HS 2nd Year History Chapter 4 Solution 2026 | AHSEC Class 12 History Chapter 4 চিন্তাবিদ সকল,বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ Question Answer

চিন্তাবিদ সকল,বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ

১। সাঁচী স্তূপ ক’ত অৱস্থিত?
উত্তৰঃ সাঁচী স্তূপ Sanchi Stupa মধ্যপ্ৰদেশৰ ভূপালৰ পৰা উত্তৰ-পূৱে অৱস্থিত।

২। কোনে পূৱ তোৰণখন নিবলৈ বিচাৰিছিল আৰু কেনেকৈ ৰক্ষা পালে?
উত্তৰঃ ফৰাচীসকলে পূৱ তোৰণখন নিবলৈ বিচাৰিছিল, কিন্তু হুবহু নকল তোৰণ পোৱাৰ বাবে মূল তোৰণখন ৰক্ষা পালে।

৩। সাঁচী স্তূপ সংৰক্ষণৰ সৈতে জড়িত দুজন শাসক কোন?
উত্তৰঃ শাহজাহান বেগম আৰু জেহান বেগম।

৪। দুটা জটিল যজ্ঞৰ নাম লিখা।
উত্তৰঃ ৰাজসূয় আৰু অশ্বমেঘ।

৫। বুদ্ধৰ জীৱন সলনি কৰা তিনিটা ঘটনা কি?
উত্তৰঃ এজন বুঢ়া মানুহ, এজন ৰোগী আৰু এটা মৃতদেহ দেখা।

৬। গৌতম বুদ্ধ ক’ত জন্ম হৈছিল?
উত্তৰঃ Lumbini ত জন্ম হৈছিল।

৭। বৌদ্ধ দর্শনৰ মতে পৃথিৱীখন কি?
উত্তৰঃ পৃথিৱীখন ক্ষণস্থায়ী আৰু সদায় পৰিৱৰ্তনশীল।

৮। ‘নিৰ্বাণ’ মানে কি?
উত্তৰঃ জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পোৱা অৱস্থা।

৯। চৈত্য কি?
উত্তৰঃ মৃতদেহৰ অৱশিষ্ট সংৰক্ষণ কৰা টিলা বা স্মৃতিচিহ্নক চৈত্য বোলা হয়।

১০। প্ৰাচীন কালত কোনবোৰ ঠাই পবিত্ৰ বুলি গণ্য হৈছিল?
উত্তৰঃ গছ, শিল আৰু প্ৰাকৃতিক সৌন্দৰ্যযুক্ত ঠাইবোৰ।

১১। বৌদ্ধধৰ্মৰ সৈতে জড়িত চাৰিখন ঠাইৰ নাম লিখা।
উত্তৰঃ সাঁচী, ভাৰহুট, অমৰাৱতী আৰু Sarnath।

১২। মহাযান আৰু হীনযানৰ পাৰ্থক্য লিখা।

উত্তৰঃ মহাযানত বুদ্ধৰ মূৰ্তিপূজা আৰু ভক্তিত গুৰুত্ব।

হীনযানত নৈতিক আচৰণ আৰু আৰ্য অষ্টমাৰ্গত গুৰুত্ব।

১৩। জৈন ধৰ্মৰ পাঁচটা নীতি কি?
উত্তৰঃ অহিংসা, সত্য, চুৰি নকৰা, ব্ৰহ্মচৰ্য আৰু সম্পত্তি ত্যাগ।

১৪। অষ্টমাৰ্গ কি? (চমুকৈ)
উত্তৰঃ সৎ দৰ্শন, সংকল্প, বাক্য, কৰ্ম, জীৱন, প্ৰচেষ্টা, চিন্তা আৰু সমাধি।

১৫। মহাবীৰৰ দুটা বাণী লিখা।
উত্তৰঃ
১) ইন্দ্ৰিয় সুখ ত্যাগ কৰা
২) মোহ ত্যাগ কৰি তপস্যা কৰা

🔹 বহলাই লিখা

১। বৌদ্ধ ভিক্ষু-ভিক্ষুণীৰ নিয়মসমূহ
উত্তৰঃ ভিক্ষুসকলে সৰল জীৱন যাপন কৰিছিল। সীমিত বস্তু ব্যৱহাৰ, সংযম, শৃংখলাপূৰ্ণ আচৰণ আৰু ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা তেওঁলোকৰ নিয়ম আছিল। নিয়ম ভংগ কৰিলে অপৰাধ স্বীকাৰ কৰিব লাগিছিল।

