Gauhati University BA 5th Sem Education (Major & Minor) Chapter 3 ” ছাত্ৰ-ছাত্ৰীৰ লগত সম্পর্কযুক্ত সমস্যাসমূহ” Solution | FYUGP 5th Sem Education Paper 10 Chapter 3 Answer | 2025-2026 |

 ছাত্ৰ-ছাত্ৰীৰ লগত সম্পর্কযুক্ত সমস্যাসমূহ

অতি চমু প্রশ্নোত্তৰ

১। যুৱ উচ্ছৃংখলতাৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ নিবনুৱা সমস্যা যুৱ উচ্ছৃংখলতাৰ এটা কাৰণ।

২। বিদ্যায়তনিক বিশৃংখলতাৰ প্ৰতিকাৰৰ এটা উপায় উল্লেখ কৰা।

উত্তৰঃ নৈতিক মূল্যবোধৰ বিকাশ সাধন বিদ্যায়তনিক বিশৃংখলতাৰ প্ৰতিকাৰৰ এটা উপায়।

৩। নিবনুৱা কি?

উত্তৰঃ নিবনুৱা হৈছে যোগ্য কৰ্তাৰ কাম আৰু মজুৰি নোপোৱাৰ অৱস্থা।

৪। শিক্ষিত নিবনুৱা প্ৰতিকাৰৰ এটা উপায় উল্লেখ কৰা।

উত্তৰঃ বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষা প্রদান শিক্ষিত নিবনুৱা প্ৰতিকাৰৰ এটা উপায়।

৫। যুৱ উচ্ছৃংখলতা মানে কি?

উত্তৰঃ যুৱ উচ্ছৃংখলতা হৈছে যুৱ সমাজৰ অশান্ত, অনুশাসনহীন আৰু বিদ্রোহমূলক মনোভাৱৰ সামাজিক সমস্যা।

৬। যুৱ উচ্ছৃংখলতা প্রতিকাৰৰ এটা উপায় লিখা।

উত্তৰ: মূল্যবোধৰ শিক্ষা প্রদান যুৱ উচ্ছৃংখলতা প্ৰতিকাৰৰ এটা উপায়।

৭। পৰীক্ষাৰ উদ্বেগ কি?

উত্তৰ: পৰীক্ষাৰ উদ্বেগ হৈছে বিপদৰ আশংকাত মানসিক চাপ বৃদ্ধি হোৱাৰ অৱস্থা।

৮। নিবনুৱাৰ এটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ গাঁথনিগত নিবনুৱা হৈছে নিবনুৱাৰ এটা প্ৰকাৰ।

৯। শিক্ষিত নিবনুৱাৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ বৃত্তিমূলক শিক্ষাৰ অভাৱ শিক্ষিত নিবনুৱাৰ এটা কাৰণ।

১০। যুৱ উচ্ছৃংখলতাৰ এটা প্ৰকাৰৰ নাম লিখা।

উত্তৰঃ বিদ্যায়তনিক বিশৃংখলতা হৈছে যুৱ উচ্ছৃংখলতাৰ এটা প্ৰকাৰ।

১১। বিদ্যায়তনিক বিশৃংখলতাৰ এটা কাৰক উল্লেখ কৰা।

উত্তৰঃ ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা বিদ্যায়তনিক বিশৃংখলতাৰ এটা কাৰক।

১২। উদ্বেগৰ এটা লক্ষণ লিখা।

উত্তৰ: উদ্বেগৰ এটা লক্ষণ হৈছে ভয়ভাৱ আৰু মানসিক চাপ বৃদ্ধি।

১৩। নিবনুৱা সমস্যাৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ এটা কাৰণ।

চমু প্রশ্নোত্তৰ

১। পৰীক্ষা উদ্বেগৰ অৰ্থ লিখা।

উত্তৰঃ পৰীক্ষা উদ্বেগ হৈছে পৰীক্ষাৰ সময়ত বা পৰীক্ষাৰ আগমুহূৰ্তত দেখা দিয়া এটা মানসিক অৱস্থা, য’ত অযথা ভয়, চিন্তা আৰু মানসিক চাপ বৃদ্ধি পায়। ই সাধাৰণতে ফলাফলৰ বিষয়ে উৎকণ্ঠা, বিফলতাৰ ভয়, আত্মবিশ্বাসৰ অভাৱ আৰু নেতিবাচক চিন্তাধাৰাৰ সৈতে জড়িত থাকে।

২। পৰীক্ষা উদ্বেগৰ পাঁচটা কাৰণ লিখা।

উত্তৰ: পৰীক্ষা উদ্বেগৰ পাঁচটা কাৰণ হ’ল-

(ক) বিফলতাৰ ভয়: সাফল্য নোপোৱাৰ শংকা

(খ) উচ্চ শৈক্ষিক প্রত্যাশা: নিজে, পিতৃ-মাতৃ বা শিক্ষকৰ অধিক আশা।

(গ) প্ৰস্তুতিৰ অভাৱঃ সঠিক সময়ত অধ্যয়ন নকৰা বা বিলম্ব।

(ঘ) সমনীয়াৰ চাপঃ সহপাঠীৰ সৈতে তুলনা কৰি মানসিক চাপ বৃদ্ধি।

(ঙ) অভিভাৱকৰ চাপ: ল’ৰা-ছোৱালীৰ ওপৰত অধিক ফলাফলৰ প্রত্যাশা।

৩। নিবনুৱা সমস্যাৰ পাঁচটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ নিবনুৱা সমস্যাৰ পাঁচটা কাৰণ হ’ল-

(ক) জনসংখ্যা বৃদ্ধি

(খ) অর্থনৈতিক বিকাশৰ ধীৰ গতি

(গ) বৃত্তিমূলক শিক্ষাৰ অভাৱ

(ঘ) উদ্যোগৰ অভাব

(ঙ) চৰকাৰী চাকৰিত অতিমাত্রা প্রবণতা

৪। শিক্ষিত নিবনুৱা প্ৰতিকাৰৰ পাঁচটা উপায় লিখা।

উত্তৰঃ শিক্ষিত নিবনুৱা প্ৰতিকাৰৰ পাঁচটা উপায় হ’ল-

(১) দক্ষতাভিত্তিক শিক্ষা প্রদান

(২) বৃত্তিমূলক আৰু কাৰিকৰী প্ৰশিক্ষণ

(৩) উদ্যোগ বিকাশ আৰু নতুন চাকৰিৰ সৃষ্টি

(৪) জনসংখ্যা নিয়ন্ত্রণ

(৫) কেৰিয়াৰ পৰামৰ্শ আৰু সচেতনতা বৃদ্ধি

৫। পৰীক্ষাৰ উদ্বেগ কি?

উত্তৰ: পৰীক্ষাৰ উদ্বেগ হৈছে পৰীক্ষাৰ সময়ত বা তাৰ আগত হোৱা ভয়, শংকা আৰু মানসিক চাপৰ অৱস্থা। ইয়াৰ ফলত হৃদস্পন্দন বেগ বৃদ্ধি, হাত-পা কঁপা, মনোযোগ হ্রাস, আৰু আত্মবিশ্বাস হেৰুৱা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top