GU BA 2nd Sem Assamese Unit 4 Chapter 4 Question Answer | নৱকান্ত বৰুৱাঃ ‘এটা প্ৰেমৰ পদ্য়’ পাঠটোৰ প্ৰশ্ন উত্তৰ

   GU BA 2nd Sem

Assamese

Chapter 4 Question Answer

নৱকান্ত বৰুৱাঃ ‘এটা প্ৰেমৰ পদ্য়’

▶▶ অতি চমু প্রশ্নোত্তৰঃ

১। ‘এটা প্ৰেমৰ পদ্য’ কবিতাটি নৱকান্ত বৰুৱাৰ কোনখন কাব্য গ্রন্থৰ অন্তর্ভুক্ত?

উত্তৰঃ ‘হে অৰণ্য হে মহানগৰ’ নামৰ কাব্যগ্রন্থৰ অন্তৰ্ভুক্ত।

২। কবি নৱকান্ত বৰুৱাৰ প্ৰথম কাব্য সংকলনখনৰ নাম কি?

উত্তৰঃ ‘হে অৰণ্য হে মহানগৰ’।

৩। ‘অৰুন্ধতীৰ কবি’ বুলি কাক কোৱা হয়?

উত্তৰঃ নৱকান্ত বৰুৱাক।

৪। ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে তেওঁ দুটা বঁটা পাইছিল? কি কি আছিল বঁটা দুটা?

উত্তৰঃ ‘সাহিত্য অকাডেমি বঁটা (১৯৭৫) আৰু অসম উপত্যকা বঁটাৰে (১৯৯৩)।

৫। কবি নৱকান্ত বৰুৱাৰ দুখন কবিতা সংকলনৰ নাম উল্লেখ কৰা

উত্তৰঃ সম্রাট (১৯৬২); এটি দুটি এঘাৰটি তৰা (১৯৫৭)।

৬। নৱকান্ত বৰুৱাৰ প্ৰথম কাব্যপুথিখনৰ নাম কি? কাব্যপুথিখন কোন চনত প্রকাশ হৈছিল?

উত্তৰঃ হে অৰণ্য, হে মহানগৰ। এইখন প্রকাশ হৈছিল ১৯৫১ চনত।

৭। নৱকান্ত বৰুৱাই কোনখন কাকতৰ যোগেদি কবি হিচাপে আত্মপ্রকাশ কৰিছিল?

উত্তৰঃ ‘জয়ন্তী’ৰ পাততে কাব্য জীৱন আৰম্ভ কৰিছিল।

৮। নৱকান্ত বৰুৱাৰ মানস গুৰু কোন?

উত্তৰঃ ইংগ-মার্কিন কবি টি এছ এলিয়ট।

৯। নৱকান্ত বৰুৱাই কেইখন উপন্যাস লিখে?

উত্তৰঃ দুখন।

১০। নৱকান্ত বৰুৱাৰ কবিতাৰ মূল দর্শন কি?

উত্তৰঃ জীৱনৰ প্ৰতি থকা মোহ।

১১। ‘এটি প্ৰেমৰ পদ্য’ৰ কবিৰ প্ৰেমিকাগৰাকীৰ নাম কি?

উত্তৰঃ অৰুন্ধতী।

১২। ‘এটা প্ৰেমৰ পদ্য’ কবিতাটিত ইংৰাজী কোন কবিৰ প্ৰভাৱ পৰিছে?

উত্তৰঃ হিলেয়াৰ বেলকৰ কবিতা ‘টাৰাণ্টেলা’ৰ প্ৰভাৱ পৰিলক্ষিত হয়।

১৩। নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল

উত্তৰঃ ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে।

▶▶ চমু প্রশ্নোত্তৰঃ

১। আধুনিক অসমীয়া কবিতাৰ নতুন যুগটোক ‘নৱকান্ত বৰুৱাৰ যুগ’ আখ্যা দিয়াৰ কাৰণ কি?

