Gauhati University BA 5th Sem Education (Major & Minor) Chapter 3 “শিক্ষণ প্ৰদ্ধতি আৰু কৌশল” Solution | FYUGP 5th Sem Education Paper 9 Chapter 3 Answer | 2025-2026 |

শিক্ষণ প্ৰদ্ধতি আৰু কৌশল

অতি চমু প্রশ্নোত্তৰ

১। শিক্ষণৰ এটা সংজ্ঞা দিয়া।

উত্তৰ: গেইটৰ মতে, “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কার্য।”

২। শিক্ষণৰ ভিত্তি কি?

উত্তৰ: অভিৰোচন।

৩। শিক্ষণৰ কোনটো পদ্ধতি শিক্ষণ নীতিৰ ওপৰত প্রতিষ্ঠিত?

উত্তৰ: শিক্ষণৰ পৰ্যবেক্ষণ পদ্ধতি শিক্ষণ নীতিৰ ওপৰত প্রতিষ্ঠিত।

৪। শিক্ষণ পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ শিকোৱা প্রক্রিয়াত ব্যৱহাৰ কৰা পদ্ধতিসমূহকে সৰল ভাষাত শিকণ পদ্ধতি বুলি কোৱা হয়।

৫। শিক্ষণ পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ শিকোৱা প্রক্রিয়াত ব্যৱহাৰ কৰা পদ্ধতিসমূহকে সবল ভাষাত শিকণ পদ্ধতি বুলি কোৱা হয়।

৬। কার্যকলাপ পদ্ধতি কেতিয়া আৰু কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৪৪ চনত ডেভিদ হৰ্ছবার্গে কার্যকলাপ পদ্ধতি আৰম্ভ কৰিছিল।

৭। কৰ্মৰ মাজেৰে শিক্ষণ পদ্ধতিৰ উদ্ভাবক কোন?

উত্তৰঃ কৰ্মৰ মাজেৰে শিক্ষাপ্রদান কৰা পদ্ধতিৰ উদ্ভাৱক আছিল প্রখ্যাত দার্শনিক ঝছো।

৮। আলোচনা পদ্ধতিৰ মুখ্য উদ্দেশ্য কি?

উত্তৰ: আলোচনা পদ্ধতিব মুখ্য উদ্দেশ্য হ’ল সমালোচনাত্মক চিন্তাধাৰা বৃদ্ধি কৰা আৰু সক্রিয় অংশগ্রহণ উৎসাহিত কৰা।

৯। প্রকল্পমূলক শিক্ষণৰ মৌলিক নীতিসমূহ কি কি?

উত্তৰঃ কাৰ্য, উদ্দেশ্য, অভিজ্ঞতা, বাস্তবতা, স্বাধীনতা আৰু উপযোগিতা।

১০। আলোচনা পদ্ধতিৰ এটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ ই ছাত্র-ছাত্রীব যোগাযোগ দক্ষতা উন্নত কৰে।

১১। আলোচনা পদ্ধতিৰ মুখ্য উদ্দেশ্য কি?

উত্তৰ: আলোচনা পদ্ধতিব মুখ্য উদ্দেশ্য হ’ল সমালোচনাত্মক চিন্তাধাৰা বৃদ্ধি কৰা আৰু সক্রিয় অংশগ্রহণ উৎসাহিত কৰা।

১২। কৰ্মৰ মাজেৰে শিক্ষণ পদ্ধতিৰ উদ্ভাবক কোন?

উত্তৰঃ কৰ্মৰ মাজেৰে শিক্ষাপ্রদান কৰা পদ্ধতিৰ উদ্ভাৱক আছিল প্রখ্যাত দার্শনিক ঝছো।

১৩। কার্যকলাপ পদ্ধতি শিশুকেন্দ্রিক কিয় বুলি কোৱা হয়?

উত্তৰঃ কাৰণ এই পদ্ধতিত শিক্ষাৰ কেন্দ্রবিন্দু হৈছে শিশুটিয়ে স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰি অভিজ্ঞতাৰ জৰিয়তে শিক্ষণ লাভ কৰা।

১৪। প্রকল্প কি?

উত্তৰঃ প্রকল্প হৈছে এক উদ্দেশ্যপূর্ণ কার্য, যাৰ বাবে শিক্ষক আৰু ছাত্র উভয়ৰে সমান অংশ গ্রহণৰ প্রয়োজন।

চমু প্রশ্নোত্তৰ

১। এটা উপযুক্ত উদাহৰণৰ সহায়ত শিক্ষণৰ ধাৰণাটো ব্যাখ্যা কৰা। উত্তৰঃ শিশুৱে জন্মলোৱাৰ লগে লগে জীৱনৰ প্ৰাথমিক কৰ্মসমূহ যেনে খোৱা, গা ধোৱাঁ, কাপোৰ পিন্ধা আদি নিজে কৰিব নোৱাৰে আৰু এইবোৰৰ বাবে পৰিপুৰ্ণভাৱে পৰনিৰ্ভৰশীল হয়। ধীৰে ধীৰে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে শিশুৱে এই কাৰ্যসমূহ শিকি লয় আৰু স্বাধীনভাৱে কৰিব পৰা আৰম্ভ কৰে। এই প্ৰক্ৰিয়াকেই শিক্ষণ বুলি কোৱা হয়। শিক্ষণৰ এই প্ৰক্ৰিয়া জীৱনৰ আৰম্ভণিৰ পৰা মৃত্যু পৰ্যন্ত অব্যাহত থাকে।

২। শিক্ষণ প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য কি? উত্তৰঃ শিকোৱা প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষণৰ লক্ষ্যসমূহ (Teaching Objectives) সুচাৰুৰূপে বাস্তবায়ন কৰা। সুচল আৰু কৃতকাৰ্যতাপূর্ণ শিকণ (Teaching) শিকা প্ৰক্ৰিয়া (Learning) আনন্দদায়ক, স্পষ্ট আৰু ফলপ্ৰসূ কৰি তোলে। শিক্ষণৰ মূল উদ্দেশ্য হৈছে মানৱ আচৰণৰ তিনিটা মুখ্য ক্ষেত্ৰ—সংজ্ঞানাত্মক (Cognitive), ভাৱ-অনুভূতিমূলক (Affective) আৰু ক্রিয়ামূলক (Psychomotor) ক্ষেত্ৰৰ ক্ষমতা আৰু শক্তিক বিকাশ কৰি আচৰণত সুসংগঠিত পৰিৱৰ্তন আনা। মানুহৰ আচৰণৰ পৰিবৰ্তন আৰু ৰূপান্তৰ প্ৰক্ৰিয়াকেই শিক্ষণ বুলি কোৱা হয়। শিক্ষণ এটা উদ্দেশ্যপূৰ্ণ প্ৰক্ৰিয়া, য’ত লক্ষ্যত উপনীত হোৱা আৰু সমস্যাৰ সমাধান কৰাটো শিক্ষণৰ মুখ্য উদ্দেশ্য।

৩। ‘কাম’ (Work) আৰু ‘খেল’ (Play)ৰ মাজত পাৰ্থক্য বিচাৰ কৰা। উত্তৰঃ কাম আৰু খেলৰ মাজত কিছুমান মৌলিক পাৰ্থক্য আছে— (ক) কাম সাধাৰণতে বাধ্যতামূলক আৰু পৰিশ্ৰমৰ সৈতে জড়িত, কিন্তু খেল আনন্দদায়ক আৰু মনোরঞ্জনমূলক হয়। (খ) কামত দায়িত্ব বা কৰ্তব্য থাকে, খেলত অংশগ্ৰহণ স্বতঃস্ফূর্ত আৰু ইচ্ছামাফিক হয়। (গ) কাম কৰোঁতে শাৰীৰিক পৰিশ্ৰমৰ ফলস্বৰূপ দেহত ক্লান্তি অনুভৱ হয়, খেলত শাৰীৰিক পৰিশ্ৰমো আনন্দ আৰু আনন্দদায়ক অভিজ্ঞতাৰ অংশ হিচাপে ধৰা হয়। (ঘ) কামত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন হয়, আৰু মনোযোগ দিলে ক্লান্তি বা চাপ অনুভৱ হয়; খেলত মনোযোগ দিয়াৰ পাছতো ক্লান্তি কম অনুভৱ হয়। (ঙ) কামৰ সময়, স্থান আৰু নিয়মত সীমাবদ্ধতা থাকে, খেলত অংশগ্ৰহণ অধিক স্বাধীন আৰু নমনীয় হয়।

৪। আলোচনা পদ্ধতি কি আৰু ইয়াৰ উপাদানবোৰ কি কি?

উত্তৰঃ আলোচনা পদ্ধতি হৈছে এক শিক্ষণ কৌশল য’ত শ্রেণীকোঠাত শিক্ষকৰ নিৰ্দেশনাৰ অধীনত শিক্ষার্থীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি পৰস্পৰে ধাৰণা আৰু মতামত বিনিময় কৰে।

            ইয়াৰ মুখ্য উপাদানসমূহ হ’ল—

(ক) কেন্দ্ৰীয় বিষয় বা সমস্যা, যাৰ ওপৰত আলোচনা চলিব।

(খ) ছাত্র-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ।

(গ) শিক্ষকৰ নেতৃত্ব, দিশ-নির্দেশ আৰু পৰিচালনা।

(ঘ) উদ্দেশ্যপ্ৰসূত ধাৰণাৰ বিনিময়।

(ঙ) সামাজিক আন্তঃক্ৰিয়া, সমন্বয় আৰু আত্মনিৰীক্ষণ।

        আলোচনা পদ্ধতিয়ে শিক্ষার্থীৰ চিন্তাশক্তি, আত্মবিশ্বাস আৰু বিষয়বস্তুৰ গভীৰ বুজাবুজি উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।

৫। G. Polya ৰ চাৰি তৰফীয়া সমস্যা সমাধান পদ্ধতিটো কি?

উত্তৰঃ ডঃ G. Polya বিংশ শতিকাৰ এজন প্ৰখ্যাত গণিত শিক্ষক। তেওঁৰ মতে সমস্যা সমাধানৰ দক্ষতা শিক্ষাৰ যোগ্য আৰু অনুশীলনৰ জৰিয়তে বিকাশ ঘটাব পাৰি; ই জন্মগত গুণ নহয়। Polyaয়ে যিকোনো সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় চাৰি মূল ধাপ উল্লেখ কৰিছিল—

(ক) সমস্যাটো সম্পূৰ্ণৰূপে বুজি লোৱা।

(খ) সমস্যাৰ সমাধানৰ বাবে এটা পৰিকল্পনা বা কৌশল প্ৰস্তুত কৰা।

(গ) তৈয়াৰ কৰা পৰিকল্পনাটো কাৰ্যকৰীভাৱে ৰূপায়ণ কৰা।

(ঘ) ফলাফল পৰীক্ষা কৰা আৰু আগতে হোৱা পদক্ষেপসমূহৰ মূল্যায়ন কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top