জৈৱ-বৈচিত্ৰ্য ইয়াৰ সংৰক্ষণ
প্ৰশ্নাৱলী আৰু উত্তৰ
১। জৈৱ-বৈচিত্ৰ্যৰ সংজ্ঞা লিখা।
উত্তৰঃ পৃথিৱীত থকা সকলো ধৰণৰ জীৱ—উদ্ভিদ, জীৱ-জন্তু আৰু অণুজীৱসমূহৰ সংখ্যা, বিভিন্নতা আৰু পৃথকতাক জৈৱ-বৈচিত্ৰ্য বুলি কোৱা হয়। ইয়াত জীৱসমূহৰ ভিতৰত থকা জিনগত বৈচিত্ৰ্যো অন্তৰ্ভুক্ত। সাধাৰণতে জৈৱ-বৈচিত্ৰ্যক তিনিটা স্তৰত ব্যাখ্যা কৰা হয়—
১) জিনগত (আণুবংশিক) বৈচিত্ৰ্য
২) প্ৰজাতিৰ বৈচিত্ৰ্য
৩) পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্য
২। উদাহৰণসহ ব্যাখ্যা কৰা— আণুবংশিক (বা জিনীয়) বৈচিত্ৰ্য, প্ৰজাতিৰ বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্য।
উত্তৰঃ (ক) আণুবংশিক (জিনগত) বৈচিত্ৰ্যঃ
একেটা প্ৰজাতিৰ ভিতৰত থকা জিনসমূহৰ বিভিন্নতাক জিনগত বৈচিত্ৰ্য বোলে। এই জিনসমূহ বংশানুক্ৰমে পৰৱৰ্তী প্ৰজন্মলৈ সঞ্চাৰিত হয়।
উদাহৰণস্বৰূপে, বাচমতী চাউল আৰু জহা চাউল একেটা প্ৰজাতিৰ হ’লেও আকাৰ, সোৱাদ, গোন্ধ আদিত পাৰ্থক্য দেখা যায়।
(খ) প্ৰজাতিৰ বৈচিত্ৰ্যঃ
পৃথিৱীত থকা বিভিন্ন ধৰণৰ প্ৰজাতিৰ সংখ্যাগত আৰু গুণগত বিভিন্নতাক প্ৰজাতিৰ বৈচিত্ৰ্য বোলে।
উদাহৰণ— ঘোঁৰা আৰু গাধ, সিংহ আৰু বাঘ—এইবোৰ বেলেগ বেলেগ প্ৰজাতি।
(গ) পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্যঃ
বিভিন্ন ধৰণৰ পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্যক পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্য বোলে। ইয়াত বনাঞ্চল, মৰুভূমি, সাগৰীয় অঞ্চল, জলাশয় আদি বিভিন্ন বাসস্থান অন্তৰ্ভুক্ত।
৩। জৈৱ-বৈচিত্ৰ্যৰ মূল্যসমূহ কি কি?
উত্তৰঃ জৈৱ-বৈচিত্ৰ্যই মানৱ সমাজক বহুতো মূল্য প্ৰদান কৰে।
খাদ্য, ঔষধ, বস্ত্ৰ আৰু আশ্ৰয়ৰ উৎস।
পৰিস্থিতিতন্ত্ৰৰ স্থিতিশীলতা ৰক্ষা কৰে।
পুষ্টিচক্ৰ, পানী পৰিশোধন, মাটি সংৰক্ষণ আদি প্ৰক্ৰিয়া সচল ৰাখে।
আধ্যাত্মিক আৰু বিনোদনমূলক মূল্য প্ৰদান কৰে।
জৈৱ-বৈচিত্ৰ্যৰ ক্ষতি মানে মানৱ অস্তিত্বৰ বাবে বিপদ।
৪। উপভোক্তামূলক মূল্য কি?
উত্তৰঃ যিবোৰ জীৱ সম্পদ মানুহে পোনপটীয়াকৈ ব্যৱহাৰ কৰে আৰু বজাৰলৈ ননিয়াকৈ নিজৰ প্ৰয়োজন পূৰণ কৰে, সেই মূল্যক উপভোক্তামূলক মূল্য বোলে।
যেনে— ফল-মূল, শাক-পাচলি, জ্বালানী কাঠ, ঔষধি উদ্ভিদ আদি।
৫। উৎপাদনমূলক মূল্য কি?
উত্তৰঃ জৈৱ-বৈচিত্ৰ্যৰ পৰা সংগৃহীত কেঁচা সামগ্ৰীৰে বাণিজ্যিকভাৱে উৎপাদন কৰা সামগ্ৰীৰ মূল্যক উৎপাদনমূলক মূল্য বোলে।
উদাহৰণ—
হাতীৰ দাঁত
ভেড়াৰ নোমৰ পৰা তৈয়াৰ ঊণ
পাটপলুৰ পৰা তৈয়াৰ কাপোৰ
কাগজ, চেনি, প্লাইউড উদ্যোগ আদি
অনেক উদ্যোগ উদ্ভিদ আৰু প্ৰাণী সম্পদৰ ওপৰত নিৰ্ভৰশীল।
৬। জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি প্ৰধান ভাবুকিসমূহ কি?
উত্তৰঃ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি কেইবাটাও ভাবুকি দেখা যায়—
১) বাসস্থান ধ্বংস
২) অতিপাত পশুচৰণ
৩) চোৰাং চিকাৰ
৪) প্ৰাকৃতিক দুৰ্যোগ
৫) জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি
৬) জীৱ সম্পদৰ চোৰাং সৰবৰাহ
৭। জৈৱ-বৈচিত্ৰ্যৰ বহিঃসংৰক্ষণ আৰু অন্তঃসংৰক্ষণ কি? উদাহৰণ দিয়া।
উত্তৰঃ (ক) বহিঃসংৰক্ষণ (Ex-situ Conservation):
প্ৰাণী আৰু উদ্ভিদক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ বাহিৰত সংৰক্ষণ কৰা।
উদাহৰণ—
চিৰিয়াখানা
উদ্ভিদ উদ্যান
জিন বেংক
National Bureau of Plant Genetic Resources (নতুন দিল্লী)
National Bureau of Animal Genetic Resources (কাৰ্ণাল)
(খ) অন্তঃসংৰক্ষণ (In-situ Conservation):
জীৱক সিহঁতৰ নিজা প্ৰাকৃতিক বাসস্থানতেই সংৰক্ষণ কৰা।
উদাহৰণ—
Kaziranga National Park
Pobitora Wildlife Sanctuary
Manas Biosphere Reserve
৮। জীৱ সম্পদৰ চোৰাং বেহা (বা বায়’পাইৰেচি) কি?
উত্তৰঃ এখন দেশৰ জীৱ সম্পদ বা পৰম্পৰাগত জ্ঞান অনৈতিকভাৱে সংগ্ৰহ কৰি আন এখন দেশত পেটেণ্ট লৈ ব্যৱসায়িক লাভ কৰা প্ৰক্ৰিয়াক বায়’পাইৰেচি বোলে। এই প্ৰক্ৰিয়াই জৈৱ-বৈচিত্ৰ্যৰ ওপৰত গুৰুত্বপূৰ্ণ ভাবুকি সৃষ্টি কৰে।
৯। আমাৰ দেশৰ দুটা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ ১) অন্তঃসংৰক্ষণৰ উদাহৰণ— Kaziranga National Park আৰু Pobitora Wildlife Sanctuary (এছীয় গঁড় সংৰক্ষণ)।
২) বহিঃসংৰক্ষণৰ উদাহৰণ— National Bureau of Plant Genetic Resources আৰু National Bureau of Animal Genetic Resources।
১০। ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ধৰিত্ৰী সন্মিলন ১৯৯২ চনত Rio de Janeiro চহৰত অনুষ্ঠিত হৈছিল।