Gauhati University BA 5th Sem Political Science (Major Course) Chapter 4 “ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰিচয়” Solution | FYUGP 5th Sem Political Science Paper 11 Chapter 4 Answer | 2025-2026 |

ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰিচয়

অতি চমু প্রশ্নোত্তৰ

১। বর্তমান ছুইজাৰলেণ্ডত কিমানটা ক্যান্টন আছে?

উত্তৰঃ ২৬টা ক্যান্টন।

২। ছুইজাৰলেণ্ডৰ সংবিধানৰ বিশেষ বৈশিষ্ট্য কি?

উত্তৰ: প্রত্যক্ষ গণতন্ত্র (Direct Democracy)।

৩। Popular Initiative ব্যৱস্থাৰ জৰিয়তে নাগৰিকে কি কৰিব পাৰে?

উত্তৰঃ সংবিধান সংশোধনৰ প্ৰস্তাৱ আনিব পাৰে।

৪। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় কাৰ্যপালিকা কিমানজন সদস্যৰে গঠিত?

উত্তৰঃ ৭ জন।

৫। ছুইজাৰলেণ্ডৰ জাতীয় পৰিষদৰ সদস্যসকলক কোনে নির্বাচন কৰে?

উত্তৰ: ভোটদাতা সকলে।

৬। “ছুইজাৰলেণ্ডৰ সংবিধানখন এখন যুক্তৰাষ্ট্ৰীয় সংবিধান” (শুদ্ধ নে অশুদ্ধ লিখা)।

উত্তৰঃ শুদ্ধ।

৭। “ছুইজাৰলেণ্ডৰ সংবিধানখন এখন যুক্তৰাষ্ট্ৰীয় সংবিধান” (শুদ্ধ নে অশুদ্ধ লিখা)।

উত্তৰঃ শুদ্ধ।

৮। কেল্টন কি?

উত্তৰঃ ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেণ্টনসমূহ ইয়াৰ সদস্য ৰাষ্ট্ৰ।

৯। কমিউন কি?

উত্তৰঃ ছুইজাৰলেণ্ডৰ সবাটোকৈ নিম্নস্তৰৰ চৰকাৰী ৰেংৰসভাসদৃশ বিভাগ।

১০। ছুইজাৰলেণ্ডত প্ৰত্যক্ষ গণতন্ত্ৰৰ এটা উপাদান উল্লেখ কৰা।

উত্তৰঃ গণভোট।

১১। “ছুইজাৰলেণ্ডৰ সংবিধানখন এখন যুক্তৰাষ্ট্ৰীয় সংবিধান” (শুদ্ধ নে অশুদ্ধ লিখা)।

উত্তৰঃ শুদ্ধ।

১২। ছুইজাৰলেণ্ডৰ ফেডাৰেল কাউন্সিল ৫/৭/৯ জন সদস্যকলৈ গঠিত।

উত্তৰঃ ৭ জন।

১৩। ছুইজাৰলেণ্ডত ১৯/২০/২১ খন কেন্টন আছে। (শুদ্ধটো লিখা)

উত্তৰঃ ১৯ খন।

চমু প্রশ্নোত্তৰ

১। ছুইজাৰলেণ্ডৰ সংবিধানৰ ঐতিহাসিক বিকাশ বৰ্ণনা কৰা। উত্তৰঃ ছুইজাৰলেণ্ডৰ সংবিধানৰ বিকাশৰ ইতিহাস বহু প্রাচীন ৰাজনৈতিক পৰিবৰ্তনৰ ফল। নেপোলিয়ান যুদ্ধৰ পাছত দেশখনৰ ৰাজনৈতিক স্থিৰতাৰ প্ৰয়োজন দেখা দিয়ে। ১৮৪৮ চনত প্ৰথমবাৰ ছুইজাৰলেণ্ডে লিখিত সংবিধান গ্ৰহণ কৰে। এই সংবিধানৰ দ্বাৰা ছুইজাৰলেণ্ড ফেডাৰেল ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ গঠন দ্বিকক্ষবিশিষ্ট সংসদ, মৌলিক অধিকাৰ, আৰু ন্যায়পালিকাৰ ধাৰণা অন্তর্ভুক্ত কৰা হয়। ১৮৭৪ চনত সংবিধানত এক বিস্তৃত সংশোধন কৰা হয়। ইয়াৰ দ্বাৰা প্ৰত্যক্ষ গণতন্ত্ৰৰ উপাদান -বিশেষকৈ Referendum আৰু Popular Initiative – অধিক শক্তিশালী হয়। ইয়াৰ ফলত নাগৰিকসকলে সংসদৰ গৃহীত কোনো আইন নাকচ কৰিবলৈ গণভোট আহ্বান কৰিব পৰা বা সংবিধান সংশোধনৰ প্ৰস্তাৱ দিব পৰা অধিকাৰ লাভ কৰে।

