Gauhati University BA 5th Sem Assamese (Major Course) Chapter 1 “ভাৰতীয় আর্যভাষাৰ বিৱৰ্তন” Solution | FYUGP 5th Sem Assamese Paper 11 Chapter 1 Answer | ভাৰতীয় আর্যভাষাৰ বিৱৰ্তনঃ বৈদিক-সংস্কৃতৰ উত্থান, পালি-প্রাকৃত-অপভ্রংশ ভাষাৰ বিকাশ | 2025-2026 |

ভাৰতীয় আর্যভাষাৰ বিৱৰ্তনঃ 

বৈদিক-সংস্কৃতৰ উত্থান, পালি-প্রাকৃত-অপভ্রংশ ভাষাৰ বিকাশ

অতি চমু প্রশ্নোত্তৰ

১। ভাৰতীয় আৰ্যভাষাৰ সৰ্বপ্ৰাচীন সাহিত্যিক নিদৰ্শন কোনটি?

উত্তৰঃ ভাৰতীয় আৰ্যভাষাৰ আটাইতকৈ পুৰণি সাহিত্যিক নিদৰ্শন হ’ল ঋগ্বেদ।

২। ‘ইণ্ডো-ইউৰোপীয়’ ভাষাগোষ্ঠীৰ প্ৰধান শাখা দুটাৰ নাম উল্লেখ কৰক।

উত্তৰঃ কেন্টুম আৰু সতম্।

৩। সেতুবন্ধ গ্রন্থখন কোন প্রকৃতত লিখা হৈছিল?

উত্তৰঃ শৌবসেনী প্রাকৃতত।

৪। মধ্য ভাৰতীয় আৰ্য ভাষাৰ শেষ স্তৰটো কি ভাষাৰ যুগ?

উত্তৰঃ মধ্য ভাৰতীয় আৰ্য ভাষাৰ শেষ স্তৰটোৱে হ’ল অপভ্রংশ-অবহট্‌ঠ’ৰ যুগ।

৫। সাহিত্যিক প্রাকৃত কেইবিধ?

উত্তৰঃ ৫বিধ।

৬। অপভ্রংশত কাৰক কেইটা?

উত্তৰঃ তিনিটা

৭। অপভ্রংশৰ বিকাশৰ স্তৰ কেইটা ?

উত্তৰঃ দুটা।

৮। বৈদিকত দ্বিবচনৰ প্রয়োগ দেখা যায়নে?

উত্তৰঃ বৈদিকত দ্বিবচনৰ প্ৰয়োগ সীমিত।

৯। সংস্কৃত ভাষাটোবে কেতিয়া সাহিত্যিক ভাষাৰূপে গঢ় লয়?

উত্তৰঃ খ্ৰীঃ পূর্ব পঞ্চম শতিকাত।

১০। সাহিত্যিক প্রাকৃত কেইবিধ?

উত্তৰঃ ৫বিধ।

১১। অপভ্রংশ শব্দটোৰ প্ৰয়োগ কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰ: অপভ্রংশ শব্দটো বিভিন্ন পৰিস্থিতিত বিভিন্ন অৰ্থত ব্যৱহৃত হৈছে। ইয়াৰ প্রয়োগ পোন-প্রথমে পতঞ্জলিৰ (খৃষ্টপূর্ব প্রথম শতিকা) মহাভাষ্যত পোৱা হয়।

১২। পতঞ্জলিয়ে অপভ্রংশ সম্পর্কত কি মন্তব্য দিছে?

উত্তৰঃ পতঞ্জলিৰ মতে সংস্কৃত ‘শাস্ত্র জনাসকলৰ শুদ্ধ ভাষা আৰু অপভ্রংশ’ ‘শাক্ত-নজনাবোৰৰ অশুদ্ধ ভাষা’।

চমু প্রশ্নোত্তৰ

১। ভাৰতীয় আর্যভাষাৰ স্তৰ-বিভাজন?

উত্তৰঃ ভাৰতীয় আৰ্যভাষাৰ বিকাশকে ধৰি ভাষাবিদসকলে ইয়াক সময়ক্রম অনুসৰি মূলত তিনিটা স্তৰত ভাগ কৰিছে—

(ক) প্ৰাচীন ভাৰতীয় আৰ্যভাষা — খ্ৰীষ্টপূর্ব পঞ্চদশ শতিকা পৰা খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকা পৰ্যন্ত। এই স্তৰত বেদিক আৰু সংস্কৃত ভাষা প্ৰধান।

(খ) মধ্য ভাৰতীয় আৰ্যভাষা — খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকা পৰা খ্ৰীষ্টীয় দশম শতিকা পৰ্যন্ত চলা পৰ্যায়। এই সময়ত পালি আৰু প্ৰাকৃত ভাষাসমূহ বিকাশ লাভ কৰে।

(গ) নব্য ভাৰতীয় আৰ্যভাষা — খ্ৰীষ্টীয় দশম শতিকা পৰা আজি পৰ্যন্ত চলা স্তৰ। এই সময়ত অসমীয়া, হিন্দি, বাংলা, মৈথিলি, উৰ্দু আদি আধুনিক আৰ্যভাষাসমূহ গঠিত হয়।

২। মধ্য ভাৰতীয় আর্যভাষাৰ প্ৰধান স্তৰ কেইটা আৰু কি কি, চমুকৈ লিখা।  

উত্তৰঃ মধ্য ভাৰতীয় আর্যভাষাৰ ভাষাগত পৰিৱৰ্তন বিবেচনা কৰি মূলতঃ তিনিটা প্ৰধান স্তৰত ভাগ কৰা হৈছে- (ক) আদি স্তৰ, যিটো খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টাব্দ ষষ্ঠ শতাব্দীলৈকে বিস্তৃত, (খ) মধ্যস্তৰ, আৰু (গ) অন্ত্যস্তৰ বা অন্ত্য প্ৰাকৃত (অপভ্রংশ), যিটো খ্ৰীষ্টাব্দ ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ দশম শতাব্দীলৈকে প্ৰযোজ্য। বিশেষকৈ ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মধ্যস্তৰৰ আৰু আদি স্তৰৰ মাজত ‘ক্রান্তি স্তৰ’ বুলি চতুৰ্থ স্তৰৰ পৰিচয় প্ৰদান কৰিছে।

৩। প্রাকৃত ভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰাকৃত ভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যসমূহ হ’ল-

(ক) বৈদিক-সংস্কৃতৰ তুলনাত শব্দৰূপৰ জটিলতা আৰু বৈচিত্র্য প্ৰাকৃতত কম। শব্দবোৰৰ অ-কাৰান্তৰ ৰূপ প্ৰধান হৈ পৰে। পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গৰ ভেদ লোপ পায়। দ্বিবচন সম্পূর্ণৰূপে লোপ হয়। দ্বিতীয় আৰু ষষ্ঠী, তৃতীয় আৰু সপ্তমীৰ দ্বাৰা পঞ্চমী অৰ্থ প্ৰকাশ পায়।

(খ) ধাতুৰ ৰূপৰ বৈচিত্র্য প্ৰায় লোপ পায়। সকলো ধাতুৰ ৰূপ একেৰাহে সৰল হয়। ধাতুৰ আত্মনেপদ আৰু দ্বিবচন প্ৰধান ৰূপতে লোপ হয়। লঙ আৰু লুঙ মিলিত হৈ যায়। অসমাপিকাৰ বৈচিত্র্যও কম হয়।

৪। পালি ভাষাৰ ৰূপগত বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পালি ভাষাৰ ৰূপগত বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

(১) শব্দৰূপৰ জটিলতা পালিত যথেষ্ট কম।

(২) একবচন আৰু বহুবচন প্ৰধান, দ্বিবচন নাই।

(৩) লিংগ তিনিটা (পুং, স্ত্রী, নপুংসক) ৰক্ষিত।

(৪) ধাতুৰূপত পালি সংস্কৃতৰ অনুকৰণ কৰে।

(৫) পৰস্মৈপদ আৰু আত্মানেপদ ধাতুৰূপ দুয়ো পালিত ৰক্ষিত।

(৬) পালিত ‘গণ’ সাতটাহে ৰক্ষিত।.

(৭) কাল আৰু ভাব প্ৰকাশক দশ ল-কাৰক আঠোটাই পালিত ৰক্ষিত।

(৮) প্রত্যয়ৰ ব্যৱহাৰ পালিত দৃশ্যমান।

৫। পালি ভাষাৰ ধ্বনিগত বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পালি ভাষাৰ ধ্বনিগত বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

(১) প্ৰাচীন ভাৰতীয় আৰ্য ভাষাত ১৪টা স্বৰধ্বনি আছিল, যাৰ পৰা পালিত কেৱল ৮টা স্বৰধ্বনি ৰক্ষিত।

(২) দ্বিস্বৰ ‘অৱ’ আৰু ‘অয়’ পালিত যথাক্রমে ‘ও’ আৰু ‘এ’ ৰূপত পৰিবৰ্তিত।

(৩) পালিত কেৱল ‘স’ ধ্বনি ৰক্ষিত।

(৪) ‘ণ’ আৰু ‘ন’ দুয়োটাই ব্যৱহাৰ হৈছিল।

(৫) পালিত বেফযুক্ত শব্দ দেখা নাযায়।

(৬) বৈদিক-সংস্কৃতৰ সংযুক্ত ব্যঞ্জনসমূহ পালিত ৰক্ষিত, লগতে সমীভৱন হৈ সৰল ৰূপত পৰিণত হৈছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top