Class 8 Social Science Chapter 8 Answer

(ক) অসমত কেতিয়াৰপৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল?

উত্তৰঃ ওঠৰ শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা।

(খ) স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোম ৰাজপাটত স্বৰ্গদেউ লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহ আহোম ৰাজপাটত বহে।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমণৰ সময়ত বৃটিছ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ কেপ্তেইন ৱেলছৰ অসম আগমণৰ সময়ত বৃটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল।

(ঘ) আহোমসকলৰ শেষ ৰজাজন কোন আছিল?

উত্তৰঃ আহোমসকলৰ শেষ ৰজাজন পোৰন্দৰ সিংহ আছিল।

(ঙ) কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ২৪ ফ্ৰেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।

২। ক্রমানুসাৰে সজোৱা—

(ক) মোৱামৰীয়া প্ৰথম বিদ্রোহ।

(খ) মানৰ দ্বিতীয় আক্রমণ।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমন।

(ঘ) ইয়াণ্ডাবু সন্ধি।

(ঙ) মানৰ তৃতীয় আক্রমণ।

উত্তৰঃ 

(ক) মোৱামৰীয়া প্রথম বিদ্রোহ।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমন।

(খ) মানৰ দ্বিতীয় আক্রমণ। 

(ঙ) মানৰ তৃতীয় আক্রমণ।

(ঘ) ইয়াণ্ডাবু সন্ধি।

৩।শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।

(ক) অসমত হোৱা মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল।

উত্তৰঃ অশুদ্ধ।

(গ) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া।

উত্তৰঃ শুদ্ধ। 

(ঘ) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে বৃটিছে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল।

উত্তৰঃ শুদ্ধ।

(ঙ) বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোঁহায়ে হত্যা কৰিছিল।

উত্তৰঃ শুদ্ধ।

৪।চমু উত্তৰ দিয়াঃ  (৫০ টা মান শব্দৰ ভিতৰত)

(ক) প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি?

উত্তৰঃ ১৮ শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থানৰ কথা উল্লেখ কৰা হয়। লক্ষ্মী সিংহৰ দিনৰ পৰাই হিন্দু ধৰ্মৰ নিয়ম অনুসৰি সতীদাহ প্ৰথা চালু কৰা হৈছিল, আৰু আহোমসকলৰ প্ৰচলিত দেওধাই পণ্ডিতৰ পূজা-পদ্ধতি ত্যাগ কৰি, ব্রাহ্মণ্য নিয়ম মতে পূজা-অর্চনা আৰম্ভ কৰা হৈছিল।

এই সময়ছোৱাত অসমত বৈষ্ণৱ পন্থী মহন্তসকল সমাজৰ উচ্চ স্তৰৰ লোক হিচাপে গণ্য হৈছিল। এক ঘটনা অনুসৰি, লক্ষ্মী সিংহ স্বৰ্গদেউৰ ৰাজসভাত বিতর্কিত আৰু ঘোৰ শাক্তপন্থী বিষয়াকাৰ্য কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে। এই ঘটনাই মহন্তসকলৰ মাজত গভীৰ ক্ষোভ সৃষ্টি কৰে, আৰু ফলস্বৰূপে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূচনা ঘটে।

(খ) মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি?

উত্তৰঃ মানৰ দ্বিতীয় আক্ৰমণৰ পিছত ৰজা আলুমিঙ্গিয়ে চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা হিচাপে স্থাপন কৰে, যদিও মিঙ্গিমাহা তিলোৱা নামৰ এজন ব্যক্তিক সেনাপতি হিচাপে নিযুক্তি দিয়ে আৰু কিছু মানসেনা এৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। যদিও চন্দ্ৰকান্ত সিংহ নামেমাত্ৰ ৰজা আছিল, বাস্তৱিকপক্ষে মান সেনাপতি মিঙ্গিমাহায়েই অসম দেশৰ শাসন কৰে।