২। ছুইজাৰলেণ্ডৰ সংবিধানৰ প্ৰধান বৈশিষ্ট্য লিখা।

উত্তৰ: হুইজাৰলেণ্ডৰ সংবিধানৰ কেইবাটাও উল্লেখযোগ্য বৈশিষ্ট্য আছে যিবোৰ ইয়াক বিশ্বৰ অন্যতম সফল গণতান্ত্রিক সংবিধান হিচাপে প্রতিষ্ঠা কৰিছে-
(ক) ফেডাৰেল কাঠামো: দেশখন ২৬টা ক্যান্টনত বিভক্ত। প্রতিটো ক্যান্টনৰ নিজস্ব সংবিধান আৰু চৰকাৰ আছে, যদিও ফেডাৰেল সংবিধানই কেন্দ্রীয় একতা নিশ্চিত কৰে।
(খ) প্রত্যক্ষ গণতন্ত্র: নাগৰিকে Referendum আৰু Popular Initiativeব জৰিয়তে আইন অনুমোদন/নাকচ বা সংবিধান সংশোধন প্রস্তাব আগবঢ়াব পাবে।
(গ) দ্বিকক্ষ বিশিষ্ট সংসদঃ National Council (জনসংখ্যা-ভিত্তিক প্রতিনিধি) আৰু Council of States (প্রতি ক্যান্টনৰ সমান প্রতিনিধি)ৰ দ্বাৰা গঠিত।
(ঘ) সমষ্টিগত কার্যপালিকা: Federal Councilত সাতজন সদস্য থাকে, যিসকলে একেলগে কার্যপালিকা শাখাৰ দায়িত্ব বহন কৰে।

৩। ছুইজাৰলেণ্ডৰ সংবিধানত মৌলিক অধিকাৰসমূহ কি কি?

উত্তৰঃ ছুইজাৰলেণ্ডৰ সংবিধানত মৌলিক অধিকাৰসমূহ অধ্যায় ২ত সন্নিবিষ্ট। এই অধিকাৰসমূহ নাগৰিকৰ ব্যক্তিগত স্বাধীনতা আৰু গণতান্ত্রিক অংশগ্রহণ সুৰক্ষিত কৰে। (ক) জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা: জীবন, দেহিক আৰু মানসিক অখণ্ডতা সুৰক্ষা।
(খ) আইনৰ সম্মুখত সমতাঃ লৈঙ্গিক, ধর্মীয়, ভাষাগত, জাতিগত বৈষম্য নিবাৰণ।
(গ) ধর্ম আৰু বিবেক স্বাধীনতা: যিকোনো ধর্ম পালনৰ বা নকৰাৰ স্বাধীনতা।
(ঘ) মতপ্রকাশ আৰু সংবাদ স্বাধীনতাঃ সংবাদমাধ্যমৰ অবাধ কার্যকলাপ।

৪। ছুইজাৰলেণ্ডৰ সংবিধানৰ শক্তি আলোচনা কৰা।

উত্তৰঃ ছুইজাৰলেণ্ডৰ সংবিধানৰ শক্তিঃ (১) প্রত্যক্ষ গণতন্ত্রে নাগৰিকৰ সঁহাৰি বৃদ্ধি কৰে। (২) ফেডাৰেল গঠনে স্থানীয় স্বায়ত্তশাসন ৰক্ষা কৰে। (৩) মৌলিক অধিকাৰৰ বিস্তৃত সুৰক্ষা। (৪) দ্বিকক্ষ বিশিষ্ট সংসদে আইন প্রণয়নত সমতা আনে। (৫) নমনীয় সংশোধন প্রক্রিয়াই আধুনিকতাৰ প্রতি খাপ খোৱাই।

৫। ছুইজাৰলেণ্ডৰ ন্যায়পালিকা আৰু সংবিধানৰ সম্পৰ্ক বর্ণনা কৰা।

উত্তৰ: দুইজাৰলেণ্ডৰ Federal Supreme Court হৈছে শীর্ষ ন্যায়পালিকা। ই ফেডাৰেল আইন, সংবিধান, আৰু আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ ব্যাখ্যা কৰে।
(১) ক্যান্টনসমূহৰ আইন সংবিধানৰ সৈতে সঙ্গতিপূর্ণ কিনা পৰীক্ষা কৰে।
(২) ফেডাৰেল আইন বাতিল কৰাৰ ক্ষমতা সীমিত-সংসদৰ গৃহীত আইন সাধাৰণতে মানি চলিব লাগে।
(৩) মৌলিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আদালতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top