Gauhati University BA 5th Sem History (Major course) Chapter 4 “অর্থনীতি (১৬ শতিকাৰ মাজভাগৰ পৰা ১৮ শতিকালৈ)” Solution | FYUGP 5th Sem History Paper 11 Chapter 4 Answer | অর্থনীতি (১৬ শতিকাৰ মাজভাগৰ পৰা ১৮ শতিকালৈ)

 অর্থনীতি (১৬ শতিকাৰ মাজভাগৰ পৰা ১৮ শতিকালৈ)

অতি চমু প্ৰশ্ন উত্তৰঃ

১। মোগল যুগৰ বস্ত্ৰশিল্পৰ বাবে কোন ঠাই বিখ্যাত আছিল?

উত্তৰঃ ঢাকা, উৰিষ্যা, পূর্ব বংগ, বাৰানসী আদি।

২। মোগল যুগৰ মুদ্রা ব্যৱস্থাত তামৰ মুদ্ৰাক কি কোৱা হৈছিল?

উত্তৰঃ দাম (Dam)।

৩। জাহাঙ্গীৰৰ মুদ্ৰাৰ বিশেষ বৈশিষ্ট্য কি আছিল? 

উত্তৰঃ শিল্পমণ্ডিত আৰু নিজ নাম-প্রতিকৃতি খোদিত।

৪। মোগল যুগত বজাৰ ব্যৱস্থাৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ বাণিজ্য বৃদ্ধি, সামগ্ৰীৰ যোগান নিশ্চিতকৰণ আৰু মূল্য স্থিৰ ৰখা।

৫। মোগল সম্রাটে বজাৰ কেনেকৈ নিয়ন্ত্রণ কৰিছিল?

উত্তৰঃ দাম, ওজন-মাপ আৰু বাণিজ্যিক লেনদেনত প্রশাসনিক নিয়ন্ত্ৰণ ৰাখি।

৬। ‘Hundi’ কি?

উত্তৰ: ‘Hundi’ হৈছে এক ধৰণৰ লিখিত অনুজ্ঞাপত্র বা ক্ষমতাপত্র, যি টকাৰ সলনি ব্যৱসায়িক লেনদেনত ব্যৱহাৰ কৰা হৈছিল।

৭। মোগল যুগৰ এটা শিল্প উল্লেখ কৰা।

উত্তৰঃ বস্ত্ৰশিল্প।

৮। তাজমহল ক’ত অৱস্থিত?


উত্তৰ: আগ্রাত।

৯। ভাৰতলৈ অহা প্রথম ইউৰোপীয় জাতিটো কি আছিল?

উত্তৰঃ পর্তুগীজ।

১০। মোগল যুগত কোন কোন নতুন শস্যৰ খেতি আৰম্ভ হৈছিল?

উত্তৰঃ আলু, মাকৈ, কফী, তামাকু, তুলা, নীল আদি।

১১। ইউৰোপীয়সকলে কোন কোন ঠাইত বাণিজ্যিক কুঠি স্থাপন কৰিছিল?

উত্তৰঃ গোৱা, বোম্বে, কলিকতা আৰু মাদ্রাজত।

১২। ইউৰোপীয়সকলে কোন কোন ঠাইত বাণিজ্যিক কুঠি স্থাপন কৰিছিল?

উত্তৰঃ গোৱা, বোম্বে, কলিকতা আৰু মাদ্রাজত।

১৩। কোনজন মোগল সম্রাটৰ দিনত ‘মহাশ্বেতা’ পথ নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ শ্বেৰশাহ সূৰী।’

১৪। মোগল যুগৰ নগৰৰ জল-ব্যৱস্থাৰ বিশেষ দিশ কি আছিল?

উত্তৰ: পুখুৰী, কুঁৱা আৰু সঠিক জল নিষ্কাশন ব্যবস্থা।

১৫। মোগল যুগৰ খ্যাতনামা স্থাপত্য নিদৰ্শনৰ উদাহৰণ দিয়া।

উত্তৰঃ তাজমহল (আগ্রা), লালকিলা আৰু জামে মছজিদ (দিল্লী)।

চমু প্ৰশ্ন উত্তৰঃ

১। মোগল যুগৰ দুবিধ শিল্পব নাম লিখা।

উত্তৰঃ স্থাপত্য শিল্প আৰু চিত্রকলা শিল্প।

২। আকবৰৰ দিনৰ দুজন চিত্রশিল্পীৰ নাম লিখা।

উত্তৰঃ আবদুল সমদ আৰু মীৰ সাইয়েদ আলী।

৩। মোগল যুগত উৎপন্ন হোৱা শস্যবোৰৰ ভাগ দুটা কি কি?

উত্তৰঃ খাদ্যশস্য আৰু নগদ শস্য।

৪। মোগল যুগত নতুন শস্যৰ খেতি কেনেদৰে আৰম্ভ হৈছিল আৰু ইয়াৰ প্ৰভাৱ কি আছিল?


উত্তৰ: যোল আৰু সোতৰ শতিকাত মোগল যুগত বহু নতুন শস্যৰ প্ৰবেশ হৈছিল। আফ্রিকা আৰু স্পেইনৰ পৰা গমধান, আমেৰিকাৰ পৰা আলু, বিলাহী, জলকীয়া, মাটিকঁঠাল, অমিতা, কাজুবাদাম আদি আহিছিল। এই শস্যবোৰ পশ্চিম উপকূলত আৰম্ভহৈ শীঘ্ৰেই সমগ্ৰ ভাৰতলৈ বিস্তৃত হৈছিল। পূব উপকূলৰ তামিল অঞ্চল আৰু কাশ্মীৰত ধানৰ বিশেষ প্ৰজাতিৰ খেতি কৰা হৈছিল। ধপাতৰ খেতিও বিশেষভাবে চুৰাট অঞ্চলত বিস্তৃত হৈছিল, যদিও জাহাঙ্গীৰে এক সময় নিষিদ্ধ কৰিছিল। নতুন শস্যৰ প্রচলনে কৃষি বৈচিত্ৰ বৃদ্ধি কৰিলে আৰু খাদ্যৰ প্ৰাচুৰ্য আনিলে।

৫। মোগল যুগত বাণিজ্যিক উন্নতিত ‘হুন্দি’ৰ ভূমিকা কি আছিল? 


উত্তৰঃ মোগল যুগত ‘হুন্দি’ বাণিজ্যিক লেনদেনৰ এক গুৰুত্বপূৰ্ণ মাধ্যম আছিল। হুন্দি মূলত এখন লিখিত অনুজ্ঞাপত্র বা প্রতিশ্রুতি পত্ৰ, যাৰ মাধ্যমেৰে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ পোৱা অর্থ নিৰাপদভাবে পঠিওৱা হৈছিল। ইয়াৰ দ্বাৰা নগদ ধন বহন কৰাৰ বিপদ এৰাই পোৱা গৈছিল। দীর্ঘপথীয় বাণিজ্যত, বিশেষকৈ আগ্রা, লাহোর, আহমেদাবাদ, পাটনা, হুগলী আদি কেন্দ্ৰৰ মাজত, হুন্দিয়ে বেপাৰ-বাণিজ্যৰ গতি বৃদ্ধি কৰিলে। শেঠ, বোহৰা, মোডী আদি ধনশালী ব্যবসায়ী আৰু বণিকসকলে ইয়াৰ ব্যৱহাৰ কৰিছিল।

৬। মোগল যুগত চুৰাটৰ উত্থান কিয় আৰু কেনেকৈ হৈছিল?


উত্তৰ: গুজৰাটৰ চুৰাট মোগল যুগত আভ্যন্তৰীণ আৰু বৈদেশিক বাণিজ্যৰ প্ৰধান কেন্দ্র আছিল। ১৫৭৩ চনত মোগলসকলে চুৰাট জয় কৰাৰ পিছত ইয়াৰ বন্দৰ দাক্ষিণাত্য, মধ্য এছিয়া, ইউৰোপ আৰু চীনৰ সৈতে বাণিজ্যৰ গুৰুত্বপূৰ্ণ গেটবে’ হ’ল। কপাহ, বেচম, মছলা, হীৰাৰ বাবে চুৰাট বিখ্যাত আছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top