Chapter 1
“পৰিৱেশ নীতিশাস্ত্ৰৰ পৰিচয় (Introduction to Environmental Ethics)”
১ নম্বৰীয়া প্ৰশ্ন (অতি চমু উত্তৰৰ প্ৰশ্ন) — ১৫ টা
১. সেউজ প্ৰযুক্তি (Green Technology) কি?
উত্তৰ: পৰিৱেশৰ ক্ষতি নকৰাকৈ বা পৰিৱেশৰ প্ৰদূষণ কমাই সম্পদ উৎপাদন আৰু ব্যৱহাৰ কৰা প্ৰযুক্তিকেই সেউজ প্ৰযুক্তি বোলা হয়।
২. পৰিৱেশগত ন্যায় (Environmental Justice) কি?
উত্তৰ: সম্প্ৰদায়, জাতি বা উপাৰ্জন নিৰ্বিশেষে সকলো মানুহে যাতে সমানভাৱে পৰিৱেশগত সুৰক্ষা আৰু সম্পদ লাভ কৰে, তাক নিশ্চিত কৰাই হৈছে পৰিৱেশগত ন্যায়।
৩. জিনীয় প্রযুক্তি (Genetic Engineering) মানে কি?
উত্তৰ: কোনো জীৱৰ DNA-ত কৃত্ৰিমভাৱে সালসলনি ঘটাই আকাংক্ষিত নতুন গুণাগুণ সংযোজন কৰা বৈজ্ঞানিক প্ৰযুক্তিকেই জিনীয় প্ৰযুক্তি বোলে।
৪. প্ৰকৃতিৰ ‘স্বকীয় মূল্য’ (Intrinsic Value) কি?
উত্তৰ: মানুহৰ কোনো ব্যৱহাৰত নাহিলেও প্ৰকৃতি বা জীৱ-জন্তুৰ নিজাকৈ যি অস্তিত্বগত গুৰুত্ব বা মূল্য থাকে, তাকে স্বকীয় মূল্য বোলে।
৫. পৰিৱেশ নীতিশাস্ত্ৰ (Environmental Ethics) বুলিলে কি বুজা যায়?
উত্তৰ: মানুহ আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ নৈতিক সম্পৰ্ক আৰু দায়িত্ব অধ্যয়ন কৰা দৰ্শনৰ শাখাটোক পৰিৱেশ নীতিশাস্ত্ৰ বোলে।
৬. দায়িত্বশীল উদ্ভাৱন (Responsible Innovation) কি?
উত্তৰ: কোনো নতুন প্ৰযুক্তি উদ্ভাৱন কৰোঁতে ইয়াৰ সামাজিক, পৰিৱেশগত আৰু নৈতিক প্ৰভাৱসমূহ অগ্ৰাধিকাৰ দি কাম কৰাটোৱেই হৈছে দায়িত্বশীল উদ্ভাৱন।
৭. ই-বর্জ্য (E-waste) বুলিলে কি বুজা?
উত্তৰ: ব্যৱহাৰৰ অনুপযোগী হৈ পৰা ইলেক্ট্ৰনিক সামগ্ৰী (যেনে— ফোন, কম্পিউটাৰ ইত্যাদি) যিয়ে পৰিৱেশত সাংঘাতিক প্ৰদূষণ সৃষ্টি কৰে, তাক ই-বর্জ্য বোলে।
৮. জীৱকেন্দ্ৰিক নীতিশাস্ত্ৰ (Biocentrism)ৰ প্ৰধান মূলভাৱ কি?
উত্তৰ: কেৱল মানুহেই নহয়, পৃথিৱীৰ প্ৰতিটো জীৱৰে নিজস্ব প্ৰাকৃতিক মূল্য আৰু জীয়াই থকাৰ অধিকাৰ আছে— এয়াই জীৱকেন্দ্ৰিক নীতিশাস্ত্ৰৰ মূলভাৱ।
৯. কৃত্ৰিম বুদ্ধিমত্তা (AI) পৰিৱেশৰ ক্ষেত্ৰত কেনেদৰে সহায়ক হ’ব পাৰে?