এই সময়ত মানসেনাৰ অত্যাচাৰ দিনে দিনে বৃদ্ধি পায়, আৰু চন্দ্ৰকান্ত সিংহ লাহে লাহে মানসকলৰ বিৰোধী হৈ পৰে। এনে পৰিস্থিতিত, অসমত থকা মানসেনাপতি ব্রহ্মদেশলৈ উভতি যোৱাৰ সময়ত, চন্দ্ৰকান্ত সিংহে মানসেনাবাহিনীক যাতে পুনৰ অসমলৈ আহিব নোৱাৰে, তাৰ বাবে মানসকলৰ আহাৰ পথ বন্ধ কৰাৰ চেষ্টা আৰম্ভ কৰে। কিন্তু মানৰ নতুন ৰজা বাগ্যিদোৱাই বৃহৎ সেনাবাহিনীৰে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে আৰু অসমীয়া সৈন্যক পৰাজিত কৰে।

(গ) ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি?

উত্তৰঃ 

এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিছিল ।

দ্বিতীয়তে মানসকলে অসম কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্রতিশ্রুতি দিয়ে।

৫) চমু টোকা লিখাঃ

কীর্তিচন্দ্ৰ বৰবৰুৱা

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজসভাত থকা এজন বিতর্কিত বিষয়া আছিল। তেওঁ  ঘোৰ শাক্তপন্থী আছিল। সুযোগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰিছিল আৰু ইয়াতে মহন্তসকল অতি ক্ষুন্ন হয় আৰু প্রথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্রপাত ঘটে।

(খ) পূৰ্ণানন্দ বুঢ়াগোঁহাই 

উত্তৰ- স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসনকালত ঘনশ্যাম বৰবৰুৱাৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইক বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। ঘনশ্যাম বৰবৰুৱাৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগোঁহাই তেওঁৰ স্থান অধিকার কৰে। অতি কম সময়ৰ ভিতৰতেই পূৰ্ণানন্দে তেওঁৰ দক্ষতা আৰু বুদ্ধিমত্তাৰ বলত নিজকে আহোম ৰাজবংশৰ অন্যতম প্ৰভাবশালী বিষয়া হিচাপে প্ৰতিষ্ঠা কৰে।

কম বয়সীয়া স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ শাসনকালত পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে বাস্তৱতে দেশৰ শাসনব্যৱস্থা নিজৰ হাতত ৰাখিছিল। তেওঁ কৌশলেৰে মোৱামৰীয়াৰ দ্বিতীয় বিদ্ৰোহ দমন কৰি আহোম ৰাজ্যৰ স্থিৰতা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। কিন্তু পূৰ্ণানন্দ বুঢ়াগোঁহাই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক সংঘাতে মানসকলক অসমলৈ আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল, যাৰ ফলত অসমত মানৰ তৃতীয় আক্ৰমণৰ সূচনা হয়।

(গ) বদনচন্দ্ৰ বৰফুকন

উত্তৰ- আহোম ৰাজবংশৰ এজন প্ৰভাবশালী আৰু উচ্চপদস্থ বিষয়া আছিল বদনচন্দ্ৰ বৰফুকন। তেওঁ বৰ ক্ষমতালোভী ব্যক্তি আছিল, আৰু এই ক্ষমতালিপ্সাৰ ফলতেই পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ সৈতে তেওঁৰ ক্ষমতাকেন্দ্ৰিক সংঘাত আৰম্ভ হয়। এই সংঘাতে মানসকলক অসম আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। বদনচন্দ্ৰ বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হত্যাৰ ষড়যন্ত্ৰ ৰচে, কিন্তু ধৰা পৰাৰ ভয়ত তেওঁ প্ৰথমে কলিকতালৈ পলাই যায় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা সহায় বিচাৰিছিল। কোম্পানীৰ পৰা কোনো সহায় নাপাই, ম্যানমাৰলৈ গৈ বডৌপায়া ৰজাৰ শৰণাপন্ন হয় আৰু তেওঁৰ সৈতে মিলি অসম আক্ৰমণ কৰে।

