Gauhati University BA 5th Sem Education (Major & Minor) Chapter 5 “পাঠ পৰিকল্পনা আৰু অনুশিক্ষণ” Solution | FYUGP 5th Sem Education Paper 9 Chapter 5 Answer | 2025-2026 |

পাঠ পৰিকল্পনা আৰু অনুশিক্ষণ

অতি চমু প্রশ্নোত্তৰ

১। পাঠ-পৰিকল্পনা কি?

উত্তৰঃ কোনো বিষয়ৰ পাঠদান কৰিবলৈ ওলোৱাৰ আগতে শিক্ষকে সুপৰিকল্পিতভাবে পাঠ প্রস্তুত কৰাকে পাঠ-পৰিকল্পনা বোলে।

২। অনুশিক্ষণ পদ্ধতিৰ এটা সীমাবদ্ধতা কি?

উত্তৰঃ ইয়াৰ বাবে ভিডিঅ’ টেপ, টেপ ৰেকৰ্ডাৰ আদিৰ দৰে ব্যয়বহুল সামগ্ৰীৰ প্ৰয়োজন হয়, যি সকলো ঠাইত উপলব্ধ নহয়।

৩। অনুশিক্ষণত ছাত্র-ছাত্রীৰ কিমান সংখ্যক দল ব্যৱহৃত হয়?

উত্তৰ: অনুশিক্ষণত সাধাৰণতে ৫-১০ জন শিক্ষার্থীৰ ক্ষুদ্র দল ব্যৱহৃত হয়।

৪। পাঠ-পৰিকল্পনাৰ প্ৰথম স্তৰ ‘প্রস্তাৱনা’ কি?

উত্তৰঃ পাঠ-পৰিকল্পনাৰ প্ৰথম স্তৰ প্রস্তাৱনাত পূর্বজ্ঞান পৰীক্ষা কৰাৰ লগতে ছাত্র-ছাত্রীৰ আগ্রহ, আকর্ষণ তথা অভিৰোচন সৃষ্টি কৰাৰ বাবে শিক্ষকে পাঠৰ লগত সংগতি ৰাখি প্রশ্ন সোধে। ছাত্র-ছাত্রীয়ে উত্তৰ দিবলৈ চেষ্টা কৰে।

৫। পাঠ-পৰিকল্পনাৰ ‘সামৰণি’ স্তৰ কি?

উত্তৰঃ এই স্তৰত পাঠৰ সাৰাংশ ছাত্ৰ-ছাত্ৰীৰ সক্রিয় সহযোগত আকৌ পুনৰ আলোচনা কৰিব। তাৰ পিছত শিক্ষকে গৃহকর্ম হিচাপে কিছুমান প্রশ্ন কৰিবলৈ দিব। এই স্তৰতে শিক্ষকে ব্ৰেকবোর্ড পৰিষ্কাৰ কৰাৰ কথাও অর্ন্তভুক্ত হৈ থাকে।

৬। অনুশিক্ষণত ‘প্রয়োগশালাৰ’ ভূমিকা কি?

উত্তৰ: অনুশিক্ষণ প্রক্রিয়া সফলভাৱে সম্পাদন কৰাৰ বাবে প্রয়োজনীয় যন্ত্রপাতি আৰু পৰিbsশৰ সুবিধা প্রদান কৰাই প্রয়োগশালাৰ উদ্দেশ্য।

৭। দক্ষতা মানে কি?

উত্তৰঃ দক্ষতা বোলোতে ব্যক্তিৰ কৰ্ম সম্পাদনৰ সামৰ্থ্য আৰু তাৰ কৌশলগত পাৰদর্শিতাৰ কথা বুজায়। দক্ষতা হৈছে ব্যক্তিৰ জ্ঞান আৰু বোধৰ পৰৱৰ্তী উন্নত ক্রিয়া পর্যায়।

৮। অনুশিক্ষণত ‘ফিডৰেক ‘ব উদ্দেশ্য কি?

উত্তৰঃ শিক্ষণ প্ৰক্ৰিয়াৰ দুৰ্বল দিশসমূহ চিনাক্ত কৰি সঠিক সংশোধনৰ সুযোগ দিয়াই ফিকেৰ মুখ্য উদ্দেশ্য।

৯। অনুশিক্ষণ পদ্ধতি প্রথমে কোনে আৰু কেতিয়া বিকাশ কৰিছিল?

উত্তৰঃ ডি. ডব্লিউ, এলেনে ১৯৬৩ চনত কেলিফোর্নিয়াৰ ষ্টেনফোর্ড বিশ্ববিদ্যালয়ত অনুশিক্ষণ পদ্ধতি বিকাশ কৰিছিল।

১০। অনুশিক্ষণত সাধাৰণতে কিমান সময়ৰ পাঠ প্ৰস্তুত কৰা হয়?

উত্তৰঃ সাধাৰণতে ৫-৭ মিনিট সময়ৰ ক্ষুদ্র পাঠ প্রস্তুত কৰা হয়।

চমু প্ৰশ্ন উত্তৰঃ

১। পাঠ পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ পাঠ পৰিকল্পনা বুলিলে সেই প্ৰক্ৰিয়াক বুজোৱা হয় য’ত শিক্ষকে শ্রেণীকোঠালৈ যোৱাৰ আগতে পাঠদান অধিক ফলপ্ৰসূ কৰিবলৈ সুপৰিকল্পিতভাৱে সকলো প্রস্তুতি গ্ৰহণ কৰে। অৰ্থাৎ কোনো বিষয়ৰ পাঠ শিক্ষকে আগতেই নিৰ্ধাৰিত ধাৰা, লক্ষ্য আৰু কৌশল অনুসৰি সাজি ৰখাই পাঠ-পৰিকল্পনা সম্পন্ন কৰে।

২। পাঠ-পৰিকল্পনাৰ স্তৰসমূহ কি কি?

উত্তৰঃ পাঠ-পৰিকল্পনাৰ বিভিন্ন স্তৰসমূহ হ’ল—

(১) প্ৰস্তাৱনা: পাঠ-পৰিকল্পনাৰ প্ৰথম স্তৰ হৈছে প্ৰস্তাৱনা। এই স্তৰত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আগৰ জ্ঞান পৰীক্ষা কৰে আৰু পাঠৰ প্ৰতি আগ্ৰহ, আকর্ষণ আৰু অভিৰুচি সৃষ্টি কৰাৰ বাবে সঙ্ৰহিত প্রশ্ন সোধে। ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ দিয়াৰ চেষ্টা কৰে। তাৰ পাছত শিক্ষকে পাঠৰ নাম আৰু লেখকৰ নাম ব্লেকবোর্ডত লিখি ঘোষণা কৰে আৰু ছাত্ৰ-ছাত্ৰীকো লিখিবলৈ ক’ব।

(২) উপস্থাপন: এই স্তৰটো বিস্তৃত। ইয়াত পাঠৰ সৰৱ পঠন, নীৰৱ পঠন বা আবৃত্তি কৰা হয়। প্রয়োজন অনুসৰি শব্দাৰ্থ ব্লেকবোর্ডত লিখি ছাত্ৰ-ছাত্ৰীক লিখিবলৈ দিয়াও হয়। গদ্য, পদ্য, ব্যাকৰণ, ৰচনা—যি পাঠেই হ’ক—তাৰ গভীৰ আলোচনা এই স্তৰত কৰা হয়। ইয়াত ছাত্ৰ-ছাত্ৰীৰ বোধ আৰু জ্ঞানৰ বিকাশ নিশ্চিত কৰা হয়। শিক্ষণীয় উপকৰণ আৰু ব্লেকবোর্ড প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰা হয়।

(৩) সামৰণি: এই স্তৰত পাঠৰ সাৰাংশ ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় সহযোগত পুনৰ আলোচনা কৰা হয়। তাৰ পাছত শিক্ষকে গৃহকর্ম হিচাপে কিছু প্ৰশ্ন দিয়াৰ ব্যৱস্থা কৰে। লগতে ব্লেকবোর্ড পৰিষ্কাৰ কৰাটোও এই স্তৰত অন্তর্ভুক্ত।

৩। উত্তম পাঠ-পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ উত্তম পাঠ-পৰিকল্পনাত পাঠদানৰ প্ৰতিটো স্তৰত কৰিবলগীয়া কাৰ্যসমূহৰ স্পষ্ট আৰু বিস্তৃত বিৱৰণ থাকিব লাগে। ইয়াত পাঠদানৰ সাধাৰণ আৰু বিশেষ উদ্দেশ্যসমূহ, ছাত্ৰ-ছাত্ৰীৰ পূর্বজ্ঞান পৰীক্ষা, শিক্ষাৰ্থীৰ আগ্ৰহ উদ্ৰেক কৰাৰ উপায় আৰু শিক্ষণীয় বিষয়বস্তুৰ সুসংগত নিৰ্দেশ উল্লেখ থাকে। পাঠদানৰ সময় গ্ৰহণ কৰিবলগীয়া কাৰ্যসমূহ, মূল্যায়নৰ ধাপ, প্ৰশ্নৰ নমুনা, শিক্ষণীয় সঁজুলি আৰু পাঠৰ মূল বিষয়বস্তুৰ সন্নিৱিষ্ট বিৱৰণ থাকাটোও আৱশ্যক। লগতে পাঠৰ সম্পৰ্কীয় অনুশীলন আৰু গৃহকৰ্মৰ নিৰ্দেশও অন্তর্ভুক্ত থাকিলে সেই পাঠ পৰিকল্পনাক উত্তম পাঠ-পৰিকল্পনা বুলি গণ্য কৰা হয়।

৪। দক্ষতামূলক পাঠ কি?

উত্তৰঃ বিদ্যালয়ত শিকোৱা যিবোৰ পাঠ্যই বিষয়ভিত্তিক তাত্ত্বিক জ্ঞান আৰু বোধৰ শিক্ষণ বিকাশৰ সলনি জীবনকেন্দ্রিক বিবিধ সমস্যাৰ ব্যৱহাৰিক সমাধানৰ উদ্দেশ্যে প্রয়োজনীয় অৰ্হতাৰ শিক্ষা আৰু অভিজ্ঞতা প্রদান কৰে, তেনে পাঠ্যকেইদক্ষতামূলক পাঠ বোলা হয়। এনে পাঠৰ অধ্যয়নৰ দ্বাৰা শিক্ষাৰ্থীৰ বিভিন্ন কামৰ দক্ষতা অর্জনত গুৰুত্ব দিয়া হয়। দক্ষতামূলক পাঠ এনে এক অধ্যয়ন পদ্ধতি য’ত ব্যৱহাৰিক জীৱনত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমাধানৰ অৰ্হতাৰ বিকাশত গুৰুত্ব দিয়া হয়। ইয়াত বাস্তৱ জীৱনৰ সমস্যাসমূহক শিক্ষাৰ অংগহিচাপে গণ্য কৰা হয়আৰু সমস্যাসমূহৰ বিভিন্ন পৰিকল্পনা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণ কার্য হিচাপে সম্পাদন কৰিবলৈ দিয়া হয়। ইয়াৰ ফলত তেওঁলোকে কৰ্মৰ মাজেৰে শিক্ষণ আহৰণৰ সুযোগ লাভ কৰে আৰু ইয়াৰ দ্বাৰা প্ৰকৃত জীৱবোধআৰু কৰ্মদক্ষতাৰ বিকাশ ঘটে।

দক্ষতামূলক পাঠৰ মূল বিশেষত্ব হৈছে ইয়াৰ কৰ্মমুখী আৰু উপযোগিতাকেন্দ্রিক অভিধাৰণা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top