উত্তৰ: বন ধ্বংস নিৰীক্ষণ, শক্তিৰ অপচয় ৰোধ আৰু জলবায়ু পৰিৱৰ্তনৰ সঠিক তথ্য বিশ্লেষণৰ বাবে AI ব্যৱহাৰ কৰিব পাৰি।
১০. সম্পৰ্কীয় মূল্য (Relational Value) কি?
উত্তৰ: মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক, সংস্কৃতি, ঐতিহ্য আৰু আত্মিক সংযোগৰ পৰা গঢ়ি উঠা মূল্যবোধক সম্পৰ্কীয় মূল্য বোলা হয়।
১১. মানৱকেন্দ্ৰিক নীতিশাস্ত্ৰ (Anthropocentrism) কি?
উত্তৰ: যি দৃষ্টিভংগীত মানুহক প্ৰকৃতিৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা হয় আৰু প্ৰকৃতিক কেৱল মানুহৰ প্ৰয়োজন পূৰণৰ মাধ্যম হিচাপে চোৱা হয়, তাক মানৱকেন্দ্ৰিক নীতিশাস্ত্ৰ বোলে।
১২. জেনেটিকালি মডিফাইড ক্ৰপ (GM Crops)ৰ এটা পৰিৱেশগত অনিশ্চয়তা লিখা।
উত্তৰ: এই শস্যই স্থানীয় প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰাৰ আৰু জৈৱিক সমতুল্যতা নষ্ট কৰাৰ আশংকা থাকে।
১৩. সম্পদৰ ন্যায়সংগত ব্যৱহাৰ (Equitable Use of Resources) বুলিলে কি বুজা?
উত্তৰ: পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজত সমভাৱে আৰু ন্যায়সংগতভাৱে বিতৰণ তথা ব্যৱহাৰ কৰাকে বুজায়।
১৪. পৰিস্থিতিকেন্দ্ৰিক নীতিশাস্ত্ৰ (Ecocentrism) কাক বোলে?
উত্তৰ: কেৱল সুকীয়া জীৱসমূহকে নহয়, বৰঞ্চ জৈৱিক আৰু অজৈৱিক উপাদানৰে গঠিত সমগ্ৰ পৰিৱেশ তন্ত্ৰটোক (Ecosystem) নৈতিক গুৰুত্ব প্ৰদান কৰা তত্ত্বক পৰিস্থিতিকেন্দ্ৰিক নীতিশাস্ত্ৰ বোলে।
১৫. পৰিৱেশ নীতিশাস্ত্ৰৰ উৎপত্তিৰ মূল কাৰণ কি আছিল?
উত্তৰ: কুৰি শতিকাৰ উদ্যোগীকৰণ, অত্যধিক সম্পদৰ শোষণ আৰু পৰিৱেশৰ অবক্ষয়ৰ ফলত উদ্ভৱ হোৱা সংকট মোকাবিলা কৰিবলৈ পৰিৱেশ নীতিশাস্ত্ৰৰ জন্ম হৈছিল।
২ নম্বৰীয়া প্ৰশ্ন (সৰ্বোচ্চ ৫০ টা শব্দৰ ভিতৰত) — ১৫ টা
১. পৰিৱেশ নীতিশাস্ত্রৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰ: পৰিৱেশ নীতিশাস্ত্ৰৰ মূল উদ্দেশ্য হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজত নৈতিক সম্পৰ্ক স্থাপন কৰা। ই প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ, পৰিৱেশ সংৰক্ষণ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুস্থ পৰিৱেশ নিশ্চিত কৰাত গুৰুত্ব দিয়ে।
২. মানৱকেন্দ্ৰিক (Anthropocentric) আৰু জীৱকেন্দ্ৰিক (Biocentric) ধাৰণাৰ পাৰ্থক্য কি?
