Gauhati University BA 5th Sem Political Science (Major Course) Chapter 1 “তুলনামূলক ৰাজনীতিৰ পৰিচয়” Solution | FYUGP 5th Sem Political Science Paper 11 Chapter 1 Answer | 2025-2026 |

তুলনামূলক ৰাজনীতিৰ পৰিচয়

অতি চমু প্ৰশ্ন উত্তৰঃ

১। তুলনামূলক ৰাজনীতি অধ্যয়নৰ উদ্দেশ্য কি?

উত্তৰ : ৰাজনৈতিক ব্যৱস্থাৰ মিল আৰু পাৰ্থক্য বুজা আৰু সাধাৰণ নীতি নির্ণয়।

২। আধুনিক পদ্ধতিত কোন ধৰণৰ তথ্য ব্যৱহাৰ হয়?

উত্তৰঃ পৰিসংখ্যাগত আৰু বৈজ্ঞানিক তথ্য।

৩। পৰম্পৰাগত পদ্ধতিত ইতিহাসৰ ভূমিকা কেনেকুৱা?

উত্তৰ: অতীতৰ অভিজ্ঞতা আৰু ক্রমবিকাশ বুজিবলৈ অত্যন্ত গুৰুত্বপূর্ণ।

৪। ‘Structural-functional’ পদ্ধতি কোন বিজ্ঞানীয়ে প্রচলিত কৰিছিল?

উত্তৰঃ গ্যাব্রিয়েল এলমণ্ড।

৫। তুলনামূলক অধ্যয়নৰ ক্ষেত্ৰত বৰঙণি আগেবঢ়োৱা সমাজবিজ্ঞানী দুজনৰ নাম লিখা।

উত্তৰ: আগষ্ট ক’টে আৰু হাৰ্ডাৰ।

২০। তুলনামূলক চৰকাৰ আৰু ৰাজনীতি অধ্যয়নৰ পদ্ধতি দুটা কি কি?

উত্তৰ: পৰম্পৰাগত পদ্ধতি আৰু আধুনিক পদ্ধতি।

৬। তুলনামূলক ৰাজনীতি বুলিলে কি বুজায়?

উত্তৰ: পৃথক পৃথক দেশৰ ৰাজনৈতিক ব্যৱস্থা তুলনা কৰি অধ্যয়ন কৰাক তুলনামূলক ৰাজনীতি বোলে।

৭। তুলনামূলক ৰাজনীতিৰ দুটা মুখ্য উপাদান কি কি?

উত্তৰ: অর্থনৈতিক-সামাজিক পৰিৱেশ আৰু ৰাজনৈতিক প্রক্রিয়া।

৮। পৰম্পৰাগত পদ্ধতিৰ এখন বিশেষতা কি?

উত্তৰঃ বৰ্ণনামূলক আৰু ঐতিহাসিক দৃষ্টিভংগী প্রধান।

৯। আধুনিক তুলনামূলক ৰাজনীতিৰ দুটা মুখ্য বৈশিষ্ট্য কি?

উত্তৰ: বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ আৰু আন্তঃবিষয়ক দৃষ্টিভংগী।

১০। তুলনামূলক ৰাজনীতিৰ অধ্যয়ন কেনেকৈ নীতি-গঠন প্রক্রিয়াত সহায় কৰে?

উত্তৰ: বিভিন্ন দেশৰ সফল আৰু বিফল নীতিৰ তুলনা কৰি উন্নত নীতি নির্মাণত সহায় কৰে।

১১। তুলনামূলক চৰকাৰ আৰু ৰাজনীতি অধ্যয়নৰ পদ্ধতি উদ্ভাৱন কৰা ৰাজনীতি বিজ্ঞানী দুজন কোন কোন?

উত্তৰঃ গেব্রিয়েল আৰু চাৰ্লছ মেৰিয়ম।

১২। তুলনামূলক চৰকাৰ আৰু ৰাজনীতি অধ্যয়নৰ পদ্ধতি দুটা কি কি?

উত্তৰ: পৰম্পৰাগত পদ্ধতি আৰু আধুনিক পদ্ধতি।

১৩। তুলনামূলক অধ্যয়নৰ ক্ষেত্ৰত বৰঙণি আগেবঢ়োৱা সমাজবিজ্ঞানী দুজনৰ নাম লিখা।

উত্তৰ: আগষ্ট ক’টে আৰু হাৰ্ডাৰ।

চমু প্ৰশ্ন উত্তৰঃ 

১। ৰাজনীতি বুলিলে কি বুজা যায়?

উত্তৰঃ ৰাজনীতি শব্দটোক ব্যাখ্যা কৰা সময়ত পণ্ডিতসকলৰ মতভেদ থাকিলেও মূল ধাৰণাটো একে — ৰাষ্ট্র, চৰকাৰ আৰু ক্ষমতাক কেন্দ্র কৰি হোৱা আলোচনা হৈছে ৰাজনীতি। কোনো সমাজত ক্ষমতা কিদৰে সৃষ্টি হয়, কিদৰে বণ্টন হয় আৰু কিদৰে ব্যৱহাৰ হয় সেইবোৰ বুজা-পড়া এই বিষয়ৰ মূল লক্ষ্য।

লাৱেলে ৰাজনীতিক বৰ্ণনা কৰিছে সমাজত প্ৰভাৱশালী ব্যক্তি আৰু গোটৰ কার্যকলাপ বিশ্লেষণ হিচাপে। লাস্কিৰ মতে সংগঠিত বিষয়ে মানৱ জীৱনৰ পৰ্যালোচনাই ৰাজনীতি। আধুনিক চিন্তাবিদ এলান বোল কয় ৰাজনৈতিক ক্ষমতাই এই বিষয়ৰ কেন্দ্ৰবিন্দু। লাচওৱেলৰ দৃষ্টিত ক্ষমতা কিদৰে গঢ়ি উঠে আৰু ভাগ-বতৰা হয় তাৰ অধ্যয়নেই ৰাজনীতি। ৰ’বাৰ্ট ডালে কয় যে ক্ষমতা, শাসন আৰু কর্তৃত্ব রাজনৈতিক আলোচনাৰ গুৰুত্বপূর্ণ উপাদান।

সারাংশস্বৰূপে কোৱা যায় — যি বিষয়ত ৰাষ্ট্ৰ, ক্ষমতা, নীতি, চৰকাৰ আৰু শাসনৰ ধাৰণাসমূহৰ অধ্যয়ন চলে, তাকেই ৰাজনীতি বোলা হয়।

২। তুলনামূলক চৰকাৰ আৰু ৰাজনীতি কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ আধুনিক যুগত তুলনামূলক চৰকাৰ আৰু ৰাজনীতি অত্যন্ত দ্ৰুতগতিত গুরুত্ব লাভ কৰিছে। বিজ্ঞান আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিতে বিশ্বজুৰি দেশসমূহে একেঘাটু পাৰস্পৰিক সম্পৰ্ক গঢ়ি তুলিছে। ইয়াৰ ফলত এখন ৰাষ্ট্ৰে অন্য ৰাষ্ট্ৰৰ ৰাজনৈতিক ধাৰণা, নীতি আৰু শাসন পদ্ধতি অধ্যয়ন কৰাৰ সুযোগ পাইছে।

এই অধ্যয়নে দেশক নিজৰ ৰাজনৈতিক ব্যৱস্থা উন্নত কৰিবলৈ নতুন দিশা দিয়ে। গুণাৰ হেক্সাৰৰ মতে, তুলনামূলক পৰ্যালোচনাই গুপ্ত তথ্যসমূহ উন্মোচন কৰি নিশ্চিত সিদ্ধান্ত গ্ৰহণ সহজ কৰে। এই পদ্ধতিয়ে ৰাজনীতিৰ বৈজ্ঞানিক ভেটি মজবুত কৰে আৰু নীতি-নির্ধাৰণ, প্রশাসন আৰু সংস্কাৰ কৌশল নিৰ্ধাৰণত সহায়ক হয়।

বিভিন্ন দেশৰ শাসন পদ্ধতিৰ গুণ-অপগুণ বিশ্লেষণ কৰি এগৰাকী শাসকে বা নীতি-প্ৰণয়নে নিজৰ দেশত সুস্থ, সক্ষম আৰু অধিক গণতান্ত্ৰিক ব্যৱস্থা গঢ়ি তুলিব পাৰে। তুলনামূলক অধ্যয়নে ৰাজনৈতিক জ্ঞান বিস্তৃত কৰে আৰু বহুমুখী দৃষ্টিভংগী সৃষ্টি কৰে।

এৰিষ্টটলেই প্ৰথমে বিভিন্ন সংবিধান তুলনা কৰি বিপ্লৱৰ কাৰণ আৰু প্ৰতিৰোধ সম্পৰ্কে মতামত দিছিল। ইয়াৰ ফলত তেওঁক তুলনামূলক চৰকাৰ ব্যৱস্থাৰ জনক বুলি মান থকা হয়।

৩। পৰম্পৰাগত পদ্ধতি বা প্রাচীন পদ্ধতিৰ সীমাবদ্ধতা বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ পৰম্পৰাগত বা প্ৰাচীন পদ্ধতি ৰাজনৈতিক অধ্যয়নৰ এক ঐতিহাসিক ভিত্তিক ধাৰা হলেও ইয়াৰ কেইবাটাও গুৰুত্বপূর্ণ সীমাবদ্ধতা আছে। এই পদ্ধতি মূলতঃ বৰ্ণনাত্মক আৰু অ-তুলনামূলক হওয়াত ইয়াৰ গণ্ডী সংকীর্ণ আৰু ফলাফল একপেশীয়া হয়।