মানসেনাৰ সহায়ত কম বয়সীয়া স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক পুনৰ আহোম সিংহাসনত বসোৱা হয়। মানসকল নিজৰ দেশলৈ উভতি যোৱাৰ পিছত বদনচন্দ্ৰ বৰফুকন অসমত সৰ্বময় কর্তৃত্ব স্থাপন কৰে। কিন্তু সংকটকালত আহোম ৰাজবংশৰ ৰক্ষা কৰাৰ সলনি তেওঁ অধিক অত্যাচাৰী আৰু নিৰ্মম শাসক হৈ পৰে। তেওঁৰ অত্যাচাৰে অসমীয়া জনসাধাৰণ অতিষ্ঠ হৈ পৰে। অবশেষত, ৰাজমাওঁ নুমলীয়ে বৰবৰুৱা আৰু বৰগোহাইৰ সহায়ত ৰূপসিং চুবেদাৰৰ হাতত বদনচন্দ্ৰ বৰফুকনক হত্যা কৰাই।

৬) কেপ্তেইন ৱেলছ কোন আছিল ? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হল?

উত্তৰ- কেপ্তেইন ৱেলছ এজন বৃটিছ বিষয়া আৰু এজন ভাল লেখকো আছিল। কেপ্তেইন ৱেলছে মোৱামৰীয়া বিদ্ৰোহৰ সম-সাময়িক অসমৰ ৰাজনৈতিক, অর্থনীতি আৰু সামাজিক অৱস্থাৰ ওপৰত এটি বিৱৰণ লিখি থৈ গৈছে ।

তেওঁ মোৱামৰীয়া বিদ্রোহ দমনৰ উদ্দেশ্যে অসমলৈ আহিছিল ।

মধ্য আৰু নামনি অসমত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰভাৱৰ ফলত সামন্ত শক্তিসমূহে মূৰ দাঙিবলৈ লওঁতে, সেই সময়ৰ আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিবলৈ বাধ্য হয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইতিমধ্যে অসমৰ অপাৰ প্রাকৃতিক সম্পদৰ বিষয়ে অৱগত আছিল, আৰু এই সম্পদসমূহৰ সু-ব্যৱহাৰে কোম্পানীৰ অৰ্থনীতি শক্তিশালী কৰাৰ সুযোগৰ অপেক্ষাত আছিল। তদুপৰি, বঙালদেশত থকা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শদিয়া অঞ্চলত লোণৰ খনিৰ সন্ধান পোৱা কৰিছিল, যি বৃটিছ কোম্পানীৰ বাবে বিশেষ আগ্ৰহৰ বিষয় আছিল। তেওঁলোকে এইটোও বুজিছিল যে অসমৰ পৰ্যাপ্ত সম্পদৰ জৰিয়তে বৃটিছ সৈন্যবাহিনীৰ বাবে প্ৰয়োজনীয় খৰচ যোগান ধৰা কোনো সমস্যাই নহ’ব।

এই পৰিস্থিতিত গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে ১৭৯২ খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছক অসমলৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ পৰা ভীতিগ্ৰস্ত হৈ পলাই যোৱা স্বৰ্গদেউ গৌৰীনাথ সিংহ নগৰবেৰাত কেপ্তেইন ৱেলছৰ সৈন্যবাহিনীৰ সৈতে মিলিত হয়। তেওঁলোকৰ যৌথ সেনাবাহিনীয়ে অতি সোনকালে বিদ্ৰোহীসকলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰে। এই সফলতাৰ পিছত কেপ্তেইন ৱেলছে দৰঙৰ ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহো দমন কৰে। ক্রমান্বয়ে কেপ্তেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্ৰোহসমূহ দমন কৰি আহোম শাসনৰ পুনঃস্থাপনা কৰে আৰু গৌৰীনাথ সিংহক আহোম ৰাজ্যৰ শাসনভাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে, লৰ্ড কৰ্ণৱালিছৰ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰৰ দিনত বৈদেশিক নীতিত হোৱা পৰিৱর্তনৰ ফলত কেপ্তেইন ৱেলছ ১৭৯৪ খ্ৰীষ্টাব্দত অসম ত্যাগ কৰি স্বদেশলৈ প্ৰত্যাৱর্তন কৰে।