উত্তৰ: মানৱকেন্দ্ৰিক ধাৰণাত মানুহৰ স্বাৰ্থ আৰু প্ৰয়োজনক সৰ্বাধিক গুৰুত্ব দিয়া হয়। আনহাতে, জীৱকেন্দ্ৰিক ধাৰণাত মানুহৰ লগতে সকলো জীৱৰ নিজস্ব মূল্য আৰু জীয়াই থকাৰ অধিকাৰ আছে বুলি স্বীকাৰ কৰা হয়।
৩. প্ৰকৃতি সংৰক্ষণত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ সম্পৰ্কে চুটিকৈ লিখা।
উত্তৰ: AI-ৰ সহায়ত বন ধ্বংস, চোৰাং চিকাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ তথ্য নিৰীক্ষণ আৰু বিশ্লেষণ কৰিব পাৰি। ইয়াৰ উপৰিও বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণ আৰু শক্তিৰ দক্ষ ব্যৱহাৰৰ ক্ষেত্ৰতো AI সহায়ক।
৪. জিনীয় প্ৰযুক্তিৰ (Genetic Engineering) পৰিৱেশগত নৈতিক সংকট কি?
উত্তৰ: জিনীয় প্ৰযুক্তিয়ে উপকাৰ কৰাৰ লগতে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰত অনিশ্চিত প্ৰভাৱ পেলাব পাৰে। জিনীয় পৰিৱৰ্তনে থলুৱা প্ৰজাতি বা পৰিৱেশৰ স্বাভাৱিক ভাৰসাম্যত ব্যাঘাত জন্মাব পাৰে। সেয়ে ইয়াৰ ব্যৱহাৰ নৈতিক আৰু পৰিৱেশগতভাৱে সাৱধানতাৰে কৰা প্ৰয়োজন।
৫. প্ৰযুক্তিৰ দায়িত্বশীল উদ্ভাৱন (Responsible Innovation) বুলিলে কি বুজা?
উত্তৰ: কোনো নতুন প্ৰযুক্তি উদ্ভাৱন বা ব্যৱহাৰৰ আগতে ইয়াৰ সামাজিক, নৈতিক আৰু পৰিৱেশগত প্ৰভাৱ বিবেচনা কৰাকে দায়িত্বশীল উদ্ভাৱন বোলে। ইয়াৰ উদ্দেশ্য হৈছে উন্নয়নৰ লগতে মানুহ আৰু পৰিৱেশৰ সুৰক্ষা নিশ্চিত কৰা।
৬. প্ৰকৃতিৰ ‘ব্যৱহাৰিক মূল্য’ (Instrumental Value) আৰু ‘স্বকীয় মূল্য’ (Intrinsic Value)ৰ পাৰ্থক্য লিখা।
উত্তৰ: ব্যৱহাৰিক মূল্য মানে মানুহৰ প্ৰয়োজন পূৰণত প্ৰকৃতিৰ পৰা লাভ কৰা উপকাৰিতা, যেনে— খাদ্য, পানী আৰু কাঠ। আনহাতে, স্বকীয় মূল্য হৈছে মানুহৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰকৃতি বা জীৱৰ নিজস্ব অস্তিত্বগত মূল্য।
৭. সম্পদৰ ন্যায়সংগত ব্যৱহাৰ (Equitable Use of Resources) কিয় দৰকাৰী?
উত্তৰ: প্ৰাকৃতিক সম্পদ সীমিত হোৱাৰ বাবে ইয়াৰ ন্যায়সংগত ব্যৱহাৰ অতি প্ৰয়োজনীয়। সম্পদৰ সুষম বিতৰণে সকলোৰে মৌলিক প্ৰয়োজন পূৰণ কৰাত সহায় কৰে আৰু বৰ্তমানৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰ সুৰক্ষিত কৰে।
৮. প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰে পৰিৱেশলৈ অনা দুটা প্ৰধান ভাবুকি উল্লেখ কৰা।
উত্তৰ: ১/ প্ৰযুক্তিৰ বাবে কেঁচা সামগ্ৰী আহৰণ কৰোঁতে প্ৰাকৃতিক সম্পদৰ অতিমাত্ৰা শোষণ আৰু বন ধ্বংস হয়।
২/ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা সৃষ্টি হোৱা ই-বর্জ্যই মাটি, পানী আৰু বায়ু প্ৰদূষিত কৰিব পাৰে।
৯. পৰিৱেশ নীতিশাস্ত্রৰ ঐতিহাসিক বিকাশৰ চমু আভাস দিয়া।
উত্তৰ: উদ্যোগীকৰণৰ ফলত বন ধ্বংস, প্ৰদূষণ আৰু পৰিৱেশ অৱক্ষয় বৃদ্ধি পোৱাৰ লগে লগে পৰিৱেশ নৈতিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়। ৰেচেল কাৰ্ছনৰ Silent Spring গ্ৰন্থ আৰু ১৯৭০ৰ দশকৰ পৰিৱেশ আন্দোলনে এই ক্ষেত্ৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১০. পৰিৱেশ সংৰক্ষণ আৰু বিকাশৰ মাজৰ সংঘাত কি?
