Chapter 2
“অধিকাৰ আৰু কৰ্তব্য (Rights and Duties)”
১ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১০ টা)
১. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অধ্যায়ত সন্নিৱিষ্ট?
উত্তৰ: ৪ৰ্থ অধ্যায়ত (অনুচ্ছেদ ৩৬ ৰ পৰা ৫১)।
২. বৰ্তমান ভাৰতীয় সংবিধানত নাগৰিকসকলৰ বাবে কেইটা মৌলিক অধিকাৰ আছে?
উত্তৰ: ৬ টা।
৩. কোনখন সমিতিৰ ছুপাৰিশ মতে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল?
উত্তৰ: চৰ্দাৰ স্বৰ্ণ সিং সমিতিৰ ছুপাৰিশ মতে।
৪. ভাৰতীয় সংবিধানৰ কেই নম্বৰ অধ্যায়ত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ৩য় অধ্যায়ত (অনুচ্ছেদ ১২ ৰ পৰা ৩৫)।
৫. বৰ্তমান সংবিধানত মুঠ কেইটা মৌলিক কৰ্তব্য আছে?
উত্তৰ: ১১ টা।
৬. সংবিধানৰ কোনটো সংশোধনীৰ যোগেদি সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হৈছিল?
উত্তৰ: ১৯৭৮ চনৰ ৪৪ নম্বৰ সংবিধান সংশোধনীৰ যোগেদি।
৭. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মূল ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে?
উত্তৰ: আয়াৰলেণ্ডৰ সংবিধানৰ পৰা।
৮. সংবিধানত মৌলিক কৰ্তব্যসমূহ কোনটো অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰ: চতুৰ্থ-A (IV-A) অধ্যায়ত (অনুচ্ছেদ ৫১-A)।
৯. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ড° বি. আৰ. আম্বেদকাৰে ‘সংবিধানৰ আত্মা’ বুলি কৈছিল?
উত্তৰ: ৩২ নম্বৰ অনুচ্ছেদক (সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ)।
১০. শিক্ষাৰ অধিকাৰক সংবিধানৰ অনুচ্ছেদ ২১-A ৰ অধীনত কোন চনত মৌলিক অধিকাৰ হিচাপে গ্ৰহণ কৰা হয়?
উত্তৰ: ২০০২ চনৰ ৮৬ সংখ্যক সংবিধান সংশোধনীৰ যোগেদি।
২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১০ টা)
১. মৌলিক অধিকাৰ বুলিলে কি বুজে?
উত্তৰ: সংবিধানে নাগৰিকৰ স্বাধীনতা, সমতা আৰু ব্যক্তিত্বৰ বিকাশৰ বাবে প্ৰদান কৰা মৌলিক অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। এই অধিকাৰসমূহ সংবিধানৰ দ্বাৰা সুৰক্ষিত আৰু আদালতৰ জৰিয়তে বলৱৎ কৰিব পাৰি।
২. সমতাৰ অধিকাৰৰ মূল লক্ষ্য কি?
উত্তৰ: সমতাৰ অধিকাৰৰ মূল লক্ষ্য হ’ল আইনৰ দৃষ্টিত সকলো নাগৰিকক সমান মৰ্যাদা প্ৰদান কৰা আৰু ধৰ্ম, জাতি, লিংগ, বৰ্ণ বা জন্মস্থানৰ ভিত্তিত হোৱা বৈষম্য দূৰ কৰা।
৩. ৰাইট টু এডুকেশ্বন (RTE) বা শিক্ষাৰ অধিকাৰ আইনে কি নিৰ্দেশ দিয়ে?
উত্তৰ: শিক্ষাৰ অধিকাৰ আইনে ৬ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিগৰাকী শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভৰ অধিকাৰ প্ৰদান কৰে।
৪. মৌলিক কৰ্তব্যৰ দুটা প্ৰধান গুৰুত্ব লিখক।
উত্তৰ:মৌলিক কৰ্তব্যৰ দুটা গুৰুত্ব হ’ল—
১. নাগৰিকসকলক দেশৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সচেতন
কৰে।
২. ই ৰাষ্ট্ৰীয় ঐক্য, সংহতি আৰু সাংস্কৃতিক ঐতিহ্য
ৰক্ষা কৰাত সহায় কৰে।
৫. ‘সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ’ মানে কি?
উত্তৰ: মৌলিক অধিকাৰ উলংঘা হ’লে সেই অধিকাৰ সুৰক্ষিত কৰাৰ বাবে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ অধিকাৰক সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ বোলে। এই অধিকাৰ অনুচ্ছেদ ৩২ আৰু ২২৬ৰ সৈতে জড়িত।
৬. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মূল উদ্দেশ্য কি?
উত্তৰ: নিৰ্দেশাত্মক নীতিৰ মূল উদ্দেশ্য হ’ল দেশত এখন কল্যাণকামী ৰাষ্ট্ৰ স্থাপন কৰা আৰু সামাজিক তথা অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা কৰা।
৭. নিৰ্দেশাত্মক নীতিসমূহ ন্যায়ালয়ৰ দ্বাৰা বলৱৎযোগ্য নহয় (Non-justiciable) মানে কি?
উত্তৰ: ইয়াৰ অৰ্থ হ’ল চৰকাৰে নিৰ্দেশাত্মক নীতিসমূহ পালন নকৰিলে নাগৰিকে সেই নীতি কাৰ্যকৰী কৰাৰ দাবীত আদালতৰ সহায় ল’ব নোৱাৰে। তথাপি এই নীতিসমূহ দেশৰ শাসন পৰিচালনাৰ বাবে গুৰুত্বপূৰ্ণ।
৮. সংবিধানত উল্লেখিত দুটা মৌলিক কৰ্তব্য উল্লেখ কৰক।
উত্তৰ: দুটা মৌলিক কৰ্তব্য হ’ল—
১. জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান কৰা।
২. দেশৰ সাৰ্বভৌমত্ব, একতা আৰু সংহতি ৰক্ষা কৰা।
৯. নিৰ্দেশাত্মক নীতিৰ অধীনত থকা এটা সামাজিক আৰু এটা গান্ধীবাদী নীতিৰ উদাহৰণ দিয়ক।
উত্তৰ:
- সামাজিক নীতি: পুৰুষ আৰু মহিলাৰ বাবে সমান কামৰ সমান মজুৰিৰ ব্যৱস্থা কৰা।
- গান্ধীবাদী নীতি: গ্ৰাম্য অঞ্চলত গাঁও পঞ্চায়ত গঠন আৰু শক্তিশালী কৰা।
১০. মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ মাজৰ সম্পৰ্ক কি?
উত্তৰ: মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য পৰস্পৰ পৰিপূৰক। অধিকাৰে নাগৰিকক স্বাধীনতা আৰু সুৰক্ষা প্ৰদান কৰে, আনহাতে কৰ্তব্যই সেই অধিকাৰসমূহ দায়িত্বশীলভাৱে উপভোগ কৰিবলৈ নাগৰিকক সচেতন কৰে। সেয়েহে অধিকাৰ আৰু কৰ্তব্যৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে।
৫ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (৫ টা)
১. ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংক্ষেপে আলোচনা কৰক।
উত্তৰ: ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত (অনুচ্ছেদ ১২–৩৫) নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ উল্লেখ কৰা হৈছে। বৰ্তমান ভাৰতীয় নাগৰিকৰ বাবে ৬টা মৌলিক অধিকাৰ স্বীকৃত। সেইসমূহ হ’ল—১.
সমতাৰ অধিকাৰ (অনুচ্ছেদ ১৪–১৮):
এই অধিকাৰে সকলো নাগৰিকক আইনৰ দৃষ্টিত সমান মৰ্যাদা প্ৰদান কৰে। ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য কৰাত বাধা আৰোপ কৰা হৈছে।২.
স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ১৯–২২):
এই অধিকাৰৰ অধীনত বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা, সংগঠন গঠনৰ স্বাধীনতা, দেশৰ ভিতৰত মুক্তভাৱে চলাচল আৰু জীৱন-জীৱিকাৰ স্বাধীনতা আদি সুৰক্ষিত কৰা হৈছে।৩.
শোষণৰ বিৰুদ্ধে অধিকাৰ (অনুচ্ছেদ ২৩–২৪):
মানৱ সৰবৰাহ, বেগাৰ বা বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা হৈছে। লগতে ১৪ বছৰৰ তলৰ শিশুক বিপজ্জনক উদ্যোগ বা কামত নিয়োগ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।৪.
ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ২৫–২৮):
প্ৰতিগৰাকী নাগৰিকে নিজৰ বিবেক অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ, পালন আৰু প্ৰচাৰ কৰাৰ স্বাধীনতা লাভ কৰে। ৰাষ্ট্ৰই সকলো ধৰ্মৰ প্ৰতি সমান দৃষ্টিভংগী গ্ৰহণ কৰে।৫.
সাংস্কৃতিক আৰু শিক্ষামূলক অধিকাৰ (অনুচ্ছেদ ২৯–৩০):
নাগৰিকসকলে নিজৰ ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ অধিকাৰ লাভ কৰে। সংখ্যালঘু সম্প্ৰদায়ে নিজৰ পছন্দৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰে।৬.
সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (অনুচ্ছেদ ৩২):
মৌলিক অধিকাৰ উলংঘা হ’লে নাগৰিকে অধিকাৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ
হ’ব পাৰে। এই অধিকাৰে মৌলিক অধিকাৰসমূহক কাৰ্যকৰী আৰু সুৰক্ষিত কৰি ৰাখে।
সামৰণি: মৌলিক অধিকাৰসমূহে নাগৰিকৰ স্বাধীনতা, সমতা, মৰ্যাদা আৰু ব্যক্তিত্বৰ বিকাশ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
২. সংবিধানত উল্লেখিত নাগৰিকৰ মূল মৌলিক কৰ্তব্যসমূহ ব্যাখ্যা কৰক।
উত্তৰ: ভাৰতীয় সংবিধানৰ ৪২তম সংশোধনী আইন, ১৯৭৬ৰ জৰিয়তে সংবিধানৰ চতুৰ্থ-A অধ্যায়ৰ ৫১-A অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হয়। বৰ্তমান সংবিধানত নাগৰিকসকলৰ ১১টা মৌলিক কৰ্তব্য আছে। ইয়াৰ ভিতৰত প্ৰধান কৰ্তব্যসমূহ হ’ল—
১. সংবিধান আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান: সংবিধান, জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান কৰা।
২. স্বাধীনতা সংগ্ৰামৰ আদৰ্শ অনুসৰণ: ভাৰতৰ স্বাধীনতা সংগ্ৰামক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক সন্মান আৰু অনুসৰণ কৰা।
৩. দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা: ভাৰতৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতা ৰক্ষা কৰা।
৪. দেশৰ প্ৰতি সেৱা আগবঢ়োৱা: প্ৰয়োজন বা আহ্বানৰ সময়ত দেশ ৰক্ষা কৰা আৰু ৰাষ্ট্ৰীয় সেৱাত অংশগ্ৰহণ কৰা।
৫. ভ্ৰাতৃত্ববোধ গঢ়ি তোলা: ধৰ্ম, ভাষা, অঞ্চল আদি ভিত্তিত থকা বিভেদ আঁতৰাই সকলোৰে মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতি বৃদ্ধি কৰা। লগতে নাৰীৰ মৰ্যাদাৰ বিৰুদ্ধে যিকোনো আচৰণ পৰিহাৰ কৰা।
৬. পৰিৱেশ সংৰক্ষণ: বন, নদী, হ্ৰদ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল হোৱা।
৭. বৈজ্ঞানিক মানসিকতা বিকাশ: নাগৰিকসকলৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী, মানৱতাবাদ আৰু অনুসন্ধিৎসু মনোভাৱ গঢ়ি তোলা।
৮. ৰাষ্ট্ৰীয় সম্পত্তি সংৰক্ষণ: ৰাজহুৱা সম্পত্তি সুৰক্ষিত ৰখা আৰু হিংসাত্মক কাৰ্যৰ পৰা আঁতৰি থকা।
সামৰণি: মৌলিক কৰ্তব্যসমূহে নাগৰিকসকলক নিজৰ অধিকাৰৰ লগতে দেশ, সমাজ আৰু পৰিৱেশৰ প্ৰতি থকা দায়িত্বৰ বিষয়েও সচেতন কৰে। দেশৰ একতা, শান্তি আৰু উন্নতিৰ বাবে এই কৰ্তব্যসমূহ পালন কৰাটো অতি গুৰুত্বপূৰ্ণ।
৩. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ প্ৰধান শ্ৰেণীবিভাগসমূহ কি কি? চমুকৈ আলোচনা কৰক।
উত্তৰ: ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ৩৬ৰ পৰা ৫১ নং অনুচ্ছেদত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ উল্লেখ কৰা হৈছে। সংবিধানত এই নীতিসমূহৰ কোনো আনুষ্ঠানিক শ্ৰেণীবিভাগ নাই। কিন্তু বিষয়বস্তু আৰু উদ্দেশ্যৰ ভিত্তিত ইয়াক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল—১.
সমাজবাদী নীতি:
এই নীতিসমূহৰ মূল উদ্দেশ্য হৈছে সমাজত সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা
কৰা আৰু ধন-সম্পত্তিৰ বৈষম্য হ্ৰাস কৰা। উদাহৰণস্বৰূপে— পুৰুষ আৰু মহিলাৰ বাবে সমান কামৰ সমান মজুৰি, জনসাধাৰণৰ কল্যাণ সাধন আৰু সম্পদৰ কেন্দ্ৰীভৱন ৰোধ কৰা।২.
গান্ধীবাদী নীতি:
এই নীতিসমূহ মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰ ভিতৰত গ্ৰাম পঞ্চায়ত গঠন, কুটিৰ উদ্যোগৰ উন্নতি, দুৰ্বল শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষা
আৰু মাদকদ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ আদি উল্লেখযোগ্য।৩.
উদাৰ-বৌদ্ধিক নীতি:
এই নীতিসমূহে আধুনিক, উদাৰ আৰু প্ৰগতিশীল চিন্তাধাৰাক প্ৰতিফলিত কৰে। ইয়াৰ ভিতৰত সমগ্ৰ দেশৰ বাবে এক অভিন্ন দেৱানী বিধি প্ৰৱৰ্তনৰ চেষ্টা, শিশুৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ
আদি অন্তৰ্ভুক্ত।
সামৰণি: নিৰ্দেশাত্মক নীতিসমূহৰ মূল লক্ষ্য হৈছে ভাৰতত সামাজিক ন্যায়, অৰ্থনৈতিক সমতা আৰু এখন কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা।
৪. মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজৰ মূল প্ৰাৰ্থক্যসমূহ লিখক।
উত্তৰ: মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি দুয়োটাই ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ অংশ। কিন্তু উদ্দেশ্য, প্ৰয়োগ আৰু আইনগত মৰ্যাদাৰ ক্ষেত্ৰত দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। তলত ইয়াৰ মূল পাৰ্থক্যসমূহ উল্লেখ কৰা হ’ল—
১. অৱস্থানৰ পাৰ্থক্যঃ মৌলিক অধিকাৰ সংবিধানৰ তৃতীয় ভাগত (অনুচ্ছেদ ১২–৩৫) উল্লেখ কৰা হৈছে। আনহাতে, নিৰ্দেশাত্মক নীতি চতুৰ্থ ভাগত (অনুচ্ছেদ ৩৬–৫১) সন্নিৱিষ্ট কৰা হৈছে।
২. উদ্দেশ্যৰ পাৰ্থক্যঃ মৌলিক অধিকাৰৰ মূল উদ্দেশ্য হৈছে নাগৰিকৰ স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰা। নিৰ্দেশাত্মক নীতিৰ উদ্দেশ্য হৈছে দেশত সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা কৰি কল্যাণমূলক ৰাষ্ট্ৰ গঢ়ি তোলা।
৩. আইনগত প্ৰয়োগঃ মৌলিক অধিকাৰ ন্যায়ালয়ৰ দ্বাৰা বলৱৎযোগ্য। কিন্তু নিৰ্দেশাত্মক নীতিসমূহ ন্যায়ালয়ৰ দ্বাৰা পোনপটীয়াকৈ বলৱৎযোগ্য নহয়।
৪. ৰাষ্ট্ৰৰ কৰ্তব্যঃ মৌলিক অধিকাৰ ৰাষ্ট্ৰই নাগৰিকৰ পৰা কাঢ়ি ল’ব নোৱাৰে, সংবিধানৰ নিৰ্দিষ্ট সীমাৰ ভিতৰতহে সীমাবদ্ধ কৰিব পাৰে। আনহাতে, নিৰ্দেশাত্মক নীতিসমূহে ৰাষ্ট্ৰক জনকল্যাণমূলক নীতি গ্ৰহণৰ বাবে পথ-নিৰ্দেশনা দিয়ে।
৫. প্ৰকৃতিৰ পাৰ্থক্যঃ মৌলিক অধিকাৰ মূলতঃ ব্যক্তিৰ স্বাধীনতা আৰু অধিকাৰ ৰক্ষাৰ সৈতে জড়িত। নিৰ্দেশাত্মক নীতি মূলতঃ সমাজৰ সামগ্ৰিক কল্যাণ আৰু সমতা স্থাপনৰ সৈতে জড়িত।
৬. উলংঘনৰ ক্ষেত্ৰত ব্যৱস্থাঃ মৌলিক অধিকাৰ উলংঘন হ’লে নাগৰিকে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰে। কিন্তু নিৰ্দেশাত্মক নীতি পালন নকৰাৰ বাবে পোনপটীয়াকৈ আদালতৰ সহায় ল’ব নোৱাৰি।
সামৰণিঃ সেয়েহে, মৌলিক অধিকাৰে নাগৰিকৰ স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰে, আনহাতে নিৰ্দেশাত্মক নীতিয়ে এখন ন্যায়সংগত, সমতাভিত্তিক আৰু কল্যাণমূলক সমাজ গঢ়াৰ পথ প্ৰদৰ্শন কৰে। দুয়োটাই ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰাত পৰস্পৰ পৰিপূৰক ভূমিকা পালন কৰে।
৫. “মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য এটা আনটোৰ পৰিপূৰক” — বাক্যশাৰীৰ অৰ্থ পৰ্যালোচনা কৰক।
উত্তৰ: গণতান্ত্ৰিক ব্যৱস্থাত নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য ইটোৱে সিটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। অধিকাৰ উপভোগ কৰাৰ লগতে প্ৰতিজন নাগৰিকে নিজৰ কৰ্তব্য পালন কৰাটোও অত্যন্ত প্ৰয়োজনীয়। সেয়েহে মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যক পৰস্পৰৰ পৰিপূৰক বুলি কোৱা হয়।
১. অধিকাৰ উপভোগ আৰু কৰ্তব্য পালনঃ
এজন নাগৰিকে নিজৰ অধিকাৰ উপভোগ কৰাৰ সময়ত আন নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰতি সন্মান জনাব লাগে। নিজৰ অধিকাৰ সঠিকভাৱে উপভোগ কৰিবলৈ আনৰ অধিকাৰ ৰক্ষা কৰাটোও এক গুৰুত্বপূৰ্ণ কৰ্তব্য।
২. অধিকাৰৰ সুৰক্ষাত কৰ্তব্যৰ ভূমিকাঃ
নাগৰিকসকলে যদি সংবিধান আৰু আইন-শৃংখলাৰ প্ৰতি সন্মান দেখুৱাই নিজৰ কৰ্তব্য পালন কৰে, তেন্তে সমাজত শান্তি, শৃংখলা আৰু সাম্য বজাই থাকে। ইয়াৰ ফলত মৌলিক অধিকাৰসমূহো অধিক সুৰক্ষিত হয়।
৩. ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাঃ
মৌলিক কৰ্তব্যসমূহে নাগৰিকক দেশৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ উৎসাহিত কৰে। লগতে জাতীয় প্ৰতীক, ৰাজহুৱা সম্পত্তি আৰু পৰিৱেশৰ প্ৰতি সন্মান দেখুওৱাৰ দায়িত্বও নাগৰিকৰ আছে।
৪. অধিকাৰ আৰু দায়িত্বৰ ভাৰসাম্যঃ
অধিকাৰ আৰু কৰ্তব্যৰ মাজত ভাৰসাম্য থাকিলেহে এখন সুস্থ গণতান্ত্ৰিক সমাজ গঢ়ি উঠিব পাৰে। কেৱল অধিকাৰ দাবী কৰি কৰ্তব্য পালন নকৰিলে গণতান্ত্ৰিক ব্যৱস্থা দুৰ্বল হৈ পৰিব পাৰে।
সামৰণিঃ
গতিকে, মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য পৰস্পৰৰ পৰা পৃথক নহয়। নাগৰিকে নিজৰ অধিকাৰ উপভোগ কৰাৰ লগতে কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰিলেহে সমাজত স্বাধীনতা, সমতা, শান্তি আৰু ন্যায় সুদৃঢ়ভাৱে প্ৰতিষ্ঠা হ’ব পাৰে। সেয়েহে দুয়োটাকে এটা আনটোৰ পৰিপূৰক বুলি কোৱা হয়।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post