট্টালিকাৰ প্ৰাধান্য বেছি। |
| ৪) যাতায়তৰ সুবিধা তুলনামূলকভাৱে কম। | ৪) যাতায়তৰ সুবিধা অধিক সুচল। |
| ৫) যান-বাহনৰ সংখ্যা কম। | ৫) যান-বাহনৰ সংখ্যা অধিক। |
| ৬) ব্যৱসায়-বাণিজ্যৰ সুবিধা কম। | ৬) ব্যৱসায়-বাণিজ্যৰ সুবিধা অধিক। |
| ৭) অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংখ্যা কম। | ৭) অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংখ্যা অধিক। |
(খ) ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি
উত্তৰঃ ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজৰ পাৰ্থক্য হ’ল—
| ৰৈখিক বসতি | কেন্দ্ৰীভূত বসতি |
|---|---|
| আলিবাট, ৰে’লপথ, নদী আদিৰ কাষে কাষে দীঘলীয়াকৈ গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে। | কোনো ঠাইত প্ৰয়োজনীয় সা-সুবিধা একেঠাইতে বা ওচৰে-পাজৰে উপলব্ধ হোৱাৰ বাবে মানুহে থূপ খাই গঢ়ি তোলা বসতিক কেন্দ্ৰীভূত বসতি বোলে। |
| ঘৰবোৰ সাধাৰণতে এটা ৰেখা অনুসৰি গঢ়ি উঠে। | ঘৰবোৰ সাধাৰণতে এটা কেন্দ্ৰৰ চাৰিওফালে ঘনভাৱে গঢ়ি উঠে। |
| পথ, ৰে’লপথ বা নদীৰ কাষত এই বসতি অধিক দেখা যায়। | বজাৰ, উদ্যোগ, পানীৰ উৎস বা অন্যান্য সুবিধাজনক স্থানৰ আশে-পাশে এই বসতি অধিক দেখা যায়। |
(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি
উত্তৰঃ উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ মাজৰ পাৰ্থক্য হ’ল—
| উচ্চভূমিৰ বসতি | নিম্নভূমিৰ বসতি |
|---|---|
| ১) উচ্চভূমিত সাধাৰণতে বসতি পাতল। | ১) নিম্নভূমিত সাধাৰণতে বসতি ঘন। |
| ২) স্থলভাগ থিয়, পাহাৰীয়া, শিলাময় আৰু ওখোৰা-মোখোৰা। | ২) স্থলভাগ সাধাৰণতে সমতল আৰু বসবাসৰ উপযোগী। |
| ৩) মাটি তুলনামূলকভাৱে কম সাৰুৱা আৰু কৃষিকাৰ্যৰ সুবিধা কম। | ৩) মাটি অধিক সাৰুৱা আৰু কৃষিকাৰ্যৰ সুবিধা বেছি। |
| ৪) যাতায়ত আৰু যোগাযোগৰ সুবিধা কম। | ৪) যাতায়ত আৰু যোগাযোগৰ সুবিধা অধিক। |
| ৫) প্ৰতিকূল জলবায়ু আৰু ভৌগোলিক অৱস্থাৰ বাবে জনসংখ্যা কম। | ৫) অনুকূল পৰিৱেশ আৰু বিভিন্ন সুবিধাৰ বাবে জনসংখ্যা অধিক। |
| ৬) কিছুমান উচ্চভূমি অঞ্চলত ঝুম খেতি কৰা হয়। | ৬) নিম্নভূমিত সাধাৰণতে স্থায়ী কৃষিকাৰ্য কৰা হয়। |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post