Gauhati University BA 5th Sem Assamese (Minor & Major) Part I Chapter 1 “ৰুক্মিণী হৰণ’ নাটৰ অন্তৰ্গত ‘ৰুক্মিণীৰ প্ৰেমপত্র” Solution | FYUGP 5th Sem Assamese Paper 10 Chapter 1 Answer | ৰুক্মিণী হৰণ’ নাটৰ অন্তৰ্গত ‘ৰুক্মিণীৰ প্ৰেমপত্র’— শঙ্কৰদেৱ | 2025-2026 |

 ৰুক্মিণী হৰণ’ নাটৰ অন্তৰ্গত ‘ৰুক্মিণীৰ প্ৰেমপত্র

১। শঙ্কৰদেৱে ভাগৱতৰ কোন স্কন্ধবোৰ অনুবাদ কৰিছিল?

উত্তৰঃ দশম, ৰম, দ্বিতীয়, একাদশ, আৰু দ্বাদশ স্কন্ধ।

২। শঙ্কৰদেৱৰ গীত ৰচনাৰ দুই প্রধান শাখা কি?

উত্তৰঃ বৰগীত আৰু ভটিমা।

৩। শংকৰদেৱৰ ভটিমা গীতবোৰ কিমান শাখাত বিভক্ত?

উত্তৰঃ দেৱ ভটিমা, ৰাজ ভটিমা আৰু নাট্য ভটিমা-এই তিনি শাখা।

৪। শঙ্কৰদেৱে ৰচনা কৰা চাৰিখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ভক্তি প্রদীপ, ভক্তিৰত্নাকৰ, অনাদিপাতন, নিমি নৱসিদ্ধ সংবাদ।

৫। শংকৰদেৱ বিৰচিত নাম প্ৰসঙ্গমূলক দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ (১) কীৰ্ত্তন-ঘোষা, (২) নাম-মালিকা।

৬। শংকৰদেৱৰ প্ৰথম নাট্যকৃতি আৰু শেষ নাট্যকৃতি কি কি? উত্তৰ: প্ৰথমখন- পত্নীপ্রসাদ, শেষৰখন- ৰামবিজয়।

৭। কক্মিণীহৰণ নাটত কাৰ কাৰ মাজত যুদ্ধ হৈছিল?

উত্তৰ: নাটখনত যুদ্ধ হৈছিল শ্রীকৃষ্ণ আৰু ৰুক্মবীৰৰ মাজত।

৮। ৰুক্মিণীৰ প্ৰেমপত্ৰ কাক দি পঠোৱা হৈছিল?

উত্তৰঃ ব্রাহ্মণ বেদনিধিক।

৯। ভীষ্মক কোন?

উত্তৰ : ৰুক্মিণীৰ পিতা আৰু কুণ্ডিল নগৰৰ ৰাজা।

১০। মদনমঞ্জৰী কোন? উত্তৰ: ৰুক্মিণীৰ এজন সখী। তেওঁ ৰুক্মিণীৰ মনৰ কথা শুনিছিল আৰু ৰুক্মিণীৰ অৱস্থাৰ সাক্ষী আছিল।

১১। শিশুপাল কোন?

উত্তৰঃ ছেদিবাজ; ৰুক্মবীৰে ৰুক্মিণীৰ লগত বিবাহ দিব বিচাৰিছিল, কৃষ্ণৰ প্রতিদ্বন্দ্বী।

১২। ৰুক্মিণীৰ ককায়েকৰ নাম কি?

উত্তৰঃ ৰুক্মবীৰ।

১৩। হৰিদাস ভাট কোন?

উত্তৰঃ ভিক্ষুক ভাট, যিয়ে ৰুক্মিণীৰ আগত শ্রীকৃষ্ণৰ গুণগান গাইছিল।

১৪। ৰুক্মিণীৰ ভগ্নী-ভাইয়ে ৰুক্মিণীক কালৈ বিবাহ দিব বিচাৰিছিল?

উত্তৰঃ শিশুপালক।

১৫। ৰুক্মিণীৰ পত্ৰখনৰ আৰম্ভণি ভাষা কোনটো?

উত্তৰঃ সংস্কৃত।

১৬। সুৰভি কোন?

উত্তৰঃ সুৰভি ভাট, যিয়ে কৃষ্ণৰ ৰূপ আৰু গুণ বৰ্ণনা কৰিছিল; ৰুক্মিণীৰ পূৰ্বৰাগৰ সৃষ্টি কৰিছিল।

১৭। কক্মিণীৰ প্রেমপত্রত ব্যবহৃত মুখ্য উপমাটো কি?

উত্তৰ: “জৈচে সিংহক ভাৰ্য্যা নিতে শৃগাল চুম্পি বহয় থিক।”

চমু প্রশ্নোত্তৰ

১। ৰুক্মিণীহৰণ নাটত ৰুক্মিণীৰ কিহৰ কথাৰ বৰ্ণনা আছে?

উত্তৰ: ৰুক্মিণীহৰণ নাটত ৰুক্মিণীৰ অন্তৰজগতৰ সুন্দৰ ছবি অংকিত হৈছে। নাটখনত তেওঁৰ প্রেম, ভক্তি, সংকট আৰু মানসিক যন্ত্ৰণাৰ গভীৰ অভিব্যক্তি দেখা যায়। কৃষ্ণৰ সৌন্দৰ্য আৰু গুণত মোহিত হৈ তেওঁ নিজৰ জীৱনক কৃষ্ণৰ চৰণত সমৰ্পণ কৰিবলৈ সংকল্প কৰে। কিন্তু ভ্ৰাতৃৰ ইচ্ছা অনুসাৰে অন্যত বিবাহৰ আয়োজন হোৱাত ৰুক্মিণী দুঃখিত হয় আৰু কৃষ্ণক উদ্ধাৰৰ বাবে আন্তৰিক আবেদনেৰে চিঠি লিখে। এই বৰ্ণনাই তেওঁৰ স্বাভাৱিক মানবীয় অনুভূতি, ভক্তি আৰু প্রেমৰ গভীৰতাক প্ৰকাশ কৰিছে।

২। ৰুক্মিণীহৰণ নাটত প্ৰকাশ পোৱা দুই প্ৰকাৰৰ ৰসৰ নাম লিখা।

উত্তৰ: ৰুক্মিণীহৰণ নাটত দুটা মুখ্য ৰস প্ৰকাশ পাইছে। প্ৰথমতে শৃংগাৰ ৰস, য’ত ৰুক্মিণী আৰু কৃষ্ণৰ প্ৰেম, মৰম, আকুলতা আৰু গোপনে বিনিময় কৰা অনুভূতিৰ প্ৰকাশ ঘটে। তাৰ উপৰিও নাটখনত ভক্তি ৰসও প্ৰকাশ পাইছে। ৰুক্মিণীৰ কৃষ্ণ প্ৰতি ভক্তি, তেওঁৰ চৰণত আত্মসমৰ্পণ আৰু ঈশ্বৰৰূপে কৃষ্ণক সঁপা মন ভক্তি ৰসক প্ৰতিফলিত কৰে।

৩। ৰুক্মিণীহৰণ নাটৰ দুটা পুৰুষ চৰিত্ৰৰ নাম লিখা।

উত্তৰঃ ৰুক্মিণীহৰণ নাটৰ দুটা মুখ্য পুৰুষ চৰিত্ৰ হ’ল— (ক) শ্রীকৃষ্ণ – নাটখনৰ নায়ক, দ্বাৰকাৰাজ, ভগৱান বিষ্ণুৰ অৱতাৰ। (খ) ৰুক্মবীৰ – ৰুক্মিণীৰ ভায়েক, উদ্ধত আৰু অহংকাৰী, যি সদায় কৃষ্ণৰ বিপক্ষে থাকে।

৪। ৰুক্মিণীৰ প্ৰেমপত্ৰৰ পৰা তৎকালীন সমাজত নাৰীৰ অধিকাৰ আৰু স্বাধীনতাৰ কি চিত্র ফুটি উঠে?

উত্তৰ: ৰুক্মিণীৰ প্ৰেমপত্ৰত তৎকালীন সমাজত নাৰীৰ অধিকাৰ আৰু স্বাধীনতাৰ এক স্পষ্ট ৰূপ প্ৰকাশ পাইছে। এই পত্ৰত ৰুক্মিণীয়ে নিজৰ জীৱন সংগী হিচাপে শ্রীকৃষ্ণক নিৰ্বাচন কৰি ব্ৰাহ্মণ দূতৰ হাতেদি পত্ৰ পঠিয়ায়। ইয়াৰ জৰিয়তে দেখা যায় যে তৎকালীন সমাজত স্বয়ম্বৰ প্ৰথা থাকিলেও নাৰীৰ নিজৰ পছন্দ আৰু সিদ্ধান্ত লোৱাৰ সাহসী দৃষ্টান্ত ৰুক্মিণীৰ আচৰণত প্ৰতিফলিত হৈছে।

        ৰুক্মিণীয়ে ভায়েক আৰু পৰিয়ালৰ বাধাৰ সন্মুখীন হোৱা সত্ত্বেও নিজ সিদ্ধান্তত দৃঢ় থাকে। তেওঁ পত্ৰত নিজ প্ৰেমিকক নিজৰ বিপদৰ কথা স্পষ্টকৈ জনাই, প্ৰয়োজন হ’লে জীৱন বিসৰ্জনৰ শপতো লয়। ইয়াৰ জৰিয়তে তেওঁৰ দুঃসাহস, দৃঢ়তা আৰু স্বতন্ত্ৰ চিন্তাধাৰা প্ৰকাশ পাইছে।

        তেওঁ শিশুপালক ‘শৃগাল’ৰ সৈতে তুলনা কৰি কৃষ্ণক ‘সিংহ’ ৰূপে উল্লেখ কৰে। এই ৰূপকীয়া ভাষাই তেওঁৰ আত্মপ্ৰকাশৰ শক্তি আৰু মুক্ত চিন্তাধাৰাৰ প্ৰতিচ্ছবি উন্মোচন কৰে।

          সেয়ে, ৰুক্মিণীৰ প্ৰেমপত্ৰ কেৱল নাট্য উপাদান নহয়, ই তৎকালীন সমাজত নাৰীৰ অধিকাৰ, স্বাধীনতা আৰু আত্মপ্ৰতিষ্ঠাৰ প্ৰতীকী দলিল হিচাপেও গণ্য কৰিব পাৰি।

৫। ৰুক্মিণীৰ প্ৰেমপত্ৰৰ ভাষাশৈলী আৰু গদ্যৰ বৈশিষ্ট্য বর্ণনা কৰা।  

উত্তৰঃ ৰুক্মিণীৰ প্ৰেমপত্ৰ অসমীয়া নাট্য সাহিত্যৰ গদ্য ইতিহাসত এক গুৰুত্বপূর্ণ দৃষ্টান্ত। এই পত্ৰখনত পদ্যৰ সলনি গদ্যৰ ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত নাট্যসংলাপ আৰু চিঠিৰ আদলত গদ্যশৈলীৰ বিকাশ সূচনা হয়।

        ভাষাশৈলী মূলত ব্ৰজাৱলী হলেও তাত সংস্কৃত, কামৰূপী আৰু তৎসম শব্দৰ অপূৰ্ণ সমন্বয় দেখা যায়। পত্ৰখনৰ আৰম্ভণিত সংস্কৃত ভাষাৰ আভা থকা বাক্য ব্যৱহৃত হৈছে—”স্বস্তি শ্রী পৰমেশ্বৰঃ সকল সুৰাসুৰ বন্দিত পাদপদ্মঃ”—যাৰ দ্বাৰা গাম্ভীৰ্য আৰু পবিত্ৰতা প্ৰকাশ পাইছে। তাৰ পাছত বাকী অংশত ব্ৰজাৱলী আৰু কামৰূপী ভাষাৰ সংমিশ্ৰণ দেখা যায়, যেনে—”হামাক বিবাহ কৰিতে আৱল থিক”, “জৈচে সিংহক ভাৰ্য্যা নিতে শৃগাল চুম্পি ৰহয় থিক”।

        গদ্যৰ গঠন বৈচিত্র্যময়। চুটি বাক্যৰ লগে লগে দীঘল আৰু যৌগিক বাক্যো ব্যৱহৃত হৈছে, যেনে—”জেবে তুষ হেলা কয়ে নাহি নেবব তেবে তোহাত বধ দিয়ে, হামু প্ৰাণ চাড়ব”। ইয়াৰ দ্বাৰা ৰুক্মিণীৰ মানসিক টান, আকুলতা আৰু দৃঢ়তা স্পষ্টকৈ ফুটাই তোলা হৈছে।

        শব্দচয়নতো একেধৰণৰ বৈচিত্র্য দেখা যায়। তৎসম শব্দ (যেনে— স্বামি, বিবাহ), ব্ৰজাৱলী শব্দ (হামাক, তুয়া), আৰু সংস্কৃত পদৰ সংমিশ্ৰণৰে গদ্য সমৃদ্ধ হৈছে। গাম্ভীৰ্য আৰু ৰসসঞ্চাৰৰ মাজত এক সুমেল গঠন কৰি এই ভাষাশৈলী ৰুক্মিণীৰ প্ৰেম, ভয়, আৰু আশা-আকাঙ্ক্ষাক জীবন্ত কৰি তোলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top