বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা
প্ৰশ্নাৱলী আৰু উত্তৰ
১। ইক’লজি বা বাস্তব্য বিদ্যাৰ সংজ্ঞা নিৰ্ণয় কৰা।
উত্তৰঃ ইক’লজি বা বাস্তব্য বিদ্যা হৈছে জীৱ-জন্তু, উদ্ভিদ, অণুজীৱ আৰু সিহঁতৰ পৰিৱেশৰ মাজত থকা আন্তঃসম্পৰ্ক আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়ন। বাস্তব্য বিদ্যায় জীৱ আৰু অজীৱ উপাদানসমূহৰ একত্ৰিত সম্পৰ্ক আৰু পৰস্পৰ ক্ৰিয়াৰ বিশ্লেষণ কৰা হয়।
২। পৰিস্থিতিতন্ত্ৰ বুলিলে তুমি কি বুজা?
উত্তৰঃ পৰিস্থিতিতন্ত্ৰ হৈছে জৈৱিক (জীৱন্ত) আৰু অজৈৱিক (জড়) উপাদানসমূহৰ মাজত সংঘটিত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰে গঠিত এক গতিশীল ব্যৱস্থা। ইয়াত জীৱসমূহ আৰু সিহঁতৰ চাৰিওফালৰ পৰিৱেশ একেলগে কাম কৰে। পৰিস্থিতিতন্ত্ৰ বাস্তব্য বিদ্যাৰ মূল অধ্যয়ন গোট।
৩। পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ কৰা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰ মূলত দুটা ভাগত বিভক্ত—
(ক) প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ
(খ) কৃত্ৰিম বা মানুহে সৃষ্টি কৰা পৰিস্থিতিতন্ত্ৰ
(ক) প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ পুনৰ দুটা ভাগত বিভক্ত—
১) ভূস্থলীয় পৰিস্থিতিতন্ত্ৰ – বনাঞ্চল, তৃণভূমি, মৰুভূমি আদি।
২) জলজ পৰিস্থিতিতন্ত্ৰ – নিৰ্মল জল (নদী, পুখুৰী, হ্ৰদ) আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ।
(খ) কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ
মানুহে সৃষ্ট কৰা তন্ত্ৰ, যেনে— শস্যক্ষেত্ৰ, মীন পালন ব্যৱস্থা আদি।
৪। প্ৰবাহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰবাহমান জলৰাশিৰ পৰিস্থিতিতন্ত্ৰঃ
য’ত পানী সদায় বৈ থাকে।
উদাহৰণ— নদী।
স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰঃ
য’ত পানী স্থিৰ হৈ থাকে।
উদাহৰণ— পুখুৰী, হ্ৰদ।
৫। উৎপাদক, উপভোক্তা আৰু পচনকাৰক কাক কয়?
উত্তৰঃ উৎপাদকঃ
যিবোৰ জীৱে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰি সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। উদাহৰণ— সেউজীয়া উদ্ভিদ।
উপভোক্তাঃ
যিবোৰ জীৱে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে আৰু উৎপাদক বা আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে। উপভোক্তা দুটা ভাগত বিভক্ত—
বৃহৎ উপভোক্তা
ক্ষুদ্ৰ উপভোক্তা
পচনকাৰকঃ
যিবোৰ জীৱে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহ ভাঙি পচাই পুষ্টি আহৰণ কৰে। উদাহৰণ— ব্যাক্টেৰিয়া, ফাংগাছ।
৬। পৰিস্থিতিতন্ত্ৰৰ গাঁথনি আৰু ক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ (ক) গাঁথনি (Structure):
পৰিস্থিতিতন্ত্ৰ জৈৱিক আৰু অজৈৱিক উপাদানৰে গঠিত।
জৈৱিক গাঁথনি: উদ্ভিদ, জীৱ-জন্তু আৰু অণুজীৱ।
স্বভোজী (উৎপাদক)
পৰভোজী (উপভোক্তা)
অজৈৱিক গাঁথনি: সূৰ্যৰ পোহৰ, তাপমাত্ৰা, বৃষ্টিপাত, বতাহ, মাটিৰ অৱস্থা, পুষ্টি উপাদান (কাৰ্বন, নাইট্ৰ’জেন, ফছফৰাছ আদি)।
(খ) ক্ৰিয়া (Function):
পৰিস্থিতিতন্ত্ৰ সূৰ্যৰ পৰা শক্তি আহৰণ কৰি বিভিন্ন স্তৰত সঞ্চালন কৰে। খাদ্য শৃংখল, খাদ্যজাল, শক্তিৰ প্ৰবাহ আৰু পুষ্টিচক্ৰৰ জৰিয়তে ইয়াৰ কাম-কাজ সম্পন্ন হয়। প্ৰতিটো অংশ ইটোৰ সৈতে সিটো সংযুক্ত।
৭। খাদ্য শৃংখল আৰু খাদ্যজাল কি?
উত্তৰঃ খাদ্য শৃংখলঃ
এটা জীৱে আন এটা জীৱক আহাৰ হিচাপে গ্ৰহণ কৰাৰ অনুক্ৰমিত ধাৰাক খাদ্য শৃংখল বুলি কোৱা হয়।
উদাহৰণ—
ঘাঁহ → ফৰিং → পক্ষী → শেনচৰাই
খাদ্যজালঃ
কেইবাটাও খাদ্য শৃংখল ইটোৰ সৈতে সিটো সংযুক্ত হৈ যেতিয়া জালৰ দৰে গঠন কৰে, তাক খাদ্যজাল বোলে।
৮। পৌষ্টিক স্তৰ কি?
উত্তৰঃ পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় হিচাপে গণ্য কৰা হয়। এই পৰ্যায়কেই পৌষ্টিক স্তৰ বোলে। একে উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱসমূহ একেটা পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত হয়।
৯। পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা? বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিডৰ নাম উল্লেখ কৰা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰত উৎপাদকৰ পৰা আৰম্ভ কৰি শীৰ্ষ উপভোক্তালৈকে বিভিন্ন পৌষ্টিক স্তৰৰ গাঁথনি আৰু শক্তিৰ বণ্টনৰ গ্ৰাফিক উপস্থাপনক পৰিৱেশীয় পিৰামিড বুলি কোৱা হয়।
পৰিৱেশীয় পিৰামিড তিনিধৰণৰ—
১) সংখ্যাৰ পিৰামিড
২) জৈৱ ভৰৰ পিৰামিড
৩) শক্তিৰ পিৰামিড
১০। খাদ্য শৃংখল আৰু খাদ্যজালৰ ঘাই ঘাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ খাদ্য শৃংখলৰ বৈশিষ্ট্যঃ
ই একমুখী শক্তি প্ৰবাহ দেখুৱায়।
উৎপাদকৰ পৰা আৰম্ভ হয়।
প্ৰতিটো স্তৰ পৌষ্টিক স্তৰ বুজায়।
সাধাৰণতে সৰু আৰু সহজ গাঁথনি।
খাদ্যজালৰ বৈশিষ্ট্যঃ
কেইবাটাও খাদ্য শৃংখলৰ সংযোগ।
অধিক জটিল আৰু স্থিতিশীল।
পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে।
বিকল্প আহাৰ পথ প্ৰদান কৰে।