Class 8 Social Science Chapter 5 Answer

১। চমু উত্তৰ লিখা

(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্রীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল।

খ) ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?

উত্তৰঃ ভাস্কো-ডা-গামা ।

(গ) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথম দুর্গটো সাজে?

উত্তৰঃ পুলিকট ।

ঘ) দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?

উত্তৰ- ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী ।

ঙ) কোনে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰী কৰিছিল?

উত্তৰ- ফাৰুখছিয়াৰে।

২। ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

উত্তৰ- কলম্বাছ – আমেৰিকা

উইলিয়াম হকিন্স – ইংৰাজ কটকী

ভাস্কো-ডা-গামা – পর্তুগীজ নাৱিক

দ্বিতীয় চালৰ্ছ – পর্তুগীজ ৰাজকুমাৰী

পুলিকট – ওলণ্ডাজ

৩। খালী ঠাই পূৰ কৰা-

ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্রীষ্টাব্দত ৰাণী প্রথম এলিজাবেথৰপৰা প্ৰাচ্যৰ  দেশৰ লগত ব্যৱসায়- বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।

খ) বাণিজ্যবাদৰ দ্বাৰা দেশৰ অর্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্রণাধীন কৰা হয় ।

গ) ১৬৬১ খ্রীষ্টাব্দত দ্বিতীয় চার্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।

) ১৭১৫ খ্রীষ্টাব্দত মোগল সম্রাট ফাৰুখাছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায়  কৰিবলৈ ফৰমান/অনুমতি প্রদান কৰে ।

ঙ) ইষ্ট ইণ্ডিয়া কোম্পানী  ফৰাচীসকলৰ মূখ্য কাৰ্যালয় আছিল।

৪। সত্য/অসত্য বিচাৰ কৰা-

ক) ১৮ শতিকাত মোগল সাম্রাজ্য শক্তিশালী আছিল।

উত্তৰ- অশুদ্ধ ।

খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল।

উত্তৰ- অশুদ্ধ ।

গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্রীষ্টাব্দত কালিকটত উপস্থিত হৈছিল।

উত্তৰ- অশুদ্ধ ।

ঘ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্য়ৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্য়োগবিলাক সংকটত পৰিছিল।

উত্তৰ-  শুদ্ধ।

ঙ) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।

উত্তৰ- শুদ্ধ ।

৫। দলত আলোচনা কৰি টোকা প্রস্তুত কৰা-

ক) ইউৰোপীয় বণিজ্য়গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ ।

উত্তৰ- ভাৰতৰ ইতিহাসত ইউৰোপীয় সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূর্ণ ঘটনা । ইউৰোপত ভাৰত প্ৰচুৰ ধন-সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। তাৰোপৰি প্রাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা-বেপাৰৰ সম্পর্ক আছিল। ভাৰতৰ মছলা, বস্ত্র, ৰেছম, ধাতৱ দ্রব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল । উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্যে ইউৰোপীয় বণিজ্য় গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল ।

খ) বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পর্ক কি?

উত্তৰ- বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অর্থনৈতিক কার্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্রণ কৰাকে বুজায়।

বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত গভীৰ সম্পর্ক আছে, যাৰ প্ৰমাণ ইউৰোপৰ ইতিহাসত পোৱা যায়। ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্রণ কৰিছিল। সেই সময়ত ইউৰোপৰ প্ৰধান দেশসমূহ বৈদেশিক বেহা-বেপাৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। সুচল আৰু সমতাপূর্ণ বেহা-বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত মনোনিৱেশ কৰিছিল।

এনে পৰিস্থিতিৰ ফলত সকলো দেশেই বেপাৰৰ সামগ্ৰী ৰপ্তানীত গুৰুত্ব দি আমদানীত আগ্ৰহী নহ’ল। যদি কোনোৱেই আমদানী নকৰে, তেনেহলে ৰপ্তানী কৰাটো অসুবিধাজনক হব। ইয়াৰ ফলত, ইউৰোপত বাণিজ্যই বিভিন্ন প্রতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধৰ কাৰণ হৈ পৰিছিল, যি উপনিবেশৰ সম্প্ৰসাৰণত উল্লেখযোগ্যভাৱে সহায় কৰিছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে বাণিজ্যবাদ সম্প্ৰসাৰণৰ ফলত যি বজাৰ ব্যৱস্থাৰ সৃষ্টি হ’ল তাক বৰ্তাই ৰাখিবলৈ উপনিবেশবাদৰ জন্ম হয় । উপনিবেশিকতাবাদৰ ফলত সৃষ্টি হোৱা বজাৰ ব্যৱস্থাত গ্ৰাহকে নিৰ্দিষ্ট বিক্ৰেতাৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্য হয় ।

গ) ভাৰতৰ সামাজিক আৰু অর্থনৈতিক জীৱনত ইউৰোপীয় বণিজসকলৰ প্ৰভাৱ ।

উত্তৰ-

1) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ,ধপাত, তামোল আদিৰ দৰে সামগ্রীত একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল। এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল । ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। 

2) কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুসমূহ কম দামত বিক্ৰী কৰিবলৈ জোৰ-জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল ‘গোমোস্থাসকলে’ শিপিনীসকলক কোম্পানীৰ প্ৰয়োজন মতে সামগ্ৰী তৈয়াৰ কৰিবলৈ বাধ্য কৰি যথেষ্ট কম মূল্যত বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল।

