Class 8 Social Science Chapter 6 Answer

১। উত্তৰ দিয়া –

(ক) বৃটিছ আৰু ফৰাচী মাজত কিহৰ বাবে প্ৰতিদ্ৱন্দ্ৱিতা হৈছিল?

উত্তৰঃ বৃটিছ আৰু ফৰাচীৰ মাজতসাম্ৰাজ্য় স্থাপনৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল।

(খ) প্ৰথম আৰু দ্ৱিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল?

উত্তৰঃ প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ আছিল ফ্ৰান্সিছ ডুপ্লে।

(গ) চিৰাজউদ্দৌল্লাৰ প্ৰধান  সেনাপতি কোন আছিল?

উত্তৰঃ চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি মীৰজাফৰ আছিল।

(ঘ) বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিল আছিল।

(ঙ) কোনে স্ৱত্ত্ৱবিলোপ নীতি উদ্ভাৱন কৰিছিল?

উত্তৰঃ লৰ্ড ডেলহাউচিয়ে স্বত্ত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল।

২। শুদ্ধ উত্তৰ বাচি উলিওৱা –

(ক) পণ্ডিচেৰী বৃটিছসকলৰ বাণিজ্য় কুঠি আছিল।

উত্তৰঃ অশুদ্ধ ।

(খ) ফৰাচীসকলে চালাবাৎ জঙক হায়দৰাবাদ নিজাম পাতিছিল।

উত্তৰঃ শুদ্ধ। 

(গ) চিৰাজউদ্দৌল্লা আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল।

উত্তৰঃ অশুদ্ধ। 

(ঘ) পলাশী নামৰ ঠাইখন ভাগিৰথী নদীৰ পাৰত অৱস্থিত আছিল। 

উত্তৰঃ শুদ্ধ।

(ঙ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে।

উত্তৰঃ শুদ্ধ।

(চ) লৰ্ড ৱেলেচলিয়ে স্ৱত্ৱ বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল।

উত্তৰঃ অশুদ্ধ। 

৩। ক্ৰমানুসাৰে সজোৱা- 

চিৰাজউদ্দৌল্লা, মিৰ্জাফৰ, আলিবৰ্দি খাঁ, মীৰকাছিম।

উত্তৰঃ আলিবর্দি খাঁ, চিৰাজউদ্দৌল্লা, মিজাফৰ, মীৰকাছিম ।

৪। চমু উত্তৰ লিখা-

(ক) প্ৰথম কৰ্ণাটক যুদ্ধ 

উত্তৰঃ১৭৪০ খ্ৰীষ্টাব্দত অষ্ট্ৰীয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰীকেন্দ্ৰিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকল পৰস্পৰৰ প্ৰতিদ্বন্দী হৈ পৰিছিল। এই যুদ্ধৰ ফলত ভাৰতত ইংৰাজ আৰু ফৰাচীৰ সম্পর্কতো উল্লেখযোগ্য প্ৰভাৱ পৰিছিল।

সুযোগ সন্ধানী নৌবাহিনীয়ে ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ-পূব উপকুলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰে। সেই সময়ত যোচেফ ফ্ৰান্সিচ চুপ্লে পণ্ডিচেৰীৰ গৱৰ্ণৰ আছিল। গৱৰ্ণৰ ডুপ্লেই চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল। তেওঁ প্ৰতিউত্তৰত বৃটিছৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল।

বৃটিছসকলে নিৰুপায় হৈ কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে। কৰ্ণাটকৰ নৱাবে বৃটিছৰ সহায়ৰ বাবে প্ৰকাণ্ড সৈন্য বাহিনী পঠিয়ালে, যিয়ে ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল। কিন্তু ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো বৃটিছ আৰু ফৰাচীৰ মাজত সন্ধি হয়। এই সন্ধিৰ ফলত ফৰাচীসকলে বৃটিছৰ পৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে। এই ঘটনাক ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনা যায়।

(খ)ডুপ্লে 

উত্তৰঃযোচেফ ফ্রান্সিচ ডুপ্লে পণ্ডিচেৰীৰ গৱৰ্ণৰ আছিল। চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গৱৰ্ণৰ ডুপ্লেই  ইংৰাজৰ অধীনত থকা মাদ্রাজ দখল কৰিছিল । ডুপ্লেৰ নেতৃত্বত ফৰাচী সৈন্যই  কৰ্ণাটকৰ নাৱাবৰ লগ হৈ ইংৰাজে কৰা আক্ৰমণকো প্ৰতিহিত কৰিছিল ।

