Gauhati University BA 5th Sem Political Science (Major & Minor) Chapter 2 “সংঘাত সমাধানত ৰাষ্ট্ৰসংঘ” Solution | FYUGP 5th Sem Political Science Paper 10 Chapter 2 Answer | 2025-2026 |

সংঘাত সমাধানত ৰাষ্ট্ৰসংঘ

অতি চমু প্ৰশ্ন উত্তৰঃ

১। “শান্তিৰ বিৰোধেই হৈছে সংঘাত।” কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এল এছ কান।

২। শীতল যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ যৌথ বা সামূহিক নিৰাপত্তা কেনেকৈ প্ৰভাৱিত হৈছিল?

উত্তৰ: যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েতৰ ভেটো অধিকাৰৰ ব্যৱহাৰে বহু সিদ্ধান্ত ৰোধ হৈছিল।

৩। Peace Making কি?

উত্তৰঃ দ্বন্দ্ব শেষ কৰিবলৈ কূটনৈতিক আলোচনা আৰু চুক্তি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া।

৪। Peace Building-ব উদ্ধেশ্য কি? উত্তৰঃ সংঘাতৰ মূলত থকা কাৰণসমূহ দূৰ কৰি দীর্ঘস্থায়ী শান্তি স্থাপন।

৫। শীতল যুদ্ধ কেতিয়া শেষ হয়?

উত্তৰঃ ১৯৯১ চনত ছোভিয়েত ইউনিয়নৰ পতনৰ সৈতে শীতল যুদ্ধ শেষ হয়।

৬। ১৯৯৪ চনৰ ৰুৱাণ্ডা সংকটত কি ঘটিছিল?

উত্তৰঃ গণহত্যাত প্রায় ৮ লক্ষমান লোক নিহত হৈছিল।

৭। Kosovo সংকট কেতিয়া হৈছিল?

উত্তৰঃ ১৯৯৯ চনত।

৮। ইৰাক যুদ্ধ কেতিয়া আৰম্ভ হয়?

উত্তৰঃ ২০০৩ চনত।

৯। শান্তিৰক্ষা (Peace Keeping)-ত ভাৰতৰ অৱদান কেনেকুৱা?

উত্তৰ: ভাৰত বহু মিছনত সৈন্য প্ৰেৰণ কৰি শীৰ্ষ অৱদানকাৰী দেশৰ ভিতৰত আছে।

১০। নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ অন্যতম প্ৰস্তাৱ কি?

উত্তৰঃ স্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰা।

১১। আন্তঃগোট সংঘাত কি?

উত্তৰ: কেইবাটাও গোটৰ মাজত সৃষ্টি হোৱা সংঘাতক আন্তঃগোট সংঘাত বুলি কোৱা হয়।

১২। চুৱেজ খাল সংকট কোন বছৰত আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫৬ চনত।

১৩। কোৰিয়া সংঘাতৰ যুদ্ধবিৰতি চুক্তি কেতিয়া স্বাক্ষৰিত হয়?

উত্তৰঃ ১৯৫৩ চনৰ ২৭ জুলাইত।.

১৪। কঙ্গো সংকটৰ মূল কাৰণ কি আছিল?

উত্তৰঃ স্বাধীনতাৰ পিছত অশান্তি আৰু বেলজিয়ামৰ সৈন্য প্রবেশ।

১৫। চেকশ্লোভেকিয়াত দ্বিতীয়বাৰ ছোভিয়েটৰ হস্তক্ষেপ কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

১৬। GATT ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: General Agreement on Trade and Tariff.

১৬। PVR ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: Post Violence Reconciliation.

চমু প্ৰশ্ন উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top