উত্তৰ: অৰ্থনৈতিক বিকাশৰ বাবে উদ্যোগ, ৰাস্তা, বান্ধ আদি নিৰ্মাণৰ প্ৰয়োজন হয়, কিন্তু এনে কাৰ্যই কেতিয়াবা বনাঞ্চল আৰু প্ৰাকৃতিক সম্পদৰ ক্ষতি কৰে। উন্নয়নৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশ সংৰক্ষণৰ মাজত সৃষ্টি হোৱা এই দ্বন্দ্বকে পৰিৱেশ আৰু বিকাশৰ সংঘাত বোলে।
১১. সেউজ প্ৰযুক্তিৰ (Green Tech) দুটা উদাহৰণ দিয়া।
উত্তৰ: ১/ সৌৰশক্তি আৰু বায়ুশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা।
২/ বৈদ্যুতিক বাহন (EV) ব্যৱহাৰ কৰি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰা।
১২. “পৰিৱেশীয় প্ৰদূষণ এক নৈতিক অপৰাধ” — কথাষাৰৰ তাৎপৰ্য কি?
উত্তৰ: পৰিৱেশ প্ৰদূষণে কেৱল প্ৰকৃতিৰ ক্ষতি নকৰে, মানুহ, জীৱ-জন্তু আৰু ভৱিষ্যৎ প্ৰজন্মৰ স্বাস্থ্য আৰু অধিকাৰতো বেয়া প্ৰভাৱ পেলায়। সেয়েহে ব্যক্তিগত বা অৰ্থনৈতিক স্বাৰ্থৰ বাবে পৰিৱেশৰ ক্ষতি কৰাটো নৈতিকভাৱে অন্যায় বুলি গণ্য কৰা হয়।
১৩. জিনীয়ভাৱে পৰিৱৰ্তিত শস্যই (GM Crops) খেতিয়কৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে?
উত্তৰ: GM Cropsৰ বীজৰ ওপৰত বৌদ্ধিক সম্পত্তি অধিকাৰ বা কোম্পানীৰ নিয়ন্ত্ৰণ থাকিব পাৰে। ফলত কিছুমান খেতিয়কে প্ৰতিবাৰ নতুন বীজ ক্ৰয় কৰিবলগীয়া হ’ব পাৰে, যাৰ ফলত উৎপাদন ব্যয় বৃদ্ধি আৰু বীজৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।
১৪. পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতি সুৰক্ষাৰ পাৰ্থক্য কি?
উত্তৰ: পৰিৱেশ সংৰক্ষণ (Conservation) মানে প্ৰাকৃতিক সম্পদৰ সাৱধান আৰু বহনক্ষম ব্যৱহাৰ কৰা। আনহাতে, প্ৰকৃতি সুৰক্ষা (Preservation) মানে প্ৰাকৃতিক পৰিৱেশক মানৱীয় হস্তক্ষেপৰ পৰা যিমান সম্ভৱ অক্ষত অৱস্থাত ৰক্ষা কৰা।
১৫. কাৰ্বন ফুটপ্ৰিন্ট (Carbon Footprint) কি?