(গ) পলাশী যুদ্ধ

উত্তৰঃ১৭৫৭ খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগীরথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত বংগৰ নবাৱ চিৰাজউদ্দৌল্লাৰ সৈন্যৰ সৈতে ইংৰাজৰ যুদ্ধ সংঘটিত হয়। এই যুদ্ধক পলাশীৰ যুদ্ধ বুলি জনা যায়। যুদ্ধটোৰ ফলত চিৰাজউদ্দৌল্লাৰ সৈন্যবাহিনী, প্ৰধান সেনাপতি মিৰজাফৰৰ বিশ্বাসঘাতকতাৰ বাবে পৰাজিত হয়।

যুদ্ধত পৰাজিত চিৰাজউদ্দৌল্লাক মিৰজাফৰৰ পুত্ৰ মিৰাণে হত্যা কৰে আৰু ইংৰাজে মিৰজাফৰক বংগৰ নবাৱ হিচাপে নিযুক্ত কৰে। এই যুদ্ধই ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ইংৰাজে পলাশীৰ যুদ্ধে জয়ী হৈ ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত খোপনি পুতিবলৈ আৰম্ভ কৰে।

এই যুদ্ধৰ পিছতে মধ্যযুগীয় ভাৰতৰ সমাপ্তি ঘটে আৰু আধুনিক ভাৰতৰ আৰম্ভণি হয়।

(ঘ) ৰেগুলেটিং এক্ট 

উত্তৰঃ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্রণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্রণয়ন কৰি বলবৎ কৰিছিল। এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। তেওঁৰ কাম-কাজত সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হয়। বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ জনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কার্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল। ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল।

(ঙ) পিটৰ ভাৰত শাসন আইন 

উত্তৰঃ ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ জেনেৰেলৰ ক্ষমতা নিৰ্দিষ্ট কৰিবলৈ অক্ষম হোৱা বাবে ইংলণ্ডৰ সংসদে ১৭৮৪ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত পুনৰ এখন আইন জাৰি কৰে, যাৰ নাম পিটৰ ভাৰত শাসন আইন (Pit’s India Act)। এই আইন ইংলণ্ডৰ প্রধান মন্ত্রী উইলিয়াম পিট (কনিষ্ঠ)ৰ নামেৰে নামাকৰণ কৰা হৈছিল।

এই আইনৰ অধীনত ভাৰতত এখন ছয় জনীয়া সদস্যৰে নিয়ন্ত্রক মণ্ডলী গঠন কৰা হয়, যি কোম্পানীৰ কামকাজৰ তদাৰক কৰিব। বংগদেশত গৱৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সদস্য সংখ্যা চাৰিজনৰ পৰা তিনিজনলৈ হ্রাস কৰা হয়।

পিটৰ ভাৰত শাসন আইনে এখন আঞ্চলিক সভা গঠন কৰাৰ ব্যৱস্থাও কৰা হৈছিল, যাৰ সদস্যসকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিত নিযুক্তি আৰু বাতিলৰ অধিকাৰ লাভ কৰে। এই আইন ব্ৰিটিছ সাম্ৰাজ্যৰ শাসনৰ মূলেৰূপে ভঁটি স্থাপন কৰে আৰু গৱৰ্ণৰ জেনেৰেলৰ পদবীটোক অধিক শক্তিশালী কৰে।

ভাৰতত কেন্দ্রীয়ভাৱে শাসন চলোৱাৰ মূল আঁচনি পিটৰ ভাৰত আইনেই সূচনা কৰিছিল বুলি ক’ব পাৰি।

(চ) চিৰস্থায়ী বন্দোবস্ত

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছৰ দিনত ‘চিৰস্থায়ী বন্দবস্ত’ৰ ব্যস্থাটো প্ৰচলন কৰা হৈছিল । তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নির্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লর্ড কর্ণৱালিছে তেওঁৰ সাত বছৰীয়া কার্যকালত যথেষ্ট পৰিমাণে অর্থ সংগ্রহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল।

চিৰস্থায়ী বন্দবস্তৰ এক উল্লেখযোগ্য দিশ হৈছে নতুন জমিদাৰৰ উত্থান। এই বন্দবস্তৰ ফলত পুৰণি জমিদাৰসকলে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী হৈছিল। এই নিলামৰ মাটি ধনী শ্ৰেণীয়ে অধিগ্ৰহণ কৰিছিল, যাৰ অধিকাংশৰ কৃষি কৰ্মৰ সৈতে কোনো প্রত্যক্ষ সম্পর্ক নাছিল।

ফলস্বরূপ, এই নতুন ধনী শ্ৰেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰাৰ মাধ্যমে কৃষকসকলক সততে ঋণ বোজা সহ্য কৰিবলৈ বাধ্য কৰিছিল। ইংৰাজৰ আইন অনুসৰি, এই নতুন জমিদাৰসকলে মাটিৰ মালিকানা লাভ কৰিছিল, যাৰ ফলত তেওঁলোক সদায় ইংৰাজৰ অনুগত আছিল। ১৮৫৭ চনৰ বিদ্রোহত তেওঁলোক ইংৰাজক সহায় কৰিছিল।

