GU BA 2nd Sem
Assamese
Chapter 1 Question Answer
যতীন্দ্ৰনাথ দুৱৰাঃ ‘পোহৰ’ (কথা-কবিতা)
► অতি চমু প্রশ্নোত্তৰঃ
১। অসমীয়া সাহিত্যত কথা-কবিতাৰ ধাৰাটোৰ আঁত ধৰা সাহিত্যিকগৰাকী কোন?
উত্তৰঃ ‘বনফুল’ৰ কবি যতীন্দ্ৰনাথ দুৱৰা।
২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ কাব্যগ্রন্থখনৰ মাধ্যমেৰে অসমীয়া সাহিত্য জগতত কথা- কবিতাৰ ধাৰাটোৰ সূচনা হয়?
উত্তৰঃ ১৯৩৩ চনত প্রকাশিত ‘কথা-কবিতা’ শীর্ষক কাব্যগ্রন্থখনৰ মাধ্যমেৰে ।
৩। ‘বিহগী কবি’ ৰঘুনাথ চৌধাৰীয়ে কোনখন কবিতা পুথিৰ মাধ্যমেৰে অসমীয়া কথা-কবিতাৰ ক্ষেত্ৰখনলৈ নিজৰ অৱদান আগবঢ়ায়?
উত্তৰঃ ‘নৱমল্লিকা’ শীর্ষক কবিতা পুথিখনৰ মাধ্যমেৰে।
৪। ‘নিৰাশাবাদী আৰু কেতিয়াবা দুখবাদী কবি’ বুলি কাক আখ্যা দিয়া দেখা যায়?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক।
৫। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ বনফুল কবিতা পুথিৰ বাবে।
৬। যতীন্দ্ৰ নাথ দুৱৰাৰ কেতিয়া মৃত্যু হয়?
উত্তৰঃ ১৯৬৪ চনৰ ৫ জুলাইত।
৭। যতীন্দ্ৰ নাথ দুৱৰাৰ ‘পোহৰ’ শীর্ষক কথা-কবিতাটো কোনখন পুথিৰ অন্তৰ্গত?
উত্তৰঃ দুৱৰাৰ চল্লিশটা কথা-কবিতা সন্নিৱিষ্ট ‘কথা-কৱিতা’ কাব্য সংকলনৰ অন্তৰ্গত।
► চমু প্রশ্নোত্তৰঃ
১। অসমীয়া কাব্য-সাহিত্যলৈ যতীন্দ্ৰনাথ দুৱৰাৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত শিৱসাগৰত। স্কুলীয়া শিক্ষা শিৱসাগৰতে সমাপ্ত কৰি কলিকতাৰ কলেজৰ পৰা বি. এ. পাছ কৰে। এম.এ. আৰু বি. এল. পঢ়িও পৰীক্ষা নিদিয়াকৈ প্ৰথমে স্কটিচ্ ছার্চ স্কুলত শিক্ষকতা কৰি পিছলৈ ডিব্ৰুগড়ৰ কাটন কলেজৰ অসমীয়াৰ অধ্যাপক ৰূপে কার্যনির্বাহ কৰে। ‘বাঁহী’ কাকতে যি সকল কবি সৃষ্টি কৰিছিল সেইসকলৰ ভিতৰত দুৱৰাৰ প্রতিষ্ঠা আৰু জনপ্রিয়তা সর্বাধিক। স্কুলীয়া ছাত্ৰাৱস্থাৰ পৰাই কবিতাৰ ৰসগ্রাহী দুৱৰাই কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যলৈ অহাত সেই স্পৃহা আৰু কাব্য-প্রতিভা বিকশিত হয়। ইংৰাজী বোমান্টিক কবিসকলৰ দ্বাৰাও দুৱৰা যথেষ্ট প্ৰভাৱিত আছিল। দৰাচলতে অসমীয়া ৰোমাণ্টিক ভাৱাদৰ্শৰ গীতি-কবিতাই পূর্ণবিকাশ লাভ কৰে যতীন্দ্ৰনাথ দুৱৰাৰ হাতত। পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়ামৰ ‘ৰুবায়ত’ৰ সুন্দৰ আৰু নিমজ অসমীয়া ভাঙনি ‘ওমৰতীৰ্থ দুৱৰাৰ অনবদ্য অনুবাদ পুথি। ‘ওমৰতীৰ্থ’ মূলৰ কথা আৰু ভাব অটুট ৰাখিও কবিৰ মৌলিক কবিতাৰ দৰেই ৰসাল আৰু সহজ আবেদনশীল। দুৱৰাৰ মৌলিক কবিতাব সংকলন ‘আপোন সুৰ’ আৰু ‘বনফুল’ তথা মৰণোত্তৰ প্ৰকাশ ‘মৰমৰ সুৰ’। তদুপৰি টুর্গেনিভাব ‘poems in prose’ আদর্শত তেওঁ ‘কথা-কবিতা’ নামৰ গদ্য পুথি প্রকাশ কৰিছিল। প্ৰকাশৰ মাধ্যম গদ্য হ’লেও-ভাব, অনুভূতি আৰু চিত্রাংকণত এইবোৰ কাব্যধর্মী। ‘আপোন সুৰ’ আৰু ‘বনফুল’ৰ কবিতাসমূহত আত্মনিষ্ঠ গীতি-কবিতাৰ প্ৰকৃতি পূর্ণমাত্রাই প্রকাশিত হৈছে। কাৰুণ্য দুৱৰাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। তেওঁৰ কবিতাসমূহ ব্যক্তিগত হা-হুমুনিয়াহ, ব্যৰ্থপ্ৰেমৰ কৰুণ স্মৃতি আৰু সাংসাৰিক দুখত অকলশৰীয়া ভাবেৰে পৰিপূৰ্ণ — ‘অকলে আপোন মনে বহি নিৰলাত,
ৰচোঁ মই জীৱনৰ গান।
সঙ্গীহীন বিহগৰ আকুল সুৰত,
আকাশত ভাহি উঠে তান।।’ দুৱৰাৰ কবিতাত জীৱন-জিজ্ঞাসা নাই, সমসাময়িক সমাজৰ প্ৰতিফলনো নাই। জ্বলন্ত সমস্যাৰ প্ৰতি কবি উদাসীন; তথাপি আত্মগত বেদনাৰ সুৰমাধুর্য, সহজ আবেদনশীলতা, ছান্দিক সাৱলীলতা আৰু অনুভৱৰ আন্তৰিকতাই কাব্যপিপাসুক ৰসাপ্লুত নকৰাকৈ নাথাকে।২। যতীন্দ্রনাথ দুৱৰাৰ ‘পোহৰ’ নামৰ কথা-কবিতাটোত চিত্রধর্মিতা কিদৰে পৰিস্ফূত হৈছে?
উত্তৰঃ চিত্রধর্মিতা কথা কবিতাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। কথা কবিতাৰ এই বৈশিষ্ট্যটোৰ সম্পকে ৬০ বাণীকান্ত কাকতিৰ মন্তব্যফাঁকি বিশেষভাবে উল্লেখযোগ্য- “ছন্দোময়ী কবিতাটো চিত্ৰ থাকিব পাৰে। কিন্তু ছন্দোময়ী কবিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্র নহয় চিত্র ইয়াৰ আনুষঙ্গিক হ’ব পাৰে। কথা-কবিতাৰ প্রাথমিক উদ্দেশ্য় চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্য়ঞ্জনা মাথোন।” দুৱৰাৰ পোহৰ’ শীর্ষক কবিতাটোৰ মাধ্যমেৰে কথা-কবিতাৰ এই বৈশিষ্ট্য অতি সুন্দৰ ৰূপত প্ৰতিভাত হৈছে। কবিয়ে নিজেৰ শিল্পীসুলভ চাতুর্যৰে কবিতাটোৰ মাজত উপস্থাপনি কৰা চিত্ৰসমূহে কবিতাটোক অধিক আকৰ্ষণীয় আৰু হূদয়গ্ৰাহী কৰি