Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Social Science Chapter 8 Question Answer | Class 8 Social Science Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Question Answer in Assamese Medium | 2026

  ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

১। চমু উত্তৰ দিয়া—

(ক) স্কেল বা মাপনী বুলিলে কি বুজা?

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতক স্কেল বা মাপনী বোলে।

(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন স্থানৰ সৈতে জড়িত তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ আৰু প্ৰদৰ্শন আদি কাৰ্য নিয়াৰিকৈ সম্পন্ন কৰা কম্পিউটাৰভিত্তিক ব্যৱস্থাক ভৌগোলিক তথ্য ব্যৱস্থা বোলে। ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও কোৱা হয়।


২। শুদ্ধ উত্তৰটোত (√) চিন দিয়া—

(ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল—

(১) ইৰাট’স্থেনিচে
(২) ট’লেমিয়ে
(৩) কাৰ্ল ৰিটাৰে

উত্তৰঃ (২) ট’লেমিয়ে।

(খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল—

(১) নিৰূপক ভগ্নাংশ
(২) ৰৈখিক স্কেল
(৩) ভাষাৰ স্কেল

উত্তৰঃ (১) নিৰূপক ভগ্নাংশ।

(গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে—

(১) মিছৰত
(২) মেছ’প’টেমিয়াত
(৩) চীনত

উত্তৰঃ (২) মেছ’প’টেমিয়াত।


৩। বহলাই লিখা—

মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ সম্বন্ধে এটি টোকা লিখা।

উত্তৰঃ এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰাটো সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা চলাই আহিছে।

আটাইতকৈ প্ৰাচীন মানচিত্ৰ মেছ’প’টেমিয়াত, অৰ্থাৎ বৰ্তমানৰ ইৰাক অঞ্চলত উদ্ধাৰ হৈছে। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো প্ৰাচীন কালত মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। বিশেষকৈ নীল নদীৰ বানাক্ৰান্ত অঞ্চলসমূহৰ মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা যায়।

খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণা ব্যৱহাৰ কৰি মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। চীনাসকলে পাটৰ কাপোৰত পৰ্বত-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল।

প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। তেওঁ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত বিভিন্ন ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল।

পৰৱৰ্তী সময়ত কলম্বাছ, ভাস্কো-ডা-গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন স্থান আৱিষ্কাৰ কৰাৰ ফলত পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বৃদ্ধি পায়। ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতি আৰু প্ৰকাশৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনে। এইদৰে সময়ৰ লগে লগে মানচিত্ৰ অংকনৰ পদ্ধতি অধিক উন্নত আৰু বিজ্ঞানসন্মত হৈ উঠে।


৪। ভূগোল অধ্যয়নত কি কি প্ৰযুক্তি ব্যৱহাৰ কৰা হয় লিখা।

উত্তৰঃ ভূগোল অধ্যয়নত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত দূৰ সংবেদন আৰু ভৌগোলিক তথ্য ব্যৱস্থা উল্লেখযোগ্য।

দূৰ সংবেদনঃ

কোনো বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰ পৰা নিৰীক্ষণ বা জোখ-মাখ কৰি প্ৰয়োজনীয় তথ্য আহৰণ কৰা প্ৰযুক্তিক দূৰ সংবেদন বোলে। এই প্ৰক্ৰিয়াত ভূপৃষ্ঠৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ বিভিন্ন ধৰণৰ সংবেদক ব্যৱহাৰ কৰা হয়।

এই সংবেদকসমূহ আকাশীযান বা কৃত্ৰিম উপগ্ৰহত সংস্থাপন কৰা হয়। ইয়াৰ সহায়ত ভূপৃষ্ঠৰ পৰ্বত-পাহাৰ, নদ-নদী, বনাঞ্চল, কৃষিভূমি আদি বিভিন্ন অৱয়ৱৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰি।

ভৌগোলিক তথ্য ব্যৱস্থাঃ

পৃথিৱীৰ বিভিন্ন স্থানৰ সৈতে জড়িত তথ্য সংগ্ৰহ, সংৰক্ষণ, বিশ্লেষণ আৰু প্ৰদৰ্শন কৰা কম্পিউটাৰভিত্তিক ব্যৱস্থাক ভৌগোলিক তথ্য ব্যৱস্থা বোলে। ইয়াৰ সহায়ত বিভিন্ন স্থানিক তথ্য সুসংগঠিতভাৱে বিশ্লেষণ আৰু উপস্থাপন কৰিব পাৰি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects