Gauhati University BA 5th Sem Political Science (Major Course) Chapter 2 “ব্রিটিছ সংবিধানৰ পৰিচয়” Solution | FYUGP 5th Sem Political Science Paper 11 Chapter 2 Answer | 2025-2026 |

 ব্রিটিছ সংবিধানৰ পৰিচয়

অতি চমু প্রশ্নোত্তৰ

১। “গ্রেট ব্রিটেইনৰ সংবিধান বোলা কোনো বস্তু নাই”- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ডি. টকুইভেলি।

২। ব্রিটিছ সংবিধান মূলতঃ কি ধৰণৰ?

উত্তৰঃ অলিখিত সংবিধান।

৩। ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱত কোনজন ৰজা সিংহাসনচ্যুত হৈছিল?

উত্তৰঃ জেমছ দ্বিতীয়।

৪। অধিকাৰ চনদ (Bill of Rights) কিমান চনত গৃহীত হয়?

উত্তৰঃ ১৬৮৯ চনত।

৫। ব্রিটিছ প্রধানমন্ত্রী কোন গৃহৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা হয়?

উত্তৰঃ কমন্স সদন।

৬। কোন ৰাজবংশৰ দিনত ব্ৰিটিছ সংবিধানৰ বিকাশ আৰম্ভ হৈছিল?

উত্তৰ: চেক্সনসকলৰ দিনত।

৭। গৌৰৱময় বিপ্লৱৰ সময়ত ইংলেণ্ডৰ ৰজা কোন আছিল?

উত্তৰঃ দ্বিতীয় জেমছ।

৮। এংলো চেক্সনসকলৰ দিনত ইংলেণ্ডত সৰ্বমুঠ কিমানখন জনজাতীয় ৰাজ্য আছিল?

উত্তৰ: সাতখন।

৯। কোন চনত ইংলেণ্ডৰ সংসদত ‘Bill of Rights’বা মেগনাকার্টা গৃহীত হৈছিল?

উত্তৰঃ ১২১৫ চনত।

১০। কোন ৰাজবংশৰ শাসনকালত বৃটেইনত সংসদীয় ব্যৱস্থাৰ উৎপত্তি হয়?

উত্তৰ: নৰ্মান সকলৰ শাসন কালত।

১২। বৃটেইনত সাংবিধানিকভাবে কাৰ সাৰ্বভৌমত্বক স্বীকৃতি দিয়া হৈছে?

উত্তৰঃ সংসদৰ

চমু প্রশ্নোত্তৰ

১। ব্ৰিটিছ সংবিধানখনৰ দুটা গুৰুত্বপূৰ্ণ উৎসৰ নাম লিখা।

উত্তৰঃ ব্ৰিটিছ সংবিধানখনৰ দুটা গুৰুত্বপূৰ্ণ উৎসৰ নাম হ’ল- (ক) দেশাচাৰ আৰু

(খ) মহাচনদ আৰু চুক্তি

২। গৌৰৱময় বিপ্লৱৰ দুটা ফলাফল উল্লেখ কৰা।

উত্তৰ: গৌৰৱময় বিপ্লৱৰ দুটা ফলাফল হ’ল-

(১) ৰজাৰ ক্ষমতা সংকুচিত হয়, (২) সংসদৰ ক্ষমতা বৃদ্ধি পায়।

৩। বৃটেইনৰ সাংবিধানৰ দুখন লিখিত দলিলৰ নাম লিখা।

উত্তৰঃ বৃটেইনৰ সাংবিধানৰ দুখন লিখিত দলিলৰ নাম হ’ল-

(১) ১২১৫ চনৰ মহাচনদ আৰু

(২) ১৬৮৮ চনৰ অধিকাৰ বিল।

৪। বৃটেইনত প্রচলিত ৰাজনৈতিক দল দুটাৰ নাম কি কি?

উত্তৰঃ বৃটেইনত প্রচলিত ৰাজনৈতিক দল দুটাৰ নাম হ’ল-

(১) ৰক্ষণশীল দল আৰু

(২) বনুৱা দল।

৫। ব্ৰিটিছ সংবিধানৰ দুটা দেশাচাৰ উল্লেখ কৰা।

উত্তৰঃ ব্ৰিটিছ সংবিধানৰ দুটা দেশাচাৰ হ’ল-

(১) ৰজাই সংসদৰ অধিৱেশন আহ্বান, স্থগীত আৰু ভংগ কৰিব পাৰে।

(২) সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলটোৰ সভাপতিয়ে প্রধানমন্ত্রীত্ব লাভ কৰে।

৬। “ব্রিটিছ সংবিধান অভিজ্ঞতাৰ সৃষ্টি” কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ ব্ৰিটিছ সংবিধান অভিজ্ঞতাৰ সৃষ্টি। এই উক্তিটো ইংলেণ্ডৰ সংবিধানৰ ক্ষেত্ৰত প্রযোজ্য। ইংলেণ্ডৰ সংবিধানখনৰ এক অন্যতম বৈশিষ্ট হ’ল যে এই সংবিধানখন কোনো এক সংবিধান সভাই নির্দিষ্ট বছৰ বা তাৰিখত লিখি উলিওৱা নাই। এই সংবিধানখন বিভিন্ন উৎস বা সমলৰ সমষ্টি। 

Type by – Pankaj Saikia

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top