২। বৌদ্ধধৰ্মৰ শিক্ষা
উত্তৰঃ

জীৱন দুখময়

কামনা দুখৰ মূল

দুখৰ নাশ সম্ভৱ

অষ্টমাৰ্গে মুক্তি লাভ

বুদ্ধই যুক্তি আৰু নৈতিকতাৰ জৰিয়তে শিক্ষা দিছিল। নিৰ্বাণ লাভই মুখ্য লক্ষ্য।

৩। জৈন ধৰ্মৰ মূল নীতি
উত্তৰঃ

সকলো জীৱ সজীৱ

অহিংসা মুখ্য নীতি

কৰ্ম আৰু পুনর্জন্মৰ বিশ্বাস

আত্মশুদ্ধিৰ জৰিয়তে মুক্তি

৪। সাঁচী স্তূপ সংৰক্ষণত বেগমসকলৰ ভূমিকা
উত্তৰঃ শাহজাহান বেগম আৰু জেহান বেগমে সাঁচী সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে অনুদান আগবঢ়াই সংৰক্ষণ আৰু উন্নয়ন সাধন কৰিছিল।

৫। বৈষ্ণৱ আৰু শৈৱ মূৰ্তিকলা বিকাশ
উত্তৰঃ

বৈষ্ণৱ ধৰ্মত বিষ্ণুৰ অৱতাৰসমূহৰ মূৰ্তি

শৈৱ ধৰ্মত শিৱৰ বিভিন্ন ৰূপ

মূৰ্তিসমূহত অলংকাৰ, অস্ত্ৰ আৰু প্ৰতীক ব্যৱহাৰ

৬। স্তূপৰ গঠন শৈলী
উত্তৰঃ

অণ্ড (গোলাকৃতি ঢিপ)

হাৰ্মিকা (উপৰিভাগ)

যষ্টি (স্তম্ভ)

ছত্ৰ (ছাতি)

ৰেলিং আৰু তোৰণ

৭। (সম্পূৰ্ণ কৰা)
সাঁচীৰ ভাস্কর্যৰ অৰ্থ বুজাত বৌদ্ধ সাহিত্যৰ ভূমিকা
উত্তৰঃ বৌদ্ধ সাহিত্যৰ কাহিনীবোৰে ভাস্কৰ্যত দেখুওৱা দৃশ্যবোৰ চিনাক্ত আৰু ব্যাখ্যা কৰাত সহায় কৰে।

৮। বৌদ্ধ গ্ৰন্থ কেনেকৈ সংকলন কৰা হৈছিল?
উত্তৰঃ বুদ্ধৰ উপদেশ প্ৰথমে মৌখিক ৰূপত প্ৰচলিত আছিল। পিছত ত্ৰিপিটক ৰূপে লিপিবদ্ধ কৰা হয়— বিনয়, সূত্ত আৰু অভিধর্ম পিটক।

৯। সাঁচী আৰু অমৰাৱতী আৱিষ্কাৰৰ কাহিনী
উত্তৰঃ অমৰাৱতীৰ বহু ভাস্কৰ্য বিদেশলৈ নিয়াৰ ফলত ধ্বংস হৈছিল, কিন্তু সাঁচী সংৰক্ষিত থাকিল কাৰণ সময়মতে ইয়াক সুৰক্ষিত কৰা হৈছিল।

১০। ইতিহাস পুনৰ নিৰ্মাণত সমস্যা
উত্তৰঃ

সমল নষ্ট হোৱা

অসম্পূৰ্ণ তথ্য

ব্যাখ্যাৰ ভিন্নতা

১১। স্তূপ কিয় আৰু কেনেকৈ নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ বুদ্ধৰ অৱশিষ্ট সংৰক্ষণ আৰু স্মৃতিৰ বাবে স্তূপ নিৰ্মাণ কৰা হৈছিল। মাটিৰ ঢিপ ৰূপে আৰম্ভ হৈ পিছত উন্নত স্থাপত্য ৰূপ লাভ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top