Gauhati University BA 5th Sem Assamese (Minor & Major) Part II Chapter 3 “জন্মজাত্রা ” Solution | FYUGP 5th Sem Assamese Paper 9 Chapter 3 Answer | জন্মজাত্রা | 2025-2026 |

 জন্মজাত্রা 

১। গোপাল আতাৰ পিতৃ কোন আছিল?

উত্তৰঃ কামেশ্বৰ বা কামদেৰ ভূঞা।

২। গোপাল আতাৰ সন্তানৰ সংখ্যা কিমান?

উত্তৰঃ পাঁচগৰাকী – তিনিজন পুত্র আৰু দুজনী কন্যা।

৩। গোপাল আতাই কিমানজন ধর্মাচাৰ্যক বাৰ অৰ্পণ কৰিছিল?

উত্তৰঃ বাৰজন- ছয়জন ব্রাহ্মণ আৰু ছয়জন অব্রাহ্মণ।

৪। নন্দোৎসৱ নাটখন কিয় সম্পূর্ণ নাট বুলি গণ্য নহয়?

উত্তৰঃ কাৰণ ইয়াত নাট্য সংঘাত নাই, চৰিত্ৰ নাই।

৫। গোপাল আতাক সত্রানুষ্ঠানসমূহৰ কোনটো সংহতিৰ প্ৰতিষ্ঠাপক বুলি জনা যায়।

উত্তৰঃ কাল-সংহতিৰ।

৬। উদ্ধযান নাটখনিত শংকৰদেৱৰ কোনখন ৰচনাৰ প্ৰভাৱ পৰা দেখা যায়?

উত্তৰঃ শংকৰদেৱৰ ‘গোপীউদ্ধৰ সংবাদ’ৰ প্রভাব দেখা যায়।

৭। গোপাল আতাৰ পিতৃ কোন আছিল?

উত্তৰঃ কামেশ্বৰ বা কামদের ভূঞা।

৮। গোপাল আতা কোন গুৰুৰ শিষ্য আছিল?

উত্তৰঃ মাধৱদেৱ।

৯। গোপাল আতাৰ গীতসমূহ কিহৰ বাবে খ্যাত?

উত্তৰঃ গুৰুভক্তি আৰু কৃষ্ণৰ শিশুলীলাৰ সূক্ষ্ম বর্ণনাৰ বাবে।

১০। গোপাল আতাৰ ওচৰত শৰণ লোৱা কেইগৰাকীমান উল্লেখযোগ্য বৈষ্ণৱৰ নাম লিখা।

উত্তৰ: মায়ামৰা সত্ৰৰ অনিৰুদ্ধ আতা, ৰামচন্দ্ৰ আতা, কৃষ্ণ আতা আদি।

১২। নাটখনত সর্বমুঠ কিমানটা গীত আছে।?

উত্তৰ: নাটখনত সৰ্বমুঠ ১৫ টা গীত সন্নিবিষ্ট কৰিছে।

১৩। নাটখনৰ অংগীৰস কি?

উত্তৰ: নাটখনৰ অংগীৰস বুলি ক’লে আমি ব্যাৎসল্যপ্রধান ভক্তি বসকে উল্লেখ কৰিব লাগিব।

চমু প্রশ্নোত্তৰ

১। গোপাল আতাৰ গীত আৰু ঘোষাৰ বৈশিষ্ট্য বিশ্লেষণ কৰা।

উত্তৰঃ গোপাল আতা অসমীয়া বৈষ্ণৱ গীত আৰু ঘোষা সাহিত্যক্ষেত্ৰত এক বিশেষ স্থান অধিকার কৰিছে। তেওঁৰ গীত আৰু ঘোষাত গভীৰ ভক্তিভাৱ, শাস্ত্ৰসম্মত দৃষ্টিভংগী, সুমধুৰ ভাষা-ছন্দ আৰু আধ্যাত্মিক চেতনা প্ৰকাশ পাইছে।

(ক) গীতৰ বৈশিষ্ট্য: গোপাল আতাৰ গীতত বিশেষকৈ শ্রীকৃষ্ণৰ শিশুলীলা, গুরু-ভক্তি আৰু কৃষ্ণ-বিৰহৰ সূক্ষ্ম অনুভূতি সুকৌশলে প্ৰকাশিত হৈছে। যদিও ইয়াত শংকৰদেৱ-মাধৱদেৱৰ প্ৰভাৱ পৰিলক্ষিত হয়, তথাপি তেওঁৰ গীতবোৰ স্বকীয় কবিত্বশক্তিৰ নিদৰ্শনেৰে ভৰপূৰ। সত্যেন্দ্ৰনাথ শৰ্মাই এই গীতসমূহক “বৰগীতৰ আর্হিত ৰচনা” বুলি অভিহিত কৰি কৈছে যে, ইয়াত প্ৰভাৱ থাকিলেও স্বকীয়তা অক্ষুণ্ণ।

গোপাল আতাৰ গীতত ছন্দৰ শুদ্ধতা, অলংকাৰৰ সুললিতা আৰু বৰ্ণনামূলক সৌন্দৰ্য স্পষ্ট। শিশুকৃষ্ণৰ মান-অভিমান, যশোদাৰ মাতৃস্নেহ আদি দৃশ্য চমৎকাৰ ভাৱে ফুটাই তোলা হৈছে। বিশেষকৈ উপমা, অনুপ্ৰাস, আৰু ভাবপ্ৰকাশৰ কৌশল তেওঁ উৎকৃষ্ট ভাৱে প্ৰয়োগ কৰিছে।

(খ) ঘোষাৰ বৈশিষ্ট্য: ঘোষাৰ ক্ষেত্ৰত গোপাল আতাই “নামঘোষা” পুস্তকৰ পৰা কিছুমান ঘোষা নিৰ্বাচন কৰি সিহঁতক “বাছনি ঘোষা” হিচাপে সংগ্ৰহ কৰিছিল। এই ঘোষাবোৰ নামপ্ৰসঙ্গত ব্যৱহাৰ কৰি সাধনাৰ গুৰুত্ব বৃদ্ধি কৰিছিল। ইয়াৰ দ্বাৰাই কালসংহতিৰ নামঘোষা-পদ্ধতি অধিক সমৃদ্ধ হয়।

তদুপৰি তেওঁ নিজে কেইবাখনো নতুন ঘোষা সংযোজন কৰে, যাক “বুঢ়া ঘোষা” বুলি কোৱা হয়। মহেশ্বৰ নেওগৰ মন্তব্য অনুসৰি এই ঘোষাবোৰ “অতি সুমধুৰ”। সাধাৰণতে এই ঘোষা পুথিপাঠ, নামপ্ৰসঙ্গ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানত ব্যৱহৃত হয়।

২। গোপাল আতাৰ জীৱনৰ আৰম্ভনি আৰু পৰিয়াল পটভূমি আলোচনা কৰা।

উত্তৰঃ গোপাল আতা, যাক সাধাৰণতে ভৱানীপুৰীয়া গোপাল আতা নামেৰে জনা যায়, আছিল মহাপুৰুষ মাধৱদেৱৰ শিষ্য আৰু কাল-সংহতিৰ প্ৰতিষ্ঠাপক। তেওঁৰ জীৱনৰ আৰম্ভণি নানা দুঃখ-কষ্টৰে পূৰ্ণ হৈছিল।

তেওঁৰ পিতৃ কামেশ্বৰ বা কামদেৱ ভূঞাই গোপাল আতা মাতৃগর্ভত থাকোতেই মৃত্যুবৰণ কৰে। মাতৃ বজ্রাঙ্গী আই দুঃখ-কষ্টৰ মাজতে গড়গাঁৱৰ খোখোৰা গাঁৱত, দাঁতিৰ নাচনি ঘাটৰ ওচৰত থিতাপি লৈ থাকিবলৈ বাধ্য হয়। সেই ঠাইতে ১৫৪১ খ্ৰীষ্টাব্দত (শক ১৪৬৩) গোপাল আতাৰ জন্ম হয়।

শৈশৱৰ সময়তে এক সামান্য ঘটনাৰ ফলত বাজৰোষত পৰাৰ ভয়ত মাক-পুতেকে কামৰূপৰ সুন্দৰীদিয়াত আশ্রয় লয় বুলি কোৱা হয়। আন মত অনুসাৰে, কোচ ৰাজা নৰনাৰায়ণে শিল্পী-বৃত্তিকৰসকলক বিভিন্ন অঞ্চলৰ পৰা ভৱানীপুৰ আদি ঠাইত স্থাপন কৰিছিল, আৰু সেইসময়তেই গোপাল আতা ভৱানীপুৰত স্থায়ী হয়।

তেওঁ বৃন্দাবতী (বা সবিতা আই) আৰু সুভাগী আই নামেৰে দুজন পত্নী গ্ৰহণ কৰিছিল। সন্তানসকলৰ ভিতৰত দামোদৰ, পদ্মপ্ৰিয়া আৰু কমলদেৱ উল্লেখযোগ্য। যদিও সংসাৰিক জীৱনত তেওঁ থিতাপি হৈছিল, কিন্তু ভক্তিৰ পথত প্ৰৱেশ কৰাৰ পিছত সংসাৰৰ পৰা মন আঁতৰাই পূৰ্ণৰূপে ধৰ্মাচৰণত নিজকে সঁপিয়ে দিয়ে।

গোপাল আতাই মাধৱদেৱৰ শিষ্য হিচাপে বারজন ধৰ্মাচাৰ্য নিৰ্বাচন কৰিছিল, য’ত ছয়জন ব্রাহ্মণ আৰু ছয়জন অব্রাহ্মণ আছিল। তেওঁ নিজৰ সত্ৰও স্থাপন কৰিছিল কালজাৰ নামৰ ঠাইত।

অবশেষত, প্ৰায় সত্তৰ বছৰ বয়সত গোপাল আতা ইহলোক ত্যাগ কৰে। তেওঁৰ দুঃখময় জীৱনযাত্ৰা, দৃঢ় ধৰ্মনিষ্ঠা আৰু সাহিত্য-সাংস্কৃতিক অৱদানই তেওঁক অসমীয়া বৈষ্ণৱ ইতিহাসত এক অতি গুরুত্বপূর্ণ স্থান দান কৰিছে।

৩। গোপালদেৱ বা গোপাল আতা ৰচিত ‘জন্মযাত্রা’ নাটকখনৰ কাহিনীভাগ আলোচনা কৰা। 

উত্তৰ: গোপালদেৱ বা গোপাল আতা ৰচিত ‘জন্মযাত্ৰা’ নাটকখনৰ কাহিনীভাগ মূলত ভগবান শ্রীকৃষ্ণৰ জন্মপূৰ্ব পৰিস্থিতি আৰু তেওঁৰ জন্মকেন্দ্ৰিক ঘটনাৰ ওপৰত আধাৰিত। নাটকখনত দেখা যায়—

দুষ্ট দৈত্য-দানৱৰ অত্যাচাৰে বসুমতী ভাৰবাহী হৈ অশান্ত হ’ল। এই দুঃখ মোচন কৰিবলৈ ব্ৰহ্মাই দেৱতাসকলক লগত লৈ ভগবান শ্ৰীহৰিৰ ধ্যান-আৰাধনা আৰম্ভ কৰে। তাৰ উত্তৰত আকাশবাণী হয়—ভূমিৰ ভাৰ হ্ৰাস কৰিবলৈ শ্ৰীকৃষ্ণে স্বয়ং জন্ম গ্ৰহণ কৰিব। সেই অনুসাৰে দেৱতা, ঋষি আৰু দেৱনাৰীসকলক বিভিন্ন ৰূপে গোকুল আৰু মথুৰাত জন্ম ল’বলৈ নিৰ্দেশ দিয়া হয়। অনন্ত যোগমায়াইও ভগবতৰ জন্ম কাৰ্য সিদ্ধ কৰিব বুলি বসুমতীক আশ্বাস দিয়ে।

ইফালে মথুৰাৰ ৰজা কংসৰ ভগ্নী দৈৱকীৰ সৈতে বসুদেৱৰ বিবাহ সম্পন্ন হয়। বিবাহৰ সময়তে আকাশবাণীয়ে জানে যে দৈৱকীৰ অষ্টম সন্তান কংসৰ মৃত্যুৰ কাৰণ হ’ব। এই কথা শুনি কংস আতংকিত হয় আৰু দৈৱকীক হত্যা কৰিবলৈ ধৰে। কিন্তু বসুদেৱে কংসক আশ্বাস দিয়ে—দৈৱকীৰ সকলো সন্তান জন্মলাভৰ পাছতে কংসৰ হাতত অর্পণ কৰা হ’ব। এই প্ৰতিজ্ঞাত সন্তুষ্ট হৈ কংস দৈৱকীক বাঁচি ৰাখে।

প্ৰথম সন্তান জন্ম হোৱাৰ পিছতে বসুদেৱে নিজৰ প্ৰতিজ্ঞা ৰাখি পুত্ৰজন কংসক দিয়ে। যদিও প্ৰথমে কংস তাত ভয় নপায়, নাৰদৰ উপদেশত তেওঁ সন্দেহগ্ৰস্ত হয় আৰু দৈৱকী-বসুদেৱক বন্দীশালত ৰাখে। তাৰপাছত জন্ম হোৱা দৈৱকীৰ প্ৰথম ছয় সন্তানক কংস নিষ্ঠুৰভাৱে হত্যা কৰে।

অষ্টম সন্তান জন্মোৱাৰ সময়ত কলহভৰীয়া বন্দীশালত এক ঐশ্বৰিক জ্যোতি প্ৰকাশ পায়। ভগবান শ্রীকৃষ্ণৰ আবিৰ্ভাৱ ঘটে। সেই মুহূর্তত দেৱতাসকলে তেওঁক স্তুতি কৰে আৰু অনুৰোধ জনায়—কংসক বিনাশ কৰি বসুমতীৰ ভাৰ হৰণ কৰিবলৈ।

সঁচাকৈয়ে এই নাটকখনত শ্ৰীকৃষ্ণৰ জন্মপূৰ্ব আখ্যানৰ জৰিয়তে ভক্তি, ধৰ্ম আৰু ন্যায়ৰ জয়গান প্ৰকাশ পাইছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top