Gauhati University BA 5th Sem Assamese (Major Course) Chapter 4 “সংস্কৃত-পালি-প্ৰাকৃতৰ ধ্বনিগত পৰিৱৰ্তনৰ প্ৰক্ৰিয়া” Solution | FYUGP 5th Sem Assamese Paper 11 Chapter 4 Answer | 2025-2026 |

সংস্কৃত-পালি-প্ৰাকৃতৰ ধ্বনিগত পৰিৱৰ্তনৰ প্ৰক্ৰিয়া

অতি চমু প্রশ্নোত্তৰ

১। স্বৰ সংগতি কি?

উত্তৰঃ স্বৰ সংগতি হৈছে ধ্বনি বিকাশৰ এক প্রক্রিয়া, য’ত শব্দৰ ভিতৰত স্বৰবোৰ একে প্ৰকাৰৰ হ’বলৈ পৰিৱৰ্তিত হয়।

২। স্বৰ সমীভবন কাক বোলে?

উত্তৰঃ যেতিয়া এটা স্বৰ কাষৰীয়া আন এটা স্বৰৰ প্ৰভাৱত তেনেদৰে সলনি হয় যে উভয় স্বৰ একে ৰূপ ধাৰণ কৰে, তেতিয়াই তাক স্বৰ সমীভৱন বোলে।

৩। কামৰূপী উপভাষাত অপিনিহিতিৰ দুটা উদাহৰণ লিখা।

উত্তৰঃ (ক) স্তম্ভ থোপা     (খ) ঘটক ঘোঁৰা

৩। প্রগত ব্যঞ্জন সমীভবন কাক বোলে?

উত্তৰঃ যেতিয়া পিছফালৰ ব্যঞ্জনে পূৰ্বৰ ব্যঞ্জনক নিজৰ দৰে কৰি তোলে, তেতিয়া তাক গ্ধপ্রগত ব্যঞ্জন সমীভবন বোলে। উদাহৰণ- দুশ্চিন্তা দুচ্চিন্তা।

৪। প্ৰগত স্বৰ সমীভৱনৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (ক) নৰ+ ইশ = নৰীশ নৰেশ

(খ) ভগ + ইশ = ভগীশ ভগেশ

৫। স্বৰ সংগতি কি?

উত্তৰঃ স্বৰ সংগতি হৈছে ধ্বনি বিকাশৰ এক প্রক্রিয়া, য’ত শব্দৰ ভিতৰত স্বৰবোৰ একে প্ৰকাৰৰ হ’বলৈ পৰিৱৰ্তিত হয়।

৬। স্বৰ সংগতিৰ দুটা নিয়ম উল্লেখ কৰা।

উত্তৰঃ (ক) সমীপৱৰ্তী স্বৰে স্বৰৰ ৰূপত প্ৰভাৱ পেলায়।

(খ) স্বৰৰ উচ্চাৰণ সহজ কৰাৰ উদ্দেশ্যে স্বৰ সলনি হয়।

৭। পালি প্রাকৃতত মহাপ্রাণতাৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (ক) কুজ খুজ্জ

(খ) কীলক খীল

৮। অপিনিহিতি কি?

উত্তৰঃ অপিনিহিতি হৈছে ধ্বনি-পৰিবৰ্তনৰ এটা প্ৰক্ৰিয়া। ইয়াত দুটা ব্যঞ্জনৰ মাজত উচ্চাৰণৰ সুবিধাৰ্থে সাধাৰণতে এটা স্বৰধ্বনি সংযোজন কৰা হয়।

চমু প্রশ্নোত্তৰ

১। সমীভবন কি? সংস্কৃত ব্যঞ্জন সন্ধিৰ সৈতে সমীভবন কিদৰে ঘটে?

উত্তৰঃ দুটা ভিন্ন ধ্বনি ওচৰ-ওচৰ থাকিলে এটাৰ প্রভাৱত আনটো ধ্বনি মিলি যোৱাৰ ঘটনাক সমীভবন (Assimilation) বোলে। সমীভবন মূলতঃ ধ্বনি-পৰিবৰ্তনৰ এটা প্রক্রিয়া, য’ত ওচৰ-ওচৰ ধ্বনিসমূহ পৰস্পৰক প্ৰভাৱিত কৰি একেধৰণৰ ধ্বনি ৰূপে পৰিণত হয়। কেতিয়াবা এটা ধ্বনি আন এটা ধ্বনিলৈ সম্পূর্ণ ৰূপে পৰিৱৰ্তিত হয়, আবার কেতিয়াবা এটা ধ্বনিৰ গুণ অন্যটোৰ সৈতে মিলি যায়। ধৰণৰ ভিত্তিত সমীভবন তিনিধৰণৰ — প্ৰগত সমীভবন: পূৰ্বৱৰ্তী ধ্বনিয়ে পৰৱৰ্তী ধ্বনিলৈ সমৰূপ হয়। পৰাগত সমীভবন: পৰৱৰ্তী ধ্বনিয়ে পূৰ্বৱৰ্তী ধ্বনিলৈ সমৰূপ হয়। অন্যোন্য সমীভবন: দুয়োটা ধ্বনিয়ে পৰস্পৰৰ প্ৰভাৱত সমৰূপ ৰূপ লয়।         

        তদুপৰি, যদি এটা ধ্বনি সঘোষ আৰু আনটো অঘোষ হয়, তেন্তে দুয়োটাই সঘোষ বা দুয়োটাই অঘোষ হ’ব পাৰে; একে ধৰণে, যদি এটা দন্ত্য আৰু আনটো মূর্ধন্য বা তালব্য হয়, তেন্তে দুয়োটাই একে স্বৰূপত পৰিণত হয়। এই সকলো প্ৰক্ৰিয়াই সমীভবনৰ অন্তৰ্গত।         সংস্কৃত সন্ধিত সমীভবনৰ প্ৰভাৱ বিশেষকৈ স্পষ্ট। সন্ধিত ওচৰ-ওচৰ থকা স্বৰ বা ব্যঞ্জনে পৰস্পৰক প্ৰভাৱিত কৰি নতুন ৰূপ সৃষ্টি কৰে। উদাহৰণস্বৰূপে—         প্ৰগত সমীভবন: যাচ্+ না = যাচ্ণ, বাজ + নী বাজ্ঞী আদি প্রগত সমীভবনৰ দ্বাৰা হোৱা সন্ধি। আনহাতে জগৎ+ নাথ = জগন্নাথ, মৃৎ+ময় মৃণ্ময়, উৎ+ ছেদ উচ্ছেদ, সৎ+ জন = সজ্জন, সৎ + চৰিত্ৰ = সচ্চৰিত্ৰ আদি সন্ধি পৰাগত সমীভৱনৰ উদাহৰণ। আকৌ উৎ হাৰ = উদ্ধাৰ, উৎ+ শৃঙ্খল = উচ্ছৃঙ্খল আদি সন্ধিক অন্যোন্য সমীভৱন বুলিব পাৰি।

২। সমীভবন কাক বোলে? সমীভবনৰ প্ৰধান ধাৰাকেইটা কি কি?

উত্তৰঃ সমীভবন (Assimilation) হৈছে ধ্বনি-পৰিবৰ্তনৰ এটা প্ৰক্ৰিয়া, য’ত ওচৰ-ওচৰ থকা দুটা ধ্বনি পৰস্পৰৰ প্ৰভাৱত মিল খাই একেধৰণৰ ধ্বনি ৰূপে প্ৰকাশ পায়। এই পৰিৱৰ্তনত কেতিয়াবা এটা ধ্বনি সম্পূৰ্ণৰূপে আন এটা ধ্বনিলৈ ৰূপান্তৰিত হয়, আবার কেতিয়াবা এটা ধ্বনিৰ গুণ অন্যটোৰ সৈতে মিলি যায়। পালি-প্ৰাকৃত আৰু অসমীয়া ভাষাৰ বিকাশত এই প্ৰক্ৰিয়াই বিশেষ ভূমিকা পালন কৰিছে।

সমীভবনৰ তিনিধৰণীয় ধাৰা হৈছে—

(ক) প্ৰগত সমীভবন: পূৰ্বৱৰ্তী ধ্বনিৰ প্ৰভাৱত পৰৱৰ্তী ধ্বনি ৰূপান্তৰিত হয়।

উদাহৰণ: সংস্কৃত লগ্ন → লগ্ন।

(খ) পৰাগত সমীভবন: পৰৱৰ্তী ধ্বনিৰ প্ৰভাৱত পূৰ্বৱৰ্তী ধ্বনি ৰূপান্তৰিত হয়।

উদাহৰণ: সংস্কৃত কর্ম → কৰ্ম্ম।

(গ) অন্যোন্য সমীভবন: দুয়োটা ধ্বনি পৰস্পৰৰ প্ৰভাৱত একেধৰণৰ ধ্বনি ৰূপে মিলি যায়।

উদাহৰণ: সংস্কৃত মৃত্যু → মঞ্জু।

        অসমীয়াত এই ধ্বনি-পৰিবৰ্তন সাধাৰণতে উচ্চাৰণত অধিক লক্ষ্য কৰা যায়, লিখিত ৰূপত নহয়। উদাহৰণস্বৰূপে, “অভিধান” শব্দ উচ্চাৰণত বহু সময়ত “অবিধান” ৰূপে প্ৰকাশ পায়। পুনৰ, দুটা মহাপ্ৰাণ ধ্বনি একেলগে আহিলে, দ্বিতীয়টোৰ প্ৰভাৱত প্ৰথমটো অল্পপ্ৰাণ হৈ উচ্চাৰিত হয়। এই ধৰণৰ সমীভবনে প্ৰাকৃত আৰু অসমীয়া ভাষাক সৰল আৰু স্বাভাৱিক ৰূপ দিবলৈ সহায় কৰিছে।

৩। অল্পপ্রাণতা বা মহাপ্রাণহীনতা কাক বোলে? অসমীয়াত ইয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ অল্পপ্ৰাণতা বা মহাপ্ৰাণহীনতা (Deaspiration) হৈছে ধ্বনি-পৰিবৰ্তনৰ এটা প্ৰক্ৰিয়া, য’ত মহাপ্ৰাণ ধ্বনি অল্পপ্ৰাণ ধ্বনিত পৰিণত হয়। এই পৰিৱৰ্তনত ধ্বনি উচ্চাৰণৰ সময়ত শ্বাসাঘাত কমি যায়, ফলত শব্দ সহজভাৱে উচ্চাৰণযোগ্য হয়।

পালি-প্ৰাকৃত উদাহৰণ:

  • সং-কথিকা → কতিকা
  • সং-শৃঙ্খলা → সংকলা
  • ভীষণ → বীহণ

অসমীয়াত উদাহৰণ:

  • শিক্ষতে → শিকে
  • সৌগন্ধ → সোন্দা
  • হস্ত → হাত
  • স্কন্ধ → কান্ধ

        অসমীয়াত দুটা মহাপ্ৰাণ ধ্বনি লগ লগ আহিলে, প্ৰথমটো সাধাৰণতে অল্পপ্ৰাণ হৈ পৰে। এই ধ্বনি-পৰিবৰ্তনে শব্দৰ গঠনক সবল আৰু উচ্চাৰণক সৰল কৰি তোলে। বিশেষকৈ কামৰূপী উপভাষাত এই ধাৰা অধিক পৰিমাণে লক্ষ্য কৰা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top