Might Learn Logo Might Learn Shop Might Learn

FYUGP GU BA 3rd Sem VAC “Environmental Ethics & Forest Ecology” Chapter 1 “পৰিৱেশ নীতিশাস্ত্ৰৰ পৰিচয় (Introduction to Environmental Ethics)” Solution | BA 3rd Sem VAC “Environmental Ethics & Forest Ecology” Chapter 1 “পৰিৱেশ নীতিশাস্ত্ৰৰ পৰিচয় (Introduction to Environmental Ethics)” Question Answer

 Chapter 1 

“পৰিৱেশ নীতিশাস্ত্ৰৰ পৰিচয় (Introduction to Environmental Ethics)” 

১ নম্বৰীয়া প্ৰশ্ন (অতি চমু উত্তৰৰ প্ৰশ্ন) — ১৫ টা

১. পৰিৱেশগত ন্যায় (Environmental Justice) কি?

উত্তৰ: সম্প্ৰদায়, জাতি বা উপাৰ্জন নিৰ্বিশেষে সকলো মানুহে যাতে সমানভাৱে পৰিৱেশগত সুৰক্ষা আৰু সম্পদ লাভ কৰে, তাক নিশ্চিত কৰাই হৈছে পৰিৱেশগত ন্যায়।

২. জিনীয় প্রযুক্তি (Genetic Engineering) মানে কি?

উত্তৰ: কোনো জীৱৰ DNA-ত কৃত্ৰিমভাৱে সালসলনি ঘটাই আকাংক্ষিত নতুন গুণাগুণ সংযোজন কৰা বৈজ্ঞানিক প্ৰযুক্তিকেই জিনীয় প্ৰযুক্তি বোলে।

৩. পৰিৱেশ নীতিশাস্ত্র (Environmental Ethics) বুলিলে কি বুজা যায়?

উত্তৰ: মানুহ আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ নৈতিক সম্পৰ্ক আৰু দায়িত্ব অধ্যয়ন কৰা দৰ্শনৰ শাখাটোক পৰিৱেশ নীতিশাস্ত্র বোলে।

৪. সম্পৰ্কীয় মূল্য (Relational Value) কি?

উত্তৰ: মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক, সংস্কৃতি, ঐতিহ্য আৰু আত্মিক সংযোগৰ পৰা গঢ়ি উঠা মূল্যবোধক সম্পৰ্কীয় মূল্য বোলা হয়।

৫. সেউজ প্ৰযুক্তি (Green Technology) কি?

উত্তৰ: পৰিৱেশৰ ক্ষতি নকৰাকৈ বা পৰিৱেশৰ প্ৰদূষণ কমাই সম্পদ উৎপাদন আৰু ব্যৱহাৰ কৰা প্ৰযুক্তিকেই সেউজ প্ৰযুক্তি বোলা হয়।

৬. মানৱকেন্দ্ৰিক নীতিশাস্ত্র (Anthropocentrism) কি?

উত্তৰ: যি দৃষ্টিভংগীত মানুহক প্ৰকৃতিৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা হয় আৰু প্ৰকৃতিক কেৱল মানুহৰ প্ৰয়োজন পূৰণৰ মাধ্যম হিচাপে চোৱা হয়, তাক মানৱকেন্দ্ৰিক নীতিশাস্ত্র বোলে।

৭. পৰিৱেশ নীতিশাস্ত্রৰ উৎপত্তিৰ মূল কাৰণ কি আছিল?

উত্তৰ: কুৰি শতিকাৰ উদ্যোগীকৰণ, অত্যধিক সম্পদৰ শোষণ আৰু পৰিৱেশৰ অবক্ষয়ৰ ফলত উদ্ভৱ হোৱা সংকট মোকাবিলা কৰিবলৈ পৰিৱেশ নীতিশাস্ত্রৰ জন্ম হৈছিল।

৮. কৃত্রিম বুদ্ধিমত্তা (AI) পৰিৱেশৰ ক্ষেত্ৰত কেনেদৰে সহায়ক হ’ব পাৰে?

উত্তৰ: বন ধ্বংস নিৰীক্ষণ, শক্তিৰ অপচয় ৰোধ আৰু জলবায়ু পৰিৱৰ্তনৰ সঠিক তথ্য বিশ্লেষণৰ বাবে AI ব্যৱহাৰ কৰিব পাৰি।

৯. জীৱকেন্দ্ৰিক নীতিশাস্ত্র (Biocentrism) প্ৰধান মূলভাৱ কি?

উত্তৰ: কেৱল মানুহেই নহয়, পৃথিৱীৰ প্ৰতিটো জীৱৰে নিজস্ব প্ৰাকৃতিক মূল্য আৰু জীয়াই থকাৰ অধিকাৰ আছে— এয়াই জীৱকেন্দ্ৰিক নীতিশাস্ত্রৰ মূলভাৱ।

১০. ই-বর্জ্য (E-waste) বুলিলে কি বুজা?

উত্তৰ: ব্যৱহাৰৰ অনুপযোগী হৈ পৰা ইলেক্ট্ৰনিক সামগ্ৰী (যেনে— ফোন, কম্পিউটাৰ ইত্যাদি)ৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাক ই-বর্জ্য বোলে।

১১. সম্পদৰ ন্যায়সংগত ব্যৱহাৰ (Equitable use of Resources) বুলিলে কি বুজা?

উত্তৰ: পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ বর্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত সমভাৱে আৰু ন্যায়সংগতভাৱে বিতৰণ তথা ব্যৱহাৰ কৰাকে বুজায়।

১২. দায়িত্বশীল উদ্ভাৱন (Responsible Innovation) কি?

উত্তৰ: কোনো নতুন প্ৰযুক্তি উদ্ভাৱন কৰোঁতে ইয়াৰ সামাজিক, পৰিৱেশগত আৰু নৈতিক প্ৰভাৱসমূহ অগ্ৰাধিকাৰ দি কাম কৰাটোৱেই হৈছে দায়িত্বশীল উদ্ভাৱন।

১৩. প্ৰকৃতিৰ ‘স্বকীয় মূল্য’ (Intrinsic Value) কি?

উত্তৰ: মানুহৰ কোনো ব্যৱহাৰত নাহিলেও প্ৰকৃতি বা জীৱ-জন্তুৰ নিজাকৈ যি অস্তিত্বগত গুৰুত্ব বা মূল্য থাকে, তাকে স্বকীয় মূল্য বোলে।

১৪. জেনেটিকালি মডিফাইড ক্ৰপ (GM Crops)ৰ এটা পৰিৱেশগত অনিশ্চয়তা লিখা।

উত্তৰ: এই শস্যই স্থানীয় প্ৰাকৃতিক জৈৱ-বৈচিত্র্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আৰু পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য নষ্ট কৰাৰ আশংকা থাকে।

১৫. পৰিস্থিতিকেন্দ্ৰিক নীতিশাস্ত্র (Ecocentrism) কাক বোলে?

উত্তৰ: কেৱল সুকীয়া জীৱসমূহকে নহয়, বৰঞ্চ জৈৱিক আৰু অজৈৱিক উপাদানৰে গঠিত সমগ্ৰ পৰিৱেশ তন্ত্ৰটোক (Ecosystem) নৈতিক গুৰুত্ব প্ৰদান কৰা তত্ত্বক পৰিস্থিতিকেন্দ্ৰিক নীতিশাস্ত্র বোলে।

২ নম্বৰীয়া প্ৰশ্ন (সৰ্বোচ্চ ৫০ টা শব্দৰ ভিতৰত) — ১৫ টা

১. পৰিৱেশ নীতিশাস্ত্রৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰ: পৰিৱেশ নীতিশাস্ত্রৰ মূল উদ্দেশ্য হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক নৈতিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা। ই প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ, পৰিৱেশ সংৰক্ষণ আৰু জীৱজগতৰ প্ৰতি মানুহৰ নৈতিক দায়িত্বৰ বিষয়ে সচেতন কৰে।

২. মানৱকেন্দ্ৰিক (Anthropocentric) আৰু জীৱকেন্দ্ৰিক (Biocentric) ধাৰণাৰ পাৰ্থক্য কি?

উত্তৰ:  মানৱকেন্দ্ৰিক ধাৰণাত মানুহৰ প্ৰয়োজন আৰু স্বাৰ্থক সৰ্বাধিক গুৰুত্ব দিয়া হয় আৰু প্ৰকৃতিক মানুহৰ উপযোগী সম্পদ হিচাপে গণ্য কৰা হয়। জীৱকেন্দ্ৰিক ধাৰণাত মানুহৰ লগতে সকলো জীৱৰে নিজস্ব মূল্য আৰু জীয়াই থকাৰ অধিকাৰ আছে বুলি স্বীকাৰ কৰা হয়।

৩. প্ৰকৃতি সংৰক্ষণত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ সম্পৰ্কে চুটিকৈ লিখা।

উত্তৰ: AI ব্যৱহাৰ কৰি বনাঞ্চলৰ পৰিৱৰ্তন নিৰীক্ষণ, বন ধ্বংস আৰু চোৰাং চিকাৰ চিনাক্তকৰণ, বন্যপ্ৰাণীৰ গতিবিধি অনুসৰণ আৰু জলবায়ু সম্পৰ্কীয় তথ্য বিশ্লেষণ কৰিব পাৰি। ইয়াৰ ফলত পৰিৱেশ সংৰক্ষণৰ পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণ অধিক ফলপ্ৰসূ হয়।

৪. জিনীয় প্ৰযুক্তিৰ (Genetic Engineering) পৰিৱেশগত নৈতিক সংকট কি?

উত্তৰ: জিনীয় প্ৰযুক্তিৰ জৰিয়তে নতুন গুণসম্পন্ন জীৱ সৃষ্টি কৰিব পাৰি যদিও ইয়াৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। থলুৱা প্ৰজাতিৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনাই নৈতিক চিন্তাৰ সৃষ্টি কৰে।

৫. প্ৰযুক্তিৰ দায়িত্বশীল উদ্ভাৱন (Responsible Innovation) বুলিলে কি বুজা?

উত্তৰ: নতুন প্ৰযুক্তি উদ্ভাৱন আৰু ব্যৱহাৰৰ আগতে ইয়াৰ সামাজিক, পৰিৱেশগত আৰু নৈতিক প্ৰভাৱ বিবেচনা কৰাকে দায়িত্বশীল উদ্ভাৱন বোলে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰযুক্তিগত উন্নয়নৰ লগতে মানুহ আৰু পৰিৱেশৰ সুৰক্ষা নিশ্চিত কৰা।

৬. প্ৰকৃতিৰ ‘ব্যৱহাৰিক মূল্য’ (Instrumental Value) আৰু ‘স্বকীয় মূল্য’ (Intrinsic Value)ৰ পাৰ্থক্য লিখা।

উত্তৰ: ব্যৱহাৰিক মূল্য মানে প্ৰকৃতিৰ পৰা মানুহে লাভ কৰা উপকাৰিতা, যেনে—খাদ্য, পানী আৰু কাঠ। স্বকীয় মূল্য মানে মানুহৰ ব্যৱহাৰ বা লাভৰ ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰকৃতি বা জীৱৰ নিজস্ব অস্তিত্বৰ বাবে থকা মূল্য।

৭. সম্পদৰ ন্যায়সংগত ব্যৱহাৰ (Equitable Use of Resources) কিয় দৰকাৰী?

উত্তৰ: প্ৰাকৃতিক সম্পদ সীমিত হোৱাৰ বাবে ইয়াৰ ন্যায়সংগত ব্যৱহাৰ অতি প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা সকলো মানুহৰ মৌলিক প্ৰয়োজন পূৰণ, সম্পদৰ অপচয় ৰোধ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদ সংৰক্ষণ নিশ্চিত কৰিব পাৰি।

৮. প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰে পৰিৱেশলৈ অনা দুটা প্ৰধান ভাবুকি উল্লেখ কৰা।

উত্তৰ: ১/ প্ৰযুক্তিৰ বাবে কেঁচা সামগ্ৰী আহৰণৰ ফলত প্ৰাকৃতিক সম্পদৰ হ্ৰাস আৰু বনাঞ্চল ধ্বংস হয়।

২/ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা সৃষ্টি হোৱা ই-বৰ্জ্যই মাটি, পানী আৰু বায়ু প্ৰদূষিত কৰে।

৯. পৰিৱেশ নীতিশাস্ত্রৰ ঐতিহাসিক বিকাশৰ চমু আভাস দিয়া।

উত্তৰ: বিংশ শতিকাত ঔদ্যোগীকৰণ, প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰৰ ফলত পৰিৱেশ সম্পৰ্কীয় নৈতিক চিন্তা বৃদ্ধি পায়। ৰেচেল কাৰ্ছনৰ Silent Spring গ্ৰন্থ আৰু ১৯৭০ৰ দশকৰ পৰিৱেশ আন্দোলনসমূহে পৰিৱেশ নীতিশাস্ত্ৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১০. পৰিৱেশ সংৰক্ষণ আৰু বিকাশৰ মাজৰ সংঘাত কি?

উত্তৰ: অৰ্থনৈতিক বিকাশৰ বাবে উদ্যোগ, পথ, নগৰ আৰু বান্ধ নিৰ্মাণৰ প্ৰয়োজন হয়। কিন্তু এনে কাৰ্যই বনাঞ্চল, জলসম্পদ আৰু জৈৱ-বৈচিত্ৰ্যৰ ক্ষতি কৰিব পাৰে। সেয়েহে উন্নয়নৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশ সংৰক্ষণৰ মাজত দেখা দিয়া দ্বন্দ্বকে পৰিৱেশ আৰু বিকাশৰ সংঘাত বোলে।

১১. সেউজ প্ৰযুক্তিৰ (Green Tech) দুটা উদাহৰণ দিয়া।

উত্তৰ: ১/ সৌৰশক্তি আৰু বায়ুশক্তিৰ ব্যৱহাৰৰ জৰিয়তে বিদ্যুৎ উৎপাদন।

২/ বৈদ্যুতিক বাহন (EV) ব্যৱহাৰ কৰি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু নিৰ্গমন হ্ৰাস কৰা।

১২. “পৰিৱেশীয় প্ৰদূষণ এক নৈতিক অপৰাধ” — কথাষাৰৰ তাৎপৰ্য কি?

উত্তৰ: পৰিৱেশ প্ৰদূষণে মানুহ, জীৱ-জন্তু আৰু ভৱিষ্যৎ প্ৰজন্মৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। সেয়েহে কেৱল ব্যক্তিগত সুবিধাৰ বাবে প্ৰকৃতি আৰু আন জীৱৰ ক্ষতি কৰাটো নৈতিকভাৱে দায়িত্বহীন আচৰণ বুলি গণ্য কৰা হয়।

১৩. জিনীয়ভাৱে পৰিৱৰ্তিত শস্যই (GM Crops) খেতিয়কৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে?

উত্তৰ: GM Cropsৰ বীজ ক্ৰয়, পেটেণ্ট আৰু পুনৰ ব্যৱহাৰৰ নিয়মে কেতিয়াবা খেতিয়কৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা সৃষ্টি কৰিব পাৰে। বিশেষকৈ বাণিজ্যিক বীজৰ ওপৰত অধিক নিৰ্ভৰশীলতা বৃদ্ধি পালে খেতিয়কৰ বীজৰ স্বাধীনতা হ্ৰাস পাব পাৰে।

১৪. পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতি সুৰক্ষাৰ পাৰ্থক্য কি?

উত্তৰ: পৰিৱেশ সংৰক্ষণ (Conservation) মানে প্ৰাকৃতিক সম্পদৰ সঠিক আৰু পৰিকল্পিত ব্যৱহাৰৰ জৰিয়তে ইয়াক দীৰ্ঘদিনলৈ সংৰক্ষণ কৰা। আনহাতে, প্ৰকৃতি সুৰক্ষা (Preservation) মানে প্ৰাকৃতিক অঞ্চল আৰু জীৱজগতক মানৱীয় হস্তক্ষেপৰ পৰা যিমান পাৰি অক্ষত ৰখা।

১৫. কাৰ্বন ফুটপ্ৰিন্ট (Carbon Footprint) কি?

উত্তৰ: কোনো ব্যক্তি, প্ৰতিষ্ঠান, সামগ্ৰী বা কাৰ্যকলাপৰ ফলত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বায়ুমণ্ডললৈ নিৰ্গত হোৱা মুঠ সেউজগৃহ গেছৰ পৰিমাণক কাৰ্বন ফুটপ্ৰিন্ট বোলে। ইয়াক সাধাৰণতে কাৰ্বন ডাই-অক্সাইড সমতুল্য (CO₂e) হিচাপে প্ৰকাশ কৰা হয়।

৫ নম্বৰীয়া প্ৰশ্ন (বিতং প্ৰশ্ন আৰু উত্তৰ) — ৫ টা :

প্ৰশ্ন ১: পৰিৱেশ নীতিশাস্ত্রৰ প্ৰধান বৈচাৰিক তত্ত্বসমূহ (Anthropocentrism, Biocentrism, Ecocentrism) আলোচনা কৰা।

উত্তৰ: পৰিৱেশ নীতিশাস্ত্র হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক নৈতিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা দৰ্শনৰ এক শাখা। ইয়াৰ প্ৰধান বৈচাৰিক তত্ত্বসমূহ হ’ল—

  • ১. মানৱকেন্দ্ৰিক তত্ত্ব (Anthropocentrism):এই তত্ত্বত মানুহৰ স্বাৰ্থ আৰু প্ৰয়োজনক সৰ্বাধিক গুৰুত্ব দিয়া হয়। প্ৰকৃতি আৰু অন্যান্য জীৱক মানুহৰ উপকাৰ আৰু প্ৰয়োজন পূৰণৰ সম্পদ হিচাপে গণ্য কৰা হয়। সেয়ে প্ৰকৃতিৰ স্বকীয় মূল্যতকৈ ইয়াৰ ব্যৱহাৰিক মূল্যক অধিক গুৰুত্ব দিয়া হয়।
  • ২. জীৱকেন্দ্ৰিক তত্ত্ব (Biocentrism):এই তত্ত্ব অনুসৰি কেৱল মানুহেই নহয়, পৃথিৱীৰ সকলো জীৱৰে নিজস্ব মূল্য আৰু জীয়াই থকাৰ অধিকাৰ আছে। সৰু জীৱৰ পৰা ডাঙৰ জীৱলৈ সকলো জীৱৰ প্ৰতি নৈতিক দায়িত্ব পালন কৰা উচিত।
  • ৩. পৰিস্থিতিকেন্দ্ৰিক তত্ত্ব (Ecocentrism):এই তত্ত্বই একক জীৱৰ পৰিৱৰ্তে সমগ্ৰ পৰিস্থিতিতন্ত্ৰক নৈতিক গুৰুত্ব দিয়ে। ইয়াত গছ-গছনি, জীৱ-জন্তু, মাটি, পানী, বায়ু আদি জৈৱিক আৰু অজৈৱিক উপাদানৰ পাৰস্পৰিক সম্পৰ্ক আৰু সামগ্ৰিক ভাৰসাম্যক গুৰুত্ব দিয়া হয়।

প্ৰশ্ন ২: উদীয়মান প্ৰযুক্তি (যেনে: কৃত্রিম বুদ্ধিমত্তা আৰু জিনীয় প্রযুক্তি)ৰ পৰিৱেশীয় নীতিগত প্ৰভাৱসমূহ বিশ্লেষণ কৰা।

উত্তৰ: কৃত্রিম বুদ্ধিমত্তা (AI) আৰু জিনীয় প্ৰযুক্তিৰ বিকাশে সমাজলৈ বহু সুবিধা আনিছে যদিও ইয়াৰ কিছুমান পৰিৱেশীয় আৰু নৈতিক প্ৰভাৱো আছে।

  • কৃত্রিম বুদ্ধিমত্তা (AI):
    • ইতিবাচক দিশ: AI-ৰ সহায়ত বনাঞ্চল নিৰীক্ষণ, চোৰাং চিকাৰ চিনাক্তকৰণ, বতৰৰ পূৰ্বাভাস আৰু শক্তিৰ ব্যৱহাৰ অধিক দক্ষতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি।
    • নৈতিক প্ৰত্যাহ্বান: AI চলোৱা ডাটা চেণ্টাৰসমূহত যথেষ্ট পৰিমাণৰ বিদ্যুৎ আৰু পানীৰ প্ৰয়োজন হয়। ইয়াৰ ফলত শক্তি ব্যৱহাৰ আৰু কাৰ্বন নিৰ্গমন বৃদ্ধি পাব পাৰে।
  • জিনীয় প্ৰযুক্তি (Genetic Engineering):
    • ইতিবাচক দিশ: কীট-পতংগ প্ৰতিৰোধী বা অধিক উৎপাদনক্ষম শস্য সৃষ্টি কৰি কৃষি উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
    • নৈতিক প্ৰত্যাহ্বান: জিনীয়ভাৱে পৰিৱৰ্তিত জীৱৰ প্ৰাকৃতিক পৰিৱেশত প্ৰভাৱ, জৈৱ-বৈচিত্ৰ্যৰ পৰিৱৰ্তন আৰু থলুৱা প্ৰজাতিৰ ওপৰত সম্ভাব্য প্ৰভাৱৰ বিষয়ে সাৱধানতা প্ৰয়োজন।

সেয়েহে এই প্ৰযুক্তিসমূহৰ ব্যৱহাৰ বৈজ্ঞানিক পৰীক্ষা, নৈতিক বিবেচনা আৰু পৰিৱেশ সুৰক্ষাৰ সৈতে সামঞ্জস্য ৰাখি কৰা উচিত।

প্ৰশ্ন ৩: প্রযুক্তিগত উন্নয়ন সাধি পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ কেনেদৰে সমাধান কৰিব পাৰি? উপযুক্ত উদাহৰণসহ বুজাই লিখা।

উত্তৰ: সঠিক পৰিকল্পনা আৰু দায়িত্বশীল উদ্ভাৱনৰ জৰিয়তে প্ৰযুক্তিক পৰিৱেশ সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি।

  • ১. নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ: সৌৰশক্তি, বায়ুশক্তি আৰু জলবিদ্যুৎ আদি ব্যৱহাৰৰ জৰিয়তে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা আৰু সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিব পাৰি।
  • ২. আৱৰ্জনা পুনৰাবৰ্তন: আধুনিক প্ৰযুক্তিৰ সহায়ত প্লাষ্টিক, ধাতু আৰু ই-বৰ্জ্য পৃথক কৰি পুনৰ ব্যৱহাৰ বা পুনৰাবৰ্তন কৰিব পাৰি।
  • ৩. স্মাৰ্ট কৃষি (Precision Agriculture): সেন্সৰ, ড্ৰোন আৰু AI ব্যৱহাৰ কৰি প্ৰয়োজন অনুসৰি পানী আৰু সাৰ প্ৰয়োগ কৰিব পাৰি। ইয়াৰ ফলত পানীৰ অপচয় আৰু ৰাসায়নিক প্ৰদূষণ কমে।
  • ৪. কাৰ্বন কেপচাৰ প্ৰযুক্তি: কিছুমান উদ্যোগৰ পৰা নিৰ্গত কাৰ্বন-ডাই-অক্সাইড ধৰি সংৰক্ষণ কৰাৰ প্ৰযুক্তিয়ে নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

এইদৰে প্ৰযুক্তিগত উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত সমন্বয় স্থাপন কৰি বহনক্ষম উন্নয়ন সাধন কৰিব পাৰি।

প্ৰশ্ন ৪: “প্ৰকৃতি সংৰক্ষণৰ বিপৰীতে পৰিৱেশীয় মূল্যবোধ” — এই বিষয়টো চমুৱাই আলোচনা কৰা।

উত্তৰ: প্ৰকৃতি সংৰক্ষণ আৰু পৰিৱেশীয় মূল্যবোধৰ মাজত গভীৰ সম্পৰ্ক আছে। প্ৰকৃতিৰ প্ৰতি মানুহৰ দৃষ্টিভংগীৰ ওপৰত সংৰক্ষণৰ পদ্ধতি নিৰ্ভৰ কৰে।

  • সংৰক্ষণৰ ব্যৱহাৰিক দৃষ্টিভংগী: পৰম্পৰাগতভাৱে মানুহে বন, নদী আৰু অন্যান্য প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা ইয়াৰ পৰা লাভ কৰা উপকাৰৰ বাবে অনুভৱ কৰিছিল। যেনে—কাঠ, খাদ্য, পানী আৰু অন্যান্য সম্পদ লাভৰ বাবে বন সংৰক্ষণ কৰা।
  • পৰিৱেশীয় মূল্যবোধ: পৰিৱেশীয় নীতিশাস্ত্ৰই প্ৰকৃতিৰ স্বকীয় মূল্যৰ ওপৰত গুৰুত্ব দিয়ে। অৰ্থাৎ মানুহৰ প্ৰয়োজন পূৰণ নকৰিলেও প্ৰকৃতি আৰু জীৱজগতৰ নিজস্ব মূল্য আছে আৰু ইয়াক সুৰক্ষিত কৰা নৈতিক দায়িত্ব।
  • মূল্যবোধৰ বিভিন্ন ৰূপ: প্ৰকৃতিৰ নান্দনিক মূল্য, সাংস্কৃতিক মূল্য আৰু আত্মিক মূল্যও আছে। বহু সমাজ আৰু জনগোষ্ঠীৰ জীৱনধাৰা বন, নদী আৰু অন্যান্য প্ৰাকৃতিক উপাদানৰ সৈতে গভীৰভাৱে জড়িত।

সেয়ে প্ৰকৃতি সংৰক্ষণ কেৱল মানুহৰ উপকাৰৰ বাবে নহয়, প্ৰকৃতিৰ নিজস্ব মূল্যৰ প্ৰতিও সন্মান জনাই কৰা উচিত।

প্ৰশ্ন ৫: ‘সম্পদৰ ন্যায়সংগত ব্যৱহাৰ’ (Equitable Use of Resources) ধাৰণাটো ব্যখ্যা কৰা আৰু ই কিয় আধুনিক সমাজৰ বাবে গুৰুত্বপূৰ্ণ?

উত্তৰ: সম্পদৰ ন্যায়সংগত ব্যৱহাৰ (Equitable Use of Resources) মানে হৈছে পানী, মাটি, বন, খনিজ আৰু শক্তিৰ দৰে প্ৰাকৃতিক সম্পদসমূহ ন্যায়সংগত, দায়িত্বশীল আৰু বহনক্ষমভাৱে ব্যৱহাৰ কৰা।

ইয়াৰ গুৰুত্বসমূহ হ’ল—

১. সামাজিক সমতা: প্ৰাকৃতিক সম্পদৰ ন্যায়সংগত ব্যৱহাৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মৌলিক প্ৰয়োজন পূৰণত সহায় কৰে।

২. আন্তঃপ্ৰজন্মীয় ন্যায় (Inter-generational Equity): বৰ্তমান প্ৰজন্মই সম্পদৰ অপচয় নকৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবেও পৰ্যাপ্ত সম্পদ সংৰক্ষণ কৰিব লাগে।

৩. সামাজিক শান্তি: পানী, ভূমি আৰু অন্যান্য সম্পদৰ ন্যায়সংগত ব্যৱহাৰে সম্পদক লৈ সৃষ্টি হোৱা সংঘাত আৰু বৈষম্য হ্ৰাস কৰাত সহায় কৰে।

৪. পৰিৱেশ সংৰক্ষণ: সম্পদৰ অপচয় আৰু অত্যধিক ব্যৱহাৰ কমিলে পৰিস্থিতিতন্ত্ৰৰ ওপৰত চাপ হ্ৰাস পায় আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত সহায় হয়।

সেয়েহে সম্পদৰ ন্যায়সংগত ব্যৱহাৰ সামাজিক ন্যায়, পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ।

*****

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
🎓 My Class

My Subjects