প্ৰথমতে, এই পদ্ধতি পশ্চিমা উন্নত দেশৰ সাংবিধানিক আৰু প্রশাসনিক ব্যৱস্থাৰ অধ্যয়নলৈ সীমাবদ্ধ আছিল। অ-পশ্চিমী বা ভিন্ন সংস্কৃতিৰ দেশসমূহৰ ৰাজনৈতিক সংগঠন, আচৰণ বা সমস্যাৰ ওপৰত ইয়াত তেমন গুৰুত্ব দিয়া নাছিল। ফলত বৈশ্বিক বুজাপৰা গঢ়ি তোলাত এই পদ্ধতি অক্ষম আছিল।

দ্বিতীয়তে, এই পদ্ধতি মূলতঃ সংবিধান, চৰকাৰী গঠন আৰু বিধানিক কাঠামোৰ আলোচনা কৰা যদিও জনমত, প্রভাৱগোষ্ঠী, ৰাজনৈতিক আচৰণ, সমাজ-অৰ্থনৈতিক প্ৰভাৱ আদি উপাদানসমূহ সম্পূৰ্ণ উপেক্ষা কৰা হৈছিল। ই আন্তঃবিষয়ক বা সমাজ-বিজ্ঞানীয় দৃষ্টিভংগীকো গ্ৰহণ নকৰে।

ইতিহাস আৰু বৰ্ণনাতকৈ অধিক বৈজ্ঞানিক বিশ্লেষণৰ প্রয়োজন থাকিলেও প্ৰাচীন পদ্ধতি বিশ্লেষণাত্মক বা পৰিসংখ্যাগত নহয়। ইয়াৰ ফলত তুলনামূলক অধ্যয়ন, নতুন ধারণা আৰু সাধাৰণ নীতি বিকাশ সম্ভৱ নহ’ল।

সাঙোৰাকৈ কোৱা যায় যে এই পদ্ধতি সময়োপযোগী উন্নয়ন, সামাজিক পৰিবর্তন, ৰাজনৈতিক বৈচিত্র্য আৰু বৈজ্ঞানিক অধ্যয়নকো সঠিকভাৱে সমৰ্থন কৰিবলৈ সক্ষম নাছিল। সেইকাৰণে ইয়াক এক সীমিত আৰু স্থবিৰ দৃষ্টিভংগীযুক্ত পদ্ধতি বুলি গণ্য কৰা হয়।

৪। তুলনামূলক ৰাজনীতি অধ্যয়নৰ আধুনিক দৃষ্টিভংগী কি?

উত্তৰঃ পৰম্পৰাগত পদ্ধতিত থকা সংকীৰ্ণতা আৰু সীমাবদ্ধতাৰ ফলত ৰাজনীতি বিজ্ঞানীসকলে তুলনামূলক ৰাজনীতি অধ্যয়নৰ বাবে আধুনিক পন্থা বিকাশ কৰি তোলে। বিশেষকৈ আমেৰিকাৰ ৰাজনীতি চিন্তাবিদসকলে এই ধাৰণাৰ উন্নয়নত মুখ্য ভূমিকা লৈছিল। তেওঁলোকে বৈজ্ঞানিক দৃষ্টিভংগী, পদ্ধতিগত পৰিৱর্তন আৰু আন্তঃবিষয়ক তথ্যৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

এই পৰিপ্ৰেক্ষিতত মার্কিন যুক্তৰাষ্ট্ৰৰ ‘Comparative Politics Committee’ (তুলনামূলক ৰাজনীতি সমিতি)ৰ ভূমিকা উল্লেখযোগ্য। ১৯৫৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত এই সমিতియেই বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে আৰু আধুনিক দৃষ্টিভংগীৰ ভিত্তি স্থাপন কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এচিয়া আৰু আফ্ৰিকাৰ বহু নতুন স্বাধীন ৰাষ্ট্ৰৰ উৎপত্তি হয়। এই দেশবোৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিকভাৱে পশ্চিমা দেশসমূহৰ পৰা সম্পূৰ্ণ ভিন্ন আছিল। সাংস্কৃতিক বৈচিত্র্য আৰু পশ্চাদপদতাৰ সমস্যাই স্পষ্ট কৰি তোলে যে ঐতিহ্যগত পদ্ধতিয়ে এই দেশবোৰৰ অধ্যয়ন ব্যৱস্থা সমৰ্থন কৰিব নোৱাৰে। সেইকাৰণে নতুন পৰিকল্পনা, অধিক বৈজ্ঞানিক পদ্ধতি, পৰিসংখ্যাগত তথ্য, সমাজ-অৰ্থনৈতিক বিচাৰ আৰু আন্তঃসংস্কৃতিক বিশ্লেষণৰ আধাৰত আধুনিক দৃষ্টিভংগীৰ জন্ম হয়।

বহু গবেষকে দ্বিতীয় বিশ্বযুদ্ধক ঐতিহ্যগত আৰু আধুনিক তুলনামূলক ৰাজনীতিৰ বিভাজন রেখা বুলি গণ্য কৰিছে, কাৰণ যুদ্ধোত্তৰ সময়তেই আধুনিক পন্থাৰ ৰূপায়ণ আৰম্ভ হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top