৭) ‘পূর্ণানন্দ বুঢ়াগোঁহাই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দন্দই অসমলৈ মান অহাত সহায় কৰিছিল’- কথাষাৰৰ যথার্থতা নির্ণয় কৰা।

উত্তৰ- কথাষাৰ সত্য ।

মানৰ অসম আক্ৰমণৰ মূল কাৰণ আছিল আহোমৰ উচ্চপদস্থ বিষয়া বদনচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মাজত চলি থকা ক্ষমতাৰ দন্দ। এই সময়ত আহোম ৰাজপাটত কোমল বয়সীয়া চন্দ্ৰকান্ত সিংহ শাসন কৰিছিল, যদিও প্রকৃত শাসনভাৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হাতত আছিল। অন্যদিকে, বদনচন্দ্ৰ বৰফুকন আছিল এজন ক্ষমতালোভী ব্যক্তি, যি পূৰ্ণানন্দ বুঢ়াগোঁহাইক হত্যা কৰাৰ ষড়যন্ত্ৰৰ লগতে তেওঁৰ ক্ষমতা বঢ়োৱাৰ প্ৰয়াস লৈছিল।

বুঢ়াগোঁহায় বদনচন্দ্ৰ বৰফুকনৰ এই কার্যকলাপত অসন্তুষ্ট হৈ পৰ্বতীয়া বৰফুকনক বদনচন্দ্ৰক ধৰি আনা বাবে পঠিয়াইছিল। কিন্তু বদনচন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই বাতৰি লাভ কৰি কলিকতালৈ পলাই যায়। কলিকতাত উপস্থিত হৈ তেওঁ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় বিচাৰিছিল। যদিও কোম্পানীয়ে সহায় কৰিবলৈ অমান্তি হোৱাত, বদনচন্দ্ৰ বৰফুকন শেষত ব্রহ্মদেশত উপস্থিত হয়।

ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচাৰি, বদনচন্দ্ৰ বৰফুকনে দাবী কৰে যে অসমত তেওঁৰ ক্ষমতাৰ অপপ্রয়োগ হৈছে, যাৰ ফলত মানসকল প্ৰথমবাৰ অসম আক্ৰমণ কৰে।

৮) ইয়াণ্ডাবু সন্ধিৰ পৰৱর্তী পর্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল ?  তোমাৰ মতামত দাঙি ধৰা ।

উত্তৰ- অসমৰ ভূখণ্ড আৰু ভৌগোলিক অৱস্থা—য’ত পৰ্বত, পাহাৰ, নদী আৰু উপত্যকা সমাহাৰিত—বিদেশী জাতিৰ বাবে বিশেষকৈ বোধগম্য নাছিল। ভাৰতত শাসনৰ বাঘজৰী নিজ হাতত লোৱাৰ লগে লগে ইংৰাজসকল অসমৰ অফুৰন্ত খনিজ সম্পদৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰে। আহোম ৰাজবংশৰ বিপদৰ সময়ত স্বৰ্গদেউসকল উপায়হীন হৈ ইংৰাজক সহায়ৰ বাবে অনুৰোধ জনাইছিল।

বিভিন্ন সময়ত স্বৰ্গদেউৰ পৰা আমন্ত্ৰণ পাই ইংৰাজসকলে অসমলৈ ঢপলীয়াই আহিছিল আৰু তলে তলে নিজৰ বাবে সুবিধাজনক স্থানসমূহ দখল কৰিবলৈ আৰম্ভ কৰিছিল। যিবোৰ অঞ্চলত যাতায়ত আৰু যোগাযোগৰ সুবিধা আছিল, সেই অঞ্চলসমূহ পোনপ্ৰথমে নিজৰ অধীনলৈ আনিছিল। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত জলপথৰ সুবিধা থাকাৰ বাবে এই অঞ্চলবোৰক তেওঁলোকে নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *