Gauhati University BA 5th Sem Education (Major & Minor) Chapter 2 “যোগাযোগ আৰু শিক্ষণ (Teaching)-শিকন (Learning)” Solution | FYUGP 5th Sem Education Paper 9 Chapter 2 Answer | 2025-2026 |

যোগাযোগ আৰু শিক্ষণ (Teaching)-শিকন (Learning)

চমু প্রশ্নোত্তৰ

১। ‘Communis’ শব্দৰ অৰ্থ কি?

উত্তৰঃ সাদৃশ্য বা মিল থকা।

২। অন্তঃব্যক্তি যোগাযোগ কি?

উত্তৰঃ যেতিয়া যোগাযোগ প্রক্রিয়াত কেৱল এজন ব্যক্তিয়ে অংশ গ্রহণ কৰে তাকে অন্তঃব্যক্তি যোগাযোগ বোলে।

৩। শিক্ষাদান মেচিনৰ সৃষ্টিকর্তা বুলি কাক কোৱা হয়?

উত্তৰঃ এচ. এল. প্রাচী(S. L. Prassy) হ’ল শিক্ষাদান মেচিনৰ সৃষ্টিকর্তা।

৪। শ্রেণীকক্ষ যোগাযোগৰ প্ৰধান উপাদান কেইটা কি কি?

উত্তৰ: শ্রেণীকক্ষ যোগাযোগৰ প্রধান উপাদান হৈছে- প্রেৰণকাৰী (Sender) বার্তা (Message), মাধ্যম (Medium), গ্রাহক (Receiver), আক প্রতিক্রিয়া (Feedback)। 

৫। আধুনিক শ্রেণীকোঠাত থাকিবলগীয়া কেইটামান আধুনিক প্রযুক্তিবিদ্যাৰ নাম লিখা।

উত্তৰঃ (ক) ইন্টাৰনেট (খ) এল চি ডি প্রজেক্ট (গ) স্মার্ট বোর্ড।

৬। INFLIBNET শব্দটোৰ পূৰ্ণ ৰূপ কি?

উত্তৰ: INFLIBNET ৰ পূৰ্ণ ৰূপ হৈছে Information and Library Network

৭। INFLIBNET এ কাৰ অধীনত কাম কৰে?

উত্তৰ: INFLIBNET হৈছে UGC(University Grants Commission)-ৰ অধীনস্থ এক স্বায়ত্তশাসিত সংস্থা।

৮। ‘Communis’ শব্দৰ অৰ্থ কি?

উত্তৰঃ সাদৃশ্য বা মিল থকা।

৯। শিক্ষাদান মেচিন (Teaching Machine) কি? 

উত্তৰঃ শিক্ষাদান মেচিন হৈছে এটা বৈদ্যুতিক বা কাৰিকৰী সজুলি যাৰ সহায়ত পাঠ্য বিষয়বস্তু ধাপ ধাপে বা নিৰ্দেশনা অনুসৰি উপস্থাপন কৰা হয়। এই যন্ত্ৰই ছাত্র-ছাত্ৰীৰ উত্তৰৰ ভিত্তিত তৎক্ষণাত প্রতিক্রিয়া আৰু প্রতিপুষ্টি দিয়াৰ ব্যৱস্থা ৰাখে। ফলস্বৰূপে, শিক্ষকৰ শিক্ষাদান প্ৰক্ৰিয়া অধিক সহজ, সুশৃঙ্খল আৰু কার্যকৰী হয়।

চমু প্ৰশ্ন উত্তৰঃ

১। যোগাযোগ শব্দটো কি ভাষাৰ পৰা উদ্ভব হৈছে?

উত্তৰঃ ‘যোগাযোগ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে Communication। এই শব্দটো লেটিন ভাষাৰ Communis শব্দৰ পৰা উদ্ভৱ হোৱা, যাৰ অৰ্থ Common বা সাদৃশ্য, মিল। অৰ্থাৎ, প্ৰেৰক আৰু গ্ৰাহকৰ মাজত যি মিল বা সাদৃশ্য সৃষ্টি হয় তাকেই যোগাযোগ বুলি কোৱা হয়।

২। যোগাযোগৰ উৎসসমূহ কি কি?

উত্তৰঃ যোগাযোগ বা সংবাদ জ্ঞাপনৰ উৎসসমূহ বুলিলে সেই স্থান, ব্যক্তি বা বস্তুসমূহক বুজোৱা হয় য’ৰ পৰা যোগাযোগ বা সংবাদ প্ৰবাহ আৰম্ভ হয়। শিকন-শিক্ষণ প্ৰক্ৰিয়াত যোগাযোগৰ উৎস হিচাপে শিক্ষক, আৰু বিভিন্ন যান্ত্রিক উপায়ৰ দ্বাৰা প্ৰদান কৰা মাধ্যমসমূহ থাকিব পাৰে, যেনে কম্পিউটাৰ, ইণ্টাৰনেট, টেলিভিছন, শিক্ষাদান মেচিন আদি।

            পৰম্পৰাগত শিক্ষাৰ পৰিৱেশত প্ৰধান যোগাযোগৰ উৎস শিক্ষক। কিন্তু আধুনিক শিক্ষামূলক পৰিৱেশত শিক্ষককে পৰিহাৰ কৰি নাযায়, কাৰণ আধুনিক বিজ্ঞান আৰু প্রযুক্তিৰ দ্বাৰা বিকাশপ্ৰাপ্ত বহু যান্ত্রিক মাধ্যমো সমানভাৱে তথ্য আৰু শিক্ষামূলক অভিজ্ঞতা প্ৰদান কৰে। মানব উপাদান আৰু যান্ত্রিক উপাদানসমূহে মিলিতভাৱে শিক্ষামূলক যোগাযোগ আৰু আন্তঃক্ৰিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এইদৰে, আধুনিক শিক্ষাৰ ক্ষেত্ৰত যোগাযোগৰ উৎসসমূহ বহুমুখী আৰু বিভিন্ন ধৰণৰ হ’ব পাৰে।

৩। লিখিত যোগাযোগ (Written Communication) কাক বোলে?

উত্তৰঃ লিখিত যোগাযোগ বুলিলে সেই ধৰণৰ যোগাযোগক বুজোৱা হয় য’ত তথ্য বা ভাব প্ৰকাশৰ বাবে লিখিত শব্দ, গ্ৰাফ, চার্ট, প্ৰতিবেদন, চিত্ৰ আদি ব্যৱহাৰ কৰা হয়। এই প্ৰকাৰৰ যোগাযোগত মানুহৰ স্মৃতিশক্তি, কল্পনাশক্তি, পর্যবেক্ষণ ক্ষমতা, চিন্তনশক্তি, ভাষাজ্ঞান আৰু লিখাৰ দক্ষতাৰ গুৰুত্বপূর্ণ প্ৰভাৱ থাকে। লিখিত যোগাযোগে এক প্ৰকাৰৰ স্থায়ী নথি বা প্ৰতিবেদন ৰূপে তথ্য সংৰক্ষণৰ সুবিধা দিয়ে। ইয়াত প্ৰেৰক আৰু গ্ৰাহক দুয়োটা একে সময়তে উপস্থিত নাথাকিলেও তথ্যৰ আদান-প্ৰদান সম্ভৱ হয়। অৱশ্যে, লিখিব-পঢ়িব নোৱৰা ব্যক্তিসকলৰ বাবে এই প্ৰকাৰৰ যোগাযোগ উপযোগী নহয়।

৪। অভাষিক যোগাযোগ (Non-Verbal Communication) কাক বোলে?

উত্তৰঃ অভাষিক যোগাযোগ বুলিলে সেই ধৰণৰ যোগাযোগক বুজোৱা হয় য’ত ভাষা ব্যৱহাৰ নকৰাকৈ শাৰীৰিক ভঙ্গি, মুখৰ অভিব্যক্তি, চিহ্ন, দৃষ্টিভঙ্গি, হাৱ-ভাৱ আদি মাধ্যমৰ জৰিয়তে ভাব বা তথ্য প্ৰকাশ কৰা হয়। বিভিন্ন পৰিস্থিতিত অভাষিক যোগাযোগ প্ৰয়োগ কৰাটো অত্যন্ত প্রয়োজনীয় আৰু বহু সময়ত বাধ্যতামূলক হয়। সাধাৰণতে, ভাষিক যোগাযোগক অধিক শক্তিশালী, স্পষ্ট আৰু ফলপ্ৰসূ কৰাৰ বাবে অভাষিক যোগাযোগৰ সহায় গ্ৰহণ কৰা হয়।

৫। অভাষিক যোগাযোগৰ মাধ্যমবোৰ কি কি?

উত্তৰঃ অভাষিক যোগাযোগৰ প্ৰধান মাধ্যমসমূহ হ’ল-

(i) মুখৰ অভিব্যক্তি (Facial Expression)

(ii) চকুৰ ভাষা (Language of the Eye)

(iii) দেহৰ ভাষা (Body Language)

(iv) ধ্বনি চিহ্ন বা শব্দ চিহ্ন (Sound Symbol)

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top