তুলিছে। কবিতাটোত পৰিলক্ষিত এনে জীৱন্ত চিত্ৰৰ উদাহৰণ স্বৰূপে কবিতাটিৰ আৰম্ভণিতে মহাকালৰ পৰিচয় দিবলৈ গৈ কৰা বর্ণনাখিনি উল্লেখযোগ্য- “অনন্ত মহাসাগৰৰ পাৰত মহাকাল নিৰৱে থিয় হৈ আছে। তেওঁৰ মুখত এটি বুজিব নোৱাৰা ভাব চকুত শূন্য উদাস দৃষ্টি। তেওঁ নিজৰ ভাবতে নিজে ভোল গৈ আছে। মহাসাগৰৰ ঢৌৱে যে ঘনে ঘনে তেওঁৰ চৰণ ধুৱাই দিছেহি, তালৈ তেওঁৰ ভ্ৰুক্ষেপেই নাই।” একেদৰেই জ্ঞানৰ পোহৰে ঢুকি নোপোৱা ঠাইখনৰ বৰ্ণনা দিবলৈ গৈয়ো কবিগৰাকীয়ে কলাসূলভভাবে কবিতাটিৰ মাজত এখন সুদীর্ঘ চিত্রপট অংকণ কৰিছে – “চাৰিওফালে পৰ্ব্বতে বেৰা এখন প্রকাণ্ড পুৰী। হাবি, বন, পৰ্ব্বতে এনেকৈ ছাটি থৈছে যে পোহৰ সোমাবলৈ সুৰুঙা এটিও নাই।…তাত চৰাই নাই, চৰাইৰ গান নাই, পখিলা নাই, ফুলো নাই।” এনেদৰেই বিভিন্ন খণ্ডিত চিত্ৰৰ উপস্থাপনেৰে কথা-কবিতাটোরে গতিশীলতা লাভ কৰিছে।► ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। কথা-কবিতা কি? কথা-কবিতাৰ লক্ষণসমূহ কেনেধৰণৰ আলোচনা কৰা।
উত্তৰঃ অসমীয়া সাহিত্যৰ এটি উল্লেখযোগ্য শাখা হ’ল ‘কথা-কবিতা’। সাহিত্যৰ ক্ষেত্ৰলৈ নতুত্বৰ ঢল বোৱাই অনা এই ‘কথা-কবিতা’ মূলতঃ পাশ্চাত্য সাহিত্যৰ অৱদান। কথা-কবিতাৰ স্রষ্টা হ’ল ৰুচিয়াৰ বিখ্যাত সাহিত্যিক আইভান টুর্গেনেভ। জীৱনৰ অন্তিম সময়চোৱাত ‘poems in prose’ নামেৰে ৰচনা কৰা পুথিখনৰ জৰিয়তে সাহিত্যৰ জগতত পৰিচয় লাভ কৰা টুর্গেনেভৰ এই কথা-কবিতাই পৰৱৰ্তী সময়ত বিশ্ব-সাহিত্যৰ এক উল্লেখযোগ্য শাখা হিচাপে স্থান লাভ কৰে। টুর্গেনিভৰ দৰেই আলেকজেণ্ডাৰ ছলঝেনিৎছিন, ফৰাচী কবি বডলেয়াৰ (Petit poems on fore) আৰু লেবাননৰ কবি খলিল জিব্রানেও কথা-কবিতা ৰচনা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে সপ্তদশ শতিকাত জাপানী লেখক মাটছুও রাশ্বোয়ে গদ্যৰ সৈতে হাইকুৰ সংমিশ্রণ ঘটাই কথা-কবিতাৰ আৰ্হিৰ এক শ্ৰেণীৰ সাহিত্য (হাইবুন) ৰচনা কৰিছিল। তেখেতৰ অ’কু নো হোছোমিছি (Oku no hosomichi) গ্রন্থখন এই ক্ষেত্রত উল্লেখযোগ্য। কোনো আবেদনশীল বা ভাবব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীর্ঘ ৰচনাকে কথা-কবিতা বুলি অভিহিত কৰিব পাৰি। কথা কবিতাৰ সংজ্ঞা নিরূপণ কৰিবলৈ গৈ মহেশ্বৰ নেওগে কৈছে যে, “কথা-কবিতা এবিধ কবিতাই, কিন্তু কবিত্বময়ী কথা লিখাৰ ভঙ্গী বা ভাষাৰ ৰীতি মাথোন।” অৱশ্যে কথা কবিতা গদ্যত ৰচিত যদিও সকলো গদ্যই ‘কথা-কবিতা হ’ব নোৱাৰে। কথা- কবিতাৰ কিছুমান বিশেষ লক্ষণ আছে, যিসমূহে ইয়াক গদ্য আৰু গতানুগতিক কবিতাৰ পৰা পৃথক কৰিছে। কথা-কবিতাৰ এই লক্ষণসমূহ হ’ল(ক) এই কবিতাসমূহ চিত্র-ধর্মী। কম-বেছি পৰিমানে প্রায় সকলো কথা-কবিতাতে চিত্ৰৰ প্ৰচুৰ প্রয়োগ দেখা যায়। এই সম্পর্কে বাণীকান্ত কাকতিয়ে যতীন্দ্ৰ দুৱাৰৰ ‘কথা- কবিতা’ পুথিৰ পাতনিত লিখিছে, “ছন্দোময়ী কবিতাটো চিত্র থাকিব পাৰে। কিন্তু ছন্দোময়ী কবিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্ৰ নহয়; চিত্ৰ ইয়াৰ আনুষঙ্গিক হ’ব পাৰে। কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্র, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন।” তদুপৰি কাকতিদেৱে এই শ্ৰেণীৰ কবিতাক নোহোৱা-নোপজা কবিতা আৰু বালিৰ নিজৰা বুলিও অভিহিত কৰিছে।(খ) “কথা-কবিতাত এটাই মাথোন কেন্দ্রস্থ ভার থাকে আৰু সেই ভাৱটোক বিভিন্ন চিত্ৰৰ সহায়ত সজীব কৰি তোলা হয়। বহুমুখী ভাবৰ উপস্থাপন কথা-কবিতাত সম্ভৱ নহয়।”(গ) “কথা-কবিতা ৰৰূপকাত্মক। ইয়াত সংযোজন কৰা প্ৰত্যেকটো চিত্ৰৰ অন্তৰালতে একোটা বেলেগ ভাৱ ছদ্মৰূপে অৱস্থান কৰে। ৰূপাকাত্মকতাৰ কাৰণেই কথা-কবিতাৰ প্রকাশভঙ্গী প্রত্যক্ষ ধর্মী নহয়, পৰোক্ষ ধর্মী।” অসমীয়া সাহিত্যত কথা-কবিতাৰ ধাৰাটোৰ আঁত ধৰা সাহিত্যিকগৰাকী হ’ল ‘বনফুল’ৰ কবি যতীন্দ্রনাথ দুৱৰা। তেখেতৰ ১৯৩৩ চনত প্রকাশিত ‘কথা-করিতা’ শীর্ষক কাব্যগ্রন্থখনৰ মাধ্যমেৰে অসমীয়া সাহিত্য জগতত কথা-কবিতাৰ ধাৰাটোৰ সূচনা হয়। পৰৱৰ্তী সময়ত ‘বিহগী কবি’ ৰঘুনাথ চৌধাৰীয়েও ‘নৱমল্লিকা’ শীর্ষক কবিতা পুথিখনৰ মাধ্যমেৰে অসমীয়া কথা-কবিতাৰ ক্ষেত্ৰখনলৈ নিজৰ অৱদান আগবঢ়ায়।২। যতীন্দ্ৰনাথ দুৱৰাৰ ‘পোহৰ’ কথা-কবিতাটোৰ বিশ্লেষণ আগবঢ়োৱা।
