Gauhati University BA 4th Sem Assamese Chapter 8 Solution 2026 | Paper Code: -ASM – 0400204 | GU BA 4th Sem 4th Sem Assamese Chapter 8 আধুনিক অসমীয়া কবিতা Answer

পলস

১। কবি নৱকান্ত বৰুৱাৰ প্ৰথম কাব্য সংকলনখনৰ নাম কি?

উত্তৰঃ ‘হে অৰণ্য হে মহানগৰ’।

২। ‘অৰুন্ধতীৰ কবি’ বুলি কাক কোৱা হয়?

উত্তৰ: নৱকান্ত বৰুৱাক।

৩। নৱকান্ত বৰুৱাৰ ছদ্ম নামটো কি?

উত্তৰঃ সীমা দত্ত।

৪। নৱকান্ত বৰুৱাই কোনখন কাব্য গ্রন্থৰ বাবে অসম প্রকাশন পৰিষদ বঁটা লাভকৰিছিল?

উত্তৰঃ ‘মোৰ আৰু পৃথিৱীৰ’ কাব্যগ্ৰন্থৰ বাবে।

৫। ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে তেওঁ দুটা বঁটা পাইছিল? কি কি আছিল বঁটা দুটা?

উত্তৰঃ ‘সাহিত্য অকাডেমি বঁটা (১৯৭৫) আৰু অসম উপত্যকা বঁটাৰে (১৯৯৩)।

৬। কবি নৱকান্ত বৰুৱাৰ দুখন কবিতা সংকলনৰ নাম উল্লেখ কৰা।

উত্তৰঃ সম্রাট (১৯৬২); এটি দুটি এঘাৰটি তৰা (১৯৫৭)।

৭। নৱকান্ত বৰুৱাৰ কবিতাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: নগৰীয়া জীৱনৰ ক্লান্তি, নিঃসংগতা, জীৱনৰ সৌন্দৰ্য্য, প্ৰেমৰ মাধুৰিমা, মৃত্যুৰ ৰহস্য আদি বিবিধ দিশ তেওঁৰ কবিতাত প্রতিফলিত হোৱা দেখা যায়। ইয়াৰ উপৰিও সুন্দৰ চিত্ৰকল্পৰ নিৰ্মাণ তেওঁৰ অন্যতম বৈশিষ্ট্য।

৮। ‘উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা”- উক্ত বাক্যখিনিৰ জৰিয়তে কবিয়ে কি বুজাব বিচাৰিছে?

উত্তৰ: অৰ্থাৎ সৎ কর্মই, লোকহিতৈষী কর্মই অতীতৰ গ্লানি দূৰ কৰি পৃথিৱীখনক নিকা কৰিব। গ্লানিৰ কোনো জঞ্জাল নাথাকিব ইয়াকে বুজাব বিচাৰিছে।

৯। ‘জীৱাশ্মত জাতিস্মৰৰ হাঁহি উঠা সাধু” মানে কবিয়ে কি বুজাব বিচাৰিছে?

উত্তৰ: ইয়াৰ মাজত কবিয়ে অতীতৰ এক ইংগিত দিছে। সৎ কৰ্মৰ মাজেৰে অমৰ হোৱা মানুহক, অতীতক ভৱিষ্যতৰ নৱ প্ৰজন্মই স্মৰণ কৰিব।

১০। “বুটা আইতাৰ কলিজাৰে গজে বন-নহৰুৰ ফুল” কথাষাৰৰ তাৎপৰ্য্য কি?

উত্তৰঃ ইয়াৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে অতীতৰ ভিত্তিত বর্তমানে ক্রিয়া কৰি ভৱিষ্যতৰ স্বপ্ন সৌধ নির্মাণ হয়। অতীতক ‘বুঢ়ী আইতাৰ কলিজাৰ লগত ৰিজনি দিছে।

চমু প্রশ্নোত্তৰ:

১। আধুনিক কবিতাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ আধুনিক কবিতাৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল-

(১) নগৰকেন্দ্ৰিক যান্ত্রিক সভ্যতাৰ ছবি,

(২) মার্ক্সীয় দর্শনৰ আধাৰত নতুন সমাজ গঢ়াৰ প্ৰয়াস,

(৩) ফ্রয়েডৰ মনোবিজ্ঞানৰ প্ৰভাৱ,

(৪) ধর্ম, প্রেম, সৌন্দর্য আদি প্রতিষ্ঠিত মূল্যবোধত সংশয়,

(৫) বর্তমান জীৱনৰ ক্লান্তি আৰু নৈৰাশ্যবোধ,

(৬) আত্মবিৰোধ আৰু অনিকেত মনোভাব,

(৭) ইতিহাস চেতনা,

(৮) ঈশ্বৰ আৰু প্রথাগত ধর্মত অনাস্থা,

(৯) জৈৱদেহজ কামনা আৰু প্ৰেমৰ সামগ্রিক ৰূপৰ প্ৰত্যক্ষীকৰণ,

(১০) বিশ্বৰ বিভিন্ন ঐতিহ্য আৰু সংস্কৃতি সচেতনভাবে গ্রহণ,

(১১) মননধর্মিতা,

(১২) বৌদ্ধিক প্ৰৱাহত দুৰূহতাৰ সৃষ্টি,

(১৩) বিজ্ঞানৰ সামগ্রিক প্রভার,

(১৪) মুক্তকছন্দ আৰু স্পন্দিত গদ্যৰ ব্যৱহাৰ,

(১৫) প্রতীকৰ প্ৰয়োগ আদি।

২। ‘পলস’ শব্দই কবিতাটিত কেনেধৰণৰ অৰ্থ বহন কৰিছে?

উত্তৰ: অসমীয়া কাব্য কাননত অন্যতম প্রতীকবাদী কবি নৱকান্ত বৰুৱাৰ সাৰ্থক আৰু জনপ্রিয় কবিতাসমূহৰ ভিতৰত ‘পলস’ এটা অন্যতম কবিতা। ‘পলস’ শব্দটো কবিতাটোত প্রতীকাত্মক ৰূপত প্রয়োগ হৈছে। কবিয়ে কবিতাটো আৰম্ভ কৰিছে এনেদৰে-

“পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ন 

বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ 

কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ন, 

কলং কপিলী দিজুৰ পাৰ ককাদেউতাৰ হাড়।”

পলাশৰ ৰঙা ৰঙে মানুহৰ জীৱনৰ ৰঙীণ সপোনক বুজাইছে। মানৰ আগমনে কিমানব সপোন পুৰি ছাই হ’ল, যাক কবিয়ে ব’হাগৰ ধুমুহাৰ সৈতে তুলনা কৰিছে। ‘কাকাদেউতাৰ হাড়’ৰ প্ৰসংগই পূৰ্বপুৰুষৰ জীৱাশ্মক বুজাইছে। পাৰ কৰি অহা অতীতৰ সেই বিভীষিকাময় দিন আজিও কলং-কপিলী পাৰত এতিয়াও আছে।

৩। নৱকান্ত বৰুৱাৰ ‘পলস’ কবিতাত ‘পলস’ শব্দটো কি অর্থত ব্যৱহাৰ কৰা হৈছে উল্লেখ কৰা।

উত্তৰঃ বাৰিষা কালত নৈয়ে খেতি পথাৰত পলস পেলাই পথাৰ উৰ্বৰা কৰি তোলে। এনেকৈ বছৰে বছৰে পলস পৰি মাটি সাৰুৱা হৈ গৈ থাকে। তেনেদৰে আমাৰ সভ্যতা-সংস্কৃতিৰ পথাৰখনতো এনে কথাই হয়। চামে চামে মানুহ এইখন পৃথিৱীলৈ আহিয়েই আছে। তেওঁলোকৰ চিন্তা-চৰ্চাৰ দ্বাৰা চিন্তাজগত সদায়েই সমৃদ্ধ হৈ থাকে। এনেকৈ চিন্তা-চৰ্চাৰ এক বিশাল ঐতিহ্য গঢ়ি উঠে।

পলসে যিদৰে পথাৰ সাৰুৱা কৰি শস্য নদন-বদন কৰি তোলাত সহায় কৰে তেনেদবৈ চিন্তা-চৰ্চাৰ বিশাল ঐতিহ্যয়ো সমাজ-সংস্কৃতিৰ উন্নতিৰ বিশেষ অবিহণা যোগায়। মুঠতে ইয়াত ‘পলস’ শব্দটো সাৰুৱা অথবা গঠনমূলক চিন্তা-চর্চা অর্থত প্রয়োগ কৰা হৈছে।

৪। ‘আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুটা কূল”- ইয়াত কথাষাৰৰ দ্বাৰা কি বুজোৱা হৈছে?

উত্তৰ: ‘আমাৰ পলস’ এই দুয়োটা শব্দই আমিবোৰৰ ধ্যান-ধাৰণা আৰু চিন্তা-চর্চাক বুজাইছে। ‘কলঙৰ দুটি কূলে’ আমাৰ সভ্যতা-সংস্কৃতিৰ সতে অথবা চিন্তা জগতক বুজাইছে। কবি নৱকান্ত বৰুৱাই ইয়াত কথাষাৰৰ দ্বাৰা যদিও বাহ্যিক অৰ্থত নদীৰ পানীয়ে খেতিপথাৰ সাৰুৱা কৰাৰ কথা কৈছে ইয়াৰ প্রতীকী অর্থ কিন্তু বেলেগ।

আমিবোৰৰ গঠনমূলক আৰু সৎ চিন্তাধাৰাৰ জৰিয়তে আমাৰ সভ্যতা-সংস্কৃতিক সমৃদ্ধিশালী কৰি তোলক আমাৰ বৰ্তমান প্রজন্মই। কবিতাটিৰ জৰিয়তে কবিয়ে অতীত, বর্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ কথা প্রকাশ কৰিছে।

৫। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ

(ক)     পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ন

বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ 

কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ন? 

কলং কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড় 

বুঢ়ী আইতাৰ কলিজাৰে গজে বন-নহৰুৰ ফুল।

উত্তৰঃ উক্ত কবিতাফাঁকি নৱকান্ত বৰুৱাৰ ‘পলস’ শীর্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কাব্যাংশৰ জৰিয়তে অতীত, বর্তমান আৰু ভবিষ্যতৰ সপোনবোৰৰ কথাকে উল্লেখ কৰিছে। কবি নৱকান্ত বৰুৱাই কবিতাফাঁকিৰ প্ৰত্যেকটো শব্দই এক সার্থক প্রতীকাত্মক ৰূপত প্রয়োগ কৰিছে। কবিয়ে অতীতৰ পলসুবা বুকুত আকৌ ঠন ধৰি উঠা ভবিষ্যতৰ সপোন দেখিছে। পাৰ হৈ যোৱা দিনবোৰ আৰু কেতিয়াও নাহে। বহুতো সোণালী ক্ষণ, বহুতো পূৰণ হ’ব খোজা সপোন কালৰ সোঁতত কেতিয়াবাই হেৰাই গ’ল। অতীতৰ পলসুৱা বুকুতেই বর্তমান আৰু বৰ্তমানৰ বুকুতেই আমিবোৰৰ ভবিষ্যত গঁজি উঠাৰ আলফুল সপোন কবিয়ে দেখা পাইছে। অতীতৰ ভাল লগা দিনবোৰ অথবা ভাল লগা সপোনবোৰ সময়ৰ লগে লগে হেৰাই যায়। মহৎ আৰু আদর্শবান পুৰুষ হ’লে সময়ৰ গতিত লাহে লাহে নাইকিয়া হয়। কিন্তু, ক’ৰবাত কেনেবাকৈ হয়তো মৰহা অতীতৰ স্মৃতিৰ আচোৰ ৰৈ যায়। কবিৰ বুকুত আকৌ পোখাইছে, আমাৰ পূৰ্বপুৰুষৰ সাৰুৱা চিন্তা বা সুচিন্তা ভৱিষ্যত প্ৰজন্মৰ হাতত ঠন ধৰি উঠাৰ গভীৰ প্রত্যাশা।

(খ) আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সীৰলুত 

আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত

জাতিস্মৰৰ হাঁহি উঠা সাধু। সপোন-অন্ধ যি গলিত

আমি থাকোঁ তাৰে নয়নজুলিত আমাৰ ভবিষ্যৎ।

উত্তৰঃ উক্ত কবিতাফাঁকি নৱকান্ত বৰুৱাৰ ‘পলস’ শীর্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিতাংশৰ বৰ্তমান পুৰুষৰ চিন্তা-চৰ্চা, পোৱা-নোপোৱাৰ হিচাপ উত্তৰ পুৰুষৰ বাবে ৰৈ যাব। ইয়াত কবিৰ দৃঢ় আত্মবিশ্বাস প্রকাশ পাইছে।

কাব্যাংশৰ মাজেৰে অতীত, বর্তমান আৰু ভবিষ্যৎ তিনিওটা যেন অদৃশ্য শিকলিৰে বান্ধ খাই আছে সেই কথা প্রকাশ পাই উঠিছে। আজিৰ আশা-নিৰাশা আৰু পোৱা-নোপোৱাৰ সমস্ত হিচাপ ভৱিষ্যতৰ বুকুত হেৰাই যাব। তথাপি ক’ৰবাত যেন থাকি যাব অতীতৰ লগত ভৱিষ্যতৰ কিবা এক যোগসূত্র। নতুন পুৰুষৰ লগে লগে নতুন নতুন | ঐতিহ্যৰ সৃষ্টি হ’ব আৰু নতুন নতুন চিন্তা-চৰ্চাৰো উন্মেষ হ’ব। এইবোৰো কৰিবৰ বাবে আন এক উন্মাদনা। এইবোৰৰ মাজতেই অতীতৰ সাৰুৱা বা পলসুৱা চিন্তা-গধূৰ কথাবোৰ ভৱিষ্যত প্ৰজন্মৰ হাতত ৰৈ যাব বুলি কবিয়ে গভীৰ আশাৰে বাট চাইছে। উত্তৰ পুৰুষৰ হাততে অতীতৰ সকলো ৰ’ব। তাতেই কবিৰ আশা।

(গ) ডাৱৰে কি ক’লে, দিয়া আৰু দিয়া, নিশেষকৈ দিয়া

 আলিৰ কাণত গছপুলি ৰোৱা, এটা হাইস্কুল খোলা, 

পথিক প্রিয় যে সদায়ে বাটত, কাঢ়া দুটা হুমুনিয়াহ! 

উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা। 

আমাৰ পলসে সাৰুৱা কৰক কলঙৰ কুটি কূল।

উত্তৰঃ উক্ত কবিতাফাঁকি নৱকান্ত বৰুৱাৰ ‘পলস’ শীর্ষক কবিতাটোৰ পৰা উৎকলিত কৰা হৈছে।

কবিতাংশত আমাৰ অতীতৰ কু-সংস্কাৰবোৰ নিঃশেষ কৰি নতুন দিনৰ ভৱিষ্যতৰ বাবে নিজৰ সামার্থ অনুসৰি দেশৰ-দহৰ হিতৰ বাবে আত্মনিয়োগ কৰাৰ কথাকে কৈছে।

এই পৃথিৱীখনলৈ চামে-চামে মানুহ আহে আৰু যায়। কিন্তু নিজৰ কৰ্ম-সংস্কৃতিৰ বাবে সদায় স্মৃতিত থাকি যায়। কবিয়ে বর্তমান সময়ৰ পুৰুষক মনত পেলাই দিছে যে তেওঁলোকে প্রাচীন সংস্কাৰবোৰৰ বাবে জীৱনৰ বাটত হুমুনিয়াহ কাঢ়ে। সেয়েহে কবিয়ে অত্যন্ত আশা কৰিছে যে সময়ে আমাৰ প্রাচীন সংস্কাৰ (মৰা মকৰাৰ খোলা) বোৰক উটুৱাই লৈ যাওঁক। আকৌ, বৰ্তমান পুৰুষৰ চিন্তা-চৰ্চাই আমাৰ সভ্যতা-সংস্কৃতি অধিক জীপাল কৰি তোলাত অৰিহণা যোগাব। সেইবাবেই কবিয়ে কলঙে দুয়োপাৰ পলসুৱা বা সাৰুৱা কৰাৰ দৰেই বৰ্তমান পুৰুষৰ প্ৰগতিশীল চিন্তা-চর্চাই উত্তৰ পুৰুষৰ সভ্যতা-সংস্কৃতি চিন্তাধাৰা আদি সকলোবোৰ সমৃদ্ধ কৰাত সহায়ক হ’ব বুলি কবিৰ গভীৰ বিশ্বাস।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ‘পলস’ কবিতাটোৰ কবি নৱকান্ত বৰুৱাৰ এটি চমু পৰিচয় আগবঢ়োৱা।

উত্তৰ: আধুনিক অসমীয়া কবিতাক ঐশ্বৰ্য আৰু ভাবনাৰে সমৃদ্ধ কৰা সফল আৰু জনসমাদৃত কবি গৰাকী হ’ল নৱকান্ত বৰুৱা। তেওঁৰ জন্ম হয় ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। এই গৰাকী কবিয়ে যোৱা শতিকাৰ চল্লিছৰ দশকত ‘হে অৰণ্য, হে মহানগৰ’ নামৰ কাব্য সংকলন খনেৰে অসমীয়া সাহিত্যত আত্মপ্ৰতিষ্ঠাৰ স্তম্ভ পোতে। তেওঁৰ প্ৰকাশিত অন্যবোৰ কাব্য সংকলন হ’ল- ‘এটি দুটি এঘাৰটি তৰা’ (১৯৫৭), ‘যতি আৰু কেইটামান স্কেছ’ (১৯৬০), ‘সম্রাট’ (১৯৬২), বাৱন (১৯৬৩), মোৰ আৰু পৃথিৱীৰ (১৯৭৩), ৰত্নাকৰ (১৯৮৬), এখন স্বচ্ছ মুখাৰে (১৯৬০), দলঙৰ তামীঘৰা (১৯৯৯) ইত্যাদি কাব্য গ্ৰন্থৰ জৰিয়তে এইগৰাকী কবিয়ে অসমীয়া কাব্য সাহিত্য সমৃদ্ধ কৰি তোলে। ‘সীমা দত্ত’ ছদ্মনামেৰে ‘বাঁহী’ আদি আলোচনীত কবিতা লিখা নৱকান্ত বৰুৱাৰ কেৱল কাব্য সাহিত্যতে নহয়; উপন্যাস, শিশু-সাহিত্য, ভ্রমণ কাহিনী ৰচক, নাট্যকাৰ, আৰু অনুবাদক হিচাপেও সুকীয়া পৰিচয় আছে।

এওঁ ‘মোৰ আৰু পৃথিৱীৰ’ কাব্যগ্ৰন্থৰ বাবে অসম প্রকাশন পৰিষদ বঁটা (১৯৭৪), ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা (১৯৭৫) লাভ কৰাৰ উপৰি তেওঁ ‘অসম উপত্যকা’ বঁটাৰেও (১৯৯৩) সন্মানিত হৈছিল। ১৯৭৬ চনত তেওঁ পদ্মভূষণ বঁটা, ১৯৯৮ চনত কমল কুমাৰী বঁটা; ১৯৯৩ চনত সম্বলপুৰ বিশ্ববিদ্যালয় বঁটা লাভকৰাৰ উপৰিও মধ্যপ্রদেশ চৰকাৰৰ ‘কবীৰ’ সন্মান লাভ কৰে। এয়া আছিল কবি, সাহিত্যিক নৱকান্ত বৰুৱাৰ জীৱন জোৰা সাধনা আৰু অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰাৰ সন্মান। ১৯৯০ চনত বিশ্বনাথ চাৰিআলিত হোৱা অসম সাহিত্যসভাৰ সভাপতিৰ পদ অলংকৃত কৰে।

কবি নৱকান্ত বৰুৱাই অনুপ্ৰেৰণা বুটলিছিল ৰবীন্দ্রনাথ, এলিয়ট, হুইটমেন, মায়াকভক্সি, জীবনানন্দ আৰু খলিল জিন্নান। ইমানবোৰ কবিৰ দ্বাৰা অনুপ্ৰেৰণা পাইছে যদিও ব্যক্তিগত অনুভূতিৰ গভীৰতা আৰু সমুহীয়া চিন্তাৰ বিশালতা নৱকান্ত বৰুৱাৰ কবিতাত লক্ষ্য কৰা যায়। নগৰীয়া জীৱনৰ ক্লান্তি, নিঃসংগতা, জীৱনৰ সৌন্দৰ্য্য, প্ৰেমৰ মাধুৰিমা, মৃত্যুৰ ৰহস্য আদি বিবিধ দিশে তেওঁৰ কবিতা সুন্দৰ কৰিছে। সুন্দৰ প্ৰতীক আৰু চিত্ৰকল্প নির্মাণ তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। মুক্তক ছন্দ আৰু স্পন্দিত গদ্যৰ সাৰ্থক প্রয়োগ নৱকান্ত বৰুৱাৰ কবিতাত লক্ষ্য কৰা যায়।

নৱকান্ত বৰুৱাৰ কবিতা সম্পর্কে ড° মহেন্দ্ৰ বৰাই উচিত মন্তব্যকে কৰিছিল যে “নৱকান্ত বৰুৱা নিঃসন্দেহে আধুনিক কবিতাৰ বুৰঞ্জীৰ আটাইতকৈ তাৎপৰ্য্যপূর্ণ নাম। যোৱা প্ৰায় ত্ৰিশ বছৰৰ অসমীয়া কবিতাৰ যি নতুন স্বাদ, সেয়া তেওঁৰ একক কৃতিত্ব। সঁচা কথা তেওঁৰ আগে পিছে কেইবাজনো প্রতিভাবান কবিয়ে অসমীয়া কবিতালৈ ভিন্‌ ভিন্ দিশত নান্দনিক চেতনা। বহু নতুন আংগিকৰ কলা-কৌশল আৰু বহু নতুন ছান্দসিক মূল্য কঢ়িয়াই আনিছে। কিন্তু এই সকলোবোৰ উপাদানেৰে যি নিটোল সমাহাৰ তেওঁৰ কবিতাত পোৱা যায়, অন্য কোনোেজন আধুনিক কবিৰ কবিতাত সেয়া পাবলৈ নাই।”

২। আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যবোৰ কি কি? এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ নতুন যুগৰ চিন্তা আৰু চেতনা যি সাহিত্যত প্রতিবিম্বিত হৈ উঠে, সেই সাহিত্যক সাধাৰণ অৰ্থত আধুনিক বুলি ক’ব পাৰি। নতুন কবিতাৰ বীজ ৰোপিত হৈছিল ‘জয়ন্তী’ৰ বুকুত। দীননাথ শৰ্যা সমপাদিত ‘আৱাহনে’ও অসমীয়া কবিতাত নতুন নতুন ভাৱধাৰা আৰু আংগিকৰ আগমণ ঘোষণা কৰিলে।

১৯৩৯-৪৫ চনৰ মহাযুদ্ধই অসমৰ গ্ৰন্থ জীৱনত এটা আলোড়ন তুলিলে। নতুন নতুন ভাৱ, নিত্য-নতুন অভিজ্ঞতা আৰু মানুহ আৰু জগতৰ ওপৰত বাস্তৱানুগ দৃষ্টিভংগী সোমাই পৰি অসমীয়া কবিতাৰ বোৱঁতী সুঁতিটিত যি নতুন লহৰ তুলিলে তাৰ নামেই হ’ল নতুন কবিতা বা আধুনিক কবিতা।

আধুনিক অসমীয়া কবিতাত বিশেষ পৰিবৰ্তন সাধিত হৈছিল বিষয়বস্তু আৰু আংগিকৰ দিশত। আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ হ’ল-

(১) বিষয়বস্তুৰ আধুনিকতা:

(ক) এক নব্য-মানবীয় দৃষ্টিভংগীৰ আগমনঃ নতুন কবিতাৰ আটাইতকৈ আকষর্ণীয় দিশ হ’ল,     এক নব্য-মানবীয় দৃষ্টিভংগীৰ আগমণ। আধুনিক কবিসকলে মানুহক তাৰ মানুহ ৰূপত চিনি পাবলৈ চেষ্টা কৰিছিল আৰু সেই মানুহৰ সুখ-সুখ, হাঁহি-কান্দোনৰ ভাগ ল’বৰ আৰু সিবোৰক নিজ অন্তৰৰ সংবেদন দি কবিতাত চিত্রিত কৰিবৰ প্ৰয়াস পাইছিল। জাতি, বর্ণ, ভাষা, সম্প্রদায় আদিৰ বান্ধোনৰ পৰা মুক্ত যি যানুহ সেই মানুহহে আধুনিক কবিৰ কাম্য। অমূল্য বৰুৱা, ৰাম

গগৈ, কেশৱ মহন্ত, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য আদিৰ কবিতাত এই মানুহক মানুহ ৰূপত আৱিষ্কাৰ কৰাৰ চেতনা অধিক বলিষ্ঠভাবে প্রকাশ পাইছে।

(খ) মার্ক্সীয় দর্শনৰ প্রভাব: অন্যান্য দেশৰ আধুনিক কবিসকলৰ দৰে আধুনিক অসমীয়া কবিসকলৰ ওপৰতো জার্মান দেশীয় দার্শনিক কালমার্ক্সব প্রভাব অসীম। মার্ক্সে এক নতুন সামাজিক আৰু ৰাজনৈতিক প্ৰযুক্তিৰ সৈতে সৰ্বহাৰা শ্ৰেণীৰ কাৰণে মুক্তিৰ বাট বিচাৰিবলৈ আৰু পুঁজিপতি শোষণৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছিল। মার্ক্সৰ এই নতুন দর্শনে অসমীয়া কবিসকলক সহজে আকৃষ্ট কৰিলে আৰু ফলস্বৰূপে তেওঁলোকৰ কবিতা মার্ক্সীয় দর্শনৰ ৰক্তিম ৰাগেৰে ৰঞ্জিত হৈ পৰিল। হেম বৰুৱা, কেশৱ মহন্ত, ৰাম গগৈ আদিৰ কবিতাত মার্ক্সীয় দৰ্শনৰ প্ৰভাৱ দেখা যায়।

(গ) মনোবৈজ্ঞানিক চৰ্চাৰ প্ৰভাব: ফ্রয়েডৰ মনোবিজ্ঞানৰ তত্ত্বসমূহে মানৱৰ চিন্তাৰাজ্যলৈ বিশিষ্ট দান। নতুন অসমীয়া কবিতাত ফ্রয়েডে আগবঢ়োৱা মনস্তাত্বিক ব্যাখ্যাসমূহৰ প্ৰতিফলনো আৰম্ভ হ’ল।

(ঘ) বিজ্ঞানীসকলৰ প্ৰভাৱঃ বিজ্ঞানৰ প্ৰগতিৰ বাবে কুৰি শতিকাটো এক চৰণ বিস্ময়কৰ শতিকা। এই শতিকাতে বিজ্ঞানৰ নানান শাখাত অভিনৱ উদ্ভাবন কিছুমান হয়। স্বাভাবিকতে এই নতুন উদ্ভাবনাসমূহে মানুহৰ চিন্তাৰাজ্যত গভীৰভাৱে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ প্ৰতিফলন আৰম্ভ হয় ক’লা আৰু সাহিত্য জগততো। আধুনিক কবিতাই বিজ্ঞানৰ ক্ষেত্ৰত হোৱা এই নৱ নৱ উন্মেষধ্বনিক সাদবে আদৰি ললে।

(ঙ) শিল্প আৰু কল-কাৰখানাৰ প্ৰসাৰ আৰু কবিতাৰ জগতত তাৰ প্ৰতিফলন: কুৰি শতিকাৰ তৃতীয় দশতকহে অসমত শিল্পোদ্যোগ আৰু কলকাৰখানাসমূহৰ সূত্রপাত হয় বুলি ক’ব পাৰি। নগৰবিলাকত দ্রুতগতিত বাঢ়ি অহা কল-কাৰখানাবিলাকে নগৰবাসীৰ জীৱন বিৰক্ত কৰি তুলিছিল। গুৱাহাটী আৰু কলিকতাৰ নিচিনা মহানগৰীৰ ক্ষিপ্ৰ ঔদ্যোগিক সম্প্ৰসাৰণ আৰু শ্রমিক অশান্তি, বায়ুৰ দূষণ আদি এশ একুৰি সমস্যাই আধুনিক কবিসকলক ভবাই তুলিছিল। স্বাভাবিকভাবেই তেওঁলোকৰ কবিতাত কলকাৰখানাৰ ঐন্দজালিক বিস্তৃতি আৰু নগৰীয়া জীৱনৰ হাজাৰ অশান্তি ঘনীভূত হৈ পৰিছিল।

(চ) প্রাচীন ঐতিহ্য আৰু মূল্যবোধৰ অপসাৰণ: কুৰি শতিকাৰ বিজ্ঞানভিত্তিক জ্ঞানচর্চাই আমাৰ প্রাচীন মূল্যবোধক বৰকৈ আঘাত কৰিছিল। বিশেষকৈ ধর্ম, সমাজ, প্রেম আৰু জীৱন আদিৰ ক্ষেত্ৰত প্রাচীন মূল্যবোধ আঁচৰিবলৈ বাধ্য হৈছিল। নতুন কবিসকলে নতুন ভাব-চিন্তাক যিদৰে আদৰণি জনালে সেই একেদৰে তেওঁলোকে প্রাচীন ঐতিহ্য আৰু ম্যূলবোধক আঘাত হানিলে। সনাতন

প্রাচীন মূল্যবোধ, ঈশ্বৰৰ অস্তিত্ব, জাতি, ধর্ম, ভাষা আৰু সম্প্ৰদায়ৰ বিভাজন আদিক কটাক্ষ কৰি এই কবিসকলে নতুন মূল্যবোধৰো সৃষ্টি কৰিবলৈ প্রয়াস কৰিলে। অসমীয়া কবিসকলৰ গাত পৰিছিল।

(২) আংগিকৰ নতুনত্বঃ

(ক) ছান্দিক কৌশলৰ পৰিবৰ্তন: ৰোমাণ্টিক যুগৰ অসমীয়া কবিতাত দৈহিক গঠনৰ আধাৰ আছিল যৌগিক ছন্দসমূহ, নতুন কবিতাই যৌগিক ছন্দৰ পৰা আঁতৰি আহি মুক্তক আৰু স্পন্দিত গদ্য ছন্দক নিজৰ আপোনা এৰি ললে।

(খ) ভাষা আৰু শব্দ চয়নৰ পৰিবৰ্তন: অসমীয়া কবিতাৰ ভাষা আৰু শব্দচয়নে আধুনিক কবিতাত সাজ সলালে। পৰম্পৰাগতভাৱে চলি অহা শব্দ, খণ্ডবাক্য, বিশেষণ, উপমা ৰীতি আঁতৰি গৈ নতুন শব্দ নতুন ধৰণৰ বিন্যাস, নতুন বিশেষণ পদৰ প্ৰয়োগে গঢ় কৰি উঠিলে।

(গ) কবি প্রসিদ্ধিৰ প্ৰতি আওহেলা: আধুনিক কবিতা সম্পূৰ্ণৰূৰে ঐতিহ্য আৰু পৰম্পৰা বিৰোধী। প্রাচীন ভাৰতীয় মহাকাব্যসমূহৰ পৰা আহৰণ কৰা দুই এটি জাতীয় প্রসিদ্ধিৰ বাহিৰে এই কবিদলে প্রাচীন কাব্যৰ লগত কোনো প্ৰকাৰ সম্পৰ্ক ৰখা নাছিল।

(ঘ) উদ্ধৃতিৰ সঘন প্রয়োগ: নতুন কবিৰ কবিতাৰ মাজত অন্য কবিতাৰ পৰা বা অন্য মূলৰ পৰা উদ্ধৃতি দি বক্তব্য বিষয়ক অধিক সবল কৰি তোলা হৈছে। পাঠকসকলৰ মনৰ পৰিধি বিস্তৃত নহলে আৰু তেওঁলোকৰ নিজৰে সৰহকৈ খা-খবৰ নাথাকিলে অনেক সময়ত উদ্ধৃতিসমূহে চিন্তাৰ আঁত সবল কৰক চাৰি চিন্তাৰ যোগ সূত্ৰডাল ছিঙি পেলাবৰহে উপক্ৰম কৰিছিল।

(ঙ) নতুন আংগিক- টংকা আৰু হাইকী: জাপানী কবিতাৰ টংকা আৰু হাইকুৰ ৰূপ অসমীয়া কবিয়েও গ্রহণ কৰে। জাপানী হাইকু ৰীতিৰ আৰ্হিত গঢ় লোৱা অসমীয়া হাইকু কবিতা ৰীতিয়ে জনপ্রিয়তা লাভ কৰিবলৈ সমর্থ হয়।

(চ) চিত্ৰকল্পৰ অভিনৱতাঃ আধুনিক কবিৰ কিছুমান চিত্রকল্প অভিনবতাই পাঠকৰ অন্তৰত গভীৰ সূক্ষ্ম সংবেদন, সৃষ্টি কৰি কাব্যনন্দৰ মহত্বৰ লোকলৈ যায়। জীৱন আৰু জগতৰ নতুন ব্যাখ্যা বিচাৰি বিচাৰৰ এই কবিছলে জাগতিক বস্তু, সম্ভাৰৰ মাজত অভিনৱ সাদৃশ্য আৱিস্কাৰ কৰিছে। উপমা, অলংকাৰৰ জৰিয়তে সিদ্ধ হোৱা কিছুমান চিত্রলেখা অতি কৌশলী হাতৰ চিনাকি।

(ছ) ভাষা আৰু প্রতীক: আধুনিক অসমীয়া কবিসকলৰ হাতত ব্যৱহৃত ভাষা আৰু বিশেষকৈ প্রতীকযুক্ত ভাষা পাঠকৰ কাৰণে অতি জটিল হৈ পৰিছিল। ফলস্বৰূপে আধুনিক অসমীয়া কবিতা পাঠকসকলৰ কাৰণে দুর্বোধ্য হৈ যাবলৈ ধৰিলে।

(জ) অতি কাব্যিকতাৰ অৱসান: আধুনিক কবিসকলে কবিতাৰ মাজতেই অতি কাব্যিকতাৰ ৰহন সনা ভালপোৱা নাছিল। সকলো প্ৰকাৰ বহিৰংগ আৰু বাগাড়ম্বৰ বাদ দি মিনিমাম আৰ্টৰ যোগেদি তেওঁলোকে কবিতাক গঢ়ি তুলিছিল। আগৰ কবিসকলৰ কাব্যিক আতিশয্যাক বাদ দি নতুন কবিদলে কবিতাক এক প্রকাৰ মুক্তি দান কৰিছিল। সেই মুক্তি হ’ল কল্পনাৰ ফেনিল উচ্ছ্বাস, শব্দচয়নৰ বৰ্ণাঢ্য ৰীতি, অলংকৰণৰ কৌশলী মায়াজালৰ পৰা মুক্তি।

৩। আধুনিক অসমীয়া কবিতাত নৱকান্ত বৰুৱাৰ স্থান নির্ণয় কৰি এটি চমু নিবন্ধ যুগুত কৰা।

উত্তৰ: ‘জয়ন্তী’ কাকতত কাব্য জীৱন আৰম্ভ কৰা নৱকান্ত বৰুৱা অসমীয়া আধুনিক কাব্য সাহিত্যৰ এগৰাকী কাণ্ডাৰী স্বৰূপ। অবিৰত সাধনাৰে অসমীয়া কবিতাক যথার্থ আধুনিক ৰূপ প্রদান কৰাত নৱকান্ত বৰুৱাৰ প্ৰচেষ্টা আজীৱন-অব্যাহত আছিল। অসমীয়া সাহিত্যলৈ তেওঁৰ বৰঙণি ইমানেই ব্যাপক আৰু বৈচিত্রপূর্ণ যে তেওঁ সাম্প্রতিক কাব্য ধাৰাত হৈ উঠিছে এটা যুগ। ভাব আৰু ভাষাৰ অপূর্ব সমাহাৰ, আংগিক আৰু বিষয়বস্তুৰ অভিনৱত্ব বৈচিত্র পূর্ণ প্রকাশভংগী, অর্থঘন দক্ষতা আদি এই গৰাকী কবিৰ সৃষ্টি কৰ্মৰ প্রধান বৈশিষ্ট। তেওঁৰ কবিতা সমূহত পোৱা যায় গভীৰ ইতিহাস চেতনা, বচন ভংগীৰ মৌলিকা, চিন্তন আৰু মননৰ প্রাধান্য ইত্যাদি ইত্যাদি।

নৱকান্ত বৰুৱাৰ প্ৰথম কাব্য সংকলন ‘হে অৰণ্য হে মহানগৰ’। এইখনতে পোৱা গৈছিল প্রকৃত অৰ্থৰ আধুনিক কবিতা। কবিয়ে দেশ বিদেশৰ বহু কবিৰ চিন্তা ভাবনাক দেশৰ মাটি-পানী, বায়ুৰ পৰশ লগাই নিজস্ব কাব্য কৌশল খটুৱাই আধুনিক কবিতাৰ এক নতুন দিশ উন্মোচন কৰিছে। তেওঁৰ কবিতাত প্রাচ্য আৰু পাশ্চাত্য দুয়ো চিন্তাধাৰাৰ সমাবেশ ঘটিছে। গ্যেটে, বাল্মীকি, বুদ্ধ আদিয়ে তেওঁৰ চিন্তা জগত আলোড়িত কৰিছিল। ঈশ্বৰৰ উল্লেখ তেওৰ কবিতাত আছে যদিও তেওঁক ঈশ্বৰ বিশ্বাসী বুলি ক’ব নোৱাৰি। ঈশ্বৰ সম্পৰ্কে তেওঁৰ ধাৰণা-

হায় অবোধ মানুহ

আৰু মানুহৰ অবোধ ঈশ্বৰ!

তুমি মাথোন প্রিমিটিভ মানুহৰ

অনুৰ্বৰ কল্পনা।

নৱকান্ত বৰুৱাৰ কবিতাত বিশ্বৰ সমগ্ৰ মানুহৰ ইতিহাস একে বুলি কৰা আন্তৰিক উপলব্ধিৰ প্ৰকাশ হোৱা দেখা যায়। তেওঁৰ কাব্য চিন্তাৰ মাজত পৰিব্যাপ্ত হৈ আছে সকলো ধৰ্মৰ দৰ্শন, মতবাদৰ প্ৰতি থকা সহনশীলতা। তেওঁ যথার্থতে মানৱতাবাদী কবি। তেওঁৰ কবিতা সৃষ্টিত আছে এক সুকীয়া ষ্টাইল। তেওঁৰ সৃষ্টি নৈপুণ্যতাৰ বাবে অসমীয়া আধুনিক কবিতাৰ ইতিহাসত এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।

নৱকান্ত বৰুৱাই ‘হে অৰণ্য, হে মহানগৰ’ কাব্য সংকলনৰ প্ৰকাশৰ পিছত আৰু কেবাখনো কাব্যপুথি প্রকাশ পায়। সেইকেইখন হ’ল- ‘এটি দুটি এঘাৰটি তৰা’, ‘যতি আৰু কেইটামান স্কেচ্ছ’, ‘সম্রাট’, ‘ৰাৱণ’, ‘মোৰ আৰু মোৰ পৃথিৱীৰ’, ‘ৰত্নাকৰ আৰু অন্যান্য কবিতা’, ‘এক স্বচ্ছ মুখাৰে’, ‘সূর্যমুখীৰ অংগীকাৰ’, ‘নৱকান্ত বৰুৱাৰ কবিতাৱলী’, ‘ৰাতি জিলমিল তৰা জিলমিল’, আৰু ‘দলঙত তামীঘৰা’। আটাইকেইখন কাব্য সংকলনৰ মাজেদি কবিৰ ব্যক্তিগত আৰু সমষ্টিগত মানৱীয় জিজ্ঞাসাৰ অনবদ্য রূপ প্রকাশিত হৈছে। ‘মোৰ আৰু পৃথিৱীৰ’ কাব্য গ্ৰন্থৰ বাবে কবিয়ে “অসম প্রকাশন পৰিষদ বঁটা” লাভকৰিবলৈ সক্ষম হৈছে।

‘ইয়াত নদী আছিল’ নামৰ কবিতাটি নৱকান্ত বৰুৱাৰ এটা উৎকৃষ্ট কবিতা। কবিতাটিত মূর্ত হৈ উঠিছে সাম্প্রতিক কালৰ এক দুর্বিষহ অৱক্ষয়ৰ শাব্দিক চিত্র। কবিতাটিত প্রতিফলিত কৰাৰ প্ৰয়াস কৰিছে মানৱতাৰ শ্রেষ্ঠত্বক।

মুঠতে আধুনিক কবি সকলৰ ভিতৰত নৱকান্ত বৰুৱাৰ স্থান আজিও উচ্চত বুলি কলেও বঢ়াই কোৱা নহয়।

৪। নৱকান্ত বৰুৱাৰ ‘পলস’ কবিতাৰ এটি সাধাৰণ আলোচনা কৰা।

উত্তৰঃ কবি নৱকান্ত বৰুৱাই পঞ্চাছৰ দশকত ৰচনা কৰা এটা উল্লেখযোগ্য কবিতা হ’ল ‘পলস’। আধুনিক অসমীয়া কবিতাৰ ইতিহাসত ‘পলস’ নিঃসন্দেহে এটি উৎকৃষ্ট কবিতা। অতীতৰ সাৰুৱা বুকুত বৰ্তমানৰ বীজ অংকুৰিত হৈ ভৱিষ্যতৰ সোণালী সপোন ৰচনা কৰাৰ কথাকেই কবিয়ে কাব্যিক ব্যঞ্জনাৰে ‘পলস’ কবিতাত প্রকাশ কৰিছে। ইয়াত অতীতৰ হেৰুওৱা সপোনক লৈয়ে নতুন আশাৰ বীজৰোপণ কৰিছে। কবিৰ কাব্যিক চিন্তাধাৰাৰ মাজেৰে উদ্ভাসিত হৈছে উত্তৰ পুৰুষৰ জীৱনৰ সন্ধান, ক্ৰমে বিলুপ্ত হবলৈ ধৰা প্ৰকৃতিৰ জীৱন শক্তি আৰু মনত ওপজা গভীৰ বেদনাবোধৰ মাজতো কবিয়ে নতুনৰ প্ৰতি আশাবাদী হৈ পৰিছে। অতীত ৰোমন্থন কৰি সেই অতীতৰ অৱক্ষয়ৰ মাজতে কবিয়ে নতুন প্ৰজন্মৰ নতুন জীৱন জীপাল হৈ উঠাৰ কামনা কৰিছে। ‘পলস’ কবিতাৰ আৰম্ভণিতে কবিয়ে ওপজা মাটিত উপৰি পুৰুষৰ অৱস্থিতি স্মৰণ কৰিছে এইদৰে

পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ান 

বনত মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ 

কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ান 

কলঙ কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড়

বুঢ়ী আইতাৰ কলিজাৰে গজা বন নহৰুৰ ফুল।

হাবিত থকা শাল চতিয়ান আদিৰ দৰে অতীতৰ পুৰুষ সকলো শক্তিমান আছিল। ককাদেউতাৰ হাড় আৰু বুঢ়ী আইতাৰ কলিজা মিহলি হৈ থকা দেশৰ মাটিত বন নহৰুৰ ফুলৰ দৰে সুবাসহীন ফুল ফুলি থকা বুলি কবিয়ে উপলব্ধি কৰিছে। অৰ্থাৎ পূৰ্বপুৰুষৰ

শক্তি বীৰ্য্যৰে সাৰুৱা দেশৰ মাটি নানা বিপৰ্যয়ৰ ধুমুহাই চুৰমাৰ কৰিছে। মানৰ আক্ৰমণৰ দৰে ভয়াবহ দিনবোৰ দেশৰ মাটিৰে পাৰ হৈ গৈছে। তথাপি এই কঠিন দুর্যোগৰ সময়ছোৱাৰ দৰে বৰ্তমানৰ সংকটৰ সময়তো মানুহৰ সপোনবোৰ অতীতৰ ভেটিতে বন নহৰু ফুলব দৰে ফুলি উঠাৰ কবিয়ে কামনা কৰিছে। প্রকৃতিৰ জীৱন শক্তিৰ ধ্বংস আছে যদিও তাৰ মাজতে ঋতুৱে পৰিৱৰ্তন সাধন কৰি নতুন ৰূপ দিয়ে। বর্ষা ঋতুরে প্রকৃতিক পুনৰ সঞ্জীবিত কৰে আৰু তেনেদৰে অতীতৰ সোঁৱৰণে মানুহক নতুন কামত মন দিবলৈ উন্মাদনা যোগায়। বাটৰ কাষত গছপুলি ৰোৱা আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে হাইস্কুল খোলা আদিব দৰে দেশৰ উন্নতিমূলক কামত অগ্ৰসৰ হ’বলৈ পূৰ্বপুৰুষসকলৰ আদৰ্শই অনুপ্রাণিত কৰে। পলস কবিতাত সেই ভাব এনেদৰে উল্লেখ কৰিছে-

আলিৰ কামত গছপুলি ৰোৱা

এটা হাইস্কুল খোলা।

অতীতৰ গ্লানি, পঙ্কিলতাবোৰ মৰা মকৰাৰ খোলাৰ দৰে জৰাজীৰ্ণ আৱৰ্জনা স্বৰূপ। আমাৰ কৰ্মই অতীতৰ কলুষ কালিমা আতৰাই সমাজখনক উন্নতিৰ পথত আগুৱাই লৈ যাব আৰু অতীতৰ বুকুতে নতুনে সাৰ পাই উঠিব। গতিকে নতুন প্রজন্মই অতীতব কলুষতা আতৰাই সুন্দৰ ভৱিষ্যতৰ সপোন ৰচনাৰ বাবে কবিয়ে কামনা কৰিছে-

উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা

 আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুটি কুল।

অতীতৰ দুখ দুর্দশাই বিধ্বস্ত কৰা ছবিখন চাই কবিয়ে কেতিয়াও হতাশগ্রস্ত হোৱা নাই।

উপৰিপুৰুষৰ মহান কৰ্মৰাজিৰ আতঁধৰি নতুন প্ৰজন্মক আগবাঢ়ি যাবলৈ কবিয়ে আহ্বান জনাইছে। অতীতৰ ভেটিত নব প্রজন্মই নতুন পাম পাতি জীৱনৰ অৰ্থৰ সন্ধান কৰিব বুলি কবি গভীৰ আশাবাদী। পুৰণিয়ে পলস পেলাই থৈ যোৱা দেশৰ সাৰুৱা মাটিতে উত্তৰ পুৰুষৰ নতুন জীৱনৰ সপোনে উজলি উঠিব। তাৰেই উৎকণ্ঠাত কবি অপেক্ষাৰত। উত্তৰ পুৰুষৰ প্ৰতি কবিৰ গভীৰ আস্থা ৰাখি আৰু ভৱিষ্যত প্রজন্মই কবিৰ অস্তিত্ব ৰক্ষা কৰিব বুলি মনত গভীৰ আশা পুহি ৰাখি কবিয়ে কৈছে

আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সিৰলুত 

আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত

জাতিস্মৰৰ হাঁহি উঠা সাধু। সপোন অন্ধ যি গলিত

আমি থাঁকো তাৰ নয়নাজুৰিত আমাৰ ভৱিষ্যত।

কবিয়ে অতীতক ‘জাতিস্মৰ’ শব্দৰে বুজাই অতীতৰ সপোন শেষ হোৱা অন্ধ গলিতে ভবিষ্যতে সাৰপাই উঠিব বুলি গভীৰ আশা কৰিছে।

৫। কবি নৱকান্ত বৰুৱাৰ ‘পলস’ কবিতাটোৰ বিশ্লেষণাত্মক টোকা লিখা।

উত্তৰঃ ‘পলস’ কবিতাৰ নাম ভূমিকাতে কবিয়ে প্রতীকৰ প্ৰয়োগ কৰিছে। কবিতাটোত অতীত, বর্তমান আৰু ভৱিষ্যতৰ মাজত থকা সম্বন্ধ বুদ্ধিদীপ্ত আৰু ইংগিতময় ভাষাত খুব মনোগ্রাহীকে প্রকাশ কৰিছে। আমিবোৰৰ বৰ্তমান এদিন অতীত হ’ব, অতীতৰ মাজবেই বর্তমানে ৰূপ ল’ব আৰু বৰ্তমানৰ বুকুতেই ভৱিষ্যতৰ প্ৰচুৰ সম্ভাবনা লুকাই থাকে। ‘পলস’ কবিতাটোৰ মাজেৰেই কবিৰ গভীৰ আশাবাদৰ উমান পোৱা যায়।

কবিতাটোৰ প্ৰথম স্তৱকটো আৰম্ভ হৈছে ‘পলাশৰ জুই নুমাল এতিয়া’-বে। ইয়াত কথাষাৰে এটা যুগৰ সামৰণি পৰা বুজাইছে। ‘পলাশ’ আনন্দৰ প্রতীক। চ’ত-ব’হাগ মাহত পলাশ ফুল ফুলে যদিও ব’হাগৰ বৰদৈচিলাই পলাশৰ ফুল সৰুৱাই পেলায়। ঠিক একেদৰে কবিয়ে আমাৰ অতীতৰ সুখ-স্বাচ্ছন্দ্য নোহোৱা হোৱাৰ কথা উল্লেখ কৰিছে। সময়ৰ গতিত এটা যুগ শেষ হোৱাৰ লগে লগে বহুতো আদর্শ পুৰুষ নোহোৱা হয়। বহুজনৰ বৰু সপোন সময়ৰ পৰিৱৰ্তনৰ লগে লগে মৰহি যায়। আজিৰ ডেকা-গাভৰু কালিলৈ ককা-আইতাক হ’ব আৰু শেষত মৃত্যুৰ শেতেলীয়ে আমন্ত্রণ জনাব। এনেকৈ চামে চামে মানুহ অতীতৰ বুকুত হেৰাই গৈছে। কলং, কপিলী আৰু দিজু নদীৰ পাৰত কবিয়ে আমাৰ ঐতিহ্যমণ্ডিত পূৰ্বপুৰুষৰ যেন জীৱাশ্ম অর্থাৎ তেওঁলোকৰ ঐতিহ্য আদর্শ পৰি থকা প্রকাশ কৰিছে আৰু আশা কৰিচে ইবোৰৰ মাজতে গজি উঠিছে বন নহৰু। এই কথাখিনিৰ মাজেৰেই পূৰ্বপুৰুষৰ ঐতিহ্য আদৰ্শৰে আমি কর্মময় জীৱনৰ সন্ধান পাব পাৰো।

আকৌ, দ্বিতীয় স্তৱকত কবিয়ে আমাৰ অতীতৰ কু-সংস্কাৰবোৰ নিঃশেষ কৰি নতুন দিনৰ ভৱিষ্যতৰ বাবে সামার্থ্য অনুযায়ী দেশৰ-দহৰ হিতৰ বাবে নিজয়ে নিয়োজিত কৰিব কৈছে। এই পৃথিৱীৰ বুকুলৈ চামে চামে মানুহ আহে আৰু যায়, কিন্তু নিজৰ কৰ্ম-সংস্কৃতিৰ বাবে সদায়েই স্মৃতিত থাকি যায়। বর্তমান প্রজন্মক কবিয়ে মনত পেলাই দিছে যে তেওঁলোকে প্রাচীন সংস্কাৰবোৰৰ বাবে জীৱন বাটত হুমুনিয়াহ কাঢ়ে। সেইবাবেই কবিয়ে আশা কৰিছে যে সময়ে আমাৰ প্রাচীন সংস্কাৰ (মৰা মকৰাৰ খোলা) বোৰক উটুৱাই লৈ যাওঁক। আকৌ বৰ্তমান পুৰুষৰ চিন্তা-ভাৱনা আৰু আমাৰ সভ্যতা-সংস্কৃতি চিন্তাধাৰা আদি সমৃদ্ধ কৰাত সহায় হ’ব বুলি গভীৰ বিশ্বাস।

কবিতাৰ শেষৰটো স্তৱক অর্থাৎ তৃতীয় স্তৱকটোত কবিয়ে প্রকাশ কৰিছে যে ভৱিষ্যত প্ৰজন্মৰ পথ প্ৰদৰ্শক হ’ব পাৰে। ঐতিহ্য অর্থাৎ ইতিহাসৰ ধাৰাবাহিকতা। ঐতিহ্য এক ক্রমবর্দ্ধমান প্রক্রিয়া। ই ৰূপান্তৰৰ মাজেদি আগবাঢ়ে। চিৰ শ্বাশ্বত মানুহৰ জনম আৰু মৃত্যু। নতুন পুৰুষৰ আগমনৰ লগে লগে নতুন ঐতিহ্যৰ সৃষ্টি হ’ব আৰু নতুন নতুন চিন্তা-চর্চাৰো উন্মেষ হ’ব। পলসে যিদৰে প্ৰতি বছৰে মাটি সাৰুৱা বা পলসুৱা কৰে ঠিক একেদৰে প্রত্যেক পুৰুষৰ চিন্তা-চৰ্চাই জগত সমৃদ্ধ কৰে, ঐতিহ্যক আগবঢ়াই নিয়ে। সেয়েহে কাৰ সোঁতত যি হেৰাই যায় তাৰ বাবে দুখ কৰাৰ কোনো প্রয়োজন নাই। কৰ্ম আৰু উৰ্বৰ চিন্তাৰ জৰিয়তে আমি উত্তৰ পুৰুষৰ মাজত জীৱন্ত হৈ থাকিব পাৰিব লাগিব। এয়ে কবিৰ আশা।

৬। নৱকান্ত বৰুৱাৰ ‘পলস’ কবিতাত কবিৰ ইতিহাস চেতনা কিদৰে মূৰ্ত হৈছে, আলোচনা কৰা।

উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ ইতিহাসত নৱকান্ত বৰুৱাই এক শীর্ষ স্থান অধিকাৰ কৰি আছে। তেওঁৰ কবিতা আধুনিক অসমীয়া কবিকুলৰ প্ৰেৰণাৰ উৎস। নৱকান্ত বৰুৱাৰ কবিতাত দেশী-বিদেশীৰ কবিৰ প্ৰভাৱ পৰিলেও, ব্যক্তিগত অনুভূতিৰ গভীৰতা আৰু সমূহীয়া চিন্তাৰ বিশালতা লক্ষ্য কৰা যায়।

নৱকান্ত বৰুৱা কাল-চেতনাৰ সাৰ্থক কবি। তেওঁৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যু চেতনাৰ সমাহাৰ দেখা পোৱা যায়।

তেওঁৰ সাৰ্থক আৰু জনপ্রিয় কবিতাসমূহৰ ভিতৰত ‘পলস’ এটা অন্যতম শ্রেষ্ঠ কবিতা। এই কবিতাটো সার্থক প্রতীকধর্মী কবিতা। কবিতাটোৰ আৰম্ভমিতে কবিয়ে কৈছেঃ

“পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ন 

বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ, 

কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ন? 

কল কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড়।”

কবিয়ে ‘মানৰ দিন’ বুলি দূৰ অতীতলৈ আঙুলিয়াইছে। পলাশৰ ৰঙা ৰঙে মানুহৰ জীৱনৰ ৰঙীণ সপোনক বুজাইছে, মানৰ আগমনে কিমানৰ সপোন ধূলিসাৎ কৰি গ’ল, যাক কবিয়ে বহাগৰ ধুমুহাৰ স’তে ৰিজনি দিছে। ‘ককাদেউতাৰ হাড়’ পূর্ব পুৰুষৰ জীৱাশ্ম, ক বুজোৱা হৈছে। অতীতৰ সেই বিভীষিকাময় দিন আজি আৰু নাই, কিন্তু তাবেই স্মৃতি চিহ্ন হৈ যেন কলং, কপিলী পাৰত পৰি ৰৈছে ককাদেউতাৰ হাড়। তাৰ পিছত কবিয়ে আঙুলিয়াই দিছে সম্ভাবনাময় ভবিষ্যতলৈ। কাৰণ অতীত আৰু বৰ্তমানৰ যোগসূত্রতহে ভৱিষ্যতৰ স্বৰ্ণসৌধ নির্মাণ হয়।

“বুঢ়ী আইতাৰ কলিজাৰে গজে বন-নহৰুৰ ফুল।” এয়া মাথো অতীতৰ স্মৃতি চিহ্নক বুজাবলৈ ‘বুঢ়ী আইতাৰ কলিজা’ক প্রতীক হিচাপে ব্যৱহাৰ কৰিছে। ইয়ে সোৱৰাব অতীতৰ দিনবোৰক।

কবিতাটোৰ পিছৰ ফালে কবিয়ে এটা আশা কৰিছে, সেয়া সৎ কর্ম কৰাৰ, দেশহিতৈষী কাম কৰাৰ। আমাৰ কৰ্মই অতীতৰ সকলো কলুষ কালিমাৰ গ্লানি উটুৱাই সমাজখন নিকা আৰু শুদ্ধতাৰে গঢ়িব পাৰিব। সেয়ে কবিয়ে কৈছেঃ

“উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা। 

আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুটি কূল।”

‘মৰা মকৰাৰ খোলা’ বুলি কবিয়ে অতীতৰ গ্লানিক বুজাইছে। ‘পলস’ সম্ভাৱপৰ প্রতীক।

ভৱিষ্যতৰ উত্তৰাধিকাৰীসকলৰ প্ৰতি কবিৰ আশা তীব্র। তেওঁ নতুন চামৰ ওপৰত ভৰসা কৰিছে যে, নতুন পুৰুষৰ প্ৰযত্নত কবিৰ অস্তিত্ব ৰক্ষা পৰিব।

“আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সিৰলিত 

আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত 

জাতিস্মৰৰ হাঁহি উঠা সাধু। সপোন-অন্ধ যি গলিত

আমি থাকোঁ তাৰ নয়নাজুলিত আমাৰ ভৱিষ্যত।

কবিয়ে ‘জাতিস্মৰ’ বুলি অতীতলৈ আঙুলিয়াইছে। কবিয়ে কৈছে, যি স্থানত সপোন শেষ হয় সেই গলিব নয়না-জুলিতেই ভৱিষ্যত লুকাই থাকে। এইদৰে গভীৰ আশা-বাদেৰে কবিয়ে কবিতাটো সমাপ্ত কৰিছে।

‘পলস’ কবিতাটোৰ মাজেৰে কবিৰ ইতিহাস তথা কাল চেতনা এনেদৰেই ব্যক্ত কৰিছে।

৭। ‘নৱকান্ত বৰুৱাৰ ‘পলস’ কবিতাত প্রতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ সম্পর্কে এটা প্ৰৱন্ধ যুগুত কৰা।

উত্তৰঃ আধুনিক যুগৰ কাব্য কাননৰ সৌন্দৰ্য আৰু ঐশ্বর্য সমৃদ্ধ কৰা কবিগৰাকী হ’ল নৱকান্ত বৰুৱা। তেওঁৰ ‘হে অৰণ্য হে মহানগৰ’ কাব্যগ্ৰন্থৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যত আত্ম প্রতিষ্ঠাৰ স্তম্ভ পোতে।

আধুনিক অসমীয়া কবিতাৰ এটা উল্লেখনীয় বৈশিষ্ট্য হৈছে- প্রতীক আৰু চিত্ৰকল্পৰ সার্থক প্রয়োগ। প্রতীক হৈছে কবিয়ে প্রয়োগ কৰা কোনো শব্দই যেতিয়া তাৰ আভিধানিক অৰ্থক অতিক্রম কৰি অতিৰিক্তভাবে অন্য এক অর্থ বহন কৰে, তাকেই কোৱা হয় প্রতীক। আধুনিক অসমীয়া যি কেইগৰাকী কবিয়ে তেওঁলোকৰ কবিতাত প্রতীক প্রয়োগ কৰিছিল, তাৰেই ভিতৰত নৱকান্ত বৰুৱা অন্যতম।

নৱকান্ত বৰুৱাৰ প্ৰতীকী কবিতাসমূহৰ ভিতৰত ‘পলস’ এটা উৎকৃষ্ট নিদর্শন।

“পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ন 

বনত মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ 

কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ন; 

কলং কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড়

বুঢ়ী আইতাৰ কলিজাৰে গজে বন-নহৰুৰ ফুল।”

ইয়াত ‘পলাশৰ জুই, বহাগৰ ধুমুহা, ‘ককাদেউতাৰ হাড়, বুঢ়ী আইতাৰ কলিজা’ ইত্যাদি শব্দবোৰ প্রতীকধর্মী। কবিয়ে পলাশৰ জুই বুলি চ’ত মাহত ফুলা তীব্র ৰঙা পলাশ ফুলৰ কথাকে কৈছে। ‘মানৰ দিন’ দূৰ অতীতৰ স্মাৰক, ‘ককা দেউতাৰ হাড়’, ‘বুঢ়ী আইতাৰ কলিজা’ ইত্যাদি শব্দবোৰৰ জৰিয়তে বিগত যুগটোক বুজাইছে।

কবিতাটোৰ দ্বিতীয় স্তৱকত আছে “উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা।” ইয়াত কবিয়ে ‘মৰা-মকৰাৰ খোলা’ অতীতৰ গ্লানি, পঙ্কিলতাক বুজাবলৈ ব্যৱহাৰ কৰিছে।

‘পলস’ কবিতাটোৰ তৃতীয় স্তৱকত কবিয়ে ‘জাতিস্মৰ’, ‘সপোন-অন্ধ গলি’ ইত্যাদি শব্দবোৰৰ প্রতীকি অর্থ প্রকাশ কৰিছে। ‘জাতিস্মৰ’ শব্দটোৰে অতীতক বুজাইছে, সাপোন-অন্ধ গলি মানে হ’ল সুন্দৰ ভৱিষ্যতৰ সপোন দেখিব নোৱাৰা ঠেক গলি।

‘পলস’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ এক মনোৰম চিত্রকল্পৰে অতীত আৰু বৰ্তমানৰ সংযোগত ভৱিষ্যতৰ স্বৰ্ণসৌধ গঢ়াৰ কল্পনা কৰিছে।

“পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ন 

বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ


মন কুঁৱলী সময়

অতি চমু প্রশ্নোত্তৰঃ

১। কবি অজিৎ বৰুৱাৰ প্ৰথম প্ৰকাশিত কবিতাটো কি?

উত্তৰঃ ‘তাজমহল’ (১৯৪২ চনৰ মে’ মাহত ‘অভিযান’ নামৰ আলোচনীত প্রকাশ পাইছিল।)

২। কবি অজিৎ বৰুৱাৰ প্ৰথম প্ৰকাশিত কবিতা ‘তাজমহল’ কোনখন আলোচনীত প্রকাশ হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ মে’ মাহত ধৰণীধৰ দাস সম্পাদিত ‘অভিযান’ নামৰ আলোচনীত প্রকাশ হৈছিল।

৩। কবি অজিৎ বৰুৱাই ‘মন-কুঁৱলী সময়’ কবিতাটো কেতিয়া লিখিছিল?

উত্তৰঃ ১৯৪৮ চনত তেওঁ কলিকতাত ‘মন-কুঁৱলী সময়’ কবিতাটো লিখিছিল।

৪। কবি অজিৎ বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাটো কোনখন আলোচনীত প্রকাশ হৈছিল?

উত্তৰঃ ‘ৰংঘৰ’ আলোচনীৰ ২য় বছৰ ১০ম সংখ্যাত (১৯৪৯) প্রকাশ পায়।

৫। অজিৎ বৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ ‘ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য’ (১৯৮৯)।

৬। সাহিত্যিক অজিৎ বৰুৱাৰ ফৰাচী মূলৰ অনূদিত উপন্যাসখনৰ নাম কি?

উত্তৰঃ ‘প্লেগ’।

৭। ফৰাচী মূলৰ আলবে’ৰ ক্যেমু ৰচিত ‘লেজুষ্ট’ নাটকখন কোনে আৰু কি নামকৰণেৰে অসমীয়ালৈ অনুবাদ কৰে?

উত্তৰঃ সাহিত্যিক অজিৎ বৰুৱাই আলবে’ৰ কোমু ৰচিত ‘লেজুষ্ট’ নাটকখন প্রত্যক্ষভাবে ফৰাচী মূলৰ পৰা ‘ন্যায়নিষ্ঠা’ নামকৰণেৰে অসমীয়া ভাষালৈ অনুবাদ কৰে।

৮। কোনখন কাব্যগ্ৰন্থৰ বাবে কবি অজিৎ বৰুৱাই ১৯৮৭ চনত ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘কিছুমান পদ্য আৰু গান’ কাব্যৰ বাবে।

৯। কোনখন কাব্যগ্ৰন্থৰ বাবে কবি অজিৎ বৰুৱাই ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘ব্রহ্মপুত্র ইত্যাদি পদ্য’ কাব্যৰ বাবে।

১০। কবি অজিৎ বৰুৱাই কোনগৰাকী পাশ্চাত্যৰ কবিৰ ভংগীক আঁকোৱালি লৈ প্রতীক আৰু চিত্ৰকল্পবাদী কবিতা ৰচনাত হাত দিয়ে?

উত্তৰ: চল্লিশৰ দশকৰ শেষৰ পিনে পাশ্চাত্যৰ কবি টি.এছ. এলিয়টৰ ভংগীক আঁকোৱালি লৈ প্রতীক আৰু চিত্ৰকল্পবাদী কবিতা ৰচনাত হাত দিয়ে।

চমু প্রশ্নোত্তৰ:

১। কবি অজিৎ বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাটোৰ তাৎপর্য কি?

উত্তৰঃ কবি অজিত বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাটোৰ প্রতীকৰ ব্যৱহাৰ অতি তাৎপর্যপূর্ণ। কবিয়ে নামকৰণ কৰা কবিতাটোৰ নামটোৰ মাজত বিষয়বস্তু প্রতীকধর্মীতাৰ ইংগিত বহন কৰিছে। ‘কুৱলী’ শব্দটোৱে সময়ৰ এটা অস্পষ্টতাৰ প্রতীক প্ৰকাশ কৰিছে। সময়বোৰ যেন এটা পলকহে। ই এটা স্থিৰ বিন্দুত থিতাপি লৈছে।

কবিয়ে ব্যৱহাৰ কৰা ‘ধোঁৱা’ আৰু ‘কুঁৱলী’ শব্দ দুয়োটা অস্পষ্টতাৰ প্রতীক বুলি ক’ব পাৰি। ‘মন-কুঁৱলী সময়’ কবিতাত সময় প্রবাহৰ স্পষ্টতাই কবিৰ মানস পটত জগাই তোলা স্মৃতি আৰু স্বপ্নৰ ব্যঞ্জনাময়তাই মূল উপজীব্য।

কাতি মাহৰ পুৱা কুঁৱলীয়ে চৌদিশে আৱৰি পেলায়। সেয়ে কবিয়ে অনুভৱ কৰিছে ‘ধোঁৱা ৰাতিপুৱা’। শৰৎ কালৰ কাতি মাহৰ কুঁৱলী গলি ভাহি ধোঁৱা-ৰাতি পুৱাৰ সৃষ্টি কৰিছে। কবিয়ে ধোঁৱা-বাতিপুৱা এবছৰ বসয়ীয়া অতীত জীৱনটোৰ অনুভৱৰ স্মৃতিৰে পুনৰ যাপন কৰা বুলি প্রকাশ কৰিছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। কবি অজিৎ বৰুৱাৰ এটি চমু পৰিচয় আগবঢ়োৱা।

উত্তৰঃ চল্লিশৰ দশকৰ প্ৰগতিশীল কবিতা ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্য আকাশত উজ্জ্বল হৈ জিলিকি উঠা কবিসকলৰ ভিতৰত কবি অজিৎ বৰুৱা অন্যতম। কবি অজিৎ বৰুৱাই প্রতীকবাদী কবিসকলৰ দৰে কবিতাৰ শব্দাৱলীত ইঙ্গিতময়তাক প্রাধান্য দি কবিতা ৰচনা কৰি সাহিত্য জগতত এখনি বিশিষ্ট আসন দখল কৰিবলৈ সক্ষম হৈছে। সাহিত্যৰ প্রতি কবিৰ আছিল প্রবল অনুৰাগ। প্রসিদ্ধ অসমীয়া কবি অজিত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনত, গুৱাহাটীত। সাহিত্য একাডেমী, ভাৰতীয় ভাষা পৰিষদ (কলিকতা) বঁটাকে ধৰি কেবাটাও বঁটাৰে সন্মানিত কবিগৰাকীয়ে আধুনিক অসমীয়া কবিতাক একধৰণৰ বৌদ্ধিক মাত্রা দিবলৈ সক্ষম হৈছিল। অসমৰ সাহিত্যিক সমাজে তেওঁক এজন আগশাৰীৰ কবি হিচাপে স্বীকৃতি দিছে। ভাৰতীয় প্রশাসনিক সেৱাৰ চাকৰিয়াল বৰুৱাই ১৯৮৬ চনত অৱসৰ গ্ৰহণ কৰে। চাকৰিকালত কৰা লণ্ডন আৰু ফ্রান্স ভ্রমণত বৰুৱাই আধুনিক ইংৰাজী আৰু ফৰাচী কবিতাৰ বিষয়ে নিজৰ জ্ঞান বৃদ্ধি কৰিবলৈ লাভ কৰা সুযোগৰ সদ্ব্যহাব কৰিছিল। ৰমন্যাসবাদৰ আধিপত্যৰ প্ৰভাৱত লিখিবলৈ আৰম্ভ কৰা বৰুৱাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত যুৱ কবিৰ এটা দলৰে সৈতে এক সুদূৰপ্ৰসাৰী বৈপ্লবিক স্তৰলৈ গতি কৰিছিল। তাৰ পিছৰেপৰা তেওঁ লাহে লাহে আধুনিক কবিতাৰ এলিয়টীয় কৌশল আয়ত্ত কৰি তেওঁৰ পূৰ্বৰ গীত, বোমান্টিক কবিতা, সামাজিক আগ্রহজড়িত কবিতাবোৰৰ তুলনাত অধিক পোন বিষয়বস্তুৰে কাব্যচর্চাত মনোনিবেশ কৰিছিল। ইয়াৰ ভিতৰত আছে তেওঁৰ প্রাক বৈপ্লবিক কবিতা ‘হাতুৰী’, সংনমিত শক্তি আৰু দ্রুত ছন্দৰ বাবে যিটো কবিতা উল্লেখযোগ্য।

১৯৩৭ চনৰ পৰাই পদ্য লিখিবলৈ লোৱা এইগৰাকী কবিৰ প্ৰথম মুদ্রিত আৰু প্ৰকাশিত পদ্য-‘তাজমহল’। ১৯৪২ চনৰ মে’ মাহত ধৰণীধৰ দাস সম্পাদিত ‘অভিযান’ নামৰ আলোচনীত প্রকাশ হৈছিল। ‘জয়ন্তী’ৰ উপৰিও ‘ৰামধেনু’, ‘সংলাপ’ আদি আলোচনীত তেওঁৰ লিখনী প্রকাশ পায়। অসমীয়া সাহিত্যলৈ এইগৰাকী সাহিত্যিকে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তলত সেই বিষয়ে চমুকৈ আলোচনা কৰা হ’ল-

পদ্যগ্রন্থঃ

(ক) ‘কিছুমান পদ্য আৰু গান’ (১৯৮২),

(খ) ‘ব্রহ্মপুত্র ইত্যাদি পদ্য’ (১৯৮৯),

(গ) ‘আৰু কিছুমান পদ্য আৰু গান’ (২০০১)।

অন্যান্য প্রকাশিত গ্রন্থঃ ‘সাহিত্যৰ বিষয়ে’ (১৯৯১), ‘ব্রহ্মপুত্র’, ‘স্কিৎজোফ্রেনয়া ইত্যাদি’ (১৯৯১, বাংলা), ‘From the Assamese’ (১৯৯০, ইংৰাজী), ‘পদ্যৰ পাছত কাব্য’, ফৰাচী মূলৰ অনূদিত উপন্যাস ‘প্লেগ’। ১৯৯২ চনত ‘এখন প্ৰেমৰ উপন্যাস’ প্রকাশ হয়। আনহাতে ফৰাচী ভাষাৰ পৰা কেইবাটাও কবিতা আৰু দুখন নাটক অনুবাদ কৰি কবি বৰুৱাই বিশেষ খ্যাতি অর্জন কৰিছে। আলবে’ৰ কোমু ৰচিত নাটক ‘লেজুষ্ট’ প্রত্যক্ষভাবে ফৰাচী মূলৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰে ‘ন্যায়নিষ্ঠা’ নামকৰণেৰে, টি.এছ, এলিয়ট (১৮৮৮-১৯৬৫)ব, ‘দ্য রেইস্টল্যাণ্ড’ৰ ভাঙনি ‘ছনমাটি’ (১৯৯৮), ‘নির্বাচিত ফৰাচী কবিতা’ (১৯৯৯), ‘নির্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা’ (২০০২) আদি অসমীয়া অনুবাদ কবিতালৈ উল্লেখনীয় অবদান। কবি অজিৎ বৰুৱা আছিল গীতিকাৰ। তেওঁৰ দ্বাৰা ৰচিত আৰু ব্ৰজেন বৰুৱাৰ দ্বাৰা সুৰাৰোপিত পাঁচটা গান আৰু নিজস্বভাবে সুৰ আৰোপ কৰি এটি গানৰ কেছেট ১৯৯০ চনৰ জুন মাহত মুক্তি লাভ কৰিছে। কবি বৰৱাৰ ইংৰাজী, বাংলা আৰু ফৰাচী-এহ তিনিওটা ভাষাতে দখল আছিল। ফৰাচী ভাষাৰ অধ্যয়ন কৰাৰ উপৰি পেৰিছৰ ইন্টাৰনেচনেল ইনষ্টিটিউত অব্ পাব্লিক অ্যাডমিনিষ্ট্ৰেচন (LL.P.A.)ৰ ডিগ্রীও লাভ কৰিছিল। ১৯৯১ চনত ‘ব্রহ্মপুত্র ইত্যাদি পদ্য’ (১৯৮৯) কাব্যৰ বাবে কবি বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

২। কবি অজিৎ বৰুৱাৰ ‘মন কুঁৱলী সময়’ কবিতাটোৰ বিশ্লেষণ আগবঢ়োৱা।

উত্তৰ: কবি অজিৎ বৰুৱাৰ ‘মন কুঁৱলী সময়’ এটি উৎকৃষ্ট প্রতীকবাদী কবিতা। কবিতাটিত উল্লেখ কৰা মতে দেশৰ নৱলব্ধ স্বাধীনতাই কবিক আনন্দ দিয়াৰ লগতে আশাবাদী কৰি তোলে। দেশে স্বাধীনতা লাভ কৰিলে, গতিকে বিপ্লৱ আৰু নহয়। দেশ গঠনত এতিয়া সকলোৱে মন দিয়া উচিত। এনে অনুভবে কবিক আশ্বস্ত কৰি তোলে। সেয়ে প্রগতিশীল বিপ্লৱী পথৰ পৰা কবি আঁতৰি যায়। প্রতীকবাদক আঁকোৱালি লৈ কবি ঐতিহ্যৰ সন্ধানত ব্রতী হয়। কবিতাটিত এবছৰ আগৰ অতীত ৰাতিপুৱা এটিত সম্পূর্ণ ব্যক্তিগত অনুষংগৰ কথা উজলাই তুলিছে।

অজিত বৰুৱাৰ কাব্যত সময় অন্য আৰু ভিন্ন নহয়, বৰঞ্চ অনুৰূপ কবিতাটিত কবিৰ আশ্বস্তিৰ সুন্দৰ প্ৰতিফলন ঘটিছে। দেশে স্বাধীনতা লাভ কৰিলে আৰু তাৰ লগে লগে বিভাজনো ঘটিল। অসমদেশ (কামৰূপ) ভাৰতবৰ্ষৰ অংগৰাজ্য হৈ থাকিব, পাকিস্তানৰ অন্তর্ভুক্ত নহয় এনে কথা কবিৰ লগতে অসমৰ সৰহসংখ্যক জনগণে জ্ঞাত হৈছিল। কিন্তু তথাপি কিবা এক অঘটনৰ আশঙ্কাই মানুহৰ মনত ‘ভয়’ৰ সৃষ্টি কৰিছিল। কিন্তু সেই ভয় আঁতৰি গ’ল যেতিয়া দেখিবলৈ পোৱা গ’ল-‘চাৰিওফালে পথাৰ পথাৰ’- অর্থাৎ স্বাধীন হোৱা স্বদেশৰ সৃষ্টিৰ মূল উৎস মুকলি পথাৰ আৰু গুণগুণকৈ ধোঁৱা উৰি থকা গাঁও। ইয়াৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে সুখ-শান্তিৰে ভৰা গাঁও। কবিতাটিত কবিয়ে টি.এছ. এলিয়টৰ দৰে এটা ভাৱৰ পৰা আন এটা ভাৱৰ মাজৰ ব্যৱধান বাখি শূন্য স্থানৰ মাজত দলং সাজি পঢ়ুৱৈক আমন্ত্রণ জনায়। কবিতাটিৰ প্ৰথম স্তৱকটো ‘কাতিমাহৰ এটা ধোঁৱা ৰাতিপুৱা’ৰ সৈতে দ্বিতীয় স্তৱকটোৰ ‘এদিনাখন এটা ঢেকুৰা কুকুৰে মুখত মঙহ লৈ’-দুয়োটাৰ মাজত সামঞ্জস্য নাই যদিও দুয়োটা ঘটনা গাঁথি পেলাই ৰসগ্ৰাহী কৰি তুলিছে।

‘মন কুঁৱলী সময়’ কবিতাটিত কবিয়ে বিচ্ছিন্নতাবোধৰ মূল উৎস যে গ্রামীণ পৰিৱেশ-তাৰ ব্যাখ্যা দাঙি ধৰিছে। ‘তীখা’, ‘হাতুৰি’ৰ কবি অজিৎ বৰুৱাই ‘মন কুঁৱলী সময়’ৰ কবিত পৰিণত হোৱাৰ কাহিনীতে লুকাই আছে চল্লিছৰ প্ৰগতিশীল ‘জয়ন্তী’য়ে আৰম্ভকৰা ‘প্রত্যাশাৰ যুগ’টো দেশৰ স্বাধীনতাৰ পাছত ‘আশ্বস্তিৰ যুগ’লৈ ৰূপান্তৰিত হোৱাৰ ইতিহাস।

কবি অজিৎ বৰুৱাৰ বেছিভাগ কবিতাই মননশীল বুদ্ধিদীপ্ত আৰু ব্যঞ্জনাধর্মী। কবিতাৰ ভাৱ আৰু ছন্দই পাঠকৰ অন্তৰত তৃপ্তিৰ জোৱাৰ তোলে। আনহাতে সূক্ষ্ম অনুভূতি, চিন্তাৰ সম্প্রয়োগে কবি বৰুৱাৰ কবিতাসমূহ বেছি সৌন্দর্যমণ্ডিত কৰি তুলিছে। কল্পচিত্র আৰু প্রতীকধর্মিতা কবি বৰুৱাৰ কবিতাৰ অন্য এক বৈশিষ্ট্য। তদুপৰি শোষিত, অৱহেলিত, লাঞ্ছিত, দলিত শ্রমিক শ্ৰেণীৰ প্ৰতি আছে কবিৰ সহানুভূতি আৰু সমবেদনা

এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবি অজিৎ বৰুৱাৰ ‘মন কুবলী সময়’ কবিতাটি প্রতীকবাদী কবিতা। কবিতাটিত বৈপ্লবিক পথৰ পৰা আঁতৰি কবিয়ে ঐতিহ্যব সন্ধানত গুৰুত্ব দিয়া পৰিলক্ষিত হয়।

‘মন কুঁৱলী সময়’ কবিতাটিত সময়ৰ ধাৰণা, কল্পনাৰ শৃংখলা আৰু গাঁৱৰ বুকুত গঢ় লৈ উঠা নিঃসঙ্গতাবোধৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে। কবিতাটিত কথ্য ভাষাৰ প্ৰয়োগৰ জৰিয়তে অধিক প্রাণবন্ত হৈ উঠিছে। কবি অজিৎ বৰুৱাই সময়ৰ ধাৰণাৰ ক্ষেত্ৰত এলিয়টৰ পৰা প্ৰেৰণা লাভ কৰিছে যদিও কবি বৰুৱাই নিজস্ব সৃজনী শক্তিৰ জৰিয়তে তাক গলাই নিজস্ব সাঁচত গঢ় দি লৈছে। যাৰ বাবে কবিতাটি পাঠকৰ উপাদেয় হৈ পৰিছে। আধুনিক ব্যক্তিজীৱনৰ দ্বিধা, দ্বন্দ্ব আৰু সন্দেহ অজিৎ বৰুৱাৰ কবিতাত মূর্ত হৈ উঠিছে।

৩। কবি অজিৎ বৰুৱাৰ ‘মন কুঁৱলী সময়’ কবিতাটোৰ মূলভাৱ বৰ্ণনা কৰা।

উত্তৰঃ আধুনিক অসমীয়া কবিতাত ‘অজিৎ বৰুৱা’ এটি বিশিষ্ট আৰু পৰিচিত নাম। অজিৎ বৰুৱাৰ কবিতা সমগ্ৰৰ ভিতৰত ‘মন কুঁৱলী সময়’ শীর্ষক কবিতাটো কবিয়ে ১৯৪৮ চনত তেওঁ কলিকতাত লিখিছিল। অর্থাৎ কলিকতাত ইংৰাজী সাহিত্যৰ এম. এ. শ্ৰেণীৰ ছাত্ৰ হৈ থাকৌতেই এই কবিতাটো তেখেতে লিখিছিল। ৰংঘৰ’ আলোচনীৰ ২য় বছৰ ১০ম সংখ্যাত (১৯৪৯) প্রকাশ পায় কবি বৰুৱাৰ অন্যতম প্রতীকবাদী কবিতা ‘মন কুঁৱলী সময়’। কবিতাটিত উল্লেখ কৰা মতে দেশৰ নৱলব্ধ স্বাধীনতাই কবিক আনন্দ দিয়াৰ লগতে আশাবাদী কৰি তোলে। দেশে স্বাধীনতা লাভ কৰিলে, গতিকে বিপ্লৱ আৰু নহয়। দেশ গঠনত এতিয়া সকলোৱে মন দিয়া উচিত। এনে অনুভৱে কবিক আশ্বস্ত কৰি তোলে। সেয়ে প্রগতিশীল বিপ্লবী পথৰ পৰা কবি আঁতৰি যায়। প্রতীকবাদক আঁকোৱালি লৈ কবি ঐতিহ্যৰ সন্ধানত ব্রতী হয়।

‘মন কুঁৱলী সময়’ কবিতাটিত সময়ৰ ধাৰণা, কল্পনাৰ শৃংখলা আৰু গাঁৱৰ বুকুত গঢ় লৈ উঠা নিঃসঙ্গতাবোধৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে। এই কবিতাটো বিশেষভাৱেই ‘আর্কিটেকচাৰেল’ চৰিত্ৰৰ কবিতা। সময়ৰ এটা ৰূপেই কবিতাটোৰ কেন্দ্ৰীয় বিষয়, যিটো ৰূপ তাৰ সদায় পৰিচিত, সাধাৰণতে বুজি পোৱা ৰূপটো নহয়। সাধাৰণতে ইটো দিনৰ পাছত সিটো দিন গৈ আছে, যায়, গৈ থাকে। এইটো কথাকেই উপলব্ধি কৰা যায়। ‘অতীত জীৱন’ কবিয়ে ‘পুনৰ যাপন’ কৰা যেন লগাৰ অভিজ্ঞতাটো হ’ল-দুটা বিশেষ পুৱাক-এবছৰৰ ব্যৱধানত ৰোৱা সময়ৰ দুটা খণ্ডক একেটা বুলি অনুভৱ কৰাৰ অভিজ্ঞতা। ‘সময়’ যেন গৈ থকা নাই! যদিও প্রকাশ্যভাবে সময়, পৰিচিত বিধৰ সময় গৈ আছে, তথাপি যেন সময় গোপনে ৰৈ আছে এটা বিন্দুত, সেই পুৱাটোত। ঠিক এবছৰৰ আগৰ এটা পুৱা! কিন্তু আজিৰ পুৱাটোৱেই যেন সেই পুৱাটো। এই উপলব্ধিটো গোপন চৰিত্ৰৰ, সি দীর্ঘস্থায়ীও নহয়। সেয়ে ‘থকা-নথকা এক পলকৰ দলঙত’। অৱচেতনৰ (কুঁৱলীময় মন) এই উপলব্ধিটোক যেন চেতন মনে গ্রহণ কৰিব নোখোজে। এনে এটা কথা

বিশ্বাসযোগ্য নে? কবিৰ মনত সংশ্লিষ্ট পুৱা দুটা অভিন্ন যেন লাগিছে তেওঁ হামিওৱাৰ কথাটোৰ সূত্রতেই। এই কথাটোও বিশেষ তাৎপয্যপূর্ণ। এক যান্ত্রিকতা, অর্থহীনতা, তাৎপর্যহীনতাৰ ইঙ্গিত ইয়াত আছে। সময়ে সময়ে বহুতেই নিশ্চয় এনে এটা কথা অনুভৱ কৰিছে-যেন তাৎপয্যহীন নতুনত্বহীন এটা জীৱনকেই বাবে বাবে একে ৰূপত পোৱা গৈছে, সময় যেন যান্ত্রিকভারে হামি একোটাৰ তাৎপয্য লৈয়ে অতিবাহিত হ’বলৈ ধৰিছে।

কবিতাটোৰ দ্বিতীয় অংশটোৰ প্ৰথম শাৰীটোৱেই হ’ল প্রাইমেৰি স্কুলত সৰু ল’ৰাই পঢ়া এটা পদ্যৰ শাৰী, আৰু সেয়ে সেই শাৰীটোৱে সেই কালটোৰ আৱেশ এটা আমাৰ মনলৈ লৈ আনে। এনে এটা আৱেশৰ সূত্রতে ‘কামৰূপৰ মেপ নিনিয়া ভয়’ কথাষাৰৰ অর্থটোও বুজিব পাৰিম। স্কুললৈ আঁকি নিবলগীয়া মেপখন আঁকি নিনিয়া সৰু ল’ৰা এটাই শিক্ষকৰ এচাৰিৰ কোবৰ কথা ভাবি অনুভৱ কৰা ‘ভয়’ৰ কথাই ইয়াত আছে।

কবিতাটোৰ প্ৰথম অংশটোত হামিওৱাৰ কথাটোৰ লগত থকা লঘু সুৰটো আৰু এটা গোপন সূক্ষ্ম উপলব্ধিৰ কথা কবিয়ে একেলগে উপস্থাপন কৰিছে। দ্বিতীয় অংশটোতো এই লঘু সুৰটো (স্কুলীয়া ল’ৰাৰ ভয়ৰ কথাত) আৰু সূক্ষ্ম গহীন সময়বোধটোক তেওঁ একেলগ কৰিছে। ফলত দুয়োটা অংশতে ৰহস্যময় ‘মন-কুঁৱলী সময়’ (লাফগীয় বা প্রথম পৰ্য্যায়ৰ এলিয়টৰ কবিতা, মেটাফিজিকেল কবিতাৰ লগত সঙ্গত আদৰ্শৰ বিশেষ আধুনিকতাৰ অনুকূলে) লঘু চৰিত্ৰৰ প্রাত্যহিক বাস্তৱতাৰ লগত সংযুক্ত হৈ ৰৈ এটা বিশেষ দিশত অর্থপূর্ণ হৈ পৰিছে।

৪। অজিৎ বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাত কাব্যিকতা কিদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা।

উত্তৰ: অজিত বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাটো আধুনিক কবিতা জগতৰ এটি গুৰুত্বপূৰ্ণ কাব্যিক কবিতা। অজিত বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাটোত সময়ৰ ধাৰণা, টি. এছ. এলিয়ট কল্পনাৰ শৃংখলা, এলিয়টৰ কবিতা নথকা গাঁৱৰ মাজত গঢ় লৈ উঠা নিঃসংগভাবোধৰে কবিতাটো প্রাণরস্তময় হৈ উঠিছে। কবিয়ে এলিয়টৰ পৰা সময়ৰ ধাৰণা পালেও নিজস্ব স্বকীয় প্রতিভাৰ জৰিয়তে শব্দৰ মায়াজালৰে নিজস্ব সাঁচত গঢ় দি ল’বলৈ সক্ষম হৈছে। সময় চেতনা আৰু স্মৃতি জড়িত কবিতাটো ৰীতি-প্রকৃতিৰ ফালৰ পৰা আধুনিক, লগতে কবিৰ অধ্যয়নশীল আৰু মননশীলতাৰ পৰিচয় বহন কৰিছে। তাৰ উল্লেখ কবিতাটোৰ আৰম্ভণিতে এনেদৰে পোৱা যায়-

“কাতি মাহৰ এটা ধোঁৱা ৰাতিপুৱা কুঁৱলী গলি ভাঁহে এই পূৱা যেন অতীত জীবন (এবছৰ বয়সীয়া) পুনৰ যাপন কৰি উঠিলো।”

কাতি মাহ অর্থাৎ কবি সময় সম্পর্কে সচেতন কাৰণে সময়ৰ অনুভৱ উপলদ্ধি কৰি তাক কবিতাটোত ৰাংময় ৰূপ দিবলৈ চেষ্টা কৰিছে। কাতি মাহৰ পুৱা কুঁৱলীয়ে চৌদিশে আৱৰি পেলায়। সেয়ে কবিয়ে অনুভৱ কৰিছে ‘ধোঁৱা ৰাতিপুৱা’। শৰৎ কালৰ কাতি মাহৰ কুঁৱলী গলি ভাহি ধোঁৱা-বাতি পুৱাৰ সৃষ্টি কৰিছে। কবিয়ে ধোঁৱা-ৰাতিপুৱা এবছৰ বসয়ীয়া অতীত জীৱনটোৰ অনুভৱৰ স্মৃতিৰে পুনৰ যাপন কৰা বুলি প্ৰকাশ কৰিছে।

কবিতাটোৰ প্ৰকাশভংগীত অপ্রয়োজনী শব্দ প্রয়োগ কৰা নাই। বৰুবাই প্রয়োজনীয় শব্দ ব্যৱহাৰ কৰা কাৰণে কবিতাটো লাবণ্যময় আৰু বাংময় প্রকাশ পাইছে। অতিপাত অপ্রয়োজনীয় শব্দ ব্যৱহাৰ কৰি কবিতাৰ কাব্যিকতা হ্রাস কৰা নাই। ৰবীন্দ্ৰ বৰাই কবিগৰাকীৰ ক্ষেত্রত প্রণিধানযোগ্য মন্তব্য দিছে- “কবি বৰুৱাৰ কাব্যত সঘনে প্রকাশ পাইছে ব্যক্তিগত অভিজ্ঞতাৰ সৰস বৰ্ণনা, আধুনিক জীৱনৰ জটিল মানসিকতা আৰু খণ্ড খণ্ড ভাৱৰাশিৰ অপূর্ব সংমিশ্রণ।” বৰুৱাৰ কবিতাৰ ক্ষেত্ৰত কবীন ফুকনৰ কথাও উল্লেখযোগ্য- “বৰৱাৰ আগবয়সৰ ‘মন-কুঁৱলী সময়’ কবিতাটোৰ সাঁচ আৰু শব্দসম্ভাৰ চকুত পৰাকৈ আধুনিক। প্রতীকবাদৰ প্ৰভাৱত কবিতাটোত ‘ধোঁৱা গুণ-গুণকৈ উবে’, ‘থকা-নথকা এক পলকৰ দলঙত/সময় বন্ধ হৈ যায়।’ তেওঁৰ প্ৰায়বোৰ কবিতাৰ অন্তৰালত থকা অভিপ্রায় হ’ল অনুভূতি বা অনুভূতিৰ সানমিহলি এটা দার্শনিক পৰিণতিৰ অভিমুখে আগবঢ়াই নিয়াটো।

এক ধৰণৰ মনন কাতৰতাৰ পৰা বৰুৱাৰ কবিতাৰ গতি দ্রুত নহৈ মন্থৰ হয়। নিভাঁজ, নিকপকপীয় ব্যঞ্জনাত্মক শব্দৰ প্ৰতি প্ৰীতি, সংযম আৰু নৈপুণ্যই তেওঁৰ কাব্যকথনক বিশিষ্ট অভিনবত্ব দিয়ে।”

অজিত বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাৰ ভাষাৰ গাঢ়তা, শব্দৰ প্ৰাঞ্জলতা আৰু প্রয়োগৰ সাৱলীলতাই কবিতাটোক মহৎ কাব্যিকতা প্রদান কৰিছে। সহজ-সবল শব্দ প্রয়োগৰ জৰিয়তে গ্রাম্য সমাজ জীৱনৰ চিত্ৰ কিছুমান শব্দ প্রতীকৰ সুসংগঠিত প্ৰয়োগৰ ফলত আধুনিক কাব্যজগতত এক মননশীলতা লাভ কৰিছে। প্রতীক ব্যঞ্জনাময় শব্দ আৰু বাক্যই পঢ়ুৱৈ বা পাঠক সমাজক আধুনিক কাব্যজগতৰ ফালে ধাবিত কৰিছে। ‘মন-কুঁৱলী সময়’ কবিতাত কবিগৰাকীৰ মন বুদ্ধিদীপ্ত চিন্তা চেতনা, ভাববস্তু আৰু আংগিকতাৰ প্রতিফলন ঘটিছে।

৫। প্রতীকবাদী কবিতা হিচাপে কবি অজিৎ বৰুৱাৰ ‘মন কুঁৱলী সময়’ কবিতাটো আলোচনা কৰা।

উত্তৰ: অজিত বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাটোত সময়ৰ ধাৰণা, টি. এছ, এলিয়ট কল্পনাৰ শৃংখলা, এলিয়টৰ কবিতাত নথকা গাঁৱৰ মাজত গঢ় লৈ উঠা নিঃসংগতাবোধৰে কবিতাটো প্রাণবন্তময় হৈ উঠিছে। কবিয়ে এলিয়টৰ পৰা সময়ৰ ধাৰণা পালেও নিজস্ব স্বকীয় প্রতিভাৰ জৰিয়তে শব্দৰ মায়াজালৰেনিজস্ব সাঁচত গঢ় দি ল’বলৈ সক্ষম হৈছে। সময় চেতনা আৰু স্মৃতি জড়িত কবিতাটো ৰীতি-প্রকৃতিৰ ফালৰ পৰা আধুনিক, লগতে কবিৰ অধ্যয়নশীল আৰু মননশীলতাৰ পৰিচয় বহন কৰিছে।

কবি অজিত বৰুৱাৰ ‘মন-কুঁৱলী সময়’ কবিতাটোৰ প্রতীকৰ ব্যৱহাৰ অতি তাৎপর্যপূর্ণ। কবিয়ে নামকৰণ কৰা কবিতটোৰ নামটোৰ মাজত বিষয়বস্তু প্রতীকধর্মীতাৰ ইংগিত বহন কৰিছে। ‘কুরলী’ শব্দটোৱে সময়ৰ এটা অস্পষ্টতাৰ প্ৰতীক প্ৰকাশ কৰিছে। সময়বোৰ যেন এটা পলকহে। ই এটা স্থিৰ বিন্দুত থিতাপি লৈছে। কবিতাটোৰ প্ৰথম স্তৱকত জীৱনৰ এক বিশেষ এটা মুহূতৰ অভিজ্ঞতা বিমূর্ত ৰূপ ভাৱকল্প জগতৰ পৰা স্বতঃস্ফূত ভাবে ওলাই আহি এটি মূর্ত ৰূপত আত্মপ্রকাশ কৰিছে এনেদৰে-

“কাতি মাহৰ এটা ধোঁৱা ৰাতিপুৱা 

কুয়লী গলি ভাঁহে 

এই পুরা যেন অতীত জীবন 

(এবছৰ বয়সীয়া) 

পুনৰ যাপন কৰি উঠিলো। কাৰণ 

যোৱা বছৰ এনে পুৱা 

উঠিছিলো নতুন হামিয়াই, 

থকা নথকা এক পলকৰ দলঙত 

সময় বন্ধ হৈ যায়। (?)……

কবিয়ে ব্যৱহাৰ কৰা ‘ধোঁৱা’ আৰু ‘কুঁৱলী’ শব্দ দুয়োটা অস্পষ্টতাৰ প্রতীক বুলি ক’ব পাবি। ‘মন-কুঁৱলী সময়’ কবিতাটোত প্রতীক সম্পর্কে লোপা বৰুৱাই লিখিছে- বর্তমানৰ মাজত অতীত সাৰে থাকে আৰু এই অতীতৰ সম্প্ৰসাৰণ ঘটে ভৱিষ্যতৰ বুকুলৈ। ‘সময়’ এক স্থিৰ বিন্দুত থিতাপি লৈছে, বন্ধ হৈ গৈছে। এই বন্ধ সময়’ স্থবিৰতাৰ প্ৰতীক। অস্পষ্ট সোঁৱৰণিৰ টুকুৰা কুঁৱলীৰ দৰে কবিৰ মানসত ওপত্তি ফুৰিছে। শৈশৱ আৰু যৌৱন সংস্থাপিত হৈছে সময় প্রবাহৰ এক স্থিৰ বিন্দুত। সেই সোঁৱৰণিৰ অলসতাৰ ইংগিত দিছে ‘হামি’ প্রতীকৰ মাজেৰে।

‘মন-কুঁৱলী সময়’ কবিতাত সময় প্রবাহৰ স্পষ্টতাই কবিৰ মানস পটত জগাই তোলা স্মৃতি আৰু স্বপ্নৰ ব্যঞ্জনাময়তাই মূল উপজীব্য। কবিতাটোৰ শেষৰ শাৰীকেইটাই বিশেষ তাৎপর্য বহন কৰিছে।

“চাৰিফালে পথাৰ পথাৰ

বুকুত খামোচ

দূৰৰ গাঁৱৰ পাৰ গুণগুণকৈ ধোঁৱা উৰিছিল।”

গ্রাম্য জীৱনৰ মুকলি পথাৰৰ মাজৰ পৰা মুক্ত হৈ উৰি অহা ধোঁৱাৰ গুণ গুণনিৰ দৃশ্য অতি চকুত লগা যেন হৈ পৰিছে। মুকলি পথাৰ কবিৰ স্মৃতিত একান্ত ব্যক্তিগত জীৱনৰ নিঃসংগতা আৰু নির্জনতাৰ অনাবিল অভিজ্ঞতা।

‘মন-কুঁৱলী সময়’ কবিতাৰ প্রতীকৰ ক্ষেত্ৰত বসন্ত কুমাৰ ভট্টাচাৰ্যই লিখিছে- “পথাৰ”

আৰু ‘গাঁৱৰ’ উল্লিখন আৰু লগতে ‘ধোঁৱা’ উৰাৰ বৰ্ণনে কবিৰ লোক জীবনকেন্দ্রিক চেতনাৰ আভাস এটিও দাঙি ধৰে। প্রতীকবাদী কবিতা ‘মন-কুঁৱলী সময়’ত কবি অজিত বৰুৱাই তেওঁৰ অনুভূতিক কাব্যিক রূপদানত প্রতীকী ব্যঞ্জনাত্মক ভাষাৰ অৰ্থঘণ আৰু নান্দনিক পৰিক্ৰমাৰে যি এক ৰহস্যময় তথা স্বপ্নিল আবেশ সৃষ্টি কৰিছে।”

৬। কবি অজিৎ বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ আধুনিক কবিসকলৰ আংগিকৰ আন এটি বৈশিষ্ট্য হ’ল- অর্থ ঘনত্বৰ সৃষ্টি। আধুনিক কবিসকল মিতব্যয়ী, যিমান দূৰ সম্ভৱ তেওঁলোকে বাহুল্য বর্জন কৰিবলৈ বিচাৰে।

এটা শব্দৰ পৰা যিমান দূৰ সম্ভৱ অৰ্থৰ গভীৰতা আৰু বিশালতা প্রকাশ কৰিবলৈ আধুনিক কবিসকলে প্রয়াস কৰে। আধুনিক কবি অজিৎ বৰুৱা, নীলমণি ফুকন, ভবেন বৰুৱা, হোমেন বৰগোহাঞিৰ কবিতাত যথা সম্ভৱ কম শব্দৰ জৰিয়তে অধিক অর্থ প্রকাশ কৰাৰ চেষ্টা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে কবি অজিৎ বৰৱাৰ “জেংৰাই ১৯৬৩” নামৰ কবিতাটিৰ কথা ক’ব পাৰি। কবিতাটিত কবিয়ে এখন বিশেষ ঠাইৰ এটি নিশাৰ এক জটিল মানসিক পরিস্থিতিক ব্যক্তিগত অভিজ্ঞতাৰে প্ৰকাশ কৰিছে। বিশ্বাস আৰু অবিশ্বাসৰ দোমোজা, ভয় আৰু মৃত্যুৰ সৰ্বগাসী মূৰ্ত্তিৰ অনুভৱ, সাধুকথাৰ জগতৰ মাজত আশ্রয় লোৱাৰ অৱচেতন বাসনা, জীৱনৰ এটা সপোন সদৃশ উপলব্ধি- এনে মিশ্রিত জটিল মানসিক অভিজ্ঞতাক কবিয়ে কম কথাৰে প্ৰকাশ কৰিবলৈ সমর্থ হৈছে।

ষাঠিৰ দশকত প্রতীক বাদী আৰু চিত্ৰকল্পবাদী কবিতাৰ সু-সমন্বয়েৰে আধুনিক অসমীয়া কবিতাত নতুনত্বৰ সৃষ্টি কৰা কবি অজিৎ বৰুৱাই এই দশকত কেইটিমান প্রগতিবাদী কবিতা ৰচনা কৰে। বিশেষকৈ ‘তীখা’ আৰু ‘হাতুৰি’ এই দুটি কবিতাত প্রগতিবাদী চিন্তাধাৰাৰ সুন্দৰ প্রকাশ দেখা যায়। ‘তীখা’ নামৰ কবিতাটিত নতুন সমাজ গঢ়াৰ বলিষ্ঠ প্রয়াস পৰিলক্ষিত হৈছে। বৈপ্লবিক চিন্তাধাৰাৰে এখন নতুন সমাজৰ ভেটি নিৰ্মাণৰ বাবে শ্রমজীৱী জনতাই কায়িক আৰু মানসিক শ্রমেৰে আগবাঢ়ি অহাৰ শংখধ্বনি কবিতাটিত নিনাদিত হৈছে।

সমাজ ব্যৱস্থাত ঘুণে ধৰাৰ কাৰণসমূহ কবিয়ে উপলব্ধি কৰিব পাৰিছে। এই সমাজ-ব্যৱস্থাত এনে কিছুমান প্রচলিত ৰীতি-নীতি, নিয়ম-কানুন, আচাৰ-ব্যৱহাৰ আছে-যিবোৰে সমাজ জীৱনৰ প্রগতিত অন্তৰায় হৈ থিয় দিছে। সেইবাবে তেনে সমাজব প্রচলিত নিয়ম-নীতিৰ বাধাৰ দুৱাৰ ভাঙি অতীতৰ ভেটিতেই নতুন মহাজীবন সৃষ্টি কৰাৰ আকুল আকাংক্ষা ধ্বনিত হৈছে।

নতুন সমাজ গঢ়াৰ বাবে আগবঢ়া মানুহখিনিৰ ওপৰত গভীৰ বিশ্বাস ৰখা কবিয়ে জানে যে আদৰ্শৰ লক্ষ্য বিন্দুত উপনীত নোহোৱালৈকে তেওঁলোকে নিজ কৰ্তব্যৰ পৰা বিচলিত নহয়। কিয়নো অতীতৰ যৱনিকা আনিবলৈ আগবঢ়া এই মানুহখিনিয়ে কর্ম-সাধনাৰ মূল্য সুন্দৰভাবে উপলব্ধি কৰে।

‘হাতুৰি’ নামৰ আনটি কবিতাতো গেলি-পচি যোবা দুর্গন্ধময় অতীতৰ মৃত্যু ঘটাই সুন্দৰ সমাজ গঢ়াৰ সবল কণ্ঠধ্বনি মুখৰিত হৈছে। ‘হাতুৰি’ নতুন সমাজ গঢ়াৰ মূল হাতিয়াৰ। এই হাতুৰিৰে পিটি-পিটি, যুগ যুগ ধৰি লাঞ্ছিত, নিপীড়িত হৈ থকা জনতাই নতুন দিনৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়ি আহিছে।

চল্লিশৰ দশকত প্রগতিবাদী চিন্তাধাৰাৰে কাব্য-জীবন আৰম্ভ কৰা বৰুৱাৰ কবিতাৰ সুৰ অৱশ্যে তেওঁৰ পৰবৰ্তী ৰচনাত সলনি হোৱা দেখা যায়। পঞ্চাশৰ দশকত প্রায় নীৰৱতা অৱলম্বন কৰা এই কবি গৰাকীয়ে ষাঠিৰ দশকত চিত্রকল্পবাদী আৰু প্রতীকবাদী বীতিৰ বাক সংযম আৰু ব্যঞ্জনা ধর্মিতার সমন্বয়েবে মননশীল কবিতা ৰচনা কৰিবলৈ লয়। এই কবিজনাৰ পৰ বর্তী কালৰ কবিতাসমূহক ভাষাৰ প্রয়োগত থকা সংযমতা আৰু কাৰিকৰি দিশৰ সম্যক জ্ঞানে উচ্চ পর্যায়লৈ উন্নীত কৰিছে।

অজিৎ বৰবাৰ কবিতাসমূহত তীব্র অনুভূতিশীল এক চেতনা প্রবাহে যেন কাম কৰিছে। গভীৰ অন্তর্দৃষ্টিৰে জীৱনৰ একোটি বাস্তবিক সত্যক কাব্যিক ভাষাৰে তেওঁ প্রকাশ কৰিছে, দার্শনিক কিন্তু নান্দনিক চেতনাসম্পন্ন গভীৰ প্রবাহত।

ঐতিহ্যৰ প্ৰতি ক বিৰ মোহ প্রবল। বিভিন্ন পটভূমি আৰু পৰিবেশত কবিক অতীতৰ কিছু স্মৃতিয়ে স্পর্শ কৰে। সেই অতীতৰ স্মৃতিবাশিৰ মাজেৰেই অসমৰ লোক-সংস্কৃতিৰ কিছুমান বাহকে নিজৰ স্থিতি পোহৰলৈ আনিবলৈ যত্ন কৰে।

তেওঁৰ কবিতাৰ প্ৰসংগত হীরেন্দ্র নাথ দত্তই এনেদবে কৈছে- “অজিত বৰুৱাৰ কবিতাৰ দীঘ-বাণি হৈছে আধুনিক জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত এক বৌদ্ধিক বিশ্বাসব তীক্ষ্ণ দৃষ্টিসম্পন্ন অন্বেষণ। কিন্তু কবিৰ দৃষ্টিত মূলতঃ আধুনিক জীবনৰ অভিজ্ঞতা মানে কেতবোৰ যুগান্তকাৰী আৰু অনেক ক্ষেত্ৰত পৰস্পৰ বিৰোধী ভাবধাৰাব সংঘাত। সেই বাবে এনে অন্বেষণৰ পথত থকা দুর্লংঘনীয় বাধাৰ প্রতিও এই কবি গৰাকী অতি সজাগ। অজিৎ বৰুৱাৰ কবিতাত সমুপস্থিত সূক্ষ্ম সন্দেহবাদ (Scepticism) আধুনিক মানৱৰ সমস্যাবেই অভিব্যক্তি।

৭। অজিৎ বৰুৱাৰ কবিতাত সময়ৰ ধাৰণা কিদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা। 

উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ ইতিহাসত সবল বিষয় আৰু আংগিকৰ ক্ষেত্রত অভূতপূর্ব সিদ্ধি লাভ কৰালৈ চাই অজিৎ বৰুৱাক নিঃসন্দেহে এক বিৰল প্রতিভাৰ অন্যতম কবি বুলি আখ্যা দিব পাৰি। টি. এছ এলিয়টব দ্য রেইষ্ট ল্যাণ্ডৰ ভাঙনি হুনামাটি, নির্বাচিত ফৰাচী কবিতা, নির্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা অসমীয়া অনুবাদ কাব্য জগতলৈ অজিৎ বৰুৱাৰ উল্লেখযোগ্য অবদান।

অজিৎ বৰুৱাৰ সৰহভাগ কবিতাতে সময়ৰ ধাৰণা লক্ষ্য কৰা যায়। এই সময়ৰ সৰলৰৈখিক গতিৰ ধাৰণা খ্রীষ্টিয়ানসকলৰ অৱদান। এলিয়টৰ সময়ৰ বিমূর্ত ৰূপৰ

ধাৰণাটো প্রধানতঃ খ্রীষ্টিয় আৰু আগষ্ঠানীয় কিন্তু কঠোৰপন্থী খ্রীষ্টিয়ানসকলৰ মতে এলিয়টৰ ধাৰণাত সময় কেৱল চক্রাকাৰ গতিৰহে।

এলিয়টৰ ইতিহাস-চেতনা আৰু সত্তাৰ অধিবিদ্যাগত বাস্তৱতাৰ অহৰহ সন্ধানে অজিৎ বৰুৱাৰ কবিতাত সময়ৰ ধাৰণাৰ নিবিড়তম অভিনিবেশ মূর্ত কৰি তুলিছে। ইমান সময় হৈ পৰিছে ব্যক্তিগত জীবনব একোটি দিশ আৰু প্ৰজন্মৰ পাৰস্পৰ্শ। সময় অতীত হৈ নাযায় আৰু ই শ্বাশ্বতৰ লগত সম্পর্কিত হৈ থাকে।

অজিৎ বৰুৱাৰ ‘মন-কুঁৱলী সময়’, ‘আজি আকৌ মেজাংকৰি’, ‘জেংৰাই ১৯৬৩’, ‘কিছুমান ব্রোঞ্জৰ ঢেকীয়া’ আদি কবিতাত অস্তিত্বৰ অৰ্থ মৃত্যু, স্মৃতি প্ৰেমৰ লগতে সময়ৰ ধাৰণা এটা গঢ় লৈ উঠিছে। সময়ত তিনিটা উপাদান: দৈর্ঘ্য, অনুক্রম আৰু ঘটনা। সময়ৰ দৈৰ্ঘ্য আৰু অনুক্রম থাকে আৰু ঘটনা প্রবাহৰ যোগেদিহে সময়ৰ উপলব্ধি হয়।

অজিৎ বৰুৱাৰ ‘মন-কুঁৱলী সময়’ এটি অন্যতম উল্লেখযোগ্য কবিতা। ‘মন-কুঁৱলী সময়’ত এবছৰ আগৰ এটি অতীত ৰাতিপুৱা সম্পূর্ণরূপে ব্যক্তিগত অনুষংগৰে জিলিকি উঠিছে-

কাতি মাহৰ এটি ধোঁৱা ৰাতিপুৱা 

কুঁৱলি গলি ভাহে 

এই পুৱা যেন অতীত জীবন 

(এবছৰ বয়সীয়া)

পুনৰ যাপন 

কৰি উঠিলোঁ। (মন-কুঁৱলী সময়)

  • ইয়াত ‘কাতি মাহৰ এটি ধোঁৱা ৰাতিপুৱা’, ‘এই পুৱা যেন অতীত জীবন’ৰ উল্লেখে সময়ৰ এটা স্পষ্ট ধাৰণা সততে পাঠকৰ হৃদয়ত আলোড়িত হৈ উঠে।

একেদবে অজিৎ বৰুৱাৰ আন এটি উল্লেখযোগ্য কবিতা হ’ল ‘আজি আকৌ মেজাংকৰিৰ এঙাচোলা পিন্ধি’। কবিতাটোত প্রকাশিত হৈছে অতীত জীৱনৰ পাৰ কৰি অহা এখন বিশেষ সময় সাপেক্ষ ছবি-

আজি আকৌ মেজাংকৰি এঙাচোলা পিদ্ধি

ৰ’দ লৈছোঁ

(আজি আকৌ মেজাংকৰিৰ এঙাচোলা পিন্ধি)

— ইয়াত ‘আজি আকৌ’ৰ উল্লেখে অতীত সময়তে পাৰ কৰি অহা এটি মুহূর্ত জীৱনত পুনৰ ঘটাৰ প্ৰসংগ স্পষ্ট হৈ পৰে।

এলিয়টৰ কবি অজিৎ বৰুৱায়ো বিবেচনা কৰিছিল যে সময় কেৱল দৈর্ঘ্য আৰু ধাৰাবাহিকতাৰ মাপেই নহয়। এই কথা আমি অনুভৱ কৰিব পাৰোঁ ‘কলাঝ’ শীর্ষক কবিতাটোত-

আজিয়ে থাকোঁ দিয়ক 

আজি বাচি থাকো, 

আজিয়েই ভাল পাওঁ 

কোনে জানে আগেলৈ, বা 

কেতিয়াবা, বা কোনোদিনে 

মোৰ বাবে ৰঙা সূর্য উঠিবনে নাই

অনাগত ভৱিষ্যতৰ? (কলাঝ)

— ইয়াত ‘আজি’ৰ বাবে উল্লেখ কৰি বৰ্তমান দিন এটাৰ কথা কবিয়ে প্রকাশ কৰিছে। গতিকে দেখা যায় অজিৎ বৰুৱাৰ টি. এছ এলিয়টৰ প্ৰভাৱপুষ্ট এগৰাকী কবি হ’লেও বৰুৱাৰ সৰহভাগ কবিতাত বৰুৱাৰ যাদুকৰী হাতৰ পৰশত ‘সময়ৰ ধাৰণা’ই এক বিশেষ স্থান লাভ কৰিছে।


ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত

অতি চমু প্রশ্নোত্তৰঃ  

১। ব্রহ্মপুত্রত সূর্যাস্ত’ কবিতাটিৰ কবি কোন?

উত্তৰঃ কবি নীলমণি ফুকন।

২। নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ অন্তৰ্গত?

উত্তৰঃ ‘ব্রহ্মহ্মপুত্ৰত সূর্যাস্ত’ কবিতাটি ‘গোলাপী জামুৰ লগ্ন’ শীর্ষক কবিতাপুথিৰ পৰা লোৱা হৈছে।

৩। নীলমণি ফুকনৰ প্ৰথমখন কাব্যপুথিৰ নাম কি?

উত্তৰঃ সূর্য হেনো নামি আহে এই নদীয়েদি।

৪। লোককল্প দৃষ্টি, ৰূপ বর্ণ বাক, শিল্পকলা দর্শন- এই তিনিখন গ্ৰন্থ কাৰ বচনা?

উত্তৰঃ কবি নীলমণি ফুকনৰ।

৫। ভবেন বৰুৱাই প্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ: গোলাপী জামুৰ লগ্ন।

৬। ‘ব্রহ্মপুত্রত সূর্যাস্ত’ কবিতাটিত ‘সূৰ্য্যান্ত’ কিহৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ মৃত্যু।

৭। ‘দিনৰ হিৰণ্ময় হৃদয় পাত্র’ইয়াৰ অৰ্থ কি?

উত্তৰঃ সূৰ্যক কবিয়ে ‘হিৰণ্ময় হৃদয়-পাত্র’ বুলিছে।

৮। নীলমণি ফুকনৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ প্রচীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ।

৯। নীলমণি ফুকনে কাৰ কবিতা অনুবাদ কৰিছিল?

উত্তৰঃ স্পেনীয় কবি গার্থিয়া লকাৰ আৰু জাপানী কবিতা অনুবাদ কৰিছিল।

১০। নীলমণি ফুকনে তেওঁৰ কবিতাত চিত্ৰকল্পৰ স্থান সম্পৰ্কত ‘সাগৰতলিৰ শংখ’ৰ সাক্ষাৎকাৰত কি কৈছিল?

উত্তৰ: ‘মোৰ কবিতা চিত্রকল্প প্রধান। অৱশ্যে বিধ বিধ প্ৰকাৰৰ চিত্ৰকল্প মই ৰচনা কৰা নাই। চিত্রকল্পই মোৰ ভাষা, মোৰ ভাবৰ বাহন। চিত্ৰকল্পৰ মাধ্যমতেই মই ভাবোঁ, উপলব্ধি কৰোঁ।”

১১। নীলমণি ফুকনৰ ‘নৃত্যৰতা পৃথিবী’ কাব্যগ্রন্থখনি কিমান চনত প্রকাশ হয়?

উত্তৰঃ ১৯৮৫ চনত।

১২। নীলমণি ফুকনৰ ‘সূর্য হেনো নামি আহে এই নদীয়েদি’ কবিতাটোৰ মূল অনুপ্ৰেৰণা কি?

উত্তৰঃ এটা প্রাচীন মিচৰীয় মিথ আৰু এখন মিচৰীয় প্ৰাচীৰ চিত্ৰ।

চমু প্রশ্নোত্তৰ

১। কবি নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূর্যাস্ত’ কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰ: অসমীয়া কাব্য জগতত সমৃদ্ধি আৰু উত্তৰণত বিশেষভাৱে অৰিহণা যোগোৱা কবিসকলৰ ভিতৰত নীলমণি ফুকন অন্যতম। বিষয়-ব্যাপ্তি, প্রতীকবাদ-চিত্রকল্পবাদৰ সফল প্রয়োগ, চিত্ৰকল্পৰ সৈতে সম্পর্ক স্থাপিত কৰা আৰু অসমীয়া ভাষাৰ নতুন নতুন সম্ভাৱনা মুকলি কৰি নীলমণি ফুকন আধুনিক অসমীয়া কবিতাৰ অন্যতম অবিস্মৰণীয় ব্যক্তি। নীলমণি ফুকনৰ প্ৰথম কবিতা পুথিখন হ’ল ‘সূর্য হেনো নামি আহেএ ই নদীয়েদি’।

নীলমণি ফুকনৰ এটি অন্যতম সার্থক কবিতা হ’ল ‘ব্রহ্মপুত্রত সূর্যাস্ত’। ‘ব্রহ্মপুত্রত সূর্যাস্ত’ কবিতাটিতো খুব সুন্দৰকৈ চিত্ৰকল্প আৰু প্রতীক প্রয়োগ ঘটিছে।

ব্রহ্মপুত্রত সূর্যাস্ত কবিতাটি প্রতীকৰ ব্যৱহাৰেৰে আৰম্ভ হৈছে। শূন্যৰ পৰা সৰি পৰা সোণ বৰণীয়া সূৰ্যৰ দৰে মানৱ জীৱনৰ নিঃশব্দে সৰি পৰিল আৰু বুৰ গ’ল অর্থাৎ ক্ষণস্থায়ীত্বৰ কথা কবিয়ে ব্যক্ত কৰিছে।

কবিতাটোৰ দ্বিতীয় স্তৱকত পানীৰ বুৰবুৰণিত বিৰিঙি উঠা অস্তমিত সূৰ্যৰ সোণালী কিৰণ বুলি কৈছে আৰু ইয়াৰ উজ্জ্বলতা বৰ মৰ্মন্তুদ। ‘মানুহৰ অনি,ম লালসাৰ কি প্রজ্বলনঙ্গ ‘- ইয়াৰ জৰিয়তে প্রকাশ পাই উঠিছে মৃত্যু চেতনা। মানুহৰ অন্তিম সময়ত বা মৃত্যুৰ আগমুহূর্তত মুখমণ্ডলত চোকা হৈ এঠে জীৱনৰ প্ৰতি মোহ। সেই শেষ দৃষ্টি, তাৰ উজ্জ্বলতা বৰ তীব্র।

কবিতাটিৰ তৃতীয় তথা অন্তিমটো স্তৱকত ‘এতিয়া উলটিল প্রতিজন দর্শক উক দিলে প্রত্যেকৰে একে বিষ’ৰ জৰিয়তে কবিয়ে নিঃসংগতাবোধক কথাকে উল্লেখ কৰিছে। মৃত্যুৰ পিছত এজন মানুহক শ্মশানত দাহন কৰি শেষ হোৱাৰ পিছত শ্মশানত উপস্থিত প্রতিজনৰ হৃদয়ত একে সময়তে কেৱল নিসঙ্গতাবোধ, চিৰদিনলৈ সেই স্থানটো শূন্য হৈ পৰা এক বিষাদবোধ উক দিয়ে। ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে কেৱল নামি পৰে শূন্যতা, হৃদয়ৰ শূন্যতা, যেন চৌপাশ কেরল মাথো এটি বিৰাট শূন্য।

২। নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটিৰ বিষয়বস্তুৰ আভাস দিয়া।

উত্তৰঃ “ব্ৰহ্মপুত্ৰত সূৰ্য্যাক্ত’ কবি নীলমণি ফুকনৰ এটা উৎকৃষ্ট কবিতা। কবিতাটিত ব্রহ্মহ্মপুত্ৰৰ বুকুত সূৰ্য্যাস্তৰ এক মনোৰম দৃশ্যৰ ব্যঞ্জনা ৰূপায়িত হৈছে- দিনান্তত আকাশৰ সূৰুজ নিঃশব্দে সবি পৰিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ গ’ল। পানীত বুৰবুৰণি উঠিল।

নদীৰ পানী, পশ্চিমৰ আকাশ ৰঙা ৰহনেৰে উজলি উঠিল। এই উজ্জ্বলতা যেন মানুহৰ অন্তিম লালসাব প্রজ্জ্বলন। এই উজ্জ্বলতা শোকব্যঞ্জক। কাৰণ ইয়াৰ পাছতে আন্ধাৰে আকাশ ছানি ধৰিব। সূর্য ব্ৰহ্মপুত্ৰৰ বুকুত মাৰ যোৱাত, যিসকলে সূৰ্য্যাক্ত চাইছিল সেইসকল দর্শকে বিষাদ মনে ঘৰলৈ উলটিল। তেওঁলোকৰ হৃদয়-মন যেন শূন্য হৈ গ’ল।

ব্ৰহ্মহ্মপুত্ৰত সূৰ্য্যাক্তৰ লগ্নৰ দৰে মানুহৰ মৃত্যুৰ লগ্নও একে যি মাথোন কঢ়িয়াই আনে বুকুৰ বিষ আৰু হৃদয়ৰ শূন্যতা। কবিতাটিত ব্যবহৃত ‘শূন্যতা’ শব্দটিয়ে মৃত্যুজনিত বিষাদৰেই ইংগিত বহন কৰিছে। মৃত্যুৱে সর্বত্র বিয়পাই দিয়ে শূন্যতাৰ হাঁহাকাৰ। ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্য্যাস্তৰ দৃশ্যই মৃত্যুৰ অপ্ৰতিৰোধী চিৰন্তন সত্যৰ ছবিখনিকেই তুলি ধৰে। দৃশ্যটোৱে কবিৰ অৱচেতন মনত স্তব্ধ হৈৗকা মৃত্যুৰ ভয়, যন্ত্রণা আৰু বিবুদ্ধিৰ অৱস্থা জাগ্রত কৰিছে। মৃত্যু-ভাবনা মানুহৰ জীৱনৰ এক অনিবার্য দিশ। মৃত্যুৰ অভিঘাতৰ পৰা মানুহৰ পৰিত্ৰাণৰ উপায় নাই। মৃত্যুৰ এক নিবিড়তম আৰু ঘনিষ্ঠতম উপলব্ধিয়েই কবিতাটিৰ প্রাণ। এনে উপলব্ধিকেই অভিনব কৌশলেবে এক নৈসর্গিক চিত্ৰৰ সহায়ত কবি নীলমণি ফুকনে কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে।

৩। ‘নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ নামৰ কবিতাটিত প্রতীক তথা চিত্ৰকল্পৰ প্রয়োগ ঘটা দেখা যায়।’- কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা।

উত্তৰঃ আধুনিক কাব্যৰীতিৰ অন্যতম লক্ষণ হৈছে চিত্ৰকল্পৰ ব্যৱহাৰ আৰু ব্যঞ্জনাধর্মী শব্দৰ সমাৱেশ। নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটোৰ বহু শব্দই ব্যঞ্জনাময়। উদাহৰণস্বৰূপে কবিতাটিত থকা ‘শূন্যতা’ শব্দটোলৈকে আঙুলিয়াব পাৰি। কবিতাটিৰ প্রথম শাৰীৰ ‘শূন্যতা’ই হয়তো আবেলিৰ পাছৰ, সন্ধ্যাৰ আগৰ আকাশলৈকে আঙুলিয়াইছে। কিন্তু এই অৰ্থৰ অভ্যন্তৰত থকা অন্য অর্থ হ’ল মৃত্যু অথবা মৃত্যুজনিত স্মৃতি। কবিয়ে কবিতাটোৰ নামকৰণ কৰিছে ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ বুলি আৰু কবিতাটোতো সূৰ্য্যাস্তব কথাকে কৈছে। তথাপি ‘সূর্য’ শব্দটোৰ স্পষ্ট উল্লেখ কবিতাটিৰ ক’তো পাবলৈ নাই। সূর্যক কবিয়ে ‘হিৰণ্ময় হৃদয়-পাত্র’ বুলিছে। ‘হিৰণ্ময় হৃদয়-পাত্র’ কথাষাৰ উপনিষদৰপৰা আহিছে।

৪। প্রসঙ্গ সঙ্গতি দর্শাই বাখ্যা কৰা।

(ক) শূন্যতাৰ হাতৰ পৰা সৰি পৰিল 

দিনৰ হিৰণ্ময় হৃদয়-পাত 

নিঃশব্দে সৰি পৰিল 

আৰু বুৰ গ’ল।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনৰ ‘ব্রহ্মপুত্রত সূর্যাস্ত’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণস্থায়ীত্বৰ কথাকে ব্যক্ত কৰিছে।

শূন্যৰ পৰা সৰি পৰা সোণ বৰণীয়া সূৰ্যৰ দৰে এই ক্ষণস্থায়ী মানব জীৱনো এদিন নিঃশব্দে, নীৰৱে হেৰাই যায়। আবেলিৰ বেলি ক্রমান্বয়ে হেৰাই যোৱাৰ দৰে ক্ষন্তেকীয়া মানুহৰ জীৱনটোও নিৰলে, নিশ্চুপে হেৰাই যায় শূন্যৰ বুকুত।

(খ) বুৰ বুৰণিত বিৰিঙি উঠিল 

পাত্ৰৰ ৰক্তিম আধেয় 

মর্মন্তুদ তাৰ উজ্জলতা 

মানুহৰ অন্তিম লালসাৰ 

কি প্রজ্বলন!

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনৰ ‘ব্রহ্মহ্মপুত্রত সূর্যাস্ত’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাঁকিৰ জৰিয়তে প্রকাশ পাইছে মৃত্যু চেতনা।

কবিতাফাঁকিত পানীৰ বুৰবুৰণিত বিৰিঙি উঠা অস্তমিত সূৰ্যৰ সোণালী কিৰণ বুলি কৈছে আৰু ইয়াৰ উজ্জ্বলতা হেনো বৰ মৰ্মন্তুদ। প্রকাশ পাইছে মৃত্যু চেতনা। মানুহৰ অন্তিম সময়ত বা মৃত্যুৰ আগমুহূৰ্তত মুখমণ্ডলত চোকা হৈ উঠে জীৱনৰ প্ৰতি মোহ।

সেই শেষ দৃষ্টি, তাৰ উজ্জ্বলতা বৰ তীব্র।

(গ) এতিয়া উলটিল প্রতিজন দর্শক 

উক দিলে প্রত্যেকৰে একে বিষ 

ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে 

নামিল স্বয়ং শূন্যত 

নামিল হৃদয়ৰ শূন্যতা

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনৰ ‘ব্ৰহ্মপুত্রত সূর্যাস্ত’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাঁকি কবিতাটোৰ তৃতীয় তথা অন্তিম স্তৱক। ইয়াৰ জবিয়তে কবিয়ে নিঃসঙ্গতাবোধক কথাকে উল্লেখ কৰিছে। মৃত্যুৰ পিছত এজন মানুহক শ্মশানত দাহন কৰি শেষ হোৱাৰ পিছত শ্মশানত উপস্থিত থকা প্রতিজনৰ হৃদয়ত একে সময়তে কেরল নিঃসঙ্গতাবোধ চিৰদিনলৈ সেই স্থানটো শূন্য হৈ পৰা এক বিষাদবোধ উক দিয়ে। ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে কেৱল নামি পৰে শূন্যতা, হৃদয়ৰ শূন্যতা, যেন চৌপাশ কেৱল মাথো এক বিৰাট শূন্যতা।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। নীলমণি ফুকনৰ কবিতাত আধুনিক কবিতাৰ কিকি লক্ষণ প্রতিফলিত হৈছে আলোচনা কৰা।

উত্তৰ: নৱন্যাস আন্দোলনৰ শেষছোৱাৰ কবি নীলমণি ফুকনৰ কবিতাত ৰোমাণ্টিক কবিসকলৰ দৰে সৌন্দৰ্যৰ সম্মোহনে মোহিত কৰিলেও কবিয়ে সেই সৌন্দর্য উপভোগত আপোন পাহৰা হোৱা নাই। তেওঁৰ কবিতা ভাৰতীয় দর্শন আৰু প্রতীক, চিত্রকল্পৰে অর্থব্যঞ্জক কৰি তুলিছে। প্রতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰ ফুকনৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য। তাৰ ফলতে তেওঁৰ কবিতা দুর্বোধ্য হৈ পৰা বুলি সমালোচকসকলে ক’ব বিচাৰে। ফুকনদেৱৰ কবিতাত অতীন্দ্রিয়বাদব প্রভাৱ পৰিলক্ষিত হৈছে। ‘মানসী’ নামৰ কবিতা পুথিখনৰ পাতনিত কবিয়ে উল্লেখ কৰিছে-“মানুহ চিৰকাল সৌন্দৰ্যৰ উপাসক। মানুহে প্রথমতে প্রকৃতি জগতত সৌন্দৰ্যৰ বিকাশ দেখে। এই সৌন্দৰ্যৰ উপাসনা কৰোঁতে কৰোঁতে অন্তর্মুখী মানুহে দেখিবলৈ পালে যে, সৌন্দৰ্যৰ আধাৰ দৃশ্যমান জগত নহয়। সৌন্দর্য প্রকৃততে অতীন্দ্রিয় জগতক উপলব্ধি কৰিবলৈ বিচাৰিছে প্রকৃতি জগতৰ বাহ্যিক সৌন্দর্যৰ প্রতীকেৰে। কবিৰ সূক্ষ্ম অনুভূতিয়ে জাগতিক সৌন্দর্যতে মোহাচ্ছন্ন হৈ পৰিছে। সন্ধিয়াৰ আকাশৰ কপালৰ ৰঙা সেন্দুৰৰ ফোঁট, আহাৰ মাহৰ মেঘমালাক আকোৱালি লোৱা দৃশ্য, শৰতৰ রূপালী নিশা আদি মনোৰমা দৃশ্যৰ মাজেৰে কবিয়ে মানসীক বিচাৰিছে। কিন্তু মানসীক হৃদয়ৰে উপলব্ধি কৰিবলৈ গৈ প্রকৃতিৰ সৌন্দৰ্যৰ মাজতে কবি মন্ত্রমুগ্ধ হৈ পৰিছে।

নীলমণি ফুকনৰ ‘সন্ধানী’ কাব্য পুথিৰ অন্তৰ্গত কবিতাসমূহৰ মাজেৰে কবিৰ সন্ধানী দৃষ্টিয়ে বিশ্বজগতৰ প্রতিটো অণু-পৰমাণু, পশু-পক্ষীৰ গতিশীলতাৰ আৰৰ ৰহস্যৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে। অৱশেষত কবিয়ে পৰিদৃশ্যমান জগতৰ নিয়ন্তা সর্বশক্তিমান ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিছে। সত্য-শিব-সুন্দৰৰ প্ৰতি কবিৰ গভীৰ অনুৰাগ তেওঁৰ কবিতাৰ মাজেৰে প্রকাশ পাইছে যদিও জগতৰ প্ৰকৃত সত্য উদঘাটন কৰাটো যে সম্ভব নহয়। সেই ভাব কবিয়ে কাব্যিক ভাষাৰে ব্যক্ত কৰিছে এইদৰে-

সংসাৰত তুমি নোহোৱা হ’লেই

সৃষ্টিখন হব দিনতে কণা। (সন্ধানী)

কবিয়ে ‘সন্ধানী’ কবিতা পুথিৰ পাতনিত উল্লেখ কৰিছে- “সৃষ্টিৰ আদি আৰু অন্ত ক’ত সেই কথা অজ্ঞেয় আৰু অব্যক্ত। অনন্ত কালৰ পৰা তাৰ সন্ধান চলি আহিছে যদিও তাৰ যে বিৰতি কাহানিবা হ’ব সেই কথা মনে কল্পনাৰ ভিতৰলৈকো আনিব পৰা নাই। এই সন্ধানতে সৃষ্টিৰ সকলো প্ৰকাৰ বিকাশ আমি চকুৰ আগতে দেখিছোঁ।

মানুহে পৃথিবীলৈ আহি জন্ম-মৃত্যু আদিৰ পৰা হাত সাৰিব নোৱাৰে। কিয়নো মানুহ হৈছে কালৰ পুতলা স্বরূপ। তথাপি মানুহে জীৱনৰ ঘাত-প্রতিঘাতলৈ ভ্ৰক্ষেপ নকৰি নতুনব সৃষ্টিত আত্মবিভোৰ হৈ পৰে-

জীবনে বিচাৰে নিতে বালিঘৰ 

সাজি নিতে ভাঙি আনন্দ পাব, 

ভঙাৰ পাচতো সজাৰ আনন্দ 

নিৰন্তৰে তাত চলি থাকিব।

প্রকৃতিৰ সৌন্দৰ্যৰ মাজত মুগ্ধ হৈও কবিয়ে জন্ম-মৃত্যুৰ চিৰন্তন বিধিৰ চিন্তা এবাই চলিব পৰা নাই। সেইদৰে আত্মা-পৰমাত্মাৰ মাজৰ নিবিড় সম্বন্ধ, মৃত্যুৰ শেষত আত্মা পৰমাত্মাৰ লগত বিলীন হোৱা আদি উপলব্ধি বহস্যসন্ধানী কবি নীলমণি ফুকনৰ কবিতাত সুপ্রকাশ ঘটিছে।

কবিয়ে বিয়াল্লিছৰ গণ আন্দোলনত অংশ গ্রহণ কৰি কাৰাবন্দী হোৱা জীৱন অভিজ্ঞতা ‘জিঞ্জিৰি’ কবিতা পুথিৰ কবিতাসমূহৰ মাজেৰে প্ৰকাশ কৰিছে। কাৰাগাৰৰ ভিতৰত থাকি কবিৰ মনত জাগ্রত হোৱা ভাব-অনুভূতি এই কবিতাৰ যোগেদি ব্যক্ত কৰিছে। কাৰাগাৰৰ থাকোতে কবিয়ে সম্মুখীন হোৱা দুখ-কষ্ট, অন্যায়-অবিচাৰ, নিষ্ঠুৰতাৰ কৰণ ছবি পরোক্ষভাবে এই কাব্যৰ মাজেৰে বৰ্ণনা কৰা দেখা যায়। ‘গুটিমালি’ ফুকনদেৱৰ প্রকাশিত তৃতীয় কাব্যগ্রন্থ। এই কবিতা সংকলনখনক কবিয়ে চহাকাব্য বুলি অভিহিত কৰিছে। সাধাৰণ মানুহৰ সৌন্দৰ্য স্পৃহা আৰু মানবতাবোধৰ পৰিচয় এই কাব্যখনৰ কবিতাৰ মাজত প্রকাশ পাইছে। ফুকনদেৱৰ আন এখন কবিতা পুথি জ্যোতিকণা। ইয়াত চনেটৰ আর্হিত লিখা এশ আঠোটা কবিতা সন্নিবিষ্ট হৈছে। জ্যোতিকণাৰ কবিতাৰ মাজেৰে বিভিন্ন ভাবৰ সমাবেশ ফুটি উঠা দেখা যায়। এই কবিতাপুথিখনৰ পাতনিত কবিয়ে উল্লেখ কৰিছে এইদৰে-“জীৱনৰ তমোৰাশিৰ মাজেদিও যে এটি আপুৰুগীয়া জ্যোতিয়ে প্রাণ পোহৰ কৰি থব পাৰে, এই গভীৰ সত্য লিখকে এই কবিতাকেইটিতে প্ৰাণৰ পৰা অনুভৱ কৰিব পাৰিছে। বাহিৰে ভিতৰে যি কুঁৱলীৰ মাজত এই কবিতাকেইটি লিখা হ’ল তাৰ পোহৰত লিখকে এটি অফুৰন্ত জ্যোতিব বশ্মিকণাত প্রতিফলিত ৰামধেনুখনিৰ সৌন্দর্য দেখিয়েই আত্মহাৰা হৈছে।”

‘জলকুঁৱৰী’ নামৰ কবিতা সংকলনৰ কবিতাত কবিৰ অলীক কল্পনাৰ পৰিচয় পোৱা যায়। মায়া-মোহত বন্দী হৈ সংসাৰ যাত্ৰীয়ে মৰীচিকা খেদি ফুৰে আৰু তাৰ মাজতে বিচাৰি পোৱা আনন্দৰ মূহুৰ্তই ক্ষন্তেক পৰিতৃপ্তি দিলেও সেয়া ক্ষণস্থায়ী আৰু অসাব। বিশ্বৰ সৌন্দৰ্যৰাশিয়ে কবিক মোহিত কৰিছে আৰু কবিৰ সেই সৌন্দর্য, উপভোগৰ সূক্ষ্ম অনুভূতি জলকুঁৱৰী, পদুমনি মধুমতী, ঋতুমতী, আদিৰ কবিতাৰ মাজেৰে পাঠকে উপলব্ধি কৰিব পাৰে। কিন্তু কোনো কোনো সমালোচকে কবিক বস্তু জগতৰ বাহ্যিক রূপতহে মগ্নহৈ সৌন্দর্যক সূক্ষ্মভাবে চোৱাৰ গভীৰ উপলব্ধিৰ অভাব বুলি মত দিছে। তাৰ মাজতে কবিৰ এটি ব্যতিক্রমধর্মী কবিতা হ’ল মনোৰমা, য’ত কবিয়ে অন্তৰৰ আবেগ ঢালিও আপোন পাহৰা নহৈ অপরূপ সৌন্দৰ্যৰ সন্ধান কৰিছে। সৃষ্টিৰ ক্ষণিক সৌন্দৰ্যৰ আনন্দত

কবি ব্যাকুল হোৱা দেখা নাযায়। কবিয়ে অন্বেষণ কৰিছে বিশ্বস্রষ্টা ৰূপকোঁৱৰ ৰূপী অপৰূপক। সেইজনেই বিশ্বৰ সকলো সৌন্দৰ্যৰ উৎস-

ৰূপকোঁৱৰৰ ৰূপত ভাহিছে

           চৰাচৰ বিশ্বখনি

ইপাৰ সিপাৰ ৰূপ সাগৰৰ

       কোনেনো দেখিব মনি

(মনোৰমা)

কবিৰ দৃষ্টিত উর্বশী, মেনকা, বিবহী যক্ষ, শকুন্তলা, উষা-অনিৰুদ্ধৰ ছবি ভাঁহি উঠিলেও তাত অধীৰ নহৈ তেওঁ অপৰূপ সৌন্দৰ্যৰ অন্বেষণ কৰিছে। বাহ্যিক ৰূপৰ ক্ষণিক আনন্দৰ মাজতে অপৰূপৰ ছবি উপলব্ধি কৰিবলৈ সক্ষম হৈছে কবিয়ে-

সৃষ্টিৰ সকলো সৌন্দৰ্যৰ মাজত

   বিচাৰি তোমাক ভাগৰিলোঁ।

সৌন্দর্য্যৰো তুমি দূৰৰ সপোন

এই কথা আগে নাজানিলোঁ।

(মনোৰমা)

তেনেদৰে কবিয়ে ‘সুন্দৰৰ উপাসনা’ কবিতাটোত সেই সুৰৰ অনুবণন শুনিবলৈ পোৱা যায়-

সুন্দৰ যে আৰাধ্য দেৱতা

সৃষ্টিৰ দৃষ্টিত কতো

নাই অসুন্দৰ।

দেহজ সৌন্দৰ্য্যৰ প্ৰতি থকা আকর্ষণক পৰিহাৰ কৰি কবিয়ে অপৰূপ ছায়া চিত্ৰৰে মনৰ গভীৰতাত অর্থাৎ মানস কুঞ্জত দেহজ সৌন্দৰ্য্যৰ প্রতীক প্রেয়সী মানসীক স্থান দি এনেদৰে উল্লেখ কৰিছে-

মানস প্রতিমা মনতেই থওঁ

বাহিৰত গঢ়ি আৰু যে নলওঁ

দিবলই বিসর্জন।

ৰহস্যবাদী কবি হিচাপে কবিৰ সাৰ্থকতা ইয়াতে প্রকাশ পাইছে। নীলমণি ফুকনৰ কবিতাসমূহ কবিতা সম্পর্কে ডঃ সতেন্দ্র নাথ শর্মাদেরে মন্তব্য দিছে এইদৰে সৌন্দৰ্য্যানাভূতিৰ নিদর্শন। অর্ন্তদৃষ্টি আৰু ভাবুকতাৰ পৰিচয় পোৱা গলেও আবেগৰ তীব্ৰতা আৰু প্ৰকাশৰ সাবলীলতা বহুতো কবিতাত পোৱা নাযায়।”

অতীন্দ্রয়বাদী কবি হিচাপে ফুকনদেবে ঈশ্বৰৰ অসীম সত্তাৰ কথা উপলব্ধি কৰাৰ প্রবল প্রচেষ্ঠা কৰিছে যদিও বাহ্যিক জগতৰ সৌন্দৰ্য্য অন্বেষণতকবি বিভোৰ হোৱা দেখা

যায়। সেয়ে নলিনীবালা দেবীৰ অতীন্দ্রিয়বাদী ভাবৰ গভীৰতা, দুর্গেশ্বৰ শৰ্মাৰ কবিতাৰ দার্শনিকতা তেওঁৰ কবিতাত সমান্যভাবে প্রতিফলিত হৈছে।

২। কবি নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটিৰ এটি সাধাৰণ আলোচনা কৰা।

উত্তৰঃ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম শ্রেষ্ঠ কবি নীলমণি ফুকন। অসমীয়া প্রতীকবাদী কবি সকলৰ ভিতৰত নীলমণি ফুকনৰ কবিতাই শ্রেষ্ঠতা অর্জন কৰিছে। ব্রহ্মপুত্রত সূৰ্য্যাক্ত’ কবি নীলমণি ফুকনৰ এটি সফল কবিতা। কবিতাটি আপাতদৃষ্টিত ব্রহ্মহ্মপুত্ৰত সূৰ্য্যাস্তৰ বৰ্ণনা যেন লাগিলেও ইয়াৰ মাজত কবিৰ এক গভীৰ উপলব্ধিৰ অনুভূতি প্রকাশ পাইছে। প্রকৃততে নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ আধুনিক চেতনাব বাহক। কবিতাটিৰ প্রকাশভংগীও আধুনিক শৈলীৰ।

‘ব্রহ্মপুত্রত সূর্যাস্ত’ কবিতাটো কবি নীলমণি ফুকনৰ ‘আৰু কি নৈঃশব্দ’ কাব্যগ্রন্থখনিৰ অন্তর্ভুক্ত। কবিতাটিৰ শিৰোনামটিলৈ লক্ষ্য কৰিলে প্রথম দৃষ্টিতেই ইয়াক প্ৰকৃতিৰ বৰ্ণনা কৰা কবিতা যেন লাগে। কিন্তু আধুনিক কবি নীলমণি ফুকনে গতানুগতিক ধৰণেৰে কবিতাটিত কেবল নৈসর্গিক প্ৰকৃতিৰ বৰ্ণনা দাঙি ধৰা নাই। প্রতীকবাদী পদ্ধতিৰে মানুহৰ জীৱন ৰহস্যৰ গভীৰতম সত্যক আলোকপাত কৰিবলৈও যত্নপৰ হৈছে।

কবিতাটিত থকা ‘সন্ধ্যাৰ নৈঃশব্দ অস্তিত্বৰ মৃত্যুৰ দ্যোতক হৈ দেখা দিছে।’ জাপানী হাইকু কবিতাৰ দৰে ‘এটা সুদৃঢ় অর্থঘন গাঁথনিত শব্দ-প্রতিমাৰ সাৰ্থক সমলয় সৃষ্টিয়েই কবিতাটোৰ লক্ষ্য।’

সূৰ্যটো আকাশৰপৰা নামি আহিব্রহ্মহ্মপুত্ৰৰ বুকুত বুৰ গ’ল। এনে এটি ভাবকেই কবিয়ে কবিতাটিৰ প্ৰথম স্তৱকত ব্যক্ত কৰিছে এনেদৰে –

শূন্যতাৰ হাতৰপৰা সৰি পৰিল

দিনৰ হিৰণ্ময় হৃদয়-পাত্র

নিঃশব্দে সৰি পৰিল

আৰু বুৰ গ’ল

উপর্যুক্ত স্তৱকী কবিয়ে সকলোধৰণৰ বাগাড়ম্বৰ বৰ্জন কৰি প্রতিটো শব্দতে বিপুল অর্থবৈভৱ সঞ্চাৰ কৰি ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্তৰ এক মনোৰম ৰূপ বলিষ্ঠ হাতেৰে খোদাই তুলিছে। স্তৱকটোৰ ‘হিৰণ্ময় হৃদয়-পাত্র’ বাক্যাংশই সূর্যক নির্দেশ কৰিছে। কবিৰ বৰ্ণনাত সূর্যটো হিৰণ্ময় হৃদয় পাত্রসদৃশ আৰু ই নিঃশব্দে নদীত বুৰ গৈছে। সূৰ্য্যাস্তৰ এনে দৃশ্য দেখি কবি অভিভূত হৈ পৰিছে। সেই দৃশ্যই যেন কবিক টানি লৈ গৈছে।

দার্শনিক চিন্তাৰ জগতলৈ। সেয়ে এনে দৃশ্যৰ উপভোগেৰে কবিয়ে উপলব্ধি কৰিছে মানুহৰ জীৱনৰ অন্তিম মুহূৰ্তৰ ক্ষণ। ব্ৰহ্মহ্মপুত্ৰত সূৰ্যটো বুৰ যোৱা কথাখিনিয়ে এটা দিনৰ মৃত্যুৰ ইংগিত কঢ়িয়াই আনে। এটা দিনৰ সমাপ্তিয়ে যেন মানুহৰ জীৱনৰো অবশ্যম্ভাবী

মৃত্যুৰ কথা সোঁৱৰাই দিয়ে। ব্রহ্মপুত্রত সূর্যাস্তব ক্ষণ আৰু মানুহৰ জীৱনৰ অন্তিম ক্ষণ-এই দুয়ো ক্ষণৰ মাজত এক ঐক্য বিৰাজমান। কবিয়ে উপলব্ধি কৰিছে- ব্রহ্মপুত্রত সূর্যটো বুৰ যোৱাৰ লগে লগে দিনব অন্ত পৰি পৃথিৱীলৈ এক গভীব শূন্যতা নামি অহাৰ দবে মানুহৰ জীৱনৰ অন্তিম মুহূর্তত নামি অহা মৃত্যুরেও প্রত্যেকৰে জীবনলৈ কঢ়িয়াই আনে এক গভীৰ শূন্যতা। মানুহৰ জীবনৰ অন্তিম মুহূর্তৰ বিষাদ আৰু বেদনা কবিয়ে বাৰুকৈয়ে উপলব্ধি কৰিছে। মৃত্যুবে সৃষ্টি কৰা এই বিভীষিকাই কবিৰ হৃদয় মোচৰি তেওঁৰ মনত উদ্রেক কৰিছে গভীৰ বিষাদবোধ। কবিতাটিত ব্যবহৃত ‘শূন্যতা’ শব্দটোরে সেই মৃত্যুজনিত বিষাদবেই ইংগিী বহন কৰিছে। কবিতাটিৰ দ্বিতীয় স্তবকী হিবস্ময় হৃদয় পাত্রসদৃশ সূর্যটো নিঃশব্দে ব্রহ্মপুত্ৰত বুৰ যোৱাৰ পাছৰ দৃশ্য আৰু তেনে মূহূৰ্তত কবিৰ উপলব্ধি প্রকাশ পাইছে-

বুৰবুৰণিত বিবিঙি উঠিল 

পাত্রব বক্তিম আধেয় 

মর্মন্তুদ তাব উজ্জ্বলতা 

মানুহৰ অন্তিম লালসাব

কি প্রজ্জ্বলন

সূৰ্য্যাস্তৰ পৰত নদীৰ পানী ৰাঙলী হৈ উজলি উঠে। কবিৰ দৃষ্টিত এই বক্তিম উজ্জ্বলতা মর্মন্তুদ। এই উজ্জ্বলতা মানুহৰ অন্তিম লালসাৰ লগতহে তুলনীয়। ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ গৈ নাইকিয়া হোৱাৰ পৰত সূর্যটোৱে নদীৰ পানী বঙা ৰাঙলী কৰাৰ দৰে মৃত্যুমুখী মানুহ একোজনেও তেওঁৰ জীয়া কামনা বাসনা লালসাবোৰ এৰি থৈ যাওঁতেও হয়তো অনুভব কৰে যন্ত্রণা। কবিয়ে ব্রহ্মহ্মপুত্ৰৰ বঙা পানীত মানুহৰ সেই যন্ত্রণাৰ মূৰ্ত রূপ এটা দেখিছে। মৃত্যুৰ মুহূৰ্তত মানুহৰ অন্তিম লালসাবোৰ বেছি তীব্র ৰূপত প্রকাশ পায়।

এই কথাটো যিমানেই গমিচোৱা যায় সিমানেই বিস্ময়াভিভূত হোৱা যায়। স্তৱকটোৰ অন্তত সেয়ে কবিয়ে বিস্ময়সূচক চিন ব্যৱহাৰ কৰিছে।

নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূর্য্যাক্ত’ কবিতাটোত চলচ্চিত্র (Cinema)-ৰ মণ্টাজৰ (montage) লেখীয়া দুটা বিপৰীতধর্মী চিত্ৰৰ সহাবস্থান ঘটিছে। এটা ব্রহ্মপুত্রত সূর্যাস্ত আৰু আনটো মৃত্যুৰ ভয়াবহ স্মৃতি বা রূপ। উল্লেখযোগ্য যে কবি নীলমণি ফুকন এসময়ত জার্মান এ ‘প্রেছনিষ্ট আৰু ইম্প্রেছনিষ্ট কবিকুলৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।

এই কথা কবিয়ে এঠাইত স্পষ্টভাবে উল্লেখ কৰিছে- ‘বহু চিত্রকল্প ৰচনা কৰিছো যদিও প্রকৃত মনন আৰু আবেগেৰে পুষ্ট মোৰ চিত্ৰকল্পৰ সংখ্যা হয়তো নিচেই তাকৰ।

পিছলৈ অৱশ্যে মই চিত্রকল্পবাদীসকলতকৈ জার্মান এ’প্রেছনিষ্ট আৰু ইম্প্রেছনিষ্ট কবিকুলব প্রতিহে অধিক আকৃষ্ট হৈ পৰো। এই জার্মান কবি শিল্পীসকলে দুটা আপাত বিসদৃশ দৃশ্য ওচৰা-উচৰিকৈ উপস্থাপন কবি বর্ণনীয় বিষয়ক এক ব্যঞ্জনাৰ জৰিয়তে দাঙি

ধৰে। কবি নীলমণি ফুকনে সেই কৌশল ব্রহ্মপুত্রত সূৰ্য্যাক্ত’ কবিতাত অৱলম্বন কৰিছে। কবিতাটিৰ প্ৰথমটো স্তৱকী সূর্যাস্তই ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি কৰা অপৰূপ ৰূপৰ বৰ্ণনা আছে। উন্মুক্ত আকাশৰপৰা দিনান্তত লুইতৰ বুকুত খহি পৰিল ‘দিনৰ হিৰণ্ময় হৃদয়-পাত্র’। ৰক্তিম কৰি তুলিলে লুইতৰ বুকু। কিন্তু এনে এটা মুহূর্তত সেই দৃশ্য দেখি কবিৰ চেতনাত ভাহি উঠিছে অন্ধকাৰ, উজ্জ্বল মৃত্যুৰ ছবি। কবিৰ মনত সৃষ্টি হৈছে গভীৰ বিষাদ আৰু শূন্যতাবোধ।

ব্রহ্মহ্মপুত্ৰত সূর্যাস্তৰ দৃশ্য উপভোগ কৰি উলটি অহাৰ পৰত প্ৰতিজন দর্শকে অনুভব কবে এক শূন্যতা। মৃত্যুৰ লগ্নও এনেকুৱাই যি মাথোন কঢ়িয়াই আনে বুকুৰ বিষ আৰু হৃদয়ৰ শূন্যতা। মৃত্যুবে সর্বত্র বিয়পাই দিয়ে শূন্যতাৰ এক হাঁহাকাৰ। ‘জীৱন-মৃত্যুৰ আবহমান অন্তহীন ছন্দ ফুকনৰ এক নিবিড়তম আৰু ঘনিষ্ঠতম উপলব্ধি।’

কবিতাটিৰ তৃতীয় তথা অন্তিম স্তৱকত বেলি মাৰ যোৱাৰ পাছত সূৰ্য্যাস্ত চোৱা প্রতিজন দর্শকে শূন্য হিয়া মন লৈ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা আছে-

এতিয়া উলটিল প্রতিজন দর্শক 

উক দিলে প্রত্যেকৰে একে বিষ 

ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে 

নামিল স্বয়ং শূন্যতা 

নামিল হৃদয়ৰ শূন্যতা

ব্রহ্মপুত্রৰ কথা ভাবিলে আনুষঙ্গিকভাৱে তাৰ পাৰৰ বাসিন্দা জনগণৰ কথাও মনলৈ আনিব পাৰি। আধুনিক কবি হিচাপে নীলমণি ফুকনৰ মন দিগন্তত ব্ৰহ্মপুত্ৰৰ পাৰৰ বাসিন্দাসকলৰ কথা বাদ পৰি নোযোৱাৰ সম্ভাৱনাই অধিক। এনে দৃষ্টিৰে বিশিষ্ট সমালোচক হীৰেন্দ্ৰ নাথ দত্তই কবিতাটিৰ অন্তিম স্তৱকটিৰ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা আগবঢ়াইছে।

“ব্রহ্মপুত্ৰৰ কথা ভাবিলে তাৰ পাৰৰ বাসিন্দাবোৰৰ কথা স্বাভাৱিকতেই মনলৈ আহিব। আলোচিত কবিতাটোৰ কবিয়ে কুৰি শতিকাৰ শেষাৰ্দ্ধৰ কোনোবা এটা দিনত হোৱা সূর্যাস্তৰ কথাই কৈছে আৰু আমি জানো যে এই সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ পাৰত (গুৱাহাটীত) বসবাস কৰা বেছিভাগ নাগৰিকেই অভাৱ আৰু যন্ত্রণাৰ দ্বাৰা পিষ্ট।

দিনটো খাটনিত ব্যস্ত থকাৰ সময়ত সাময়িকভাবে পাহৰি থকা দুখ-যন্ত্রণাবোৰে ৰাতি উক দিয়ে। সেয়ে নাগৰিকবোৰৰ প্ৰত্যেকৰে একে বিষ। সেয়ে সূৰ্য্যাস্তৰ পিছত অনুভূত হয় ধোঁৱা আৰু আন্ধাৰে গাঢ় কৰা শূন্যতাহে। কবিয়ে ৰোমাণ্টিক ভাবসম্পন্ন কবিসকলৰ দৰে সূৰ্য্যাস্তৰ টল্ শোভা দেখি আনন্দত, বিস্ময়ত পুলকিত হোৱা নাই। তেওঁৰ চেতনা বৰ্তমানৰ সমাজখনত মানুহবোৰে অনুভৱ কৰা বেদনাত নিবিষ্ট। সূৰ্য্যাক্ত চাবলৈ গৈও সমাজখনত অনুভৱ কৰা শূন্যতাৰ কথা কবিয়ে পাহৰা নাই। সেইবাবেই ব্রহ্মাপুত্রত সূর্যাস্ত’ কবিতাটো আধুনিক চেতনাৰ বাহক হৈ পৰিছে।”

৩। ‘নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ নামৰ কবিতাটিৰ প্ৰতীক তথা চিত্ৰকল্পৰ প্রয়োগ সম্পর্কে আলোচনা কৰা।

উত্তৰ: নীলমণি ফুকন আধুনিক অসমীয়া কাব্যক্ষেত্রব এটি উল্লেখযোগ্য পৰিচিত কবি। তেওঁৰ প্ৰায়বোৰ কবিতা নিঃসংগ জীৱনবোধ প্রতীক ব্যঞ্জনাবে। নিঃসংগবোধক কাব্যত ৰূপ দিছে। গভীৰ অৰ্থবোধক রূপ তেওঁৰ কাব্যৰ মূল উপজীব্য। প্রতীকবাদী কাব্যৰীতিৰ আংগিক কবিগৰাকীৰ কবিতাত সফলৰূপে প্রতিফলন হৈছে। আনকি প্রতীকৰ সহায়ত মানুহৰ জীবন-মৃত্যুৰ ৰহস্যময় লীলা চিৰন্তন সত্যৰ সন্ধান কৰিছে।

নীলমণি ফুকনৰ ‘ব্ৰহ্মপুত্ৰত সূর্যাস্ত’ এটা প্রতীকধর্মী কবিতা। কবিতাটোৰ তিনিওটা স্তৱকতে কবিৰ অনুভৱ প্রতীক ব্যঞ্জনাৰে অতি সুন্দৰ ৰূপত প্রকাশ কৰিছে। কবিতাটোৰ প্রথম স্তৱক-

“শূন্যতাৰ হাতৰ পৰা সৰি পৰিল 

দিনৰ হিৰন্ময় হৃদয় পাত্র 

নিঃশব্দে সৰি পৰিল 

আৰু বুৰ গ’ল।”

শূন্যতাৰ হাতৰ পৰা সৰি পৰিল কথাষাৰে গভীৰ নিঃসংগবোধ আৰু মৃত্যু চেতনাৰ প্রতীক রূপ মূর্ত হৈছে। ‘দিনৰ হিৰন্ময় হৃদয়পাত্র’ অর্থ হ’ল দিনত উজ্জ্বল পোহৰ বিকিৰণ কৰা বেলিটোৰ প্রতীক। উজ্জ্বল পোহৰ বিকিৰণ কৰা বেলিটো নিঃশব্দে নাইকিয়া হৈছে।

ই যেন মানুহৰ মনলৈ কঢ়িয়াই আনিছে মৃত্যুৰ এক ভয়াবহ চেতনা। ইয়াত ব্রহ্মহ্মপুত্ৰত অস্ত যোৱা বেলিটোৱে মানৱ মনৰ সকলো আশা-আকাংক্ষাৰ এক যৱনিকা পেলোৱাৰ দৰে ইংগিত বহন কৰিছে।

‘ব্রহ্মপুত্ৰত সূর্যাস্ত’ৰ দ্বিতীয় স্তৱকত কবিয়ে উল্লেখ কৰিছে সূর্য অস্ত যোৱাৰ লগে লগে লাহে লাহে চাৰিওফালে নীৰৱ নিস্তদ্ধ আন্ধাৰ নামি আহিলেও সূর্যৰ উজ্জ্বল বেঙনি বহু সময়লৈ পৰিদৃশ্যমান হৈ পৃথিৱীৰ বুকুত থাকে। ঠিক তেনেদৰে মায়া-মোহৰ জগতত মানুহৰ চিৰবিদায়ৰ পিছতো বহু আশা-আকাংক্ষা ৰৈ যায়। মৃত্যুৰ আগলৈ থকা বাসনাক অন্তিম লালসাব প্রজ্জ্বলনৰ প্রতীক ৰূপে কবিয়ে উল্লেখ কৰিছে।

কবিতাটোৰ তৃতীয় স্তৱকটো উল্লেখ কৰি তাৰ প্রতীক বিশ্লেণ কৰিব বিচৰা হৈছে।

“এতিয়া উলিটিল প্রতিজন দর্শক 

উক দিলে প্রত্যেকৰ একে বিষ 

ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে 

নামিল স্বয়ং শূন্যতা 

নামিল হৃদয়ৰ শূন্যতা।”

ব্ৰহ্মপুত্ৰৰ বুকুত সূর্য অস্ত যোৱা দৃশ্যপট চাই ঘৰলৈ উভতি অহা দর্শকৰ কথাকে প্রতীকৰ সহায়ত কবিয়ে বৰ্ণনা কৰিছে। মানুহৰ জীৱনটো ক্ষণস্থায়ী। এই সময়ছোৱাত জীৱনৰ অস্তিত্বক এটা পৰিধিৰ মাজত নিজক পদার্পণ কৰিলে দেখা যায় এক বিৰাট মহাশূন্যতা। সূর্যোদয় আৰু অস্ত যোৱাৰ দৰে মানুহৰ জীৱন নিত্য সদাচাৰ কাৰ্য। তেনে এক কাৰ্যৰ মাজত মানুহ নীৰৱ দর্শক হৈ ৰৈ থাকে। উক দিলে প্রত্যেকৰে একে বিষ। ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে’ কবিয়ে স্পষ্ট কৰি দিছে মানুহৰ জীৱন গভীৰ বেদনা কান্ত। মানৱ জীৱনৰ শূন্যতাবোধক কবিয়ে নিঃসংগবোধ আৰু মৃত্যু চেতনাৰ ভয়াবহ ছবি স্পষ্ট ৰূপত প্রকাশ কৰিছে। কবিয়ে ‘ব্রহ্মপুত্রত সূর্যাস্ত’ কবিতাটো নানা প্রতীক ব্যঞ্জনাৰে সার্থকময় কৰি তুলিবলৈ সক্ষম হৈছে।

৪। কবি নীলমণি ফুকনৰ কবিতাৰ বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ ফুকনৰ কবিতা সম্পর্কে আটাইতকৈ বেছি উচ্চৰিত অভিযোগটো হ’ল তেওঁৰ কবিতাৰ দুর্বোধ্যতা আৰু জটিলতা আহিছে তেওঁৰ কবিতাত প্ৰচুৰ পৰিমাণে প্রয়োগ হোৱা প্রতীক আৰু চিত্ৰকল্পৰ যোগেদি। ফুকনে পোনপটীয়াভাবে কোনো বক্তব্য কবিতাত দাঙি নধৰে। আনহাতে, কবি নীলমণি ফুকন শব্দ প্রয়োগত বৰ মিতব্যয়ী। এই মিতব্যয়িতাৰ ফলত সৰহ-সংখ্যক কবিতাৰ আকৃতি ক্ষুদ্র। কম কথাত, তাকো প্রতীকৰ যোগেদি ৰূপ দিয়া বাবে তেওঁৰ কবিতাৰ মৰ্মাৰ্থ সাধাৰণ পাঠকে বুজি নোপোৱাটো স্বাভাৱিক। এইগৰাকী কবিৰ কবিতা বুজিবলৈ হ’লে পাঠক যথেষ্ট অধ্যয়নশীল হোৱাৰ লগতে পৃথিৱীৰ বিভিন্ন প্রান্তত সৃষ্টি হোৱা সাহিত্যিক আন্দোলনসমূহৰ লগত পৰিচিত হোৱাটোও প্রয়োজন হৈ পৰে। জাপানী ‘হাইকু আৰু টংক’ স্পেনীজ কবি গার্থিয়া লকা, ফ্রন্সৰ প্রতীকবাদী আন্দোলনৰ লগত ফুকনৰ কবিতাৰ এটি নিবিড় যোগসূত্র আছে। এইখিনিতে মনকৰিবলীয়া আন এটি কথা হ’ল সাম্প্রতিক যুগৰ অসমীয়া কবিসকলৰ ভিতৰত ফুকনৰ কবিতাই থলোৱা অর্থাৎ নিভাঁজ অসমীয়া শব্দৰ প্রয়োগ নাই বুলিলেও হয়। চহা-জীৱনৰ লগত জড়িত শব্দ আৰু চিত্রকল্প নিমার্ণত ফুকন সিদ্ধহস্ত। বিষয়-বস্তুৰ ফালৰপৰা এইগৰাকী কবিৰ কবিতাত বিষন্নতাবোধৰ ছাঁ অধিকভাবে ঘণীভূত। সেইবাবে বহুসংখ্যকত কবিতাত নিৰাশা, হতাশা, দুঃস্বপ্ন আদিয়ে স্থান অধিকাৰ কৰি আছে।

নীলমণি ফুকনৰ ‘ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ শিৰোনামাৰ কবিতাটিত ‘গোলাপী জামুৰ লগ্ন’ শীর্ষক কবিতা-সংকলনখনিৰ পৰা লোৱা হৈছে। কবিতাটি প্রতীকধর্মী। তিনিটা সৰু সৰু স্তৱকৰ যোগেদি কবিয়ে ব্রহ্মপুত্র নদীৰ বুকুত বেলি মাৰ যোৱাৰ এখনি ছবি অঙ্কন কৰিছে। প্রথম স্তৱকটিত কবিয়ে কৈছে-

“শূন্যতাৰ হাতৰপৰা সৰি পৰিল

দিনৰ হিৰণ্ময় হৃদয় পাত্র

নিঃশব্দে সবি পৰিল

আৰু বুৰ গ’ল।”

সূর্যটোক কবিয়ে ‘হিৰণ্ময় পাত্র’ বুলি অভিহিত কৰি, সেই সূৰ্যটো শূন্যতাৰ হাতৰ পৰা ব্ৰহ্মপুত্ৰত সৰি পৰা বুলি বর্ণনা কৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত পৰাৰ পিছত সূর্যটো নিঃশব্দে পানীত বুৰ গ’ল। প্রতীকধর্মী এই বর্ণনাটিৰ যোগেদি কবিয়ে মানুহৰ জীৱনযাত্ৰাৰ ছবিখনিকেই যেন সার্থক ৰূপত অঙ্কণ কৰিছে। সূর্য (আশা, সম্ভাবনা) সদৃশ আমাৰ জীবনটোৰ এদিন কাৰোবাৰ নিৰ্দেশত (শূন্যতা, যাক আমি দেখা নেপাওঁ) পৰিসমাপ্তি ঘটে। ব্রহ্মপুত্রত ডুব যোৱা কথাখিনিয়ে যেন আমাৰ সকলো আশা-আকাঙ্খা সমাধি ঘটাব ইঙ্গিত দিছে। দ্বিতীয় স্তরকত কবিয়ে কৈছে-

“বুৰবুৰণিত বিৰঙি উঠিল 

পাত্রৰ বক্তিম আধেয় 

মর্মন্তুদ তার উজ্জ্বলতা 

মানুহৰ অন্তিম লালসাব 

কি প্রজ্বলন।”

সূর্য অস্ত গ’লেও তাৰ এটা ৰেঙণি বহু পৰলৈ থাকি যায়, যিদৰে পানীত শিলণ্ডটি এটি পৰিলে তাৰ এটা বুৰবুৰণি প্রত্যক্ষ কৰো। একেদৰে মানুহৰ জীৱন নাটৰ সমাপ্তি ঘটিলেও বহু আশা-আকাঙ্খা পুৰণ নোৱাকৈ এই জীবনত থাকি যায়। কবিয়ে এই অপূৰণ কামনা বাসনাক কৈছে “মর্মন্তুদ তাৰ উজ্জ্বলতা/ মানুহৰ অন্তিম লালসাব/ কি প্রজ্জ্বলন”। মৃত্যুৰ আগমুহূর্তলৈকে জীয়াই থকাৰ বাসনা মানুহৰ এক চিবন্তন প্রবৃত্তি। অস্তগামী সুৰুষটোরে বিকিৰণ কৰা শেষ বশ্বিকণৰ দৰে মানুহক কামনা-বাসনাই শেষ নিশ্বাস পর্যন্ত লালায়িত কৰে। গতিকে দেখা যায় যে, ব্রহ্মপুত্রত সূর্য অস্ত যোৱাৰ চিত্ৰখনিৰ দ্বাৰা কবিয়ে মানুহৰ জীৱনৰ কথাকে ব্যক্ত কৰিছে।

তৃতীয় স্তরকটিত ব্রহ্মপূত্ৰত সূর্য অস্ত যোৱা চাই ঘৰলৈ উভতি অহা দর্শকসকলৰ কথা বর্ণনা কৰিছে –

“এতিয়া উলটিল প্রতিজন দর্শক 

উক দিলে প্রত্যেকৰে একে বিষ 

ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাবে 

নামিল স্বয়ংশূন্যতা”

জীৱনৰ শেষ সীমাত উপনীত হৈ পোৱা-নোপোৱাৰ হিচাপ নিকাচ কৰিলে আমি পাওঁ? দৰাচলতে, আমাৰ জীৱনবোৰ একো একোটা প্রকাণ্ড শূন্য। হেঁপাহ থাকে, কিন্তু পূর্ণ নহয়। ৰাতিপুৱা সূর্য উদয় হৈ এসময়ত অস্ত যোৱাৰ দৰে আমাৰ জীৱনবোৰো কেরল অহা আৰু যোৱা। আমি প্রত্যেকেই সেই দৃশ্যাবলীৰ একো একোজন নীবর দর্শক। এনেদৰে এক গভীৰ বেদনা আৰু নিৰাশাৰে কবিতাটিৰ পৰিসমাপ্তি ঘটিছে। প্রকৃততে “ব্রহ্মপুত্রত সূর্যাস্ত” মানে মানুহৰ জীৱনৰেই অক্তগামী জীবন কথা। তাকেই নীলমণি

ফুকনে প্রকাশ কৰিছে প্রতীকৰ যোগেদি। গভীৰ শূন্যতাবোধে কবিৰ কল্পনাক ইয়াত মূর্ত কবি তুলিছে।

৫। নীলমণি ফুকনৰ ব্ৰহ্মপুত্রত সূর্যাস্ত’ কবিতাটি এটি প্রতীকধর্মী কবিতা হিচাপে আলোচনা কৰা।

উত্তৰ: আধুনিক অসমীয়া সাহিত্যৰ অন্যতম শ্রেষ্ঠ কবি নীলমণি ফুকন। অসমীয়া প্রতীকবাদী কবি সকলৰ ভিতৰত নীলমণি ফুকনৰ কবিতাই শ্রেষ্ঠতা অর্জন কৰিছে। ‘ব্রহ্মপুত্রত সূর্যাস্ত’ নীলমণি ফুকনৰ এটি প্রতীকধর্মী কবিতা। মহাকাশত জিলিকি থকা পৰিদৃশ্যমান সূৰ্যটোক কবিতাৰ সুন্দৰ শব্দেবে সৌন্দর্যৰ আকৰ ৰূপে বর্ণনা কৰিছে। মাধৱদেৱৰ বৰগীত ‘তেজৰে কমলা পতি’ৰ সূৰ্য্য উদয়ৰ বৰ্ণনা-

‘ৰজনী বিন্দুৰ দিশ ধৱলীবৰণ।

তিমিৰ ফেবিয়া বাজ ৰবিৰ কিৰণ।।’-ব দৰে এন্ধাৰ আঁতৰাই ববিব কিৰণ চৌদিশে বিয়পি পৰে আৰু তৰু-তৃণ, মানুহ জীৱ-জন্তু সকলোবে নিজ নিজ কামৰ বাবে সাজু হয়। দিনৰ সময়খিনি পৃথিৱীৰ বুকুত সকলোৰে লগত থাকি দায়িত্ব সামৰি লাহে লাহে পশ্চিম আকাশত সূর্য অস্ত যায়। কবিৰ ভাষাত ‘বেলি লহিওৱাৰ’ পৰত ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত তাৰ হেঙুলী আভা ছটিয়াই লাহে লাহে ঢলি পৰে। তেনে দৃশ্য সঁচাকৈয়ে প্রতিজন দর্শকৰ বাবে বৰ মনোৰম। কবিতাটোত তাকেই ‘ব্রহ্মহ্মপুত্রত সূর্যাস্ত’ নাম দি অন্তনিহিত তাৎপর্য ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। উদিত সূর্য যেতিয়া দিনান্তত পশ্চিম আকাশত মাৰ যায় তেতিয়া তাৰ ঠাইত ধোৱা আৰু এন্ধাৰৰ ক’লা চামনি মানুহে লক্ষ্য কৰে। সেই মুহূৰ্ত্তত এক অবুজ শূন্যতা আৰু পৰবৰ্ত্তী দিনৰ নানান অহেতুক চিন্তাই মানুহক জুমুৰি দি ধৰে।

কবিতাটিৰ প্ৰথম স্তৱকত সূৰ্যৰ উজ্জ্বলতাৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে

শূন্যতাৰ হাতৰ পৰা সৰি পৰিল

দিনৰ হিৰণ্ময় হৃদয় পাত্র

নিঃশব্দে সৰি পৰিল

আৰু বুৰ গ’ল

মহাকাশৰ বিশাল বুকুৰ পৰা সূৰ্য্যটো লাহে লাহে নোহোৱা হোৱা কথাটো কবিয়ে সুন্দৰ প্ৰতীক ‘হিৰণ্ময় হৃদয় পাত্র’ বুলি বর্ণনা কৰিছে। ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত কোনো শব্দ নোহোৱাকৈ সৰি পৰিল আৰু পানীত নেদেখা হ’ল। আমি জানো পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বাবে দিন আৰু ৰাতি হয়। চিৰন্তন সত্য। কিন্তু কবিৰ কল্পনাত সূৰ্যটো হ’ল- আশাৰ চাকি। সূর্য উদয়ে মানুহৰ মন নতুন কৰে আৰু কাম কৰিবলৈ অনুপ্রাণিত হয়। সেয়ে সূর্য অস্ত যোৱাৰ লগে লগে মানুহৰ জীৱন বস্তিৰো অন্ত পৰে, এনে এটি ভাব বুজাবলৈ কবিয়ে চেষ্টা কৰা যেন অনুভৱ হৈছে। ‘সূর্য অস্ত যোৱা’ৰ দৰে মানুহৰো জীবন বেলি মাৰ যোৱাৰ চিত্ৰ ব্যঞ্জিত কৰিব বিচাৰিছে। ঠিক তেনেদৰে দ্বিতীয় স্তবকত বর্ণনা কৰিছে-

বুৰবুৰণিত বিৰিঙি উঠিল 

পাত্ৰৰ বক্তিম আধেয় 

মর্মন্তুদ তাৰ উজ্জ্বলতা 

মানুহৰ অন্তিম লালসাব 

কি প্রজ্বলন!

পানীৰ বুৰবুৰণিত অলপ অলপ দেখা গ’ল- সূৰ্যৰ ৰক্তিম আভা। সেই দৃশ্যটো সঁচায়ে বৰ বেদনাদায়ক। সূৰ্যটো বুৰি যোৱা আৰু মূল্যবান বস্তু এটা হেৰাই যোৱা একেই দুখজনক। ‘মানুহৰ অন্তিম লালসা’ অর্থাৎ জীৱনৰ শেষ সময়খিনি প্রতীকীয় ৰূপত তুলি ধৰা হৈছে। সুখ, আশা, প্রাপ্তিৰ আনন্দই সকলোকে উদগ্ৰীৱ কৰি ৰাখে। সূর্যটো তাৰেই প্রতীক। বয়স ভাটি দিয়াৰ দৰে সূৰ্যেেটা পশ্চিম আকাশত মাৰ যাবলৈ আৰম্ভ কৰে। কবিতাটিৰ তৃতীয় স্তৱকত তাৰেই এটি চিত্ৰ দাঙি ধৰা হৈছে-

এতিয়া উলটিল প্রতিজন দর্শক 

উক দিলে প্রত্যেকৰে একে বিষ 

ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে 

নামিল স্বয়ং শূন্যতা 

নামিল হৃদয়ৰ শূন্যতা।

ব্ৰহ্মহ্মপুত্ৰৰ বুকুত সূর্য অস্ত যোৱা দৃশ্য চাই প্রতিজন দর্শক লাহে লাহে উভটি গ’ল আৰু হৃদয়খন শূন্যতাৰে ভৰি পৰিল। স্বাভাৱিকতে আবেলি হ’লে মানুহৰ মন গধুৰ হয় আৰু অৱসাদ আহে। ‘ধোঁৱা আৰু আন্ধাৰ’ অর্থাৎ পৰিবেশ মলিয়ন হয়, আন্ধাৰ নামি আহে। অলপ সময়ৰ বাবে হ’লেও শূন্যতা বা বানিঃসঙ্গতাই মানুহক আবৰি ধৰে। কিবা যেন হেৰুৱাই পেলালে।

কবিতাটিত দুপৰীয়া সূৰ্যৰ উজ্জ্বলতা আৰু আবেলিৰ অস্তমিত দৃশ্যৰ লগত ক্রমে মানৱ জীৱনৰ যৌৱনকালৰ কামনা-বাসনা আৰু জীৱনৰ শেষ সন্ধিয়াৰ কামনা-লালসাহীন অন্তঃসাৰশূন্যতাৰ সাদৃশ্য দাঙি ধৰা হৈছে। সূৰ্যৰ উদয় আৰু অন্তৰ লগত মানৱ জীৱনৰ এনে আশা-আকাংক্ষাৰ কথা তুলনা কৰি কবিতাটিত প্রতীকীয় ৰূপৰ বৰ্ণনাত কবি সফল হৈছে। দুপৰীয়াৰ সূৰ্যৰ পোহৰ আৰু তাপ মানুহৰ যৌবনকালৰ শক্তি আৰু কামনা বাসনাৰ প্রতীক। মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে সকলো আশা-আকাংক্ষা কমি অহাৰ দৰে অস্তমিত সূৰ্যৰ নিষ্প্রভ পোহৰো তেনেদৰে কমি আহে। অৱশেষত নাইকিয়া হৈ আন্ধাৰ নামি আহে।

কবিতাটিৰ তিনিটা স্তৱকত বর্ণনা কৰা ক্ষুদ্ৰ পৰিসৰৰ মাজত প্ৰকৃতিৰ সুন্দৰ চিত্ৰ ভাহি উঠিছে। এটা সূর্য, এখন নদীৰ বিশাল জলধাৰা, এখন আকাশ, ধোৱা আৰু ৰঙৰ সমাহাৰ। এই দৃশ্যবোৰৰ মাজেৰে মানুহৰ জীৱন-পৰিক্ৰমাক জুমি চাবলৈ বিচৰা হৈছে। জীবন সম্পর্কে এটি ধাৰণা কবিতাৰ দৃশ্যত প্রতিফলিত হৈছে।

কবিতাটিত ব্যৱহাৰ কৰা একাধিক প্রতীকে অৰ্থৰ ঘনত্ব আনি দিছে। ব্রহ্মপুত্র, হৃদয়পাত্র, ধোঁৱা, আন্ধাব, শূন্যতা, দর্শক, আকাশী খলপা আদিয়ে এক অর্থবাহী প্রতীকরূপে কবিতাটিৰ এক গভীৰ তাৎপর্য পাঠকক দিব পাৰিছে। ‘হৃদয়পাত্ৰ’ৰ দ্বাৰা সোণবৰণীয়া সূৰ্যক সূচিত কৰা হৈছে। কাৰণ সূৰ্যই হৈছে সকলো শক্তিৰ আধাৰ বা পাত্র। ‘ব্রহ্মপুত্র’ নদীৰ দ্বাৰা নিৰবধি কালক বুজোৱা হৈছে। আনহাতে ‘হিৰণ্ময় হৃদয় পাত্র নিঃশব্দে সৰি পৰিল আৰু বুৰ গ’ল’-এই বাক্যটোৰ দ্বাৰা কবিয়ে জীৱনৰ অপমৃয়মানতা আৰু জীৱনৰ ক্ষণ স্থায়িত্বব কথাকেই চিত্রিত কৰিছে। সেইদৰে ‘ধোঁৱা আৰু আন্ধাৰৰ’ প্রতীকেৰে কবিয়ে মানৱজীৱনৰ ৰহস্যাবৃত দিশসমূহৰ বিষয়ে ব্যক্ত কৰিছে।

কবিতাটিত সাধাৰণতে সূর্য অস্ত যোৱা সময়ৰ এটি স্বাভাৱিক দৃশ্য কবি কল্পনাবে সুন্দৰভাৱে বর্ণনা কৰা হৈছে। তাত চিত্রিত প্রতিটো শব্দৰে একো একোখন চিত্র নির্মাণ কৰি পাঠকক নতুন জগত এখনৰ সন্ধান দিয়ে। নীলমণি ফুকনৰ একাধিক কবিতাত বিষাদ প্রৱণতা আৰু মৃত্যুচেতনাই ঠাই অধিকাৰ কৰাৰ দৰে ‘ব্ৰহ্মপুত্ৰত সূর্যাস্ত’ কবিতাটো এই দুই ভাবে ভুমুকি মাৰিছেহি। ব্ৰহ্মহ্মপুত্ৰত সূর্যাস্ত চাই থকা সকলো দর্শকে সূর্যটো ডুব যোৱা দৃশ্য দেখি অভিভূত হয়। তেতিয়া মানুহে অনুমান কৰিব পাৰে সূৰ্যটো যিদৰে নোহোৱা হৈ যায়, ঠিক তেনেদৰে মানুহৰ ভোগ-লালসাও দুদিনীয়া। কবিতাটিত ব্যৱহৃত প্রতীকসমূহে মানৱজীৱনৰ গূঢ় ৰহস্যৰ কথা দাঙি ধৰিবলৈ সক্ষম হৈছে। প্রতীকসমূহে কবিতাটিৰ মহত্বম কথা আৰু মানুহৰ অপূর্ণতাৰ কথা বুজাব বিচাৰিছে।

কবি নীলমণি ফুকনে কবিতাত প্রতীকবাদৰ ওপৰত গুৰুত্ব দিছে। ফৰাচী দেশীয় কবিসকলে তেওঁলোকৰ কবিতাক প্রতীকৰ জৰিয়তে এক ঘনীভূত ব্যঞ্জনাৰ উত্তৰাধিকাৰী কৰিছে। কবি নীলমণি ফুকনেও অতি কৌশলেৰে কবিতাত প্রতীক ব্যৱহাৰ কৰিছে। প্রত্যক্ষমান জগতৰ সৌন্দৰ্য আৰু আনন্দক তেওঁ ৰহস্যময়তাৰ মাজেৰে চাব বিচাৰিছে। তেওঁৰ কবিতাবোৰত সেয়েহে প্রতিটো শব্দই একোটা ব্যঞ্জনাৰ সৃষ্টি কৰিব পাৰে। পাঠকে হৃদয়ঙ্গম কৰিহে তাৰ প্ৰকৃত অৰ্থ উৎঘাটন কৰিব পাৰে। কোনো কোনো ক্ষেত্রত নীলমণি ফুকনক ৰাচিয়াৰ কবি আলেকজেণ্ডাৰ ব্ৰখৰ লগত তুলনা কৰিব পাৰি। ব্লখৰ দৰে কবিৰ মোহভঙ্গ ঘটিছে চাৰিওফালৰ জগতখনৰ প্ৰতি। আধুনিক যান্ত্রিক সভ্যতাৰ অভিঘাত, প্রাচীন মূল্যবোধৰ ওপৰত অনাস্থা আৰু সংশয়ে তেওঁক হয়তো মোহভঙ্গ কৰি তুলিছে। তেওঁৰ কবিতাত তাৰেই প্ৰতিফলন ঘটিছে। এইদৰে আধুনিক অসমীয়া কবিতাৰ অনন্য লক্ষণেৰে কবি নীলমণি ফুকনৰ কবিতা পৰিব্যাপ্ত।

৬। কবি নীলমণি ফুকনৰ কাব্যৰীতি সম্পর্কে এটি চমু নিবন্ধ যুগুত কৰা।

উত্তৰ: নীলমণি ফুকন সমকালীন ভাৰতীয় কবিসকলৰ ভিতৰত এজন শ্রেষ্ঠ কবি। বোধ, বুদ্ধি আৰু বুদ্ধিনিষ্ঠ মননশীলতাৰ বাবে এই গৰাকী কবিৰ কবিতা মর্মস্পর্শী আৰু ঐশ্বর্যশালী। তেওঁৰ প্ৰথমৰ কবিতাবোৰৰ মাজত প্রধানতঃ ক্ষয়িষ্ণু সময়ৰ চিত্ৰ অন্তর্মুখী ভাবনাৰে প্ৰকাশ কৰা হৈছে। নির্জন বেদনা বা বিষাদগ্রস্ততা কবি ফুকনৰ কবিতাৰ এটি অন্তর্লীন দিশ। প্রকৃতি, নাৰী, মৃত্যু, প্রেম আদি বিষয় তেওঁৰ প্ৰথমৰ কবিতাবোৰৰ প্ৰিয় বিষয় আছিল। বহু কবিতাৰ মাজেৰে কবিয়ে এক ধৰণৰ জগৎ-ৰহস্যৰ প্ৰতি দৃষ্টিপাত কৰি নিজৰ ক্ষুদ্রত্ব আৰু জীৱনৰ তথা মানুহৰ অন্তৰ্জগতৰ উত্তৰহীন বহু প্রশ্ন আৱিষ্কাৰ কৰিছে। ‘মৃত্যু-ভাবনা’, ‘নিসর্গ-ভাবনা’ তেওঁৰ কবিতাৰ অন্যতম উল্লেখযোগ্য বিষয়।

তেওঁৰ কবিতাত জীবন জগতৰ পৰস্পৰ বিৰোধী অভিজ্ঞতা এক সমৃদ্ধ জীবনবোধত ঐক্যবদ্ধ হোৱা পৰিলক্ষিত হয়। জীৱনৰ সৃষ্টিশীলতা আৰু সৌন্দৰ্যৰ প্ৰতি কবিৰ আছে একান্ত বিশ্বাস। সমালোচক ভবেন বৰুৱাই কৈছে- ‘ফুকনৰ কবিতাই যিবোৰ ভাবক কেন্দ্ৰ কৰি আহিছে সিবোৰ প্রকৃতি, নাৰী, মৃত্যু-নিসঙ্গতা-বিষাদ যন্ত্রণা, মানর-জীবন তথা বিশ্ব চৰাচৰৰ অন্তিম বহস্য ঘাইকৈ এই তিনি-চাৰিটামান বিষয়ৰ লগতেই বিশেষভাবে জড়িত।’

নীলমণি ফুকনৰ কাব্যচিন্তাৰ মূল কথা হৈছে কবিয়ে কবিতাকেই ‘মানুহৰ হৃদয়ৰ অন্তিম ভাষা’ বুলি ভাবে। সেয়ে তেওঁ কাব্য-সাধনাৰে অসমীয়া কাব্য-বাণীক ঐশ্বর্যময় কৰি তুলিবলৈ যত্নপৰ হৈছে আৰু দেশ-বিদেশৰ কবিতাৰ লগত নিজে পৰিচিত হৈ অসমীয়া নতুন কবিতাক বিষয়বস্তু, আংগিক তথা প্রকাশভঙ্গীৰ বৈচিত্র্য আৰু অভিনৱত্বৰে এক উচ্চস্তৰত অৱতীৰ্ণ কৰাইছে। প্রসঙ্গতে মনত ৰাখিব যে কবি নীলমণি ফুকন দেশীবিদেশী বিভিন্ন কাব্যধাৰাৰ সৈতে পৰিচিত ব্যক্তি। ফুকনদেৱে নিজৰ কবিতাৰ শব্দ চয়ন, উপমা,

প্রতীক, চিত্রকল্প, ব্যঞ্জনা আদিৰ শিক্ষা মহাদেশীয় সাহিত্যৰপৰা আহৰণ কৰিছে যদিও

তেওঁৰ কবিতাৰ উৎস অসমৰ নৈসর্গিক সৌন্দর্য্য, গ্রাম্য জীবনব গীত-মাত আৰু

লোকজীবনহে। সেই হেতুকে নীলমণি ফুকন আধুনিক কবি হৈও এক ব্যতিক্রম,

অগতানুগতিক কবি ৰূপে পৰিচিত।

কবি নীলমণি ফুকন সৃজনশীল মনৰ অধিকাৰী। ফুকনৰ বাবে কবিতা তপস্যাৰ তুল্য। কবি নিবিড়ভাবে পার্থিব, নিতান্ত মানবীয় জীৱনৰ কবি। তেওঁ আৱিষ্কাৰ কৰা সকলো ৰহস্য মানৱ জীৱনৰ বহস্য। ‘মানৱ জীৱনৰ গৌৰৱ, মহিমা, সংকট আৰু বিপর্যয় তেওঁৰ কাব্যৰ উপজ ব্যে। কোনো আধ্যাত্মিক প্রসাধন ব্যৱহাৰ নকৰাকৈ তাৰ অধঃপতনত তেওঁ শিয়ৰি উঠিছে আৰু তাৰ গৰিমাত ৰোমাঞ্চিত হৈছে। তেওঁৰ চিন্তা আৰু উপলব্ধিৰ কেন্দ্রবিন্দু মানৱতাবাদী।’ কবি ফুকনৰ কবিতাত এক বিশেষ জিজ্ঞাসা আৰু এক নম্রতা সদা বিৰাজমান। ব্যক্তিগত নৈপুণ্য প্রদর্শনৰ কোনো স্পৃহা কবিতাবোৰত নাই, আংগিক সদায় ভাবৰ অধীন।’

নীলমণি ফুকনৰ কাব্য-চিন্তাৰ কথা বিচাৰ কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যে কবিৰ প্ৰকাশৰীতি পোনপটীয়া নহয়। ব্যঞ্জনাৰে ভৰা তেওঁৰ প্ৰকাশৰীতিত শব্দৰে আঁকা ৰং-ৰূপময় ছবি ফুটি উঠে —

ভুলতে তোমাক বিছনাখনত 

খেপিয়াই ফুৰিছিলোঁ, 

তুমি যে পৰ্বতটোৰ নামনিত 

তিলফুল হৈ 

হালি-জালি ফুলি আছা।

তেওঁৰ কবিতাৰ অৰ্থৰ মাজত আন এক অর্থ বিৰাজ কবে। ব্যঞ্জনাময় শব্দবোৰে কেতিয়াবা মনৰ বিচিত্ৰ অনুভূতি প্রকাশ কৰে। কেতিয়াবা একোটি কবিতাই হৈ উঠে অভিজ্ঞতাৰ বৰ্ণিল চিত্র। তেওঁৰ কবিতাত দেশী-বিদেশী মিথ, কলা-কাৰ্যৰ প্রসঙ্গ, উক্তি, অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক সম্পদ, চিত্র-ভাস্কৰ্যৰ প্রসঙ্গ, লোকসাহিত্যৰ প্ৰসঙ্গ, ইত্যাদি বৈচিত্র্যময় দিশৰ প্ৰকাশ ঘটা দেখা যায়। তদুপৰি ব্যক্তিগত প্রতীক আৰু ব্যঞ্জনাপ্রধান চিত্রকল্পই তেওঁৰ কবিতাক নিটোল আয়তন বিশিষ্ট কৰিছে। এনে বিভিন্ন কাৰণতে কবি ফুকনৰ কবিতাৰ অর্থোদ্বাৰ বহুক্ষেত্ৰত কষ্টসাধ্য। দৰাচলতে, কবি নীলমণি ফুকনৰ কাব্যচিন্তাৰ ব্যাপ্তি আৰু গভীৰতা যথেষ্ট বেছি। প্রসিদ্ধ সমালোচক ড° হীৰেন গোহাঁইয়ে উল্লেখ কৰিছে – “ফুকনৰ কাব্যত সাগৰৰ দৰেই দৃশ্য আৰু ভাবৰ অপাৰ বৈচিত্র্য, কল্পনাৰ বিস্ময়কৰ বিস্তাৰ, দূৰ দিগন্তৰ লগত এক নিবিড় অন্তৰংগী। আৰু তাৰ অটল গৰ্ভত লুকাই থকা এক অনির্বচনীয় ৰহস্য অনুভৱ কৰোঁ। সাগৰৰ দৰেই নৈসর্গিক, অথচ কালাতিক্রান্ত তাৰ সত্তা। সকলো মিলি তাৰ এক ‘গম্ভীৰ বিস্তৰ’ পৰিচয়।”

৭। কবি নীলমণি ফুকনৰ কবিতাৰ চিত্ৰকল্প প্ৰয়োগৰ বিষয়ে এটি বিশ্লেষণ আগবঢ়োবা।

উত্তৰ: মনৰ কল্পনাত জিলিকি উঠা এখন ছবিয়েই হ’ল চিত্রকল্প। “A picture is often called a silent poetry and poetry a speaking picture.” অর্থাৎ এখন ছবি হ’ল এটি নীৰৱ কবিতা আৰু কবিতা হ’ল এখন সৰৱ ছবি।

চিত্রকল্পবাদী ৰীতিৰ আৰ্হি গ্রহণ কৰোঁতা, এগৰাকী বিশিষ্ট আধুনিক কবিয়ে হ’ল নীলমণি ফুকন। নীলমণি ফুকনৰ কবিতাৰ চিত্ৰকল্প প্রয়োগৰ ক্ষেত্রত প্রাচ্য আৰু পাশ্চাত্য বিশেষকৈ বঙলা কবিতাৰ দ্বাৰা তেওঁ প্রভাবিত হৈছে। ফুকনৰ কবিতাত অসমৰ প্ৰকৃতি জগতখনৰ বিভিন্ন বিষয়ে একো একোটি চিত্ৰৰ দৰে পাঠকৰ হৃদয়ে হৃদয়ে আস্বাদিত হৈ উঠিছে। নৈ-নিজৰা, পথাৰ, বিভিন্ন চৰাই-চিৰিকতি, গ্রাম্য জীৱনৰ বিভিন্ন দিশ ফুকনৰ কবিতাত এখনি বাস্তব চিত্ৰৰ দৰে প্ৰতিভাত হৈ উঠিছে।

ফুকনৰ এই কবিতাত পোৱা যায় ইহসংসাৰ ত্যাগ কৰা মাতৃৰ মৰম-ব্যথাৰ ছবিয়ে কবিক প্রভাবিত কৰা এটি সুন্দৰ চিত্ৰকল্প-

আকাশখনে ধন্ধপায় চাকিটো খেপিয়াও

হঠাৎ সোঁশৰীৰে দেখোন

মা

চকুত চাকিটো মুখত তেজ 

চিঞৰি দিওঁ 

জনজনাই যায় কাঁহৰ বাটিত মোৰ 

হালধি বটা ৰাতি।

(আকাশখনে ধন্ধপায়)

কবিৰ কলিজাৰ ধপ্ৰপনি, ত্রাস আৰু উৎকণ্ঠা, স্নানাৱিক উত্তেজনা, ভয়ার্ত কবিৰ মানসিক অস্থিৰ অৱস্থা আদিৰ আকাশৰ ধৰ্ধপনি, চাকি খেপিওৱা, মুখত তেজ দেখি চিঞৰি দিয়া আৰু তেতিয়াই কাঁহৰ বাটিত হালধি বটা ৰাতিটো জনজনাই যোৱা আদি চিত্ৰকল্পৰ যোগেদি প্রকাশ পাই উঠিছে। বর্তমান সময়ৰ মানুহৰ জীৱনৰ চাৰিওফালে দেখা দিয়া এখন যন্ত্ৰণাৰ ছবি।

নীলমণি ফুকনে ‘এখনি মুখ’ৰ বিমূর্ততা চিত্রকল্প মেঘহীন আকাশ, শাৰী শাৰী চেগুণ গছ, গামলাৰ জাপানী পামৰ কোমল এটি পাত আদিৰে ফুটাই তুলিব বিচাৰিছে। ফুকনে ব্যৱহাৰ কৰা চিত্রকল্পসমূহক এক গতিশীল চিত্রকল্প আখ্যা দিব পাৰি। যিহেতু সাধাৰণতে ‘গতি’ আৰু ‘চিত্রকল্প’ দুয়োটাই একেলগে পাঠকৰ অফুৰন্ত সঁহাৰি বিচাৰে। ফুকনৰ আৰ্তস্বৰ কবিতাটোত আছে-

নৈখনৰ সিপাৰেদি 

জোনটো নামি যোৱাৰ বাটেৰে 

ওপৰলৈ উঠি আহিল 

ৰহস্যৰ অসংখ্য স্তম্ভ

(আৰ্তস্বৰ)

ইয়াত জোন, স্তম্ভই জীৱনৰ ৰহস্যসময়তাক ব্যঞ্জিত কৰিছে।

তেওঁৰ আন এটি উল্লেখযোগ্য কবিতা ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোতত চিত্ৰকল্পৰ স্বতঃস্ফূর্ততা, গভীৰতা আৰু আহত শৃংখলাবোধৰ সমাহাৰ ঘটা দেখা যায়-

তেওঁৰ আন এটি উল্লেখযোগ্য কবিতা ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোত চিত্ৰকল্পৰ স্বতঃস্ফূর্ততা, গভীৰতা আৰু আহত শৃংখলাবোধৰ সমাহাৰ ঘটা দেখা যায়-

আছেনে বাৰু তেওঁৰ মুখত সেই উভালি পৰা এজোপা গছ (টোপনিতো তেওঁ মোক খেদি ফুৰিছিল)

অসমৰ গ্ৰাম্য জীৱনৰ পৰিৱৰ্তিত ৰূপৰ চিত্ৰও চিত্ৰকল্পৰ জৰিয়তে প্রকাশ কৰিছে, তেওঁৰ ‘মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি’ কবিতাটিৰ যোগেদি। দুখ নির্যাতনগ্রস্ত মানুহৰ প্ৰাণৰ স্পন্দন কবিতাটোত সাৰ্থক চিত্ৰকল্পৰ জৰিয়তে সুন্দৰকৈ প্ৰতিভাত হৈছে আৰু লগতে গ্রাম্য জীৱনৰ জীয়া ছবি এখন স্পষ্ট ৰূপত প্রকাশ পাই উঠিছে-

“মুঠি মুঠি কৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি 

আজাৰৰ আন্ধাৰত তয়ে বেচ 

বাই তোৰ কোন গাঁৱত ঘৰ

————————————-

মাজৰাতি বেৰৰ জলঙাৰে 

সোমায় নে নদী”

গতিকে ক’ব লাগিব যে চিত্ৰকল্পৰ প্ৰয়োগে ফুকনৰ ভাষাক সহজ বোধগম্য নকৰি ধূসৰ ভাষাৰ সৃষ্টি কৰিছে। তথাপি সহৃদয় পাঠকে কবিতাৰ গভীৰ আৰু জটিল অৰ্থৰ মাজলৈ গৈ মনত প্রশান্তি লাভ কৰে।

৮। নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ নামৰ কবিতাৰ আলমত সাম্প্ৰতিক কালৰ কবিতাৰ কি কি বৈশিষ্ট্য প্রকাশিত হৈছে স্পষ্টভাবে বিচাৰ কৰা।

উত্তৰঃ মহাযুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাই নতুন ভাব আৰু শৈলীৰে অসমীয়া কাব্য-সাহিত্যলৈ আধুনিকতাৰ ধাৰা বোৱাই আনিবলৈ সক্ষম হৈছিল। যিসকল কবিৰ একান্ত প্রচেষ্টাত অসমীয়া কবিতাই আধুনিকতাৰ যথার্থ ৰূপ পৰিগ্ৰহণ কৰিছিল তেওঁলোকৰ মাজত নীলমণি ফুকন অগ্রণী আছিল। চিত্রকল্প তথা প্রতীকি ভাষাৰে ৰচনা কৰা, আপাত দৃষ্টিত সহজে বুজি নোপোৱা এই গৰাকী কবিৰ কবিতাৰাজিয়ে প্রথম অৱস্থাত পাঠকক যথেষ্ট বিমোৰত পেলাইছিল। প্রধানত বৌদ্ধিক প্রভাৱ আৰু ভাস্কর্যসুলভ কঠিন নিৰ্মাণৰ বেহু ভেদি এইগৰাকী কবিৰ কবিতাৰ অৰ্থ উদ্‌ঘাটন কৰিবলগীয়া হোৱাত কিছু জটিলতাৰ সৃষ্টি হৈছিল। তদুপৰি পাঠক সমাজ ৰোমাণ্টিক কাব্যচেতনাৰপৰাও সম্পূৰ্ণ মুক্ত হ’ব পৰা নাছিল। কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে নীলমণি ফুকনৰ কবিতাৰ সমাদৰ বাঢ়িল আৰু তেওঁ আধুনিকতাবাদী কবি ৰূপে স্বীকৃতিও লভিলে।

নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ নামৰ কবিতাটি এটি সার্থক আধুনিক কবিতা হিচাপে যথার্থভাবেই আলোচনা কৰিব পাৰি। কবিয়ে এটি পৰিচিত নিত্য দৃষ্টিগোচৰ চিত্ৰ বা দৃশ্য কবিতাটোৰ জৰিয়তে দাঙি ধৰিবলৈ যত্ন কৰিছে। সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত বেলি মাৰ যোৱাৰ দৃশ্য। কিন্তু আধুনিক কবি ফুকনৰ উদ্দেশ্য কেৱল নৈসর্গিক প্রকৃতিৰ বর্ণনা নহয়। কবিয়ে ব্রহ্মপুত্ৰত সূর্যাস্তৰ মনোমোহা অপৰূপ দৃশ্যৰ মাজেৰে জীৱনৰ অন্য এক সত্যৰ স্বৰূপ উপলব্ধি কৰিছে। সেয়া হ’ল ‘মৃত্যু-ভাবনা’।

ব্ৰহ্মপুত্ৰৰ বুকুত সূর্যটি বুৰ গৈ নাইকিয়া হওঁতে এক ৰাঙলী আভাব সৃষ্টি হয়। সেই বক্তিম আভাৰ উজ্জ্বলতাক কবিয়ে মর্মন্তুদ বুলি উপলব্ধি কৰিছে। সূৰ্যৰ সেই মর্মন্তুদ আভাত যেন মানুহৰ অন্তিম লালসাই উজলি উঠিছে। অন্তিম লালসাবোৰ চিৰবিদায়ৰ

মুহূর্তত যেন বেছি তীব্র ৰূপত প্রকাশ পায়। এই কথাষাৰ ভাবিলেই হৃদয় যন্ত্রণাৰে ভৰি

পবে। সূর্যাস্তৰ পাছত প্রতিজন দর্শকৰে মনত অনুভূত হয় ধোঁৱা আৰু আন্ধাৰে গাঢ় কৰা শূন্যতাহে। কবিয়ে ৰোমাণ্টিক ভাব-প্ৰৱণসকলৰ দৰে ব্ৰহ্মহ্মপুত্ৰত সূৰ্য্যাস্তৰ অপৰূপ ৰূপ দেখি আত্মহাৰা হোৱা নাই, বৰঞ্চ প্রত্যক্ষ কৰিছে মানুহৰ অন্তিম ভাগ্য-লিপি। মৃত্যুরে বিয়পাই দিয়া শূন্যতাৰ হাঁহাকাৰ। এনে উপলব্ধি কেৱল আধুনিক কবিৰ পক্ষেহে সম্ভর।

আধুনিক কাব্যৰীতিৰ অন্যতম লক্ষণ হৈছে চিত্ৰকল্পৰ ব্যৱহাৰ আৰু ব্যঞ্জনাধর্মী শব্দৰ সমাবেশ। নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাক্ত’ শীর্ষক আমাৰ আলোচিত কবিতাটোতো আধুনিক কাব্যশৈলীৰ এই বৈশিষ্ট্য দুটি পৰিলক্ষিত হয়। কবিতাটোৰ বহু শব্দই ব্যঞ্জনাময়। উদাহৰণস্বৰূপে কবিতাটিত থকা ‘শূন্যতা’ শব্দটোলৈকে আঙুলিয়াব পাৰি। কবিতাটিৰ প্রথম শাৰীৰ ‘শূন্যতা’ই হয়তো আবেলিৰ পাছৰ, সন্ধ্যাৰ আগৰ আকাশলৈকে আঙুলিয়াইছে। কিন্তু এই অৰ্থৰ অভ্যন্তৰত থকা অন্য অর্থ হ’ল মৃত্যু অথবা মৃত্যুজনিত স্মৃতি। কবিয়ে কবিতাটোৰ নামকৰণ কৰিছে ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ বুলি আৰু কবিতাটোতো সূৰ্য্যাক্তৰ কথাকে কৈছে। তথাপি ‘সূর্য’ শব্দটোৰ স্পষ্ট উল্লেখ কবিতাটিৰ ক’তো পাবলৈ নাই। সূর্যক কবিয়ে ‘হিৰণ্ময় হৃদয়-পাত্র’ বুলিছে। ‘হিৰণ্ময় হৃদয়-পাত্র’ কথাষাৰ উপনিষদৰপৰা আহিছে। তদুপৰি কবিয়ে সূর্যটো মাৰ যোৱা বুলিও কোৱা নাই। চিত্রকল্পেৰে এই ভাব চিত্রিত কৰিছে মাত্ৰ-

শূন্যতাৰ হাতৰপৰা সৰি পৰিল দিনৰ হিৰণ্ময় হৃদয়-পাত্র নিঃশব্দে সৰি পৰিল আৰু বুৰ গ’ল

কবিতাটিৰ ৰচনা পদ্ধতি আধুনিক শৈলীৰ। এই বিষয়ে অধ্যাপক নলিনীধৰ ভট্টাচাৰ্য্যই লিখিছে- “ৰচনা পদ্ধতিলৈ মন কৰিলে দেখা যায়, কবিতাটোৰ প্ৰকৃত মাধুর্য আছে সামঞ্জস্যব সুষমাত। মানুহৰ শৰীৰৰ প্ৰতিটো অঙ্গৰ সুকীয়া বৈশিষ্ট্য থাকিলেও, তাৰ প্রকৃত সৌন্দর্য থাকে সমগ্র অবয়বৰ লাৱণ্যত। ফুকনৰ কবিতাৰ নির্মাণো তেনেকুৱাই, ইয়াত শব্দ হৈছে একোটা ইঙ্গিত। ই প্রতিমা সদৃশ। প্রতিমা সদৃশ উপাদানেৰে কবিয়ে যি আবয়বিক শৃংখলাৰ জন্ম দিছে, তাৰ ভিতৰতে আকৌ বর্ণনাৰে শৃংখলাও আছে। এই দুয়োবিধ শৃংখলাৰ ঐক্যই কবিতাটোৰ অবয়ব পূর্ণ কৰিছে।”

পূৰ্বৰ ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাত যেনে ধৰণৰ অন্তমিলযুক্ত ছন্দসজ্জা ব্যৱহাৰ কৰিছিল তেনে ছন্দসজ্জাৰ প্রয়োগ আধুনিক কবিতাত দেখা নাযায়। নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটি অন্ত্যমিলবিহীন হৃন্দসজ্জাৰে নিৰ্মিত। মুঠতে নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত নামৰ কবিতাটোৰ নতুন চিত্রকল্প, ভাষাৰ ক্ষেত্ৰত নতুন ব্যঞ্জনা আৰু পূৰ্বৰ ৰোমাণ্টিক কবিতাৰ বিৰোধী অন্ত্যমিলবিহীন ছন্দ-সজ্জা আদি আধুনিক কবিতাৰ বিশেষত্বসমূহ সার্থকভাবেই প্রতিফলিত হোৱা দেখা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top