৫। ‘বংগৰ ঘৰুৱা বিবাদেই বৃটিছৰ বংগ দখলৰ প্ৰধান কাৰণ- কথাষাৰ যথাৰ্থতা নিৰ্ণয় কৰা।

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবর্দি খাঁৰ মৃত্যুৰ পিছত বংগৰ সিংহাসন লৈ অৰিয়াঅৰি আৰম্ভ হৈছিল। নৱাবৰ মৃত্যুৰ সময়ত তেওঁৰ কোনো পুত্র সন্তান নথকাত নৱাবী পদৰ বাবে বিবাদৰ সূত্ৰপাত ঘটে। আলিবর্দি খাঁৰ মৃত্যুৰ আগতে তেওঁ তিনিগৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদৌল্লাক বংগৰ নৱাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। সেই অনুসৰি, আলিবর্দি খাঁৰ মৃত্যুৰ পিছত চিৰাজউদ্দৌল্লা বংগৰ নৱাব হয়।

তথাপি, ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ ছৌকৎজঙো বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। এই সময়ত ঘাচিতি বেগম ঢাকাৰ শাসনকর্তা আছিল আৰু বংগৰ দেৱান ৰাজবল্লভ ঘাচিতি বেগমৰ সমর্থক আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ তেওঁলোকে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ষড়যন্ত্রৰ আঁচনিৰ পৰিকল্পনা আৰম্ভ কৰে। এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ সকলে বংগত খোপনি পুতিবলৈ চেষ্টা কৰে।

৬। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল?

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কার্যকলাপে ছিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল-

(ক) বংগৰ সিংহাসনক লৈ চলা গৃহকলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুর্গ নির্মাণ কৰিবলৈ অগ্ৰসৰ হয়। চিৰাজউদ্দৌল্লাই দুয়োপক্ষকে দুর্গ নির্মাণ কার্য বন্ধ কৰিবলৈ আদেশ দিলে । ফৰাচীসকলে নৱাবৰ আদেশ পালন কৰিলে কিন্তু ইংৰাজে চিৰাজউদ্দৌল্লাৰ আদেশত কানসাৰ নিদিলে ।

(খ) ইংৰাজসকলক বংগদেশত বেহা-বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল । 

(গ) ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগুটীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নৱাব প্রাপ্য ৰাজহৰ পৰা বঞ্চিত হয় ।

(ঘ) নবাৱৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্র কৃষ্ণদাসক নৱাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্রয় দিছিল।

৭। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্য়বাদী নীতি কি কি কাৰ্যাৱলীৰ দ্ৱাৰা প্ৰকাশ পাইছিল আলোচনা কৰা।

উত্তৰঃ 

(ক) চিৰস্থায়ী বন্দবস্ত

ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতিৰ পুনৰৱাৰ্ধন কৰাৰ নামত ৰাজহ ব্যৱস্থাৰ অধীনত অধিকাৰ লাভ কৰিছিল। এই ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল লর্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দবস্ত উল্লেখযোগ্য। তেওঁ কোম্পানীৰ ৰাজ বিভাগটোক টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগোৱা হৈছিল, য’ত ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক খাজনা হিচাপে দিব লাগিছিল। যদি জমিদাৰসকলে খাজনা দিব নোৱাৰিলে, তেন্তে তেওঁলোকৰ জমি চৰকাৰৰ অধীনলৈ আহি পৰিছিল।

লর্ড কৰ্ণৱালিছৰ সাত বছৰীয়া কাৰ্যকালৰ ভিতৰত এই ব্যৱস্থাৰ জৰিয়তে কোম্পানী যথেষ্ট পৰিমাণে অর্থ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। চিৰস্থায়ী বন্দবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ’ল এক নতুন জমিদাৰ শ্রেণীৰ উত্থান। পুৰণি জমিদাৰসকলে কোম্পানীক ৰাজহ দিব নোৱাৰিলে, তেওঁলোকৰ জমি নিলামত বিক্ৰী কৰা হৈছিল। এই নিলামৰ পৰা জমি ক্ৰয় কৰা ধনী শ্ৰেণীৰ অধিকাংশে কৃষি কৰ্মৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিল। ফলস্বৰূপে, এই নতুন ধনী শ্ৰেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰিছিল, যাৰ ফলত কৃষকসকলে ধাৰৰ বোজা বহন কৰিবলৈ বাধ্য হৈছিল। এই নতুন জমিদাৰ শ্রেণী ইংৰাজৰ আইনৰ অধীনত মাটিৰ মালিক আছিল, আৰু সেয়েহে তেওঁলোকে সদায় ইংৰাজৰ অনুগত আছিল।

