Gauhati University BA 5th Sem Assamese (Minor & Major) Part I Chapter 3 ” ‘সংক্ষেপে কৃষ্ণলীলা ” Solution | FYUGP 5th Sem Assamese Paper 10 Chapter 3 Answer | ‘সংক্ষেপে কৃষ্ণলীলা’— বৈকুণ্ঠনাথ ভট্টাচার্য | 2025-2026 |

    ‘সংক্ষেপে কৃষ্ণলীলা’

১। কবি বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ জন্মস্থান কি?

উত্তৰঃ হাজো।

২। বৈকুণ্ঠনাথ ভট্টাচার্য কোন শতিকাৰ কবি?

উত্তৰঃ বৈকুণ্ঠনাথ ভট্টাচাৰ্য ১৬শ শতিকাৰ কবি।

৩। বৈকুণ্ঠনাথ ভট্টাচার্যক আন কি কি নামেৰে অসমীয়া সাহিত্যত জনা যায়?

উত্তৰ: অনন্ত কন্দলী, চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, হৰিচৰণ আৰু ভাগৱত ভট্টাচার্য নামেৰে অসমীয়া সাহিত্যত বৈকুণ্ঠনাথ ভট্টাচার্যক জনা যায়।

৪। ‘সক্ষেপে কৃষ্ণ-লীলা’ পাঠটি ক’ৰ পৰা সংকলিত কৰা হৈছে বা পাঠটিৰ মূল কি?

উত্তৰঃ ‘সংক্ষেপে কৃষ্ণ-লীলা’ শীর্ষক আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত পাঠটি বৈকুণ্ঠনাথ ভট্টাচাৰ্যই ৰচনা কৰা ‘শ্রী ভাগৱত-কথা’ৰ দশম স্কন্ধৰ পৰা তুলি দিয়া হৈছে। উক্ত পাঠটি দশম স্কন্ধৰ অন্তৰ্গত নৱতিতম অধ্যায়।

৫। বৈকুণ্ঠনাথ ভট্টাচার্যই কি ধৰ্মৰ প্ৰচাৰ কৰিছিল?

উত্তৰ: বৈষ্ণৱ ধৰ্মৰ।

৬। শ্রীকৃষ্ণৰ মুঠ পুত্ৰসংখ্যা কিমান বুলি বৈকুণ্ঠনাথ ভট্টাচার্যই উল্লেখ কৰিছে?

উত্তৰঃ একলাখ একষষ্ঠি হাজাৰ একাশী জন পুত্র।

৭। মহাৰধী ওঠৰজন পুত্ৰৰ ভিতৰত মধ্যমণি আৰু শ্রেষ্ঠ কোন?

উত্তৰ: প্রদ্যুম্ন।

৮। শ্রীকৃষ্ণৰ তাড়নাত নাৰীসকলৰ লগতে কি কি অলঙ্কৃত হৈছিল?

উত্তৰঃ ঘোৰা, ৰথ, হাতী আদি অলঙ্কৃত হৈছিল।

৯। শ্রীকৃষ্ণৰ পত্নীৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ষোল্ল হাজাৰ আঠগৰাকী (১৬,১০৮ গৰাকী)।

১০। মহাৰথী পুত্ৰসকলৰ সংখ্যা কিমান?

উত্তৰঃ ১৮ গৰাকী।

১১। অনিৰুদ্ধৰ পুত্ৰ আৰু সেই বংশৰ পৰম্পৰা অনুসৰি চতুৰ্থ সন্তানজনৰ নাম কি?

উত্তৰ: প্রতিবাহু সুবাহু উগ্রসেন শ্রুতসেন।

১২। বৈকুণ্ঠনাথ ভট্টাচার্যই কোন মহাপুৰুষৰ পৰা অনুপ্রাণিত হৈছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ।

১৩। কবিয়ে অনুবাদ কর্মক কিহৰূপে বিবেচনা কৰি দামোদৰক প্ৰণাম জনাইছে?

উত্তৰঃ ভক্তি-অঞ্জলি ৰূপে।

১৪। বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ পিতৃদত্ত নাম কি?

উত্তৰঃ হৰিচৰণ।

১৫। ‘সংক্ষেপে কৃষ্ণ-লীলা’ শীর্ষক পাঠটিৰ মুখ্য বক্তব্য বা আলোচ্য বিষয় কি?

উত্তৰ: শ্রীবিষ্ণুৰ অন্যতম অৱতাৰ কৃষ্ণৰ লীলা খেলা দেখুৱাটোৱে ‘সংক্ষেপে কৃষ্ণ-লীলা’ শীর্ষক পাঠটিৰ মুখ্য বক্তব্য বা আলোচ্য বিষয়।

১৬। ওঠৰজন মহাৰথীৰ নাম কি কি?

উত্তৰ: প্রদুম্ন, অনিৰুদ্ধ, দীপ্তিমন্ত, ভানু, সাম্ব, মধু, বৃহদ্ভানু, ভানুবৃন্দ, বৃক, অৰুণ, পুস্কৰ, দেৱল, বহুশ্রুতদের, সুনন্দন, চিত্ৰৱৰ্হি, বিদথ, কলি আৰু ন্যগ্রোধ। উক্ত আটাইকেইজন মহাৰথী হৈছে শ্রীকৃষ্ণৰ পুত্র।

১৭। মহাৰধী ওঠৰজন পুত্ৰৰ ভিতৰত মধ্যমণি আৰু শ্রেষ্ঠ কোন?

উত্তৰ: প্রদ্যুম্ন।

১৮। শ্রীকৃষ্ণৰ পত্নীৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ষোল্ল হাজাৰ আঠগৰাকী (১৬,১০৮ গৰাকী)।

চমু প্রশ্নোত্তৰ

১। বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ সাহিত্য-কৰ্মৰ বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ বৈকুণ্ঠনাথ ভট্টাচাৰ্য, যাক ভট্টদেৱ নামেৰে জনা যায়, অসমীয়া গদ্য সাহিত্যৰ প্ৰথম পথিকৃৎ আৰু শাস্ত্ৰীয় ধৰ্মীয় সাহিত্যৰ এক বিশেষ যুগৰ প্ৰতিনিধি। তেওঁৰ সাহিত্যত ভাগৱতৰ ভক্তি ধৰ্মীয় আদৰ্শ আৰু শাস্ত্ৰীয় জ্ঞানৰ এক অনন্য সমন্বয় দেখা যায়।

        তেওঁৰ মুখ্য কৃতি তিনিখন হৈছে – ‘কথা-গীতা’, ‘কথা-ভাগৱত’ আৰু ‘কথা-ৰত্নাৱলী’। এই গ্ৰন্থসমূহত ভট্টদেৱে জটিল শাস্ত্ৰীয় গ্রন্থসমূহৰ মূল বিষয়ক সহজ ভাষাত সাধাৰণ লোকৰ বাবে উপলব্ধিযোগ্য কৰি তুলিছে। ‘কথা-ভাগৱত’-ত দ্বাদশখন স্কন্ধৰ কোনো অংশ বাদ নপৰি গদ্যভাষাত সৰল আৰু আধ্যাত্মিক ব্যাখ্যা দিছে। শ্ৰীধৰ স্বামীৰ ‘ভাগৱত ভাৱাৰ্থ দীপিকা’-ৰ অনুপ্ৰেৰণাত ভট্টদেৱে সাধনা আৰু জ্ঞান দুয়োটাক সমানভাৱে আগবঢ়াইছে।

        ‘কথা-গীতা’-  ত গীতাৰ তত্ত্ব আৰু দর্শনৰ গভীৰ ব্যাখ্যা দিয়া হৈছে। ইয়াত শংকৰী, ভাস্কৰী, দামোদৰী আৰু শ্ৰীধৰী – এই চাৰি টীকাৰ তুলনামূলক বিশ্লেষণও পোৱা যায়। ‘কথা-ৰত্নাৱলী’-ত ভাগৱতৰ বিভিন্ন শ্লোক সংগ্ৰহ কৰি সহজ গদ্য ব্যাখ্যা দিয়া হৈছে, য’ত ভক্তি আৰু আধ্যাত্মিকতা সুন্দৰভাৱে মিশ্ৰিত।

        তেওঁৰ আন কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল – ‘শৰণমালিকা’, ‘প্ৰসংগমালা’, ‘ভক্তিসাৰ’, ‘ভক্তিবিবেক’ আদਿ। বিশেষকৈ ‘ভক্তিবিবেক’-ত নৱধা ভক্তিৰ ব্যাখ্যা আৰু বিষ্ণুভক্তিৰ উৎকৃষ্ট দৃষ্টান্ত পোৱা যায়।

        ভট্টদেৱৰ সাহিত্যৰ মুখ্য বৈশিষ্ট্য হ’ল – সৰলতা, ভক্তি, সাধনা আৰু পাণ্ডিত্যৰ সমন্বয়। তেওঁ অসমীয়া গদ্য সাহিত্যৰ আধাৰভূমি স্থাপন কৰি দিছে। তেওঁৰ ৰচনা ভাষা সাধাৰণ পাঠকৰ বাবে সহজ হলেও গভীৰ ধৰ্মীয় দৰ্শনৰে সমৃদ্ধ। সেয়ে ভট্টদেৱক “অসমীয়াৰ গদ্যৰ জনক” বুলি আখ্যা দিয়া হয় আৰু তেওঁৰ সাহিত্য আজিও সমানভাবে প্ৰাসঙ্গিক।

২। ‘সংক্ষেপে কৃষ্ণ-লীলা’ পাঠটিত কৃষ্ণৰ কি কি লীলাৰ বৰ্ণনা বৈকুণ্ঠনাথ ভট্টাচাৰ্যই কৰিছে, বৰ্ণনা কৰা।

উত্তৰঃ বৈকুণ্ঠনাথ ভট্টাচাৰ্যই ‘সংক্ষেপে কৃষ্ণ-লীলা’ পাঠত শ্ৰীকৃষ্ণৰ নানা লীলাৰ আখ্যান সুনিপুণভাৱে উপস্থাপন কৰিছে। দ্বাৰকা নগৰত লক্ষ্মীয়ে বসতি স্থাপন কৰাত প্ৰজাসকল আনন্দিত হৈছিল আৰু কৃষ্ণৰ কৃপাদৃষ্টিত সমাজত সমৃদ্ধি আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল।

           কৃষ্ণে বাঁহী বাজালে তাৰ তানে নাৰীসকলৰ লগতে ঘোঁৰা, ৰথ, হাতী সকলোয়ে শোভিত আৰু অলঙ্কৃত ৰূপ ধারণ কৰিছিল। সোন-মণি-মুক্তা আৰু বিভিন্ন অলংকাৰত সৰ্বত্ৰ সৌন্দৰ্যৰ ৰস মেলি পৰিছিল। উদ্যান-উপবনত ফুলৰ সুৰভি পৰিৱেশত আনন্দৰ হিলোল তুলিছিল।

        স্ত্ৰীসকলক পৰমসত্ত্বাৰ ৰূপ দর্শন দি কৃষ্ণে জলক্ৰীড়া কৰিছিল। এই লীলাত গোপীসকল কৃষ্ণৰ প্ৰেমত মগ্ন হৈ পৰিছিল। চাৰিওদিশে সংগীত আৰু বাদ্যৰ ধ্বনিৰে আনন্দময় পৰিৱেশ সৃষ্টি হৈছিল, আৰু ভাৱৰীয়াসকলে স্তোত্র গাই কৃষ্ণক স্তুতি কৰিছিল। জলক্ৰীড়াৰ অন্তত স্ত্ৰীসকলে নিজৰ বস্ত্ৰ-অলংকাৰ আদি উপাস্যজনক নৈবেদ্যৰূপে উৎসৰ্গা কৰিছিল। কৃষ্ণৰ মোহনীয় হাঁহিয়ে সকলো হৃদয়ক মোহিত কৰিছিল।

        ইয়াৰ উপৰি, পাঠটিত সংসাৰত অপায়-অমঙ্গল আৰু অসুৰ শক্তিৰ বিৰুদ্ধে কৃষ্ণৰ যুদ্ধৰ লীলাও বৰ্ণিত হৈছে। যদুবংশৰ বিভিন্ন অৱতাৰৰ মাজত কৃষ্ণৰ লীলাই বিশেষ স্থান দখল কৰি আছে।

৩। বৈকুণ্ঠনাথ ভট্টাচার্যই কেনেদৰে শ্রীকৃষ্ণক লাভ কৰিব পাৰি বুলি উল্লেখ কৰিছে ‘সংক্ষেপে কৃষ্ণ-লীলা’ শীর্ষক পাঠটিৰ আধাৰত বৰ্ণনা কৰা।  

উত্তৰ: বৈকুণ্ঠনাথ ভট্টাচার্যই ‘সংক্ষেপে কৃষ্ণ-লীলা’ পাঠত উল্লেখ কৰিছে যে শ্ৰৱণ-কীৰ্ত্তনৰ মাধ্যমেই শ্রীকৃষ্ণক লাভ কৰা যায়। বৈষ্ণৱ আদৰ্শ অনুসাৰে শ্ৰীকৃষ্ণ ভক্তসকলক নিজৰ উপস্থিতিৰ অনুভৱ দিয়ে। দৈৱকীয়ে দীৰ্ঘ সাধনা আৰু আৰাধনাৰ ফলত পুত্ৰৰূপে শ্রীকৃষ্ণক লাভ কৰিছিল। বৃন্দাৱনত শ্ৰীকৃষ্ণৰ লীলা-খেলা সমাজৰ দুঃখ-কষ্ট হ্ৰাস কৰাৰ এক দিশ ৰূপে কবিয়ে চিত্ৰিত কৰিছে। লগতে, ব্ৰজৰ গোপীসকলৰ সৈতে শ্ৰীকৃষ্ণৰ মিলনত ভক্তিৰ পথ কিমান মহিমামণ্ডিত হৈ উঠে সেয়াও উক্ত পাঠত প্ৰকাশ পাইছে। কবি ভট্টাচাৰ্যৰ মতে—যিয়ে শ্ৰদ্ধা আৰু ভক্তিৰে শ্রীকৃষ্ণক স্মৰণ কৰে, যিয়ে গদগদ ভাৱে আৰাধনা কৰে আৰু যিয়ে ভক্তিৰ স্রোতত নিজৰ মন উজাৰি দিয়ে, তেওঁলোকে সহজে বৈকুণ্ঠত থকা শ্রীকৃষ্ণক অন্তৰত লাভ কৰিব পাৰে। সুতৰাং, একমাত্ৰ ভক্তিমাৰ্গেই শ্রীকৃষ্ণ লাভৰ সৰ্বোত্তম উপায় বুলি বৈকুণ্ঠনাথ ভট্টাচার্যই উক্ত পাঠত প্ৰকাশ কৰিছে।

৪। শ্রীকৃষ্ণৰ ষোড়শ হাজাৰ পত্নীৰ গৰ্ভত জন্মা পুত্ৰসকলৰ সংখ্যা কিমান? তাৰ ভিতৰত মহাৰথী কোনকেইগৰাকী নাম লিখা। ৰুক্মিণী-পুত্র প্রদ্যুম্নৰ বংশলতা নিৰূপণ কৰা।

উত্তৰ: পাঠ অনুসৰি, শ্রীকৃষ্ণৰ পত্নীৰ সংখ্যা আছিল ষোল হাজাৰ আঠগৰাকী। এই সকলো পত্নীৰ গৰ্ভত জন্মগ্ৰহণ কৰা পুত্ৰসকলৰ সংখ্যা হ’ল এক লক্ষ একষষ্টি হাজাৰ একাশীজন। তাৰে মাজত ওঠৰজন পুত্ৰ আছিল মহাৰথী। এই মহাৰথীসকলৰ নাম হ’ল—প্ৰদ্যুম্ন, অনিৰুদ্ধ, দীপ্তিমন্ত, ভানু, সাম্ব, মধু, বৃহদ্ভানু, ভানুবৃন্দ, বৃক, অৰুণ, পুষ্কৰ, কেৱল, বহুশ্ৰুত, সুনন্দন, চিত্ৰবৰ্তী, বিৰূথ, কলি আৰু ন্যগ্ৰোধ।

        এই মহাৰথীসকলৰ ভিতৰত শ্ৰেষ্ঠ আছিল ৰুক্মিণীৰ পুত্ৰ প্ৰদ্যুম্ন। প্ৰদ্যুম্নৰ পুত্ৰ আছিল অনিৰুদ্ধ। অনিৰুদ্ধৰ পুত্ৰ বজ্ৰ, বজ্ৰৰ পুত্ৰ প্ৰতিবাহু, প্ৰতিবাহুৰ পুত্ৰ সুবাহু, সুবাহুৰ পুত্ৰ উগ্ৰসেন, আৰু উগ্ৰসেনৰ পুত্ৰ আছিল শ্রুতসেন। এইদৰে শ্ৰীকৃষ্ণৰ বংশলতা প্ৰদ্যুম্নৰ পৰা আৰম্ভ কৰি অনিৰুদ্ধ, বজ্ৰ, প্ৰতিবাহু, সুবাহু, উগ্ৰসেন আদি হ’ই দীঘল আৰু বিস্তৃত ৰূপত বঢ়ি গ’ল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top