HS 2nd Year Economics Chapter 3 Solution 2026 | Class 12 Economics Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা Question Answer

মুদ্ৰা আৰু বেংক ব্যৱস্থা

(1) বিনিময় প্ৰথা কি? বিনিময় প্ৰথাৰ অসুবিধাবোৰ

উত্তৰঃ

বিনিময় প্ৰথা (Barter System):
যি ব্যৱস্থাত বস্তু বা সেৱাৰ বিপৰীতে অন্য বস্তু বা সেৱা বিনিময় কৰা হয় আৰু তাত মুদ্ৰাৰ ব্যৱহাৰ নাথাকে তাক বিনিময় প্ৰথা বোলে।

অসুবিধাবোৰঃ

১। দ্বৈত চাহিদাৰ মিলৰ অভাৱ থাকে।
২। বস্তুৰ মূল্য নিৰ্ধাৰণ কঠিন হয়।
৩। বস্তু সংৰক্ষণৰ সমস্যা থাকে।
৪। ডাঙৰ লেনদেন কৰা কঠিন হয়।
৫। ঋণ লেনদেন সহজ নহয়।

(2) মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলী আৰু বিনিময় প্ৰথাৰ সমস্যা সমাধান

উত্তৰঃ

মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীঃ

১। বিনিময়ৰ মাধ্যম।
২। মূল্যৰ মানদণ্ড।
৩। মূল্য সংৰক্ষণৰ উপায়।
৪। স্থগিত পৰিশোধৰ মানদণ্ড।

বিনিময় প্ৰথাৰ সমস্যা কেনেকৈ দূৰ কৰে

মুদ্ৰাই দ্বৈত চাহিদাৰ সমস্যা দূৰ কৰে।

বস্তুৰ মূল্য সহজে নিৰ্ধাৰণ কৰা যায়।

মুদ্ৰা সহজে সংৰক্ষণ কৰিব পাৰি।

ডাঙৰ লেনদেন সহজ হয়।

ঋণ লেনদেন সহজ হয়।

(3) মুদ্ৰাৰ লেনদেনৰ চাহিদা

উত্তৰঃ
দৈনন্দিন বস্তু আৰু সেৱা কিনা-বেচাৰ বাবে মানুহে যি মুদ্ৰা ৰাখে তাক মুদ্ৰাৰ লেনদেনৰ চাহিদা বোলে।

ই এটা নিৰ্দিষ্ট সময়ত হোৱা লেনদেনৰ মুঠ মূল্যৰ ওপৰত নিৰ্ভৰ কৰে।
লেনদেনৰ মূল্য বেছি হলে মুদ্ৰাৰ চাহিদাও বেছি হয়।

(4) ঋণপত্ৰৰ দাম গণনা

দিয়া আছে
ভৱিষ্যতৰ মূল্য = 500 টকা
সুদৰ হাৰ = 5%
সময় = 2 বছৰ

সূত্ৰ

বর্তমান মূল্য = FV / (1 + r)²

= 500 / (1.05)²

= 500 / 1.1025

= প্ৰায় 453.5 টকা

(5) কল্পনাপ্ৰসূত চাহিদা সুদৰ হাৰৰ সৈতে বিপৰীত কিয়

উত্তৰঃ
মানুহে লাভৰ আশাত মুদ্ৰা ৰাখে। যদি সুদৰ হাৰ বেছি হয় তেতিয়া মানুহে মুদ্ৰা ৰাখাৰ পৰিবর্তে বণ্ড বা সম্পদত বিনিয়োগ কৰে।

সেয়েহে

সুদৰ হাৰ বাঢ়িলে → মুদ্ৰাৰ চাহিদা কমে

সুদৰ হাৰ কমিলে → মুদ্ৰাৰ চাহিদা বাঢ়ে

(6) তাবল্য ফান্দ (Liquidity Trap)

উত্তৰঃ
যেতিয়া সুদৰ হাৰ অতি কম হয় আৰু মানুহে সকলো মুদ্ৰা নগদ ৰূপত ৰাখিবলৈ বিচাৰে, তেতিয়া মুদ্ৰাৰ চাহিদা অসীম হয়। এই অৱস্থাক তাবল্য ফান্দ বোলে।

(7) ভাৰতবৰ্ষত মুদ্ৰা যোগানৰ সংজ্ঞা

উত্তৰঃ

ভাৰতত সাধাৰণতে মুদ্ৰা যোগানক চাৰিটা ভাগত বিভক্ত কৰা হয়—

১। M1 – নগদ মুদ্ৰা + চাহিদা জমা
২। M2 – M1 + ডাকঘৰৰ সঞ্চয় জমা
৩। M3 – M1 + সময় জমা
৪। M4 – M3 + ডাকঘৰৰ সকলো জমা

(8) বিহিত মুদ্ৰা আৰু আদেশ মুদ্ৰা

উত্তৰঃ

বিহিত মুদ্ৰা (Fiat Money):
চৰকাৰে আইনী ক্ষমতাৰে জাৰি কৰা মুদ্ৰাক বিহিত মুদ্ৰা বোলে।

আদেশ মুদ্ৰা (Legal Tender):
যি মুদ্ৰা আইন অনুসাৰে সকলো লেনদেনত গ্ৰহণ কৰিব লাগিব তাক আদেশ মুদ্ৰা বোলে।

(9) উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা

উত্তৰঃ
কেন্দ্ৰীয় বেংকে জাৰি কৰা মুদ্ৰা আৰু বাণিজ্যিক বেংকৰ ৰিজাৰ্ভক উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা বোলে। ইয়াক H বা Reserve Money বুলিও কোৱা হয়।

(10) বাণিজ্যিক বেংকৰ কাৰ্যাৱলী

উত্তৰঃ

১। জমা গ্ৰহণ কৰা।
২। ঋণ প্ৰদান কৰা।
৩। মুদ্ৰা সৃষ্টি কৰা।
৪। চেক, ড্ৰাফ্ট আদি লেনদেনৰ সুবিধা দিয়া।
৫। গ্ৰাহকক বিভিন্ন আৰ্থিক সেৱা প্ৰদান কৰা।

(11) মুদ্ৰাগুণক

উত্তৰঃ

মুদ্ৰাগুণক হৈছে উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা মুদ্ৰাৰ গুণক।

সূত্ৰঃ

মুদ্ৰাগুণক = মুদ্ৰা যোগান ÷ উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা

গুরুত্বপূৰ্ণ অনুপাতসমূহঃ

১। নগদ অনুপাত
২। ৰিজাৰ্ভ অনুপাত

(12) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতিৰ লক্ষ্য

উত্তৰঃ

১। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা।
২। অৰ্থনৈতিক স্থিৰতা বজাই ৰখা।
৩। অৰ্থনৈতিক উন্নয়ন সহায় কৰা।
৪। মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা।

বাহ্যিক আঘাতৰ সময়ত
ৰিজাৰ্ভ বেংকে খোলা বজাৰ নীতি, বেংক হাৰ আদি ব্যৱহাৰ কৰি মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰে।

(13) বাণিজ্যিক বেংক মুদ্ৰাৰ স্ৰষ্টা নে?

উত্তৰঃ
হয়, বাণিজ্যিক বেংকক মুদ্ৰাৰ স্ৰষ্টা বুলিও কোৱা হয়। কাৰণ বেংকে জমাৰ ওপৰত ভিত্তি কৰি ঋণ প্ৰদান কৰি নতুন মুদ্ৰা সৃষ্টি কৰে।

(14) ৰিজাৰ্ভ বেংকক “শেষ পৰ্যায়ৰ ঋণদাতা” কিয় কোৱা হয়

উত্তৰঃ
যেতিয়া বাণিজ্যিক বেংকসমূহে অন্য কোনো উৎসৰ পৰা ঋণ নাপায়, তেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লয়।

সেয়েহে ৰিজাৰ্ভ বেংকক শেষ পৰ্যায়ৰ ঋণদাতা (Lender of Last Resort) বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top