Gauhati University BA 5th Sem Assamese (Minor & Major) Part II Chapter 2 ” শ্ৰীৰামায়ণ কথাঃ ‘ৰামৰ বন গমন” Solution | FYUGP 5th Sem Assamese Paper 10 Chapter 2 Answer | শ্ৰীৰামায়ণ কথাঃ ‘ৰামৰ বন গমন’— ৰঘুনাথ মহন্ত | 2025-2026 |

শ্ৰীৰামায়ণ কথাঃ 

৫। ৰঘুনাথ মহন্তই ৰচনা কৰা গ্ৰন্থ কেইখন আৰু কি কি?

উত্তৰ: ৰঘুনাথে ৰচনা কৰা গ্ৰন্থ হ’ল- ‘কথা-ৰামায়ণ’, ‘অদ্ভুত ৰামায়ণ’, আৰু শত্রুঞ্জয় কাব্য।

৭। শত্রুঞ্জয় কাব্যক আন কি নামেৰেও জনা যায়?

উত্তৰঃ এই কাব্যখনক ‘বালীৰ দ্বিগ্বিজয়’ বুলিও জনা যায়।

১১। ৰঘুনাথ মহন্তৰ ‘কথা-ৰামায়ণ’ৰ আধাৰ গ্ৰন্থ কি?

উত্তৰ: মাধৱ কন্দলিৰ ৰামায়ণ।

১৩। বজা দশৰথৰ ভাৰ্য্য তিনি গৰাকীৰ নাম কি কি আছিল?

উত্তৰঃ কৌশল্যা, কৈকেয়ী আৰু সুমিত্রা।

১৪। কৈকেয়ীৰ পুত্র কোন?

উত্তৰঃ ভবত।

১৫। ৰামক দশৰথে মাতিছে বুলি কোনে খৱৰ দিবলৈ গৈছিল?

উত্তৰঃ দশৰথ ৰজাৰ মন্ত্রী সুমন্তই।

১৬। মাতৃ কৌশল্যাই মনুৰ কোনটো বাক্যৰ দোহাই দি বনলৈ নাযাবলৈ কৈছিল?

উত্তৰঃ মাতৃ কৌশল্যাই ৰামক বনলৈ নাযাবলৈ মনুৱঁৰ বাক্যৰ দোহাই দিছিল। সেই বাক্যত কৈছে—
“দশ বিপ্ৰতকৈ অধ্যাপক শ্ৰেষ্ঠ, দশ অধ্যাপকতকৈ পিতৃ শ্ৰেষ্ঠ, আৰু পিতৃতকৈ দশগুণে মাতৃ শ্ৰেষ্ঠ। সেয়ে মহাগুৰু মাতৃৰ বাক্য পালনৰ যোগ্য।”

        কৌশল্যাই এই মনুবচন উদ্ধৃত কৰি ৰামক বুজাইছিল যে পিতৃৰ আদেশত বনলৈ যোৱাৰ পৰিবৰ্তে মাতৃৰ আজ্ঞা পালন কৰাই অধিক গুৰুত্বপূৰ্ণ। তেওঁ সতর্ক কৰি কৈছিল যে ৰাজাৰ আদেশ নাপালিলে ৰাজাৰ প্ৰাণৰ বিপদ হ’ব, কিন্তু মাতৃৰ বাক্য অমান্য কৰিলে সেয়া অনৰ্ধ্য পাপ। এইদৰে কৌশল্যাই মাতৃ-আজ্ঞাৰ মাহাত্ম্যৰ দোহাই দি ৰামক বনযাত্ৰাৰ পৰা নিবাৰণ কৰিবলৈ চেষ্টা কৰিছিল।

চমু প্ৰশ্ন উত্তৰঃ

১। কৈকেয়ীয়ে ৰজা দশৰথৰ পৰা বিচৰা বৰ দুটা কি?

উত্তৰঃ ৰজা দশৰথে পূৰ্বে এবাৰ কৈকেয়ীক দুটা বৰ দিয়া কথা দাঙি ধৰিছিল। সময় উপস্থিত হোৱাত ৰাণী কৈকেয়ীয়ে সেই প্রতিজ্ঞাৰ কথা সোঁৱৰাই ৰজাৰ পৰা দুটা বৰ বিচাৰিলে—

        (ক) প্ৰথম বৰত, ৰামক ৰাজ্যাভিষেক নকৰাকৈ ভৰতক ৰাজসিংহাসন আৰোহণৰ অধিকার প্ৰদান কৰিব লাগে।


        (খ) দ্বিতীয় বৰত, ৰামক ভ্ৰাতৃ-ভাৰ্যাৰ সৈতে চৌদশ (১৪) বছৰ বনবাসলৈ পঠিয়াব লাগে।

২। “জাক ৰাজ্য পদ বুলি, ই কেবল আপদৰ আশ্রয়, জাতো তাতে বন্ধ হুয়া অপাৰ সংসাৰত মজে। যাকে বনবাস বুলি, সে পুনু মুক্ত সবৰো আশ্রয়।”- কোনে আৰু কাক এইদৰে কৈছিল? কথাষাৰৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ উদ্ধৃত বাক্যখিনি শ্ৰীৰামে মাতৃ কৈকেয়ীক উদ্দেশ্যি কৈছিল। ৰামৰ অভিষেকৰ সুখবৰতে অযোধ্যা আনন্দেৰে মুখৰিত হৈছিল। কিন্তু সেই সময়তেই মন্থৰাৰ কুমন্ত্ৰণাত প্ৰভাৱিত হৈ ৰাণী কৈকেয়ীয়ে পূৰ্বৰ প্রতিশ্ৰুতিৰ দোহাই দি ৰজা দশৰথৰ পৰা দুটা বৰ লৈছিল—ভৰতক ৰাজসিংহাসনৰ অধিকার দিয়া আৰু ৰামক ভ্ৰাতৃ-ভাৰ্যাৰ সৈতে চৌদশ বছৰ বনবাসলৈ পঠোৱা। এই সংবাদত শোকে-আক্ৰান্ত ৰজা দশৰথৰ দেহ ভগ্ন হৈছিল। পৰিস্থিতি বুজি ৰামে মাতৃ কৈকেয়ীক ধীৰভাবে কৈছিল—

        “যাক ৰাজ্য পদ বুলি কোৱা হয়, ই আসলে আপদৰ আশ্রয়; তাৰ সৈতে আবদ্ধ হ’লে মানুহ অপাৰ সংসাৰত নিমজ্জিত হয়। আৰু যাক বনবাস বুলি জনা যায়, সেয়াহে মুক্তিকামী সকলৰ একমাত্র আশ্রয়।”

        এই কথাষাৰেদ্বাৰা ৰামে নিজৰ মানসিক স্থিৰতা, ধৰ্মপ্ৰতিষ্ঠা আৰু বৈরাগ্যৰ আধ্যাত্মিক দৰ্শন প্ৰকাশ কৰিছে। তেওঁৰ দৃষ্টিত ৰাজ্য বা ভৌতিক পদমৰ্যাদা ক্ষণস্থায়ী আৰু দুঃখৰ মূল, কিন্তু বনবাস তথা তপস্যাই মুক্তিৰ সত্য পথ। সেয়ে উক্ত বচন ৰামৰ ঐশ্বৰিক মানসিকতা আৰু ধৰ্মনিষ্ঠতাৰ উজ্জ্বল উদাহৰণ।

৩। “তোমাৰ আমাৰো মহাগুৰু দশৰথ ৰাজা। তান বাক্য বাধিতে উচিত লাহে।” কথাষাৰ কোনে আৰু কাক উদ্দেশ্য কৰি কৈছিল? কি প্রসংগত তেনেকৈ ক’ব লগা হৈছিল বৰ্ণনা কৰা।

উত্তৰঃ উক্ত বাক্য ৰামে মাতৃ সুমিত্রাক উদ্দেশ্য কৰি কৈছিল।

        প্ৰসংগটো আছিল— কৈকেয়ীক আগতে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ ৰজা দশৰথে ৰামক চৈধ্য বছৰ বনবাসলৈ পঠাব লগা হ’ল আৰু ভৰতক ৰাজ্য দিৱ লাগিল। এই ঘটনাই ৰাজাক গভীৰ ভাবে বিচলিত কৰিছিল, যদিও তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈ উপায়হীন হৈ পৰিল। ৰামে পিতৃক দেৱতা জ্ঞান কৰিছিল; সেয়ে পিতৃৰ বাক্য ভংগ হোৱাৰ কামনা ৰামে কেতিয়াও নকৰে। এইবাবে পিতৃসত্য পালন কৰিবলৈ ৰামে নিৰ্বিবাদে বনবাসৰ বাবে সাজু হ’ল।

        এই সময়ত লক্ষ্মণে বহু বুজাবুজি দিয়া সত্ত্বেও ৰামক বনবাসৰ পৰা নিবাৰণ কৰিব নোৱাৰিলে আৰু নিজেও ভ্রাতৃ-সহায় হিচাপে লগ দিলে। ৰাম-লক্ষ্মণ দুয়ো বনবাসলৈ ওলাওঁতেই মাতৃ সুমিত্রা গভীৰ বেদনা অনুভৱ কৰি বিলাপ কৰিবলৈ ধৰিলে। তেওঁ কৈছিল যে ৰামে সতিনীৰ কথা মানি মাতৃক উপেক্ষা কৰি বনবাসলৈ যোৱা উচিত নহয়; কাৰণ মাতৃৰ আদেশ পিতৃৰ আদেশতকৈ দশগুণ বেছি গুৰুত্বপূৰ্ণ।

        এই কথাত ৰামে মাতৃ সুমিত্রাক সান্ত্বনা দি ক’লে— “তোমাৰ আমাৰো মহাগুৰু দশৰথ ৰাজা। তান বাক্য বাধিতে উচিত লাহে।” অৰ্থাৎ, পিতৃই যি আদেশ দিছে, তাক পালন কৰাটোৱেই সন্তানৰ প্রধান কৰ্তব্য।

৪। প্ৰসঙ্গ-সংগতি দেখুৱাই বাখ্যা কৰা:

“স্ত্ৰীৰ হেনয় চৰিত্ৰঃ জাত অতি অনুৰক্ত তাত তিলেকে বিৰক্ত।”

উত্তৰঃ উদ্ধৃত শ্লোকখিনি ৰঘুনাথ মহন্তদেৱৰ ‘ৰামৰ বন গমন’ পাঠাংশৰ পৰা সংগৃহীত।

        এই কথাৰে তিৰোতা জাতিৰ স্বাভাৱিক মনোভাৱৰ বিষয়ে প্ৰকাশ কৰা হৈছে। তেওঁলোকে যি বস্তু বা বিষয়ত বহুত অনুৰাগ দেখুৱায়, তাতেই ক্ষণেকতে বিৰক্তিও হ’ব পাৰে।

        প্ৰসঙ্গত কোৱা হ’ল— প্ৰথমতে ৰামৰ ৰাজঅভিষেকৰ খবৰ মাতৃ কৈকেয়ীয়ে মন্থৰাৰ মুখেৰে শুনি আনন্দিত হৈছিল আৰু খুশীৰ সুৰত কণ্ঠহাৰ দানো কৰিছিল। কাৰণ, কৈকেয়ীৰ স্নেহভাজন আছিল ৰাম। কিন্তু মন্থৰাই কুটিল বুদ্ধি প্ৰয়োগ কৰি কৈকেয়ীৰ মনত সন্দেহ জন্মাই দিলে। তাৰ ফলত কৈকেয়ী তৎক্ষণাৎ মন পরিবর্তন কৰি ভৰতক ৰাজ্যত বসুৱাব আৰু ৰামক বনবাসলৈ পঠাব বুলি ৰজা দশৰথৰ ওচৰত জোৰাজুৰি আৰম্ভ কৰিলে।

        এইবাবে উক্ত বাক্য উদ্ধৃতি কৰি দেখুওৱা হৈছে যে, স্ত্ৰী-জাতিৰ মন স্বভাবত বিসংগতিপূর্ণ— কেতিয়া অধিক অনুৰাগী আৰু কেতিয়াবা আকৌ হঠাতে বিৰক্ত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top