উত্তৰ: ব্যক্তি, সংগঠন বা কোনো কাৰ্যকলাপৰ ফলত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বায়ুমণ্ডললৈ নিৰ্গত হোৱা মুঠ সেউজগৃহ গেছৰ পৰিমাণক কাৰ্বন ফুটপ্ৰিন্ট বোলে। ইয়াক সাধাৰণতে কাৰ্বন ডাই-অক্সাইড সমতুল্য (CO₂e) হিচাপে প্ৰকাশ কৰা হয়।
৫ নম্বৰীয়া প্ৰশ্ন (বিতং প্ৰশ্ন আৰু উত্তৰ) — ৫ টা :
প্ৰশ্ন ১: পৰিৱেশ নীতিশাস্ত্রৰ প্ৰধান বৈচাৰিক তত্ত্বসমূহ (Anthropocentrism, Biocentrism, Ecocentrism) আলোচনা কৰা।
উত্তৰ: পৰিৱেশ নীতিশাস্ত্ৰ হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক নৈতিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা দৰ্শনৰ এক শাখা। ইয়াৰ প্ৰধান তিনিটা বৈচাৰিক তত্ত্ব হ’ল— মানৱকেন্দ্ৰিকতা, জীৱকেন্দ্ৰিকতা আৰু পৰিস্থিতিকেন্দ্ৰিকতা।
১. মানৱকেন্দ্ৰিক তত্ত্ব (Anthropocentrism):
এই তত্ত্বত মানুহক নৈতিক চিন্তাৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা হয়। প্ৰকৃতি, গছ-গছনি আৰু জীৱ-জন্তুক মূলতঃ মানুহৰ প্ৰয়োজন পূৰণৰ সম্পদ হিচাপে বিবেচনা কৰা হয়। সেয়ে ইয়াত প্ৰকৃতিৰ ব্যৱহাৰিক মূল্যক অধিক গুৰুত্ব দিয়া হয়।
২. জীৱকেন্দ্ৰিক তত্ত্ব (Biocentrism):
এই তত্ত্ব অনুসৰি কেৱল মানুহেই নহয়, পৃথিৱীৰ সকলো জীৱৰে নিজস্ব স্বকীয় মূল্য আছে। প্ৰতিটো জীৱৰে জীয়াই থকাৰ অধিকাৰ আছে আৰু মানুহে কেৱল নিজৰ স্বাৰ্থৰ বাবে আন জীৱৰ প্ৰতি অন্যায় কৰা উচিত নহয়।
৩. পৰিস্থিতিকেন্দ্ৰিক তত্ত্ব (Ecocentrism):
এই তত্ত্বই সমগ্ৰ পৰিৱেশ তন্ত্ৰক নৈতিক গুৰুত্ব প্ৰদান কৰে। ইয়াত মানুহ, জীৱ-জন্তু, উদ্ভিদ, মাটি, পানী, বায়ু আদি জৈৱিক আৰু অজৈৱিক উপাদানক পৰস্পৰ নিৰ্ভৰশীল এক সামগ্ৰিক ব্যৱস্থা হিচাপে বিবেচনা কৰা হয়।
সামৰণিঃ এই তিনিওটা তত্ত্বই মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ বিষয়ে বিভিন্ন দৃষ্টিভংগী আগবঢ়ায়। আধুনিক পৰিৱেশ সংৰক্ষণত এই নৈতিক ধাৰণাসমূহৰ বিশেষ গুৰুত্ব আছে।
প্ৰশ্ন ২: উদীয়মান প্ৰযুক্তি (যেনে: কৃত্রিম বুদ্ধিমত্তা আৰু জিনীয় প্রযুক্তি)ৰ পৰিৱেশীয় নীতিগত প্ৰভাৱসমূহ বিশ্লেষণ কৰা।
উত্তৰ: কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু জিনীয় প্ৰযুক্তিৰ দ্ৰুত বিকাশে মানুহৰ জীৱন সহজ কৰাৰ লগতে পৰিৱেশ আৰু নৈতিকতাৰ ক্ষেত্ৰতো নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে।
১. কৃত্ৰিম বুদ্ধিমত্তাৰ ইতিবাচক প্ৰভাৱ:
AI ব্যৱহাৰ কৰি বনাঞ্চল নিৰীক্ষণ, চোৰাং চিকাৰ চিনাক্তকৰণ, জলবায়ুৰ তথ্য বিশ্লেষণ আৰু শক্তিৰ দক্ষ ব্যৱহাৰ কৰিব পাৰি।
২. AIৰ পৰিৱেশগত সমস্যা:
AI-ভিত্তিক বৃহৎ ডাটা চেণ্টাৰত যথেষ্ট বিদ্যুৎ আৰু পানীৰ প্ৰয়োজন হয়। ফলত শক্তিৰ ব্যৱহাৰ, কাৰ্বন নিৰ্গমন আৰু সম্পদৰ ওপৰত চাপ বৃদ্ধি পাব পাৰে।
৩. জিনীয় প্ৰযুক্তিৰ ইতিবাচক প্ৰভাৱ:
জিনীয় প্ৰযুক্তিৰ সহায়ত কীট-পতংগ প্ৰতিৰোধী, অধিক উৎপাদনক্ষম বা প্ৰতিকূল পৰিৱেশত উৎপাদন কৰিব পৰা শস্য বিকশিত কৰিব পাৰি।
৪. জিনীয় প্ৰযুক্তিৰ নৈতিক সমস্যা:
জিনীয় পৰিৱৰ্তনে কেতিয়াবা থলুৱা প্ৰজাতি, জৈৱ-বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ ওপৰত অনিশ্চিত প্ৰভাৱ পেলাব পাৰে। বীজ আৰু প্ৰযুক্তিৰ ওপৰত একচেটিয়া নিয়ন্ত্ৰণ থাকিলেও সৰু খেতিয়কৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাব পাৰে।
সামৰণিঃ সেয়েহে, উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰ বৈজ্ঞানিক জ্ঞান, নৈতিক দায়িত্ব আৰু পৰিৱেশ সুৰক্ষাৰ সমন্বয়ত কৰা উচিত।
প্ৰশ্ন ৩: প্রযুক্তিগত উন্নয়ন সাধি পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ কেনেদৰে সমাধান কৰিব পাৰি? উপযুক্ত উদাহৰণসহ বুজাই লিখা।
উত্তৰ: প্ৰযুক্তি পৰিৱেশ ধ্বংসৰ এটা কাৰণ হ’ব পাৰে যদিও দায়িত্বশীল আৰু সঠিক প্ৰযুক্তিৰ ব্যৱহাৰে পৰিৱেশ সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
১. নৱীকৰণযোগ্য শক্তি:
কয়লা আৰু পেট্ৰ’লৰ দৰে জীৱাশ্ম ইন্ধনৰ সলনি সৌৰশক্তি আৰু বায়ুশক্তি ব্যৱহাৰ কৰিলে সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিব পাৰি।
২. পুনঃব্যৱহাৰ আৰু বর্জ্য ব্যৱস্থাপনা:
আধুনিক প্ৰযুক্তিৰ সহায়ত প্লাষ্টিক, ধাতু আৰু ই-বর্জ্য পুনঃব্যৱহাৰ কৰি নতুন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি। ইয়াৰ ফলত সম্পদৰ অপচয় আৰু প্ৰদূষণ হ্ৰাস হয়।
৩. স্মাৰ্ট কৃষি:
ড্ৰোন, সেন্সৰ আৰু AI ব্যৱহাৰ কৰি খেতিত প্ৰয়োজন অনুসৰি পানী আৰু সাৰ প্ৰয়োগ কৰিব পাৰি। ইয়াৰ ফলত পানীৰ অপচয় আৰু অতিৰিক্ত ৰাসায়নিক ব্যৱহাৰ কমে।
৪. কাৰ্বন কেপচাৰ প্ৰযুক্তি:
উদ্যোগৰ পৰা নিৰ্গত কাৰ্বন ডাই-অক্সাইড সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ প্ৰযুক্তিয়ে নিৰ্গমন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।
সামৰণিঃ সঠিক পৰিকল্পনা আৰু দায়িত্বশীল ব্যৱহাৰৰ জৰিয়তে প্ৰযুক্তিক পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি।
প্ৰশ্ন ৪: “প্ৰকৃতি সংৰক্ষণৰ বিপৰীতে পৰিৱেশীয় মূল্যবোধ” — এই বিষয়টো চমুৱাই আলোচনা কৰা।
উত্তৰ: প্ৰকৃতি সংৰক্ষণ আৰু পৰিৱেশীয় মূল্যবোধৰ মাজত গভীৰ সম্পৰ্ক আছে। দুয়োটাই প্ৰকৃতি ৰক্ষাৰ কথা কয় যদিও প্ৰকৃতিৰ মূল্য সম্পৰ্কে ইয়াৰ দৃষ্টিভংগী কিছু পৃথক।
১. ব্যৱহাৰিক দৃষ্টিভংগী:
প্ৰকৃতি সংৰক্ষণৰ এক দৃষ্টিভংগী অনুসৰি বন, নদী, মাটি আদি সংৰক্ষণ কৰা প্ৰয়োজন, কাৰণ এইবোৰে মানুহক খাদ্য, পানী, কাঠ, ঔষধ আৰু অন্যান্য সম্পদ প্ৰদান কৰে।
২. স্বকীয় মূল্যৰ ধাৰণা:
পৰিৱেশীয় মূল্যবোধে প্ৰকৃতিৰ স্বকীয় মূল্যক গুৰুত্ব দিয়ে। অৰ্থাৎ, প্ৰকৃতি মানুহৰ উপকাৰত আহক বা নাহক, ইয়াৰ নিজস্ব অস্তিত্বগত মূল্য আছে আৰু ইয়াক সুৰক্ষিত কৰাটো মানুহৰ নৈতিক দায়িত্ব।
৩. নান্দনিক মূল্য:
পাহাৰ, নদী, বনাঞ্চল আৰু অন্যান্য প্ৰাকৃতিক দৃশ্যই মানুহক সৌন্দৰ্য, আনন্দ আৰু মানসিক শান্তি প্ৰদান কৰে।
৪. সাংস্কৃতিক আৰু আত্মিক মূল্য:
বিভিন্ন সমাজ আৰু জনগোষ্ঠীৰ বাবে বন, নদী, পাহাৰ আদি সাংস্কৃতিক পৰম্পৰা আৰু আত্মিক বিশ্বাসৰ সৈতে জড়িত।
সামৰণিঃ সেয়েহে, প্ৰকৃতি সংৰক্ষণ কেৱল মানুহৰ স্বাৰ্থৰ বাবে নহয়; প্ৰকৃতিৰ নিজস্ব মূল্য আৰু নৈতিক অধিকাৰকো সন্মান কৰি সংৰক্ষণ কৰা উচিত।
প্ৰশ্ন ৫: ‘সম্পদৰ ন্যায়সংগত ব্যৱহাৰ’ (Equitable Use of Resources) ধাৰণাটো ব্যখ্যা কৰা আৰু ই কিয় আধুনিক সমাজৰ বাবে গুৰুত্বপূৰ্ণ?
উত্তৰ: সম্পদৰ ন্যায়সংগত ব্যৱহাৰ মানে হৈছে পানী, মাটি, বন, খনিজ আৰু শক্তি আদি প্ৰাকৃতিক সম্পদসমূহ বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়িত্বশীলভাৱে আৰু ন্যায়সংগতভাৱে ব্যৱহাৰ কৰা।
ইয়াৰ গুৰুত্বঃ
১. সামাজিক সমতা:
প্ৰাকৃতিক সম্পদৰ ন্যায়সংগত বিতৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মৌলিক প্ৰয়োজন পূৰণ কৰাত সহায় কৰে আৰু সম্পদৰ অসমতা হ্ৰাস কৰে।
২. আন্তঃপ্ৰজন্মীয় ন্যায়:
বৰ্তমান প্ৰজন্মই সম্পদৰ অত্যধিক ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্ম সম্পদৰ সংকটত পৰিব পাৰে। সেয়ে ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰ সুৰক্ষিত কৰাটো প্ৰয়োজনীয়।
৩. সামাজিক শান্তি:
পানী, মাটি বা অন্যান্য সম্পদৰ অসম বিতৰণে সংঘাতৰ সৃষ্টি কৰিব পাৰে। ন্যায়সংগত ব্যৱহাৰে এনে সংঘাত হ্ৰাস কৰি সামাজিক স্থিৰতা বজাই ৰখাত সহায় কৰে।
৪. পৰিৱেশ সংৰক্ষণ:
সম্পদৰ অপচয় আৰু অত্যধিক শোষণ ৰোধ কৰিলে প্ৰাকৃতিক সম্পদ সংৰক্ষিত হয় আৰু পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বজাই থাকে।
সামৰণিঃ সম্পদৰ ন্যায়সংগত ব্যৱহাৰ কেৱল অৰ্থনৈতিক বিষয় নহয়; ই সামাজিক ন্যায়, পৰিৱেশ সুৰক্ষা আৰু ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰ নিশ্চিত কৰাৰ এক গুৰুত্বপূৰ্ণ নৈতিক নীতি।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post