(খ) কৰদ মৈত্রী নীতি-

গৱৰ্ণৰ জেনেৰেল ৱেলেচলিয়ে এই সাম্রাজ্যবাদী নীতি ভাৰতত প্রয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে, যি দেশীয় ৰজাই কৰদ মৈত্রী নীতি মানি ল’ব তেওঁলোকক ইংৰাজ সৈন্যবাহিনীয়ে সুৰক্ষা দিব। কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্যবাহিনীৰ খৰচ বহন কৰিব লাগিব। আকৌ কৰদ মৈত্রী নীতিৰ অন্তর্ভুক্ত ৰাজ্যৰ ৰজা অকর্মণ্য বুলি পৰিগণিত হ’লে, তেনে দেশীয় ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব পাৰিব আৰু ৰাজ্যখন বৃটিছ চৰকাৰৰ পোনপটীয়া শাসনৰ তললৈ যাব। বহুতো দেশীয় ৰজাই কৰদ মৈত্রীনীতিৰ বান্ধোনত সোমাই ৰাজ্য হেৰুৱাব লগা হৈছিল ফলত ইংৰাজৰ সাম্রাজ্য বিস্তাৰৰ বাট মুকলি হৈছিল। এই কৰদ মৈত্রী নীতিৰ জৰিয়তে কেইবাখনো ৰাজ্য বৃটিছৰ অধীনলৈ গৈছিল।

(গ) স্বত্ব বিলোপ নীতি-

কোম্পানীৰ কাৰ্যকালৰ অন্য এটা সাম্রাজ্যবাদী নীতি হ’ল স্বত্ব বিলোপ নীতি। ১৮৩৪ খ্ৰীষ্টাব্দত কোম্পানীৰ বোর্ড অৱ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত বৃটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। এই নীতিৰ জৰিয়তে বৃটিছে কিছুমান দেশীয় ৰাজ্যৰ ৰজাৰ স্বত্ব বিলোপ কৰিছিল, যাৰ ফলত বৃটিছ চৰকাৰক অতিশয় শক্তিশালী কৰি তুলিছিল।

স্বত্ব বিলোপ নীতিৰ মূল কথা হ’ল যে, যদি বৃটিছৰ আশ্ৰয়ত থকা কোনো ৰাজ্যৰ উত্তৰাধিকাৰী নাথাকে, তেন্তে সেই ৰাজ্যৰ নতুন উত্তৰাধিকাৰী গ্ৰহণ কৰাৰ বাবে বৃটিছ চৰকাৰৰ অনুমতি ল’ব লাগিব। যদি অনুমতি বিহীন উত্তৰাধিকাৰী থাকে, তেন্তে সেই ৰাজ্য কোম্পানীৰ হস্তগত হ’ব। বৃটিছ চৰকাৰে এই স্বত্ব বিলোপ নীতিৰ অধীনত ৰজাৰ উপাধি, খিতাপ, পেন্সন আৰু আন সুবিধাৰ ক্ষেত্ৰতো কঠোৰ নিয়ম জাৰি কৰিছিল। ইয়াৰ ফলস্বৰূপে, উত্তৰাধিকাৰী বিহীন ৰাজ্যবোৰ এই সকলো সুবিধা হেৰুৱাব লগা হৈছিল।

৮। লৰ্ড ডেলাহাউচিয়ে স্ৱত্ৱবিলোপ নীতি প্ৰয়োগ কৰি কোন কেইখন ৰাজ্য় কোম্পানীৰ শাসনাধীন কৰিছিল? তাৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ লর্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্রয়োগ কৰি তলত দিয়া ৰাজ্যবোৰ অধীনলৈ আনে 

সময়অধীন কৰা ৰাজ্য় বা অঞ্চল
১৮৩৯ খ্ৰীষ্টাব্দতমন্দতী,
১৮৪০ খ্ৰীষ্টাব্দতক’লাবা
১৮৪৪ খ্ৰীষ্টাব্দতচাতৰা, জৈৎপুৰ আৰু সম্বলপুৰ ৰাদ্য়
১৮৫০ খ্ৰীষ্টাব্দৰ পৰা ১৮৫৪ খ্ৰীষ্টাব্দলৈভাগলপুৰ, উদয়পুৰ, নাগপুৰ আৰু বান্সী

৯। ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুওৱা-

পণ্ডিচেৰী, মাদ্ৰাজ, বোম্বাই, এলাহবাদ, অযোধ্য়া, পলাশী, কৰ্ণাটক

উত্তৰঃ

১০। শিক্ষকৰ সহায়ত ইউৰোপৰ মানচিত্ৰ চাই অষ্ট্ৰিয়া, ইংলণ্ড, ফ্ৰান্স, জাৰ্মানী আদি বিচাৰি উলিওৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *