Gauhati University BA 5th Sem History (Major course) Chapter 3 “সমাজ (১৬ শতিকাৰ মাজভাগৰ পৰা ১৮ শতিকালৈ)” Solution | FYUGP 5th Sem History Paper 11 Chapter 3 Answer | “সমাজ (১৬ শতিকাৰ মাজভাগৰ পৰা ১৮ শতিকালৈ)”

 সমাজ (১৬ শতিকাৰ মাজভাগৰ পৰা ১৮ শতিকালৈ

অতি চমু প্ৰশ্ন উত্তৰঃ

১। মোগল যুগত নিম্ন শ্ৰেণীৰ অন্তৰ্গত কোন আছিল?

উত্তৰঃ কৃষক, শ্রমিক, বাঢ়ৈ, সৰু ব্যৱসায়ী আৰু দোকানী।

২। কোনে ৰাজপুতসকলক মোগল অভিজাত শ্ৰেণীত অন্তর্ভুক্ত কৰিছিল?

উত্তৰঃ সম্রাট আকবৰে।

৩। আকবৰে কিহৰ বাবে ৰাজপুতসকলক অন্তর্ভুক্ত কৰিছিল?

উত্তৰঃ সাম্রাজ্য বিস্তাৰ, সামৰিক শক্তি বৃদ্ধি আৰু স্থানীয় আনুগত্য লাভৰ বাবে।

৪। ৰাজপুত-মোগল মৈত্ৰীৰ সাংস্কৃতিক ফলাফল কি আছিল?

উত্তৰঃ হিন্দু-মুছলমান সংস্কৃতিৰ সংমিশ্ৰণ আৰু নতুন জাতীয় সংস্কৃতিৰ সৃষ্টি।

৫। উলেমা শব্দৰ অৰ্থ কি?

উত্তৰঃ ইছলাম ধর্মীয় আইন আৰু দৰ্শনত বিদ্বান পণ্ডিত।

৬। উলেমাৰ ক্ষেত্ৰত আলাউদ্দিন খিলিজীৰ বিশেষত্ব কি আছিল?

উত্তৰ: তেওঁ উলেমাসকলৰ প্ৰভাৱৰ পৰা স্বাধীনভাৱে শাসন কৰিছিল।

৭। মাহজাৰনামা কি?

উত্তৰঃ ১৫৭৯ চনত আকবৰে জাৰি কৰা ঘোষণা পত্র, য’ত ধর্মীয় বিষয়ত চূড়ান্ত সিদ্ধান্তৰ অধিকাৰ সম্ৰাটৰ হাতত ৰাখিছিল।

৮। চুফী শব্দৰ উৎপত্তি কিহৰ পৰা হৈছে?

উত্তৰ: Suf (পবিত্র) আৰু Surf (উন কাপোৰ) শব্দৰ পৰা।

৯। চুফীসকলৰ আধ্যাত্মিক কেন্দ্ৰক কি বুলি কোৱা হয়?

উত্তৰঃ খানকাহ।

১০। নক্ষবন্দী নীতিৰ ভিতৰত ‘Hosh dar Dam’ ৰ অৰ্থ কি?

উত্তৰঃ ঈশ্বৰৰ নামত সচেতনভাবে শ্বাস-প্রশ্বাস লোৱা।

১২। ভাৰতৰ প্ৰথমগৰাকী চুফী সন্ত কোন আছিল?

উত্তৰঃ আলী-এল-হুজৱিৰী।

১৩। Mahzar মানে কি?

উত্তৰঃ সম্ৰাটৰ হাতে ধৰ্মীয় সিদ্ধান্তৰ অধিকাৰ দিয়া ঘোষণা পত্র।

১৪। খিদমতৰ অৰ্থ কি?

উত্তৰঃ সেৱা।

১৫। খানুৱাৰ যুদ্ধ কেতিয়া হৈছিল?-

উত্তৰঃ ১৫২৭ খ্রীষ্টাব্দত।

১৬। চুফীসকলৰ উল্লেখনীয় সাহিত্যিক দুজনৰ নাম কি?

উত্তৰ: আমীৰ খচৰু আৰু বুলেচাহ।

১৭। মোগল সম্রাটসকলৰ মাজত চুফীসকলৰ প্ৰভাৱত আটাইতকৈ উল্লেখযোগ্য কোন আছিল?

উত্তৰ: আকবৰ, যিয়ে চুফীবাদক পূর্ণ সমর্থন দিছিল।

১৮। আকবৰে কাৰ ৰাজহ নীতিৰ পৰা প্ৰেৰণা লৈছিল?

উত্তৰ: ছেৰছাহৰ পৰা।

১৯। পোলাজ মাটি মানে কি?

উত্তৰ: প্ৰতিবছৰে খেতি কৰা মাটি।

২০। নাছক প্রথা কেনেকুৱা আছিল?

উত্তৰঃ শস্য সিঁচাৰ সময়তে আনুমানিক ৰাজহ নিৰ্ধাৰণৰ পদ্ধতি।

২১। পাহিকাশত কৃষক কোন?

উত্তৰঃ নিজস্ব মাটি নথকা, আন গাঁৱৰ পৰা আহি খেতি কৰা কৃষক।

চমু প্ৰশ্ন উত্তৰঃ

১। আকবৰে ৰাজপুতসকলক মোগল অভিজাত শ্রেণীত অন্তর্ভুক্ত কৰাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ আকবৰৰ মূল উদ্দেশ্য আছিল ভাৰতত এখন স্থায়ী আৰু শক্তিশালী মোগল সাম্রাজ্য গঢ়ি তোলাৰ বাবে স্থানীয় শক্তিশালী গোটসমূহৰ, বিশেষকৈ ৰাজপুতসকলৰ, আনুগত্য আৰু সমর্থন লাভ কৰা। এই নীতিয়ে ৰাজনৈতিক স্থিৰতা আনিছিল, তুৰাণী অভিজাতসকলৰ আধিপত্য হ্রাস কৰিছিল আৰু সাম্রাজ্য বিস্তাৰ সহজ কৰিছিল।

২। আকবৰৰ ৰাজপুত নীতিয়ে মোগল সাম্রাজ্যত কেনেকুৱা প্ৰভাৱ পেলাইছিল?


উত্তৰঃ এই নীতিয়ে মোগলৰ সামৰিক শক্তি বৃদ্ধি কৰিছিল, স্থানীয় জনসাধাৰণৰ মাজত মোগলৰ গ্ৰহণযোগ্যতা আৰু সমর্থন বঢ়াইছিল আৰু হিন্দু-মুছলমানৰ মাজত সাংস্কৃতিক সংমিশ্রণ ঘটাইছিল।

৩। আকবৰে ৰাজপুতসকলৰ প্ৰতি কি ধর্মীয় নীতি গ্রহণ কৰিছিল?

উত্তৰঃ আকবৰে ধৰ্মীয় সহিষ্ণুতাৰ নীতি গ্রহণ কৰিছিল। তেওঁ হিন্দুসকলৰ ওপৰত আৰোপিত জিজিয়া কৰ আৰু তীৰ্থকৰ উঠাই দিছিল, মন্দিৰ নিৰ্মাণ আৰু ধর্মীয় উৎসৱৰ স্বাধীনতা দিছিল, সতীদাহ আৰু বাল্যবিবাহৰ দৰে কু-প্ৰথাৰ বিৰুদ্ধে পদক্ষেপ লৈছিল আৰু বিধৱা বিবাহক উৎসাহ দিছিল।

৪। আকবৰৰ ৰাজসভা শুৱনি কৰা দুজন ৰাজপুত নেতাৰ নাম উল্লেখ কৰা।

উত্তৰ: আকবৰৰ ৰাজসভা শুৱনি কৰা দুজন খ্যাতনামা বাজপুত নেতা আছিল বজা ভগৱান দাস আৰু মান সিংহ।

৫। মোগল যুগৰ সমাজৰ চাৰিটা শ্ৰেণী কি কি আছিল?

উত্তৰ: মোগল সমাজৰ চাৰিটা প্রধান শ্ৰেণী আছিল- (খ) ৰজা আৰু ৰাজকুমাৰসকল, (খ) অভিজাত শ্রেণী, (গ) মধ্যবিত্ত শ্রেণী, (ঘ) নিম্ন শ্রেণী।

৬। আকবৰক অনুপ্রাণিত কৰা ৰাজপুতসকলৰ দুটা গুণ উল্লেখ কৰা।

উত্তৰঃ ৰাজপুতসকলৰ শৌর্য-সাহস আৰু জাতীয়তাবোধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top