উত্তৰঃ নৱকান্ত বৰুৱাই পাশ্চাত্য কাব্যাদৰ্শৰ আৰ্হিৰে নতুন ভাববস্তু, ৰূপবস্তু তথা নতুন নতুন ছন্দৰীতিৰ প্ৰবৰ্তন কৰি অসমীয়া কাব্য-ৰীতিৰ আমূল পৰিবৰ্তন সাধন কৰিবলৈ সক্ষম হয়। সেইবাবে বহুতে আধুনিক অসমীয়া কবিতাৰ নতুন যুগটোক ‘নৱকান্ত বৰুৱাৰ যুগ’ আখ্যা দিছে।

২। নৱকান্ত বৰুৱাৰ ‘এটি প্ৰেমৰ পদ্য’ৰ মূল বিষয়বস্তু কি?

উত্তৰঃ ‘এটি প্ৰেমৰ পদ্য’ মূলতঃ ৰোমাঞ্চ বিচৰা মনৰ কবিতা। আধুনিক নাগৰিক জীৱনৰ পৰা দূৰৈত, মৃত্যু-চেতনাৰ কাষে-পাজেৰেও নোযোৱা এটি ৰোমাণ্টিকধর্মী আধুনিক কবিতা। কবিতাটিত মূর্ত হৈ উঠিছে সাম্প্ৰতিক কালৰ এক দুর্বিষহ অৱক্ষয়ৰ শাব্দিক চিত্র। কবিতাটিত প্রতিফলিত কৰাৰ প্ৰয়াস কৰিছে মানৱতাৰ শ্রেষ্ঠত্বক। পাঠক সমাজে আদৰি লোৱা এই কবিতাটিত প্ৰেমৰ শাশ্বত ৰূপ, স্মৃতিৰ সোঁৱৰণ, তীব্র বাসনা- এইবোৰেই কবিতাটিৰ মূল সম্পদ।

৩। “তোমাৰ খোপাত আবেলি আবেলি গোন্ধ।”- কথাষাৰৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে?

উত্তৰঃ কবিয়ে অতীত স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰিছে। বুজা-নুবুজা, অযুত কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি মনৰ কথা ব্যক্ত কৰা মুহূৰ্তবোৰ জীৱন্ত হৈ ভাহি উঠিছে। জোনাক নিশা দুবৰিৰ ওপৰত বহি কত যে ছবি আঁকিছিল, মিঠা মিঠা কথা পাতিছিল তাক স্মৰণ কৰিলেই কবিৰ মন ভৰি পৰে।

৪। ব্যাখ্যা কৰাঃ(ক) ‘বহুতো সপোন পাৰ হৈ অহা 

কেঁচা টোপনিৰ ভিৰৰ মাজত 

সেই এটা মাথোঁ উজাগৰ ৰাতি।’

উত্তৰঃ কবিতাফাকি নৱকান্ত বৰুৱাদেৱৰ ‘এটি প্ৰেমৰ পদ্য’ নামৰ কবিতাটিৰপৰা লোৱা হৈছে।

           কবিতাফাকিৰ দ্বাৰা ইয়াকে বুজা গৈছে যে কবিয়ে অৰুন্ধতীৰ সান্নিধ্যত কটোৱা সেই ৰাতিটোৰ স্মৃতি সুৱৰিছে।

           কবিতাফাকিত কবিয়ে অৰুন্ধতীক প্রশ্ন কৰিছে সেই নির্দিষ্ট ৰাতিটোৰ কথা অৰুন্ধতীৰ বাৰু মনত আছেনে। কবিৰ মনলৈ সেই বিশেষ ৰাতিটোৰ স্মৃতিয়ে যিদৰে ভাৱৰ হেন্দোলনি কঢ়িয়াই আনিছে সেই একেই ভাৱ অৰুন্ধতীৰ মনলৈকো কেতিয়াবা আহে বুলি কবিয়ে উপলব্ধি কৰিছে। বহুদূৰ প্ৰেমৰ আকাশেদি যাত্ৰা কৰাৰ পিছত হঠাতে অহা ধুমুহাই বিপন্ন কৰি তুলিলে তেওঁলোকৰ প্রেম যাত্রা। বহুতো সপোন সেই বিশেষ ৰাতিটো পাবৰকাৰণে তেওঁলোকে ইতিমধ্যে দেখিছিল। সেই সপোনবোৰ তেওঁলোকৰ মিলনৰ আকাংক্ষ বঢ়াই তুলিছিল আৰু যেতিয়া তেনে সপোন এটি বাস্তৱ হোৱাৰ পথত আগবাঢ়িলে সেই ৰাতিটো কেঁচা টোপনিৰ ভিৰৰ মাজত উজাগৰে ৰ’বলগা হৈছিল। উজাগৰে কটোৱা মনলৈ সেই ৰাতিৰ স্মৃতি সোঁৱৰণি হৈ আহিছে সেয়ে তেওঁ প্রেমিকাক প্রশ্ন কৰিছে যে সেই উজাগৰ ৰাতিটো তেওঁৰ বাৰু মনত আছেনে।


▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। নৱকান্ত বৰুৱাৰ কবিতা ‘এটি প্ৰেমৰ পদ্য’ৰ মূলভাৰ লিখা।

উত্তৰঃ কবিতাটিত ইংৰাজী কবি হিলেয়াৰ বেলকৰ ইংৰাজী কবিতা টাৰাণ্টেলা (Tarantella) ৰ প্ৰভাৱ পৰিলক্ষিত হয়। কবিয়ে কবিতাটিৰ প্ৰথমতেই টাৰাণ্টেলা প্রথম শাৰী “Do you remember an inn, Miranda?” উঠাই দিছে। ইয়াত এটা পান্থশালাৰ কথা শুনি মিৰাণ্ডা নামৰ গাভৰু এগৰাকীক প্রশ্ন কৰিছে তেওঁ সেই পান্থশালালৈ মনত পৰি তেওঁৰ প্ৰেমিকা অৰুন্ধতীক প্রশ্ন কৰিছে সেই বাৰিষাৰ ৰাতিটোৰ কথা তেওঁৰ মনত পৰেনে বুলি। কবিতাটি আৰম্ভ হৈছে এটা বাৰিষাৰ ৰাতিৰে, সেই ৰাতি কবিয়ে প্রেয়সীক লগ পাইছিল, বাহিৰত দোপালপিতা বৰষুণ আছিল, তেওঁলোকে বৰষুণত তিতিছিল। সেই ৰাতিৰ স্মৃতি সুঁৱৰি কবিয়ে অৰুন্ধতীক প্রশ্ন কৰিছে তেওঁৰ বাৰু সেই ৰাতিৰ কথা মনত পৰেনে? তেওঁলোকৰ প্রোমে পূর্ণতা নাপালে, কবি আৰু প্ৰেয়সীৰ মাজত বাধাৰ প্ৰাচীন গঢ়িছিল ভগা সাপোনে।          ‘আমাৰ মাজত ভগা সপোনৰ অতুন বাধা’। দুৱৰি বনত বৰষুণৰ পানী পৰি মুকুতাৰ দরে জিলিকি উঠিছিল। ইজনে আনজনক চুলিত হাত বুলাই দিছিল। মেঘবৰণীয়া চুলিৰ মাজত আঙুলিৰ নখৰ একাধিক জোনে যেন লুকাভাকু খেলিছিল। সাগৰৰ ভাবনা ৰাশি প্রকাশ পায় জোৱাৰ ভাটাত, কিন্তু তেওঁলোকৰ প্ৰেমত জোৱাৰ নাছিল। ‘জোৱাৰৰ বাবে সাগৰ নাছিল।’ দুয়ো দুয়োৰে স্পৰ্শত পাইছিল অনাবিল সুখ, আনন্দ। বৰফৰ দৰে সেই চেঁচা পৰশ এতিয়াও যেন কবিয়ে উপলব্ধি কৰে আৰু অৰুন্ধতীক বিচাৰি ফুৰে। তেওঁলোকৰ প্ৰেম আছিল স্বর্গীয় সেই প্রেম কোনো দেহজ প্রেম নাছিল। কবিয়ে কেৱল বিচাৰে অৰুন্ধতীৰ সান্নিধ্য।         কবিৰ মনলৈ সেই বিশেষ ৰাতিটোৰ স্মৃতিয়ে ভাৱৰ হেন্দোলনি কঢ়িয়াই আনিছে সেই একেই ভাব অৰুন্ধতী মনলৈকো কেতিয়াবা আহে বুলি কবিয়ে উপলব্ধি কৰিছে প্ৰেমৰ আকাশেদি যাত্ৰা কৰাৰ পিছত হঠাতে অহা ধুমুহাই বিপন্ন কৰি তুলিলে তেওঁলোকৰ প্ৰেমৰ যাত্রা। বহুতো সপোন সেই বিশেষ ৰাতিটো পাবৰ কাৰণে তেওঁলোকে ইতিমধ্যে দেখিছিল। সেই সপোনবোৰে তেওঁলোকৰ মিলন আকাংক্ষা বঢ়াই তুলিছিল আৰু তেনে এটি সপোন বাস্তৱ হোৱাৰ পথত আগবাঢ়িল সেই ৰাতিটো ‘কেচা টোপনিৰ ভিৰৰ মাজত’ উজাগৰে ৰ’বলগা হৈছিল। উজাগৰে কটোৱা সেই ৰাতিটো আনন্দৰ অতিশয্যৰে পূৰ্ণ নাছিল। যাৰ বাবে কবিৰ মনলৈ সেই ৰাতিৰ স্মৃতি সোঁৱৰণি হৈ আহিছে। তথাপিও সেই ৰাতি কবিৰ বাবে মূল্যৱান। কবিয়ে অনুভৱ কৰিছে অৰুন্ধতীৰ বাবেও সেই ৰাতিটো নিশ্চয় মূল্যবান আছিল।        এয়াই আছিল কবিতাটিৰ মূল বিষয়। কবিয়ে অপূর্ণ প্রেমক সজীৱ ৰূপ দিয়াৰ চেষ্টা কবিতাটিৰ মাজেৰে দেখা পোৱা যায়।

২। নৱকান্ত বৰুৱাৰ কবিতা ‘এটি প্ৰেমৰ পদ্য’ত আধুনিক কবিতাৰ কোনবোৰ লক্ষণ ফুটি উঠিছে?

উত্তৰঃ কবি হিচাপে নৱকান্ত বৰুৱা যথার্থতে আধুনিক। তেওঁৰ বৈশিষ্ট্য বিষয়বস্তু তথা আঙ্গিক আধুনিক কাব্যিক বৈশিষ্ট্য। আলোচ্য ‘এটি প্ৰেমৰ পদ্য’ কবিতাটোত আধুনিক কবিতাৰ বৈশিষ্ট্য পৰিলক্ষিত হয় আৰু ইয়ে কবিতাটিৰ কাব্যিক মূল্যও নিৰূপণ কৰে। আধুনিক কবিতাৰ বিষয়বস্তু নির্বাচন, প্রকাশভংগী তথা আংগিকৰ ক্ষেত্ৰত উপমা, প্রতীক, চিত্রকল্প ইত্যাদি সকলো দিশতে নতুনত্বৰ প্ৰকাশ ঘটা দেখা যায়। আধুনিক কবিতাৰ এটি বৈশিষ্ট্য হৈছে প্রেম। ৰোমাণ্টিক কবিসকলৰ ধাৰাৰ পৰা আঁতৰি আধুনিক কবিসকলৰ কবিতাত প্রেম আছিল পৃথক। আলোচ্য কবিতাটিত প্রেমেই মূল বিষয়। কবিতাটিৰ নামটিতেই বুজা যায় যে ই এটা সম্পূর্ণ প্ৰেমৰ কবিতা। কবিতাটিৰ আৰম্ভণিৰ পৰা শেষলৈকে প্রেমেই প্রাধান্য পাইছে। কবি আৰু অৰুন্ধতীৰ মাজত এটা ৰাতি হোৱা প্ৰেমৰ সোঁৱৰণেই কবিতাটিৰ মাজত প্ৰকাশ পাইছে। কবি আৰু প্ৰেয়সীৰ মাজত আছিল স্বর্গীয় প্রেম। তেওঁলোকৰ প্ৰেমৰ মাজত নাছিল কামনা-বাসনাৰ গোন্ধ। প্রেমত মান, অভিমান, হর্ষ-বিষাদ, স্বপ্ন, স্বপ্নভংগৰ বেদনা এই সকলোবোৰ সাঙোৰ খাই থাকে আমাৰ কবি আৰু প্ৰেয়সীৰ মাজত বাধাৰ প্ৰাচীৰ গঢ়িছিল ভগা সপোনে।         মননধর্মীতা আধুনিক কবিতাৰ এটি বিশেষ লক্ষণ মানুহৰ কান্দোন, আদৰ, ভালপোৱা, হতাশা আদি ভাবসমূহৰ প্রকাশ পায় কবিতাৰ মাজত। মানুহৰ চিন্তা তেনেই দুর্বোধ্য, এই দুর্বোধ্য চিন্তাবাজিকেই মননশীল আৰু বৌদ্ধিক চিন্তাৰ সহায়ত প্রকাশ কৰিব বিচাৰে। আলোচ্য কবিতাটে আদৰ, ভালপোৱা, হতাশা আদি দেখা যায়। অপূর্ণ প্ৰেমৰ হতাশা কবিতাটিত প্রকাশ পাইছে।       আধুনিক কবিতাৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল প্রতীকৰ সমাহাৰ। নৱকান্ত বৰুৱাই প্রতীকবাদী শৈলীৰ কিছুমান লক্ষণ ব্যক্তিগত ভংগিমাৰে প্ৰকাশ কৰি তেওঁৰ কবিতাসমূহ সার্থক কৰি তুলিছে। আলোচ্য কবিতাটিত প্রতীকৰ সঘন প্রয়োগ ঘটিছে। কবিতাটিত প্রয়োগ কৰা ‘সেমেকা পোহৰ’, ‘আবেলি আবেলি গোন্ধ’, ‘জোনাকীৰ মণি’, ‘কেঁচা টোপনিৰ ভিৰৰ মাজত’, ‘উজাগৰ ৰাতি’ আদি শব্দবোৰ বিভিন্ন প্রতীকি অর্থ বহন কৰিছে।         উপৰি উক্ত লক্ষণসমূহৰ পৰা ক’ব পাৰি যে নৱকান্ত বৰুৱাৰ ‘এটি প্ৰেমৰ পদ্য’ উৎকৃষ্ট আধুনিক কবিতা।

৩। আধুনিক অসমীয়া কবিতাত নৱকান্ত বৰুৱাৰ স্থান নির্ণয় কৰি এটি চমু নিবন্ধ যুগুত কৰা। 

উত্তৰঃ পঞ্চাশৰ দশকৰ এজন জনপ্ৰিয় আৰু উল্লেখযোগ্য কবি হ’ল নৱকান্ত বৰুৱা। ‘জয়ন্তী’ কাকতত কাব্য জীৱন আৰম্ভ কৰা নৱকান্ত বৰুৱা অসমীয়া আধুনিক কাব্য সাহিত্যৰ এগৰাকী কাণ্ডাৰী স্বৰূপ। অবিৰত সাধনাৰে অসমীয়া কবিতাক যথার্থ আধুনিক ৰূপ প্রদান কৰাত নৱকান্ত বৰুৱাৰ প্ৰচেষ্টা আজীৱন অব্যাহত আছিল। অসমীয়া সাহিত্যলৈ তেওঁৰ বৰঙণি ইমানেই ব্যাপক আৰু বৈচিত্রপূর্ণ যে তেওঁ সাম্প্রতিক কাব্য ধাৰাত হৈ উঠিছে এটা যুগ। ভাব আৰু ভাষাৰ অপূর্ব সমাহাৰ, আংগিক আৰু বিষয়বস্তুৰ অভিনৱত্ব বৈচিত্র পূর্ণ প্রকাশভংগী, অর্থঘন দক্ষতা আদি এই গৰাকী কবিৰ সৃষ্টি কৰ্মৰ প্ৰধান বৈশিষ্ট। তেওঁৰ কবিতা সমূহত পোৱা যায় গভীৰ ইতিহাস চেতনা, বচন ভংগীৰ মৌলিকা, চিন্তন আৰু মননৰ প্ৰাধান্য ইত্যাদি ইত্যাদি।           নৱকান্ত বৰুৱাৰ প্ৰথম কাব্য সংকলন ‘হে অৰণ্য হে মহানগৰ’। এইখনতে পোৱা গৈছিল প্রকৃত অৰ্থৰ আধুনিক কবিতা। কবিয়ে দেশ বিদেশৰ বহু কবিৰ চিন্তা ভাবনাক দেশৰ মাটি- পানী, বায়ুৰ পৰশ লগাই নিজস্ব কাব্য কৌশল খটুৱাই আধুনিক কবিতাৰ এক নতুন দিশ উন্মোচন কৰিছে। তেওঁৰ কবিতাত প্রাচ্য আৰু পাশ্চাত্য দুয়ো চিন্তাধাৰাৰ সমাবেশ ঘটিছে। গ্যেটে, বাল্মীকি, বুদ্ধ আদিয়ে তেওঁৰ চিন্তা জগত আলোড়িত কৰিছিল। ঈশ্বৰৰ উল্লেখ তেওৰ কবিতাত আছে যদিও তেওঁক ঈশ্বৰ বিশ্বাসী বুলি ক’ব নোৱাৰি। ঈশ্বৰ সম্পৰ্কে তেওঁৰ ধাৰণা-

হায় অবোধ মানুহ

আৰু মানুহৰ অবোধ ঈশ্বৰ! 

তুমি মাথোন প্রিমিটিভ মানুহৰ 

অনুৰ্বৰ কল্পনা।           নৱকান্ত বৰুৱাৰ কবিতাত বিশ্বৰ সমগ্ৰ মানুহৰ ইতিহাস একে বুলি কৰা আন্তৰিক উপলব্ধিৰ প্রকাশ হোৱা দেখা যায়। তেওঁৰ কাব্য চিন্তাৰ মাজত পৰিব্যাপ্ত হৈ আছে সকলো ধৰ্মৰ দর্শন, মতবাদৰ প্ৰতি থকা সহণশীলতা। তেওঁ যথার্থতে মানৱতাবাদী কবি। তেওঁৰ কবিতা সৃষ্টিত আছে এক সুকীয়া ষ্টাইল। তেওঁৰ সৃষ্টি নৈপুন্যতাৰ বাবে অসমীয়া আধুনিক কবিতাৰ ইতিহাসত এক সুকীয়া স্থান লাভ কৰিবলৈ সমর্থ হৈছে।           নৱকান্ত বৰুৱাই ‘হে অৰণ্য, হে মহানগৰ’ কাব্য সংকলনৰ প্ৰকাশৰ পিছত আৰু কেবাখনো কাব্যপুথি প্রকাশ পায়। সেইকেইখন হ’ল- ‘এটি দুটি এঘাৰটি তৰা’, ‘যতি আৰু কেইটামান •স্কেচ্ছ’, ‘সম্রাট’, ‘ৰাৱণ’, ‘মোৰ আৰু মোৰ পৃথিৱীৰ’, ‘ৰত্নাকৰ আৰু অন্যান্য কবিতা’, ‘এক স্বচ্ছ মুখাৰে’, ‘সূর্যমুখীৰ অংগীকাৰ’, ‘নৱকান্ত বৰুৱাৰ কবিতাৱলী’, ‘ৰাতি জিলমিল তৰা জিলমিল’, আৰু ‘দলঙত তামীঘৰা’। আটাইকেইখন কাব্য সংকলনৰ মাজেদি কবিৰ ব্যক্তিগত আৰু সমষ্টিগত মানৱীয় জিজ্ঞাসাৰ অনবদ্য ৰূপ প্রকাশিত হৈছে। ‘মোৰ আৰু পৃথিৱীৰ’ কাব্য গ্রন্থৰ বাবে কবিয়ে “অসম প্রকাশন পৰিষদ বঁটা” লাভ কৰিবলৈ সক্ষম হৈছে।          ‘ইয়াত নদী আছিল’ নামৰ কবিতাটি নৱকান্ত বৰুৱাৰ এটা উৎকৃষ্ট কবিতা। কবিতাটিত মূর্ত হৈ উঠিছে সাম্প্রতিক কালৰ এক দুর্বিষহ অৱক্ষয়ৰ শাব্দিক চিত্র। কবিতাটিত প্রতিফলিত কৰাৰ প্ৰয়াস কৰিছে মানৱতাৰ শ্রেষ্ঠত্বক।         মুঠতে আধুনিক কবি সকলৰ ভিতৰত নৱকান্ত বৰুৱাৰ স্থান আজিও উচ্চত বুলি কলেও বঢ়াই কোৱা নহয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top