যদি শিপিনীসকলে তেওঁলোকৰ নির্দেশ মানিবলৈ অপাৰগতা দেখুৱাইছিল, তেনেহলে তেওঁলোকক কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। লগতে, শিপিনীসকলে উৎপাদিত সামগ্ৰী অধিক মূল্যত কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ অনুমতি লাভ কৰা নাছিল। এই পৰিস্থিতিৰ ফলত বহু শিপিনী তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিবলৈ বাধ্য হৈছিল। ফলস্বৰূপে, ভাৰতীয় কুটীৰ উদ্যোগ ক্রমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল।

3) ইষ্ট ইণ্ডিয়া কোম্পানী কর্তৃপক্ষই বংগ, বিহাৰ, উৰিষ্যাৰ দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেনে— চিৰস্থায়ী বন্দবস্ত, ৰায়তাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিৰ প্ৰৱৰ্তন কৰিছিল। মাটিৰ খাজনা ৰায়তৱাৰী আৰু মহলদাৰী ব্যৱস্থাত অধিক বৃদ্ধি হৈছিল আৰু খাজনাৰ নিৰিখ সঘনে সলনি হৈছিল। এই ব্যৱস্থাই সমাজত জমিদাৰ, সুদখোৰ মহাজন আদি নতুন শ্ৰেণীৰ সৃষ্টি কৰিছিল। 

4) ৰাজহ হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল। ৰাজহ আদায়ৰ কঠোৰ পদ্ধতিয়ে কৃষকসকলক কৰ পৰিশোধৰ বাবে মহাজনৰ পৰা টকা ধাৰে ল’বলৈ বাধ্য কৰিছিল। যদি কোনো কৃষকে ধাৰ পৰিশোধ কৰিব নোৱাৰিছিল, তেন্তে কোম্পানীয়ে তেওঁলোকৰ মাটি বাজেয়াপ্ত কৰি লৈছিল।

এইদৰে গাঁও অঞ্চলত ঋণগ্ৰস্ততাৰ পৰিমাণ বৃদ্ধি পাইছিল, আৰু ভাৰতীয় কৃষকসকল দৰিদ্র সীমাৰেখাৰ তললৈ অৱনমিত হৈছিল।

৬। ভাৰতৰ এখন মানচিত্র অঙ্কন কৰি পর্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুওৱা ।

উত্তৰ- ছাত্ৰ- ছাত্ৰীসকলে নিজে কৰিব । 

৭। বৃটিছসকলে ভাৰতত প্ৰৱেশ কৰাৰ পূর্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ- 

↠ মৃৎ শিল্প-  এই শিল্পৰ লগত জড়িত লোকসকলক কুমাৰ বোলা হয় । তেওঁলোকে মাটিৰে বাচন, মানুহ আৰু দেৱ দেৱীৰ প্ৰতিমূৰ্তি বা অন্য সা-সামগ্ৰী আদি নিৰ্মাণ কৰি উলিয়াইছিল ।

↠ ধাতু শিল্প- এই বিধ শিল্পত লো,কাঁহ, পিতল আদি বিভিন্ন ধাতুৰ দ্বাৰা সা-সামগ্ৰী নিৰ্মাণ কৰা হৈছিল । লোৰ সামগ্ৰী তৈয়াৰ কৰা সকলক কমাৰ, কাঁহৰ সা-সামগ্ৰী তৈয়াৰ কৰাসকলক কঁহাৰ বোলা হয় ।

বয়ন শিল্প- এই শিল্পত সূঁতা আৰু ৰেচমৰ জৰিয়তে কাপোৰ কানি তৈয়াৰ কৰা হয় ।

৮। সোতৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল’— উক্তিটোৰ তাৎপর্য ব্যাখ্যা কৰা ।

উত্তৰ- সোতৰশতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল । এই সময়ছোৱাত ভাৰতবৰ্ষত দুটা পৰিৱৰ্তন হৈছিল । ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পট পৰিৱৰ্তন আৰু আৰ্থসামাজিক দিশৰ পৰিৱৰ্তন । 

এই সময়ছোৱাত পৰ্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচীসকলৰ দৰে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীয়ে ভাৰতবৰ্ষলৈ আগমন ঘটে আৰু তেওঁলোকৰ মাজত ভাৰতত বাণিজ্য বিস্তাৰৰ প্ৰতিযোগিতা চলা আৰম্ভ হয়।

ভাৰতবৰ্ষৰ মোগল শাসন ব্যৱস্থাত দেখা দিয়া ৰাজনৈতিক অস্থিৰতা এই বণিক গোষ্ঠীসমূহক উপনিবেশবাদ বা সাম্ৰাজ্য স্থাপনৰ দিশত অগ্ৰসর হ’বলৈ সুবিধা দিছে। এসময়ত, বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ৬৩% অঞ্চল আৰু ৭৮% জনসংখ্যাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰে।

বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত উৎপাদিত কেঁচামালসমূহ ইংলেণ্ডলৈ পঠিয়াই তাত উৎপাদিত সা-সামগ্ৰী ভাৰতত বিক্ৰী কৰিছিল। ইয়াৰ ফলত, ভাৰতবৰ্ষৰ সেই সময়ৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পসমূহ বিৰাট বিপদত পৰিছিল আৰু সিঁহত ধ্বংসৰ দিশে আগবাঢ়ি গৈছিল।

তাৰোপৰি, মাটি বাৰীৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদি প্ৰৱৰ্তন কৰি সমাজত মহাজন, সুদখোৰ জমিদাৰ আদি শ্ৰেণী লোকৰ সৃষ্টি হৈছিল। ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লগে লগে দুখীয়া খেতিয়কসকলৰ অৱস্থা সংকটজনক হৈ পৰিছিল। ঋণ পৰিশোধ কৰিব নোৱাৰা কৃষকসকলৰ খেতিৰ মাটি, ধন, সম্পত্তি আদিও বাজেয়াপ্ত কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *