Chapter 1
“উদ্ভিদ বিজ্ঞানৰ প্ৰাথমিক ধাৰণা (Basics of Plant science)”
অতি চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: অৰ্থনৈতিক উদ্ভিদ বিজ্ঞান (Economic Botany) বুলিলে কি বুজা?
উত্তৰঃ মানুহৰ খাদ্য, বস্ত্ৰ, ঔষধ আৰু উদ্যোগৰ কেঁচামাল আদি যোগান ধৰা উদ্ভিদৰ ব্যৱহাৰ আৰু উপকাৰিতা সম্পৰ্কে অধ্যয়ন কৰা উদ্ভিদ বিজ্ঞানৰ শাখাক অৰ্থনৈতিক উদ্ভিদ বিজ্ঞান বোলে।
প্ৰশ্ন ২: প্ৰথম সংবহন কলাযুক্ত (Vascular) উদ্ভিদৰ বিভাগটোৰ নাম কি?
উত্তৰঃ টেৰিড’ফাইট (Pteridophytes)।
প্ৰশ্ন ৩: ভাইৰাছক কিয় জীৱ আৰু অজীৱৰ সংযোগকাৰী সেতু বুলি কোৱা হয়?
উত্তৰঃ ভাইৰাছ পোষক কোষৰ বাহিৰত অজীৱৰ দৰে নিষ্ক্ৰিয় হৈ থাকে, কিন্তু পোষক কোষৰ ভিতৰত প্ৰৱেশ কৰিলে জীৱৰ দৰে সক্ৰিয় হৈ বংশবৃদ্ধি কৰে। সেইবাবে ইয়াক জীৱ আৰু অজীৱৰ সংযোগকাৰী সেতু বুলি কোৱা হয়।
প্ৰশ্ন ৪: স্ব-পৰাগযোগ ঘটা এবিধ প্ৰধান শস্যৰ নাম লিখা।
উত্তৰঃ ধান (Oryza sativa) বা ঘেঁহু (Triticum aestivum)।
প্ৰশ্ন ৫: ভেঁকুৰৰ কোষবেৰত পোৱা মুখ্য উপাদানবিধৰ নাম কি?
উত্তৰঃ কাইটিন (Chitin)।
প্ৰশ্ন ৬: শস্য ঘৰচীয়াকৰণ (Crop Domestication) মানে কি?
উত্তৰঃ বনৰীয়া উদ্ভিদক মানুহৰ প্ৰয়োজন অনুসৰি নিৰ্বাচন, যত্ন আৰু কৃত্ৰিমভাৱে খেতিৰ উপযোগী কৰি তোলা প্ৰক্ৰিয়াক শস্য ঘৰচীয়াকৰণ বোলে।
প্ৰশ্ন ৭: বেক্টেৰিয়াৰ কোষবেৰ কিহেৰে গঠিত?
উত্তৰঃ বেক্টেৰিয়াৰ কোষবেৰ মূলতঃ পেপ্টিড’গ্লাইকেন (Peptidoglycan) নামৰ পদাৰ্থৰে গঠিত।
প্ৰশ্ন ৮: নগ্নজীৱী উদ্ভিদৰ (Gymnosperms) গুটিসমূহ আবৃত হৈ নাথাকে কিয়?
উত্তৰঃ নগ্নজীৱী উদ্ভিদত গৰ্ভাশয় নথকাৰ বাবে ডিম্বকসমূহ ফলৰ ভিতৰত আবৃত নাথাকে। সেইবাবে ইয়াৰ বীজ বা গুটি উন্মুক্ত অৱস্থাত থাকে।
প্ৰশ্ন ৯: সমন্বিত ৰোগ ব্যৱস্থাপনা (IPM)ৰ মূল লক্ষ্য কি?
উত্তৰঃ পৰিৱেশৰ ওপৰত কম ক্ষতিকাৰক প্ৰভাৱ পেলাই জৈৱিক, যান্ত্ৰিক আৰু প্ৰয়োজন অনুসৰি ৰাসায়নিক পদ্ধতিৰ সমন্বিত ব্যৱহাৰৰ জৰিয়তে শস্যৰ কীট-পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ কৰাই IPMৰ মূল লক্ষ্য।
প্ৰশ্ন ১০: কোনবোৰ উদ্ভিদক উদ্ভিদ জগতৰ ‘উভচৰ’ (Amphibians of Plant Kingdom) বুলি জনা যায়?
উত্তৰঃ **ব্ৰায়’ফাইট (Bryophytes)**ক উদ্ভিদ জগতৰ ‘উভচৰ’ বুলি কোৱা হয়।
প্ৰশ্ন ১১: ভাৰতীয় অৰ্থনীতিত কৃষিৰ স্থান কি?
উত্তৰঃ কৃষি ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ ভিত্তি। ই বৃহৎ সংখ্যক লোকক জীৱিকা প্ৰদান কৰাৰ লগতে খাদ্য, উদ্যোগৰ কেঁচামাল আৰু দেশৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
প্ৰশ্ন ১২: আবৃতজীৱী উদ্ভিদৰ (Angiosperms) দ্বিনিষেধেকৰ (Double Fertilization) ফলত কি গঠিত হয়?
উত্তৰঃ দ্বিনিষেধেকৰ ফলত দ্বিগুণাত্মক ভ্ৰূণ (Zygote, 2n) আৰু ত্ৰিগুণাত্মক ভ্ৰূণপোষ (Endosperm, 3n) গঠিত হয়।
প্ৰশ্ন ১৩: ক্লন (Clone) বুলিলে কি বুজা?
উত্তৰঃ অংগজ প্ৰজনন বা কোষীয়/অঙ্গজ বংশবৃদ্ধিৰ জৰিয়তে সৃষ্টি হোৱা আৰু জনক উদ্ভিদৰ সৈতে একে বা প্ৰায় একে জিনীয় বৈশিষ্ট্য বহন কৰা জীৱসমষ্টিক ক্লন (Clone) বোলা হয়।
প্ৰশ্ন ১৪: সেউজ বিপ্লৱৰ (Green Revolution) সময়ত ভাৰতত উদ্ভিদ প্ৰজননৰ যোগেদি বিকাশ কৰা এবিধ শস্যৰ নাম লিখা।
উত্তৰঃ উচ্চ উৎপাদনক্ষম চুটি জাতৰ ঘেঁহু সেউজ বিপ্লৱৰ সময়ত উদ্ভিদ প্ৰজননৰ জৰিয়তে বিকাশ কৰা এক উল্লেখযোগ্য শস্য।
প্ৰশ্ন ১৫: ভাৰতৰ কৃষি গৱেষণাৰ মুখ্য ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ICARৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ Indian Council of Agricultural Research (ICAR) — ভাৰতীয় কৃষি গৱেষণা পৰিষদ।
২. চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: প্ৰ’কেৰিয়’টিক আৰু ইউকেৰিয়’টিক জীৱৰ মাজত থকা দুটা মূল পাৰ্থক্য লিখা।
উত্তৰ: প্ৰ’কেৰিয়’টিক কোষত সুসংগঠিত নিউক্লিয়াছ আৰু আৱৰণীবদ্ধ কোষ অংগাণু নাথাকে। উদাহৰণ— বেক্টেৰিয়া। আনহাতে, ইউকেৰিয়’টিক কোষত সুসংগঠিত নিউক্লিয়াছ আৰু মাইট’কণ্ড্ৰিয়া, গলগি বডি আদি আৱৰণীবদ্ধ কোষ অংগাণু থাকে। উদাহৰণ— উদ্ভিদ আৰু ভেঁকুৰৰ কোষ।
প্ৰশ্ন ২: শৈৰাল (Algae) আৰু ভেঁকুৰৰ (Fungi) মাজত দুটা প্ৰধান পাৰ্থক্য দৰ্শোৱা।
উত্তৰ: শৈৰালভেঁকুৰ1. শৈৰালত ক্ল’ৰ’ফিল থাকে আৰু ই স্বভোজী। 1. ভেঁকুৰত ক্ল’ৰ’ফিল নাথাকে আৰু ই পৰভোজী।2. ইয়াৰ কোষবেৰ সাধাৰণতে চেলুল’জেৰে গঠিত। 2.ইয়াৰ কোষবেৰ মূলতঃ কাইটিনেৰে গঠিত।
প্ৰশ্ন ৩: ব্ৰায়’ফাইটক উদ্ভিদ জগতৰ উভচৰ বুলি ধৰা হয় কিয়?
উত্তৰ: ব্ৰায়’ফাইট স্থলভাগত বাস কৰা উদ্ভিদ যদিও ইহঁতৰ যৌন প্ৰজননৰ বাবে পানীৰ প্ৰয়োজন হয়। পুংজননকোষে পানীৰ সহায়ত স্ত্ৰীজননকোষৰ ওচৰলৈ গৈ নিষেচন সম্পন্ন কৰে। সেইবাবে ব্ৰায়’ফাইটক উদ্ভিদ জগতৰ উভচৰ বুলি কোৱা হয়।
প্ৰশ্ন ৪: নগ্নজীৱী আৰু আবৃতজীৱী উদ্ভিদৰ সংবহন কলাৰ (Vascular tissue) দুটা পাৰ্থক্য লিখা।
উত্তৰ: ১। নগ্নজীৱী উদ্ভিদৰ জাইলেমত সাধাৰণতে ভেছেল নাথাকে, কিন্তু আবৃতজীৱী উদ্ভিদৰ জাইলেমত ভেছেল থাকে।
২। নগ্নজীৱী উদ্ভিদৰ ফ্লোৱেমত সংগী কোষ নাথাকে, কিন্তু আবৃতজীৱী উদ্ভিদৰ ফ্লোৱেমত সংগী কোষ থাকে।
প্ৰশ্ন ৫: উদ্ভিদে ৰাষ্ট্ৰীয় অৰ্থনীতিত কেনেদৰে অৰ্থনৈতিক ভৰণ-পোষণ যোগায়?
উত্তৰ: উদ্ভিদে খাদ্য, বস্ত্ৰৰ আঁহ, ঔষধ, কাঠ আৰু বিভিন্ন উদ্যোগৰ কেঁচামাল যোগান ধৰে। ধান, ঘেঁহু, কপাহ, মৰাপাট, নিম, চিনকোনা আদি উদ্ভিদে দেশৰ বাণিজ্য, উদ্যোগ আৰু বৈদেশিক মুদ্ৰা উপাৰ্জনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
প্ৰশ্ন ৬: সমন্বিত ৰোগ ব্যৱস্থাপনা (IPM) প্ৰণালীৰ মূল উপাদানসমূহ কি কি?
উত্তৰ: IPMৰ প্ৰধান উপাদানসমূহ হ’ল—১। জৈৱিক নিয়ন্ত্ৰণ।
২। শস্য পৰিক্ৰমা আৰু যান্ত্ৰিক নিয়ন্ত্ৰণ।
৩। ৰোগ বা কীট-প্ৰতিৰোধী জাতৰ ব্যৱহাৰ।
৪। প্ৰয়োজন অনুসৰি উপযুক্ত আৰু নূন্যতম পৰিমাণৰ ৰাসায়নিক কীটনাশকৰ প্ৰয়োগ।
প্ৰশ্ন ৭: স্ব-পৰাগযোগ আৰু পৰ-পৰাগযোগৰ দুটা মূল পাৰ্থক্য লিখা।
উত্তৰ: ১। স্ব-পৰাগযোগত একেজোপা উদ্ভিদৰ একেটা বা বেলেগ ফুলৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণু স্থানান্তৰিত হয়; কিন্তু পৰ-পৰাগযোগত একে প্ৰজাতিৰ বেলেগ উদ্ভিদৰ ফুললৈ পৰাগৰেণু স্থানান্তৰিত হয়।
২। স্ব-পৰাগযোগত বাহ্যিক পৰাগবাহকৰ প্ৰয়োজন সাধাৰণতে কম; কিন্তু পৰ-পৰাগযোগত বতাহ, পানী, পতংগ আদি বাহকৰ প্ৰয়োজন হ’ব পাৰে।
প্ৰশ্ন ৮: অংগজ প্ৰজনন বা ক্লনেল প্ৰজননৰ (Clonal Propagation) দুটা সুবিধা উল্লেখ কৰা।
উত্তৰ: ১। উৎকৃষ্ট মাতৃ-উদ্ভিদৰ জিনীয় বৈশিষ্ট্যসমূহ একে ৰূপতে পৰৱৰ্তী প্ৰজন্মলৈ সংৰক্ষণ কৰিব পাৰি।
২। গুটিৰ দ্বাৰা সহজে বংশবৃদ্ধি নকৰা শস্য, যেনে— কল আৰু কুঁহিয়াৰ, দ্ৰুতভাৱে আৰু অধিক সংখ্যাত উৎপাদন কৰিব পাৰি।
প্ৰশ্ন ৯: শস্য ঘৰচীয়াকৰণৰ (Crop Domestication) গুৰুত্ব কি?
উত্তৰ: শস্য ঘৰচীয়াকৰণৰ জৰিয়তে বনৰীয়া উদ্ভিদক মানুহৰ প্ৰয়োজন অনুসৰি অধিক উৎপাদনশীল, উন্নত গুণসম্পন্ন আৰু খেতিৰ উপযোগী কৰি তোলা হয়। ইয়াৰ ফলত খাদ্যৰ যোগান বৃদ্ধি পায় আৰু আধুনিক কৃষি ব্যৱস্থাৰ বিকাশ ঘটে।
প্ৰশ্ন ১০: উদ্ভিদ প্ৰজননৰ (Plant Breeding) দুটা প্ৰধান উদ্দেশ্য লিখা।
উত্তৰ: ১। শস্যৰ উৎপাদন ক্ষমতা আৰু গুণগত মান বৃদ্ধি কৰা।
২। ৰোগ, কীট-পতংগ, খৰাং, লৱণাক্ততা, অতিপাত ঠাণ্ডা আদি জৈৱিক আৰু অজৈৱিক প্ৰতিকূলতাৰ বিৰুদ্ধে প্ৰতিৰোধী জাত সৃষ্টি কৰা।
প্ৰশ্ন ১১: সংঙ্কৰণ বা হাইব্ৰিডাইজেচন (Hybridization) বুলিলে কি বুজা?
উত্তৰ: জিনীয়ভাৱে বা বৈশিষ্ট্যৰ দিশত পৃথক দুটা উদ্ভিদৰ মাজত কৃত্ৰিমভাৱে সংকৰ প্ৰজনন ঘটাই উন্নত গুণসম্পন্ন নতুন সন্ততি বা সংকৰ জাত সৃষ্টি কৰা প্ৰক্ৰিয়াক সংকৰায়ন (Hybridization) বোলে।
প্ৰশ্ন ১২: ৰাষ্ট্ৰীয় উদ্ভিদ প্ৰজনন প্ৰতিষ্ঠানসমূহে কৃষি খণ্ডত কেনে ভূমিকা পালন কৰে?
উত্তৰ: ৰাষ্ট্ৰীয় উদ্ভিদ প্ৰজনন প্ৰতিষ্ঠানসমূহে উচ্চ উৎপাদনক্ষম আৰু উন্নত গুণসম্পন্ন শস্যৰ জাত উদ্ভাৱন কৰে। লগতে জিনীয় সম্পদ সংৰক্ষণ, ৰোগ-কীট প্ৰতিৰোধী জাত বিকাশ আৰু আধুনিক কৃষি প্ৰযুক্তিৰ প্ৰসাৰত সহায় কৰে। ইয়াৰ ফলত খাদ্য উৎপাদন বৃদ্ধি আৰু কৃষি অৰ্থনীতি শক্তিশালী হয়।
প্ৰশ্ন ১৩: ভাৰতীয় অৰ্থনীতিত ‘সেউজ বিপ্লৱ’ৰ প্ৰভাৱ চমুকৈ লিখা।
উত্তৰ: সেউজ বিপ্লৱৰ ফলত উচ্চ উৎপাদনক্ষম জাত, উন্নত জলসিঞ্চন, ৰাসায়নিক সাৰ আৰু আধুনিক কৃষি প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পায়। ইয়াৰ ফলত ভাৰতত খাদ্যশস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাই দেশ খাদ্যৰ ক্ষেত্ৰত অধিক আত্মনিৰ্ভৰশীল হয় আৰু কৃষিভিত্তিক অৰ্থনীতিৰ বিকাশ ঘটে।
প্ৰশ্ন ১৪: বেক্টেৰিয়াৰ অৰ্থনৈতিক গুৰুত্ব দুটা বাক্যত লিখা।
উত্তৰ: বেক্টেৰিয়াই, যেনে Rhizobium, নাইট্ৰ’জেন সংবন্ধনৰ জৰিয়তে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। ইয়াৰ উপৰি দৈ আদি দুগ্ধজাত সামগ্ৰী আৰু বিভিন্ন ঔষধ তথা এণ্টিবায়’টিক উৎপাদনতো বেক্টেৰিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
প্ৰশ্ন ১৫: ভাইৰাছক সজীৱ আৰু অজীৱৰ মধ্যৱৰ্তী সত্তা বুলি কিয় ধৰা হয়?
উত্তৰ: ভাইৰাছ পোষক কোষৰ বাহিৰত নিষ্ক্ৰিয় হৈ স্ফটিকৰ দৰে থাকিব পাৰে, যিটো অজীৱৰ বৈশিষ্ট্য। কিন্তু পোষক কোষৰ ভিতৰত প্ৰৱেশ কৰিলে ই নিজৰ নিউক্লিক এছিডৰ সহায়ত বংশবৃদ্ধি কৰে, যিটো জীৱৰ বৈশিষ্ট্য। সেয়েহে ভাইৰাছক সজীৱ আৰু অজীৱৰ মধ্যৱৰ্তী সত্তা বুলি ধৰা হয়।
৩. দীঘল প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: উদ্ভিদ জগতৰ প্ৰধান বিভাগসমূহৰ (ব্ৰায়’ফাইট, টেৰিড’ফাইট, নগ্নজীৱী আৰু আবৃতজীৱী) ক্ৰমবিকাশগত বৈচিত্ৰ্য আৰু সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: উদ্ভিদ জগতৰ ক্ৰমবিকাশ লক্ষ্য কৰিলে সৰল আৰু অসংবহনকলাযুক্ত উদ্ভিদৰ পৰা ক্ৰমান্বয়ে জটিল সংবহনকলাযুক্ত, বীজধাৰী আৰু সপুষ্পক উদ্ভিদৰ বিকাশ হোৱা দেখা যায়। প্ৰধান বিভাগসমূহৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল—
১। ব্ৰায়’ফাইট (Bryophytes):
ব্ৰায়’ফাইট সৰল আৰু অসংবহনকলাযুক্ত অপুষ্পক উদ্ভিদ। ইহঁতৰ প্ৰকৃত মূল, কাণ্ড আৰু পাত নাথাকে; মূলৰ সলনি ৰাইয’ইড থাকে। যৌন প্ৰজননৰ বাবে পানীৰ প্ৰয়োজন হোৱা বাবে ব্ৰায়’ফাইটক উদ্ভিদ জগতৰ উভচৰ বুলি কোৱা হয়। উদাহৰণ— Funaria।
২। টেৰিড’ফাইট (Pteridophytes):
টেৰিড’ফাইট হৈছে প্ৰথম সংবহনকলাযুক্ত অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ প্ৰকৃত মূল, কাণ্ড আৰু পাতত বিভক্ত আৰু জাইলেম-ফ্লোৱেমৰ উপস্থিতি দেখা যায়। ইহঁতে বীজৰ পৰিৱৰ্তে ৰেণুৰ দ্বাৰা বংশবৃদ্ধি কৰে। উদাহৰণ— ঢেকীয়া।
৩। নগ্নজীৱী (Gymnosperms):
নগ্নজীৱী উদ্ভিদ সংবহনকলাযুক্ত আৰু বীজধাৰী উদ্ভিদ। ইয়াত গৰ্ভাশয় নথকাৰ বাবে ডিম্বক আৰু পিছত গঠিত বীজ ফলৰ ভিতৰত আবৃত নাথাকে। সেয়েহে ইয়াৰ বীজক নগ্ন বীজ বুলি কোৱা হয়। উদাহৰণ— Pinus, Cycas।
৪। আবৃতজীৱী (Angiosperms):
আবৃতজীৱী উদ্ভিদ উদ্ভিদ জগতৰ আটাইতকৈ উন্নত আৰু বৈচিত্ৰ্যপূৰ্ণ গোট। ইহঁত সপুষ্পক উদ্ভিদ আৰু ইয়াৰ বীজ ফলৰ ভিতৰত আবৃত হৈ থাকে। ইহঁতৰ বিশেষ বৈশিষ্ট্য হৈছে দ্বিনিষেচন (Double Fertilization)। আবৃতজীৱীক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী— এই দুটা ভাগত বিভক্ত কৰা হয়।
সামৰণি
এইদৰে ব্ৰায়’ফাইটৰ দৰে সৰল অসংবহনকলাযুক্ত উদ্ভিদৰ পৰা টেৰিড’ফাইট, নগ্নজীৱী আৰু অৱশেষত আবৃতজীৱীৰ দৰে উন্নত সংবহনকলাযুক্ত আৰু বীজধাৰী উদ্ভিদৰ ক্ৰমবিকাশ ঘটিছে। এই বিকাশে উদ্ভিদৰ স্থলজ জীৱন অধিক সফল কৰি তুলিছে।
প্ৰশ্ন ২: সমন্বিত ৰোগ ব্যৱস্থাপনা (Integrated Disease Management – IDM) কি? শস্য ৰক্ষা আৰু পৰিৱেশ সুৰক্ষাত ইয়াৰ ভূমিকা বিস্তৃতভাৱে লিখা।
উত্তৰ: সমন্বিত ৰোগ ব্যৱস্থাপনা (IDM) হৈছে শস্যৰ ৰোগ নিয়ন্ত্ৰণৰ এক বিজ্ঞানসন্মত আৰু পৰিৱেশ-বান্ধৱ পদ্ধতি। এই পদ্ধতিত কেৱল ৰাসায়নিক ঔষধৰ ওপৰত নিৰ্ভৰ নকৰি কৃষিভিত্তিক, যান্ত্ৰিক, জৈৱিক, প্ৰতিৰোধী জাত আৰু প্ৰয়োজন অনুসৰি ৰাসায়নিক পদ্ধতিৰ সমন্বিত ব্যৱহাৰ কৰা হয়।
IDMৰ প্ৰধান কৌশলসমূহ
১। কৃষিভিত্তিক নিয়ন্ত্ৰণ (Cultural Control):
উপযুক্ত সময়ত শস্য ৰোপণ, শস্য পৰিক্ৰমা, পথাৰ পৰিষ্কাৰ ৰখা আৰু ৰোগাক্ৰান্ত উদ্ভিদ আঁতৰোৱাৰ জৰিয়তে ৰোগৰ বিস্তাৰ হ্ৰাস কৰা হয়।
২। জৈৱিক নিয়ন্ত্ৰণ (Biological Control):
ৰোগকাৰক জীৱ বা ক্ষতিকাৰক কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে উপকাৰী অনুজীৱ বা প্ৰাকৃতিক শত্ৰু ব্যৱহাৰ কৰা হয়। উদাহৰণ— Trichoderma আৰু Bacillus thuringiensis।
৩। প্ৰতিৰোধী জাতৰ ব্যৱহাৰ:
ৰোগ প্ৰতিৰোধ কৰিব পৰা উন্নত জাতৰ বীজ ব্যৱহাৰ কৰি ৰোগৰ আক্ৰমণ হ্ৰাস কৰা হয়।
৪। যান্ত্ৰিক আৰু কায়িক নিয়ন্ত্ৰণ:
ৰোগাক্ৰান্ত উদ্ভিদ বা অংশ আঁতৰোৱা, বীজ শোধন কৰা আৰু পথাৰ পৰিষ্কাৰ কৰি ৰখাৰ দৰে পদ্ধতি গ্ৰহণ কৰা হয়।
৫। নিয়ন্ত্ৰিত ৰাসায়নিক ব্যৱহাৰ:
ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হ’লে প্ৰয়োজন অনুসৰি উপযুক্ত ৰাসায়নিক ঔষধ নূন্যতম মাত্ৰাত প্ৰয়োগ কৰা হয়।
শস্য আৰু পৰিৱেশ সুৰক্ষাত IDMৰ ভূমিকা
- শস্যক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।
- ৰাসায়নিক কীটনাশক আৰু ঔষধৰ অত্যধিক ব্যৱহাৰ হ্ৰাস কৰে।
- মাটি, পানী আৰু বায়ু প্ৰদূষণ কমায়।
- মাটিৰ উপকাৰী অনুজীৱসমূহ সংৰক্ষণ কৰে।
- উৎপাদন ব্যয় হ্ৰাস কৰাত সহায় কৰে।
- ৰোগকাৰক জীৱৰ ঔষধ-প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠাৰ সম্ভাৱনা কমায়।
- টেকসই আৰু পৰিৱেশ-বান্ধৱ কৃষি ব্যৱস্থাৰ বিকাশত সহায় কৰে।
সামৰণি
IDM হৈছে শস্য ৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য বজাই ৰখা এক ফলপ্ৰসূ পদ্ধতি। সেয়েহে টেকসই কৃষি আৰু নিৰাপদ খাদ্য উৎপাদনৰ বাবে ইয়াৰ গুৰুত্ব অতি বেছি।
প্ৰশ্ন ৩: শস্য প্ৰজননৰ (Plant Breeding) মূল উদ্দেশ্যসমূহ কি কি? স্ব-পৰাগযোগ আৰু পৰ-পৰাগযোগ হোৱা শস্যৰ প্ৰজনন পদ্ধতিসমূহৰ এটি বৈজ্ঞানিক ধাৰণা দিয়া।
উত্তৰ: মানুহৰ প্ৰয়োজন অনুসৰি অধিক উৎপাদনক্ষম, উন্নত গুণসম্পন্ন আৰু প্ৰতিকূল পৰিৱেশ সহনশীল শস্যৰ জাত সৃষ্টি কৰাৰ বিজ্ঞান আৰু কলাক উদ্ভিদ প্ৰজনন (Plant Breeding) বোলা হয়।
উদ্ভিদ প্ৰজননৰ প্ৰধান উদ্দেশ্যসমূহ
১। উৎপাদন ক্ষমতা বৃদ্ধি:
একে পৰিমাণৰ মাটিত অধিক উৎপাদন পোৱা যায় এনে উচ্চ উৎপাদনক্ষম জাত সৃষ্টি কৰা।
২। গুণগত মান উন্নত কৰা:
শস্যৰ পুষ্টিগুণ, সোৱাদ, সংৰক্ষণ ক্ষমতা আৰু ঔদ্যোগিক গুণ বৃদ্ধি কৰা।
৩। প্ৰতিকূলতা প্ৰতিৰোধী জাত সৃষ্টি:
ৰোগ, কীট-পতংগ, খৰাং, লৱণাক্ততা, জলাবদ্ধতা আৰু অত্যধিক উষ্ণতা বা ঠাণ্ডা সহ্য কৰিব পৰা জাত সৃষ্টি কৰা।
৪। সম-পক্বতা লাভ:
শস্যসমূহ প্ৰায় একে সময়তে পকিব পৰা জাত সৃষ্টি কৰি চপোৱা আৰু সংৰক্ষণ সহজ কৰা।
স্ব-পৰাগযোগ হোৱা শস্যৰ প্ৰজনন পদ্ধতি
স্ব-পৰাগযোগী শস্যত সাধাৰণতে জিনীয়ভাৱে তুলনামূলকভাৱে সমজাতীয় অৱস্থা দেখা যায়। ইয়াত—
- Pure Line Selection ব্যৱহাৰ কৰি উৎকৃষ্ট বিশুদ্ধ শাৰী বাছনি কৰা হয়।
- Mass Selectionৰ জৰিয়তে ভাল বৈশিষ্ট্য থকা বহু উদ্ভিদ বাছি লোৱা হয়।
- দুটা ভিন্ন বৈশিষ্ট্যসম্পন্ন জাতৰ মাজত সংকৰায়ন (Hybridization) কৰা হয়।
- তাৰ পিছত Pedigree বা Bulk Methodৰ জৰিয়তে উপযুক্ত সন্ততি বাছনি কৰি নতুন জাত বিকাশ কৰা হয়।
পৰ-পৰাগযোগ হোৱা শস্যৰ প্ৰজনন পদ্ধতি
পৰ-পৰাগযোগী শস্যত সাধাৰণতে জিনীয় বৈচিত্ৰ্য আৰু বিষমযুগ্মতা অধিক থাকে। ইয়াত—
- Recurrent Selectionৰ জৰিয়তে বাৰে বাৰে উৎকৃষ্ট উদ্ভিদ বাছনি কৰা হয়।
- Hybrid Breedingৰ জৰিয়তে উৎকৃষ্ট সংকৰ জাত সৃষ্টি কৰা হয়।
- Composite Varieties আদি উন্নত জাত প্ৰস্তুত কৰা হয়।
সামৰণি
উদ্ভিদ প্ৰজননৰ বিভিন্ন পদ্ধতিৰ জৰিয়তে অধিক উৎপাদনক্ষম, উন্নত গুণসম্পন্ন আৰু ৰোগ-প্ৰতিৰোধী শস্যৰ জাত সৃষ্টি কৰা সম্ভৱ হৈছে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাত বিশেষ সহায় হৈছে।
প্ৰশ্ন ৪: অৰ্থনৈতিক উদ্ভিদ বিজ্ঞানৰ (Economic Botany) চমু পৰিচয় দিয়া। ৰাষ্ট্ৰীয় অৰ্থনীতিত ক্ৰান্তীয় আৰু উপক্ৰান্তীয় শস্যৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰ: মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষ উপকাৰত অহা উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰীৰ বৈজ্ঞানিক অধ্যয়ন কৰা উদ্ভিদ বিজ্ঞানৰ শাখাক অৰ্থনৈতিক উদ্ভিদ বিজ্ঞান (Economic Botany) বোলা হয়। খাদ্য, বস্ত্ৰ, ঔষধ, কাঠ, মসলা আৰু বিভিন্ন উদ্যোগৰ কেঁচামাল যোগান ধৰা উদ্ভিদ ইয়াৰ অধ্যয়নৰ অন্তৰ্গত।
ৰাষ্ট্ৰীয় অৰ্থনীতিত ক্ৰান্তীয় আৰু উপক্ৰান্তীয় শস্যৰ গুৰুত্ব
১। খাদ্য যোগান:
ধান, মাকৈ, বিভিন্ন দাইল, কল, আলু আদি শস্যই দেশৰ বৃহৎ জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰণ কৰে আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাত সহায় কৰে।
২। নগদ শস্য আৰু উদ্যোগ:
চাহ, কুঁহিয়াৰ, কপাহ, মৰাপাট আৰু ৰবৰ আদি নগদ শস্যই বিভিন্ন উদ্যোগৰ কেঁচামাল যোগান ধৰে। এই শস্যসমূহে কৃষক আৰু উদ্যোগ দুয়োটাৰে অৰ্থনৈতিক বিকাশত সহায় কৰে।
৩। মসলা আৰু ফল-মূল:
আম, কল, নাৰিকল, আদা, হালধি, জলকীয়া আদি ক্ৰান্তীয় আৰু উপক্ৰান্তীয় উদ্ভিদজাত সামগ্ৰীয়ে দেশীয় বজাৰৰ লগতে ৰপ্তানি বাণিজ্যতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৪। কৰ্মসংস্থান সৃষ্টি:
এই শস্যসমূহৰ খেতি, সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, পৰিবহন আৰু বিপণনৰ সৈতে বৃহৎ সংখ্যক লোক জড়িত হৈ থাকে। ফলত গ্ৰাম্য অঞ্চলত কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি পায়।
৫। বৈদেশিক মুদ্ৰা উপাৰ্জন:
চাহ, কফি, মসলা, ৰবৰ আদি বহু উদ্ভিদজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিব পাৰি।
৬। ৰাষ্ট্ৰীয় অৰ্থনীতিলৈ অৱদান:
কৃষি আৰু কৃষিভিত্তিক উদ্যোগৰ বিকাশৰ জৰিয়তে এই শস্যসমূহে দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
সামৰণি
ভাৰতৰ জলবায়ু আৰু মাটিৰ বৈচিত্ৰ্যৰ বাবে ক্ৰান্তীয় আৰু উপক্ৰান্তীয় শস্যৰ উৎপাদনৰ যথেষ্ট সম্ভাৱনা আছে। খাদ্য যোগান, কৰ্মসংস্থান, উদ্যোগ, বাণিজ্য আৰু বৈদেশিক মুদ্ৰা উপাৰ্জনৰ ক্ষেত্ৰত এই শস্যসমূহৰ গুৰুত্ব অতি বেছি।
প্ৰশ্ন ৫: উদ্ভিদ প্ৰজননত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ (যেনে- ICAR, IARI) ভূমিকা আৰু শস্য ঘৰচীয়াকৰণৰ (Crop Domestication) পৰা সেউজ বিপ্লৱলৈ ইয়াৰ ঐতিহাসিক যাত্ৰা ব্যাখ্যা কৰা।
উত্তৰ: মানৱ সভ্যতাৰ বিকাশৰ লগে লগে কৃষি আৰু শস্যৰো যথেষ্ট উন্নতি সাধন হৈছে। শস্যৰ এই বিকাশৰ প্ৰধান পৰ্যায়সমূহৰ ভিতৰত শস্য ঘৰচীয়াকৰণ আৰু বৈজ্ঞানিক উদ্ভিদ প্ৰজনন বিশেষভাৱে উল্লেখযোগ্য। এই দুয়োটা প্ৰক্ৰিয়াৰ ফলতেই আধুনিক উচ্চ উৎপাদনশীল শস্যৰ বিকাশ আৰু সেউজ বিপ্লৱৰ সূচনা হৈছিল।
শস্য ঘৰচীয়াকৰণৰ পৰা সেউজ বিপ্লৱলৈ যাত্ৰা
প্ৰাচীন কালত মানুহে বন্য অৱস্থাত থকা উপযোগী উদ্ভিদসমূহ চিনাক্ত কৰি নিজৰ বসতিৰ ওচৰত খেতি কৰিবলৈ আৰম্ভ কৰিছিল। বন্য উদ্ভিদক মানুহৰ প্ৰয়োজন অনুসৰি নিৰ্বাচন কৰি নিয়মিতভাৱে খেতি কৰাৰ প্ৰক্ৰিয়াক শস্য ঘৰচীয়াকৰণ (Crop Domestication) বোলা হয়।
সময়ৰ লগে লগে মানুহে অধিক উৎপাদনশীল, উন্নত গুণসম্পন্ন আৰু ৰোগ প্ৰতিৰোধী উদ্ভিদ নিৰ্বাচন কৰিবলৈ ধৰিলে। ইয়াৰ ফলত শস্যৰ গুণগত আৰু উৎপাদনগত উন্নতি ঘটিল।
পৰৱৰ্তী সময়ত আধুনিক উদ্ভিদ প্ৰজনন বিজ্ঞান আৰু জিনীয় বিজ্ঞানৰ প্ৰয়োগেৰে অধিক উৎপাদনশীল, চুটি আকৃতিৰ, সাৰ গ্ৰহণক্ষম আৰু বিভিন্ন পৰিৱেশত উপযোগী শস্যৰ জাত সৃষ্টি কৰা হয়। বিশেষকৈ ঘেঁহু আৰু ধানৰ উচ্চ উৎপাদনশীল জাতৰ বিকাশে কৃষিক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰে। ইয়াৰ ফলস্বৰূপে বিংশ শতিকাৰ ১৯৬০-ৰ দশকত ভাৰতত সেউজ বিপ্লৱৰ সূচনা হয়।
উদ্ভিদ প্ৰজননত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ ভূমিকা
ভাৰতত কৃষি গৱেষণা আৰু উদ্ভিদ প্ৰজননৰ বিকাশত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ ভিতৰত ICAR আৰু IARI বিশেষভাৱে উল্লেখযোগ্য।
১। ICAR (Indian Council of Agricultural Research):
ICAR হৈছে ভাৰতৰ কৃষি গৱেষণা, শিক্ষা আৰু প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত গৱেষণা আৰু সমন্বয় সাধন কৰা এক প্ৰধান ৰাষ্ট্ৰীয় সংস্থা।
২। IARI (Indian Agricultural Research Institute):
IARI-এ উন্নত শস্যৰ জাত, কৃষি প্ৰযুক্তি আৰু উদ্ভিদ প্ৰজননৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ গৱেষণা সম্পন্ন কৰিছে। বিশেষকৈ ঘেঁহু আৰু অন্যান্য শস্যৰ উচ্চ উৎপাদনশীল জাতৰ বিকাশত ইয়াৰ উল্লেখযোগ্য অৱদান আছে।
ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ প্ৰধান অৱদান
ৰাষ্ট্ৰীয় কৃষি আৰু উদ্ভিদ প্ৰজনন প্ৰতিষ্ঠানসমূহে—
১। বিভিন্ন জিনীয় সম্পদ আৰু বীজ সংৰক্ষণ কৰে।
২। অধিক উৎপাদনশীল আৰু উন্নত গুণসম্পন্ন শস্যৰ জাত উদ্ভাৱন কৰে।
৩। ৰোগ আৰু কীট-পতংগ প্ৰতিৰোধী জাত বিকাশ কৰে।
৪। খৰাং, লৱণাক্ততা, উষ্ণতা আদি প্ৰতিকূল পৰিৱেশ সহ্য কৰিব পৰা জলবায়ু-সহনশীল জাত উদ্ভাৱনত সহায় কৰে।
৫। কৃষকসকলৰ মাজত আধুনিক কৃষি প্ৰযুক্তি আৰু বৈজ্ঞানিক জ্ঞান হস্তান্তৰ কৰে।
৬। দেশৰ খাদ্য উৎপাদন বৃদ্ধি আৰু খাদ্য সুৰক্ষা শক্তিশালী কৰাত সহায় কৰে।
সামৰণি
সেয়েহে, বন্য উদ্ভিদৰ শস্য ঘৰচীয়াকৰণৰ পৰা আৰম্ভ কৰি বৈজ্ঞানিক উদ্ভিদ প্ৰজনন আৰু সেউজ বিপ্লৱলৈকে কৃষিৰ এক দীঘলীয়া ঐতিহাসিক বিকাশ ঘটিছে। ICAR, IARI আদি ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ গৱেষণা আৰু প্ৰযুক্তিগত অৱদানে এই বিকাশক অধিক শক্তিশালী কৰি ভাৰতৰ কৃষি আৰু খাদ্য সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post