HS 2nd Year Economics Chapter 1 Solution 2026 | Class 12 Economics Chapter 1 সূচনা Question Answer

(1) ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য কি?

উত্তৰঃ ব্যষ্টিবাদী অৰ্থবিজ্ঞান সমষ্টিবাদী অৰ্থবিজ্ঞান
ব্যক্তিগত অৰ্থনৈতিক একক অধ্যয়ন কৰে সম্পূৰ্ণ অৰ্থনীতিৰ অধ্যয়ন কৰে
ব্যক্তিগত ভোক্তা, উদ্যোগ, বজাৰ আদিৰ ওপৰত গুৰুত্ব দিয়ে জাতীয় আয়, সামগ্ৰিক উৎপাদন, মুদ্ৰাস্ফীতি আদিৰ ওপৰত গুৰুত্ব দিয়ে
ক্ষুদ্ৰ পৰিসৰৰ সমস্যা আলোচনা কৰে বৃহৎ পৰিসৰৰ সমস্যা আলোচনা কৰে

উদাহৰণঃ এজন ভোক্তাৰ চাহিদা উদাহৰণঃ এখন দেশৰ জাতীয় আয়

(2) পুঁজিবাদী অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ ১। ব্যক্তিগত সম্পত্তিৰ অধিকার থাকে।
২। উৎপাদনৰ উপকৰণ ব্যক্তিগত মালিকানাত থাকে।
৩। লাভ উপাৰ্জন কৰাই মূল উদ্দেশ্য।
৪। মুক্ত বজাৰ ব্যৱস্থা থাকে।
৫। প্ৰতিযোগিতা থাকে।
৬। চৰকাৰৰ হস্তক্ষেপ কম থাকে।

(3) সমষ্টিবাদী অৰ্থনীতিৰ দৃষ্টিৰে এখন অৰ্থনীতিৰ প্ৰধান চাৰিটা খণ্ড

উত্তৰঃ

১। ঘৰুৱা খণ্ড (Household Sector)
এই খণ্ডত ভোক্তা বা পৰিয়ালসমূহ অন্তর্ভুক্ত থাকে। তেওঁলোকে উৎপাদনৰ উপকৰণ যোগান ধৰে আৰু সামগ্ৰী আৰু সেৱা ব্যৱহাৰ কৰে।

২। উদ্যোগ খণ্ড (Firm Sector)
উৎপাদন কাৰ্য সম্পন্ন কৰা উদ্যোগ বা ব্যৱসায়সমূহ এই খণ্ডত পৰে।

৩। চৰকাৰী খণ্ড (Government Sector)
চৰকাৰৰ আয়-ব্যয়, কৰ আদায় আৰু জনসেৱা প্ৰদান এই খণ্ডৰ অন্তর্ভুক্ত।

৪। বিদেশী খণ্ড (Foreign Sector)
অন্য দেশৰ সৈতে আমদানি আৰু ৰপ্তানিৰ সম্পৰ্ক থকা খণ্ড।

(4) 1929 চনৰ মহামন্দা (Great Depression)

উত্তৰঃ 1929 চনত বিশ্ব অৰ্থনীতিত দেখা দিয়া ভয়ংকৰ অৰ্থনৈতিক সংকটক মহামন্দা বোলে। এই মন্দাৰ আৰম্ভণি হৈছিল আমেৰিকাত আৰু পিছত সমগ্ৰ বিশ্বত প্ৰভাৱ পেলাইছিল।

মহামন্দাৰ মুখ্য বৈশিষ্ট্যসমূহঃ

১। বহু উদ্যোগ আৰু কাৰখানা বন্ধ হৈ গৈছিল।
২। লাখ লাখ মানুহ বেকাৰ হৈছিল।
৩। উৎপাদন আৰু বাণিজ্য তীব্ৰভাৱে হ্ৰাস পাইছিল।
৪। বজাৰত দাম আৰু বিনিয়োগ কমি গৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top