উত্তৰঃ ‘পোহৰ’ শীর্ষক কথা-কবিতাটোৰ বিষয়বস্তু হিচাপে কবিয়ে পৰিৱৰ্তিত সময়ৰ লগে লগে মানৱ সভ্যতালৈ বৈ অহা জ্ঞানৰ প্ৰবাহৰ কথা বৰ্ণনা কৰিছে আৰু বিভিন্ন চিত্ৰৰ মাধ্যমেৰে তাক সুন্দৰ ৰূপ উপস্থাপন কৰিছে। কবিতাটোক আদিৰ পৰা অন্তলৈ সামৰি ৰখা এই ভাৱটোৱে কথা-কবিতাৰ অন্যতম বৈশিষ্ট্য হিচাপে পৰিগণিত ভাৱৰ একমুখিতাক সার্থক কৰি তুলিছে। পৰিৱৰ্তিত সময়ৰ লগে লগে জ্ঞানৰ আলোকে ক্রমান্বয়ে সমগ্র প্রকৃতি জগতক কেনেদৰে আলোকিত কৰিছে, তাৰ বৰ্ণনা কবিতাটিৰ মাজত সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে-“পোহৰে মহাকালক সেৱা জনাই মুখলৈ চাই অলপপৰ ৰৈ ক’লে “ময়েই জগতৰ প্ৰাণ-সকলো ঠাইতে মোৰ চৰণৰ চাব পৰিছে। আপোনাৰ নয়মতেই কালৰ চকৰি ঘূৰিছে, নগৰ সাগৰ হৈছে, সাগৰ নগৰ হৈছে।” এই জ্ঞানৰ প্রকাশে যদিও জগতৰ কল্যাণ সাধন কৰিছে, কিন্তু ইয়াৰ পৰিসৰে সমস্ত চৰাচৰক বিশেষতঃ মানর সভ্যতাক সম্পূৰ্ণৰূপে সামৰি ল’ব পৰা নাই – “প্রয়োজন আছে। কাৰ্য্য-কাৰণৰ সম্বন্ধ ক’ত শেষ হয় কোনে জানে। এতিয়াও এনে ঠাই আছে, য’ত তোমাৰ চিন পৰাগৈ নাই।” সেয়েহে মহাকালৰূপী সময়ে পোহৰক সেই তমসাচ্ছন্ন ঠাইকো নিজব আলোকেৰে আলোকিত কৰিবলৈ বাট দেখুৱাই আগুৱাই নিছে- “সেই কাৰণেই তোমাক লৈ যাবলৈ আহিছোঁ-ব’লা। “আপুনিয়েই সকলো”- এই বুলি মহাকালৰ লগে লগে পোহৰ আগুৱাবলৈ ধৰিলে।” কবিতাটোত বর্ণিত ঘটনা অনুসৰি মহাকালৰূপী সময়ে পোহৰৰূপী জ্ঞানক যিখন ঠাইলৈ আগুৱাই নিছে, সেই ঠাইখন হ’ল জ্ঞানৰ আলোকৰ পৰা বঞ্চিত অন্ধকাৰাছন্ন বৰ্বৰ মানৱ সমাজ। জ্ঞানৰ আলোকৰ অবিহনেই সেই সমাজখনে যুগ-যুগ ধৰি চলি আহিছে- “সেই ৰাজ্যত আন্ধাৰৰ অসীম প্রতাপ – তাত পোহৰৰ নাম গোন্ধই নাই। বজা-প্রজা সৈন্য-সামন্ত সকলোৱেই আছে। মাথোন নাই পোহৰ।” এই জ্ঞানৰ অভাৱৰ ফলতে সেই সমাজৰ লোকসকলে তাত থকা বস্তুবোৰৰ বাহিৰে যে আন ক’ৰবাত কিবা আছে, তাক তেওঁলোকে নাজানেও বা জানিবলৈ ইচ্ছাও নকৰে। ক’ৰবাৰ পৰা আহি সেই স্থানত বসতি কৰিবলৈ লোৱা জ্ঞানৰ পূজাৰীস্বৰূপ ‘কবি’গৰাকীকো তেওঁলোকে বলিয়া বুলিহে ভ্রুকুটি কৰে- “ৰজাই কয় – “তুমি এইবোৰ বলিয়ালি নকৰি আমাৰ লগতে আমাৰ দৰে থাকা, তোমাৰ মঙ্গল হ’ব।” আনকি অজ্ঞানতাৰ অন্ধকাৰে তেওঁলোকৰ মগজুবোৰ এনেদৰে ছানি ধৰিছে যে মহাকালৰ অনুগ্ৰহত নিজে আহি দুৱাৰত টোকৰ দিয়া জ্ঞানৰ আভাকো তেওঁলোকে দুৱাৰ মুকলি কৰি দিবলৈ অমান্তি হৈছে। এই ক্ষেত্রত কেনেদৰে পূৰ্বপুৰুষৰ পৰা চলি অহা বুলি অন্ধভাবে কোনো পৰম্পৰাক সাবতি বহি থকা মানুহে সময়ৰ লগত খোজ মিলাই আগুৱাই যাবলৈ অমান্তি হৈ নিজৰে অনিষ্ট সাধন কৰে, সেই ধাৰণাও কবিতাটোৰ মাজত প্রকাশিত হৈছে, “নাই, আমি দুৱাৰ মেলিব নাজানো – আমাৰ দুৱাৰ সদায় বন্ধ। এই দুৱাৰৰ কাষতেই মোৰ বোপা, ককা ইত্যাদি সকলো পুৰুষানুক্রমে দুৱৰীয়ে লৈ গ’ল। মইও বুঢ়া হ’ব লগীয়া হ’লোঁহি, ইমান দিনে কোনোৱে আমাক দুৱাৰ মেলিবলৈ কোৱা নাই বা কোনোৱে আহি আমাক দুৱাৰ মেলিবলৈ শিকোৱাও নাই। মিছাতে দুৱাৰত নধকিয়াবা, য’ৰ মানুহ তালৈ গুচি যোৱা, দুৱাৰ মেলা নহয়।” অজ্ঞানতাত ডুব গৈ থকা এই লোকসকলে কেৱল জ্ঞান ৰূপী পোহৰৰ পথ অবৰুদ্ধ কৰাই নহয়, সেই পোহৰৰ লগতে মহাকালৰ বিৰুদ্ধে তেওঁলোকে সংগ্রাম কৰিছে। কিন্তু পৰিৱৰ্তনশীল কালৰ কোবাল সোঁতৰ সন্মুখত এনে প্রত্যাহ্বান ক্ষণিকো তিকিব পৰা নাই- “ৰজা পৰাস্ত হ’ল-চাৰিওফালে ভঙাৰ শব্দ পোৱা গ’ল – কোনোবাই যেন পর্ব্বত ভাঙিছে, হাবি কাটিছে।… মহাকালৰ কাম শেষ হ’ল- আন্ধাৰ পলাল – পোহৰ সোমাল।” পোহৰ ৰূপী জ্ঞানৰ আগমনৰ লগে লগে তমসাচ্ছন্ন সমাজখনত এক নতুন প্রভাতৰ সূচনা হ’ল- “ৰাজ্য চলিবলৈ ধৰিলে – মাথো আগৰ দৰে নহয়। গছে গছে সেউজীয়া পাতে দেখা দিলে…সকলো সুন্দৰ হ’ল।” অন্ধকাৰ আৰু পোহৰ অৰ্থাৎ জ্ঞান আৰু অজ্ঞানতাৰ মাজত চলি অহা এই যুঁজখনৰ ইতিহাস অতি প্রাচীন। কিন্তু অন্ধকাৰ যিমানেই গভীৰ নহওক কিয়, সেই অন্ধকাৰক নাশি আগবাঢ়ি অহা পোহৰো সিমানেই উজ্জ্বল হয়। জ্ঞানৰ শক্তিৰ প্ৰতি থকা সৰল অথচ গভীৰ বিশ্বাস কথা- কবিতাটিৰ ঘঠনা প্ৰৱাহৰ মাজত চিত্রিত কবিগৰাকীৰ বক্তব্যৰ মাজতো প্রতিধ্বনিত হয়- “তেওঁ কয়, মহাৰাজ মিছা নহয়। এদিন দেখিব মোেৰ কথা ফলিয়াব। পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ।” জ্ঞানৰ এই উজ্জ্বল পোহৰে বাট কাটি দিয়ে এক সম্ভাৱনাময় সোেণাৱালী ভবিষ্যতৰ। কথা-কবিতাটোৰ পৰিসমাপ্তিৰ ফালে এনে এক ভাবেই মূৰ্ত্ত হৈ উঠিছে – “সন্ধিয়া মাৰ যোৱা বেলিৰ হেঙুলী ৰহণেৰে ঢকা পশ্চিম আকাশলৈ চাই সিহঁতে ভৱিষ্যতৰ পটত নিজৰ দেশৰ উজ্জ্বল মূত্তি কল্পনা কৰি ৰং মনেৰে গান গাই গৰু লৈ ঘৰলৈ